Tuesday, November 29, 2022

মহাবীৰ লাচিত:আমিৰ হুছেইন আহমেদ

      মহাবীৰ লাচিত



অসমৰ ধ্ৰুৱতৰা লাচিত বৰফুকন

দুৰ্দমনীয় সাহসী অজেয় জাতীয় বীৰ,

দেশ প্ৰেমত উদ্বুদ্ধ স্বাধীনমনা উচ্চ শিৰ

যুগমীয়া শৰাইঘাট-অস্তিত্ব সঙ্কটৰ ৰণ

শিহৰণকাৰী আছিল সমৰ কলাৰ প্ৰদৰ্শন

ত্যাগ বীৰত্বৰ প্ৰশিক্ষণ আদৰ্শৰ ভূষণ !


আকাশত বতাহত তৰু-তৃণত যাৰ নাম

অসম বুৰঞ্জীৰ জীয়া ছবি বীৰ লাচিত,

মোমাই কটা গড় বিশ্বব্যাপী সুপৰিচিত

বাঘ হাজৰিকা,সেনাপতি-অমৰ জ্যোতি

যাৰ উদাৰ নীতি-সমন্বয়ৰ অক্ষয়ী কীৰ্তি

মোমাইক কাটিলে-শত্ৰু সেনাক ভেটিলে

মোগল পৰাজয় তেওঁৰ মৰণ পণ সংগ্ৰাম !


শৌৰ্য বীৰ্য বীৰত্ব মহত্বই বঢ়ালে জাতিৰ গুৰুত্ব

ৰক্ষণশীলতাৰ পৰিধি ভঙা এক মহাসত্তা 

তেওঁৰ আদৰ্শই বিশ্ব পৰিচয়ৰ স্বকীয়তা

অখণ্ডতাৰ বাটকটীয়া-মহাজাতিৰ ঐক্যতা

সূৰ্যসম অসমীয়া শক্তিৰ অদ্যপি নিৰাপত্তা

হাতৰ হেংদান-বুৰঞ্জীৰ নিচান,তেওঁৰ অমৰত্ব !


সময় জ্ঞানৰ লাচিত হোৱা নাছিল বিচলিত

মোগলে উজাই আহি গুৱাহাটী পালে

দেহ ঘমালে জ্বৰ এৰিলে উত্তাপ বঢ়ালে

হেংদান ঘূৰালে চিকমিকনিত শত্ৰু পলালে  

গড় বন্ধালে কত মোগলৰ মূৰ খহালে মাটিত

চাৰিশ বছৰীয়া জন্ম জয়ন্তী গৰ্বৰ অতীত !!

________________________________

আমিৰ হুছেইন আহমেদ |

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

Rahul Chetia Poet Biography

Rahul Chetia Poet Biography | ৰাহুল চেতিয়া - উৰুখা পঁজাৰ জোনাক, মায়াবিনী আঁউসীৰ এটি জোনাকী Rahul Chetia (ৰাহুল চেতিয়া) is a p...