Thursday, October 13, 2022

শিশুৰ চৰিত্ৰৰ গঠনৰ ওপৰত পিতৃ - মাতৃৰ ভুমিকা:ছেলিমা বেগম

 শিশুৰ চৰিত্ৰৰ গঠনৰ ওপৰত পিতৃ - মাতৃৰ ভুমিকা:

 আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত৷
পিতৃ মাতৃ হৈছে ঘৰখনত শিক্ষাৰ মুল কঠীয়াতলী ৷
পিতৃ মাতৃ নিজৰ সন্তানক সদায় সৎ শিক্ষা দিব লাগে ৷এজন শিশু প্ৰথমতে শিক্ষা লয় নিজৰ মা দেউতাকৰ পৰা ৷
আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত কথাটি একে বাৰে সচাঁ কথা। এজন শিশু ডাঙৰ হৈ নিজৰ দেশৰ কাৰণে মাত মাতি যাব পাৰে। নিজৰ ভাল বেয়া দুয়োটা দিশত আগবাঢ়ি যাব পাৰে। আজিৰ শিশু কাইলৈ দেশৰ নাগৰিক। শিশু এটিক উচিত শিক্ষা দিয়াটো আমাৰ সকলোৰে প্ৰয়োজন। শিশু এটি জন্ম দিয়াৰ
আগতে মাক বাপেক বহু কথা চিন্তা কৰিব লাগে। যাতে শিশুৰ জন্মৰ পিছত তাক কেনেকৈ সুৰক্ষিত কৰি ৰাখিব পাৰিব। কেনেকৈ সু স্বাস্থ্যৰ অধিকাৰী কৰি ৰাখিব পাৰি। কেনেকৈ উচিত শিক্ষা দিব পাৰিম। 
            এজন সু সন্তান গঢ়ি তুলিবলৈ হলে ঘৰত এজনী আদৰ্শ মাতৃ থাকিব লাগিব। মাতৃ হল ঘৰ খনৰ শিক্ষাৰ মূল কঠীয়া তলী। শিশুক সদায় সৎ আচৰণ শিক্ষা দিব লাগে পঢ়াৰ ক্ষেত্ৰত ধাউতি বঢ়াব লাগে যাতে কোনো কাৰণতে কু অব্যাহত যোগ দিব নোৱাৰে। এইখিনি শিক্ষা ঘৰত দিব পাৰিলে এজন শিশু ডাঙৰ হৈ নিজৰ দেশৰ কাৰণে মাত মাতি যাম পাৰিব। অকল পৰিয়ালৰ মানুহে নহয় আমি সকলোৱে আৰু দেশৰ চৰকাৰে এজন শিশুৰ ক্ষেত্ৰত সামাজিক বাবে দায়িত্ব লব লাগিব। 
সমাজৰ কোনো শিশুৱে যাতে কু প্ৰভাৱ পেলাব নোৱাৰে তাৰ প্ৰতি চকু দিব লাগিব। উচ্চ শিক্ষাৰে শিক্ষিত হোৱাৰ লগতে শৰীৰৰ প্ৰতি যত্ন ৰাখি নিজৰ দেশৰ শান্তি আনি দিব পাৰে তাৰ প্ৰতি আমি সজাগতা হব পাৰিলে শিশুৰ ভৱিষ্যত উজ্জ্বল কৰি লব পাৰিব। শিশুৰ ভৱিষ্যত উজ্জ্বল হলে, দেশৰ ভৱিষ্যত উজ্জ্বল।

ছেলিমা বেগম

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

Rahul Chetia Poet Biography

Rahul Chetia Poet Biography | ৰাহুল চেতিয়া - উৰুখা পঁজাৰ জোনাক, মায়াবিনী আঁউসীৰ এটি জোনাকী Rahul Chetia (ৰাহুল চেতিয়া) is a p...