Thursday, October 13, 2022

শৰতৰ শেৱালি:ছেলিমা বেগম

 🌼শৰতৰ শেৱালি 🌼

তাহানিৰ শৰতৰ সন্ধিয়াৰ 
শেৱালি তুমি আজিও কিয় 
আহিলা শৰতক শুৱাবলৈ 
তুমিয়েই নে কি শৰতৰ প্ৰেয়সী ?
ভাল লাগে শেৱালি তোমাক 
শৰতক পাই, সন্ধ্যা ৰাণী 
সন্ধিয়া সময়ত তোমাৰ 
কি যেন মিঠা মিঠা গোন্ধ। 
শেৱালি তোমাৰ গালত 
কি থাকে শৰতে তোমাকে 
বাৰে বাৰে চুমি থাকে 
তুমি নে কি শৰতৰ মৰমী? 
মলয়া বতাহ জাকে সুগন্ধ 
আনি দিয়ে ধৰণীৰ গালত 
শৰতৰ সন্ধিয়া আলিঙ্গন 
কৰে তোমাৰ লগত ।
উৰে টো নিশা মতলীয়া হয় 
শেৱালিৰ লগত চাই চাই হাঁহি 
 থাকে জোনবাই তৰাৰ লগত 
তুমিয়েই নে কি শৰতৰ প্ৰিয়তমা?
অ 'শেৱালি দোকমোকালিতে 
কি হয় তোমাৰ? নিয়ৰৰ 
ভৰ সহিব নোৱাৰা নেকি ?
গভিৰ নিদ্ৰাত শুই থকা মাটিত। 
নিশাটোত কোনে তোমাক 
জগাই ৰাখে বাৰু শেৱালি 
দিপ-লিপ হৈ নিতৌ ওলাবা 
শৰতৰ হৈতে সন্ধিয়া সময়ত। 
নিশাটো উজাগৰে থাকিবা 
শৰতৰ হৈতে স্নিগ্ধ জোনাকত 
মাটিৰ বুকুখন শুৱাই থাকিবা 
শৰতৰ চেনেহী হৈ।
ছেলিমা বেগম 
জিলা নগাঁও 
থানা জুৰীয়া
গাওঁ মেলেকা ধিং
ডাকঘৰ বলিকটীয়া 
পিন নম্বৰ 782122

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

সহযাত্ৰী তৃতীয় খণ্ড ঋতুপর্ণা ইংতিপি

 সহযাত্ৰী  (তৃতীয় খণ্ড)  ✍️ ঋতুপর্ণা ইংতিপি/মৰিগাঁও      গা-পা ধুই আজৰি হোৱা মানে তিনি বাজিলে।তাইৰ ভাগৰো  বহুত লাগিছে। গোটেই দেহটো অৱশ হৈ প...