Tuesday, February 28, 2023

শুৱনি আমাৰ গাওঁ:জ্যোৎস্না ৰানী বেগম

 শুৱনি আমাৰ গাওঁ



এইখনেই আমাৰ শুৱনি গাওঁ       

    নদীৰ পাৰে পাৰে খোজ কাঢ়ি যাওঁ 

 গাঁৱৰ আমাৰ নাম খৰিকটীয়া,

সীমা যদি সোধে আমাক আন কোনোবাই

এজাৰ নাহৰ ফুলৰ শাৰী হয় শেষ  য'ত 

গাঁৱৰ মাজত আমাৰ নামঘৰ - মছজিদ।

জোনাক নিশা হয় সপোন পুৰি     আজান - ডবাৰ মাতত মন পুলকিত    

ওচৰতে আছে বৰশিল থান 

ওচৰীয়া পুঠিমাৰী নৈৰ দুয়োপাৰ সৰিয়হৰ হালধীয়া বালিচৰ 

মলয়াই কঢ়িয়াই আনে সৰগী সুৱাস 

ভাগৰুৱা দেহ-মনত ভাগৰ জুৰাই   

মৌ- মাখিৰ  গুণ গুণ গান

যʼতে - তʼতে মৌ বাঁহ সাজে 

নদীৰ পানীত মাছৰ উজান 

ভড়ালত থাকে জহা বৰা সোৱাগ মানি 

বাৰীত আছে আম কঁঠাল নাৰিকল

একোৰেই নাপাওঁ অভাৱ আমি 

ন-বাৰিষা বাঢ়িলে পানী 

উগুল- থুগুল হিয়া মন।।


জ্যোৎস্না ৰানী বেগম 

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...