Tuesday, February 14, 2023

আহাঁ আমি অলপ সাহস কৰোঁ

 🟣আহাঁ আমি অলপ সাহস কৰোঁ ।

                                            

জীৱনৰ পৰা পলাই ফুৰিবলৈ

সাহস নালাগে,

সাহস লাগে জীৱনৰ সতে মুখামুখি হ'বলৈ।

আঁহা আমি জীৱনৰ সতে মুখামুখি হওঁ ।

আলাপ কৰোঁ জীৱনৰ সতে

সুখ দুখ

প্ৰেম বিষাদৰ ।

জীৱন দিনপঞ্জীৰ পাত লুটিয়াই

সন্ধান কৰোঁ মহাজীৱনৰ ।

সূত্ৰ সাজোঁ

জীৱন যাপনৰ পৰা

উদ্ যাপনলৈ উত্তৰণৰ ।

গতানুগতিকতা চেৰাই

সজাই তোলো

অগতানুগতিক জীৱন

যি জগত শুৱনি কৰে ।

আহাঁ আমি অলপ সাহস কৰোঁ।


ৰাতুল চেতিয়া ফুকন

চৰাইদেউ।

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

Rahul Chetia Poet Biography

Rahul Chetia Poet Biography | ৰাহুল চেতিয়া - উৰুখা পঁজাৰ জোনাক, মায়াবিনী আঁউসীৰ এটি জোনাকী Rahul Chetia (ৰাহুল চেতিয়া) is a p...