Tuesday, February 14, 2023

আহাঁ আমি অলপ সাহস কৰোঁ

 🟣হাঁ আমি অলপ সাহস কৰোঁ ।

                                            

জীৱনৰ পৰা পলাই ফুৰিবলৈ

সাহস নালাগে,

সাহস লাগে জীৱনৰ সতে মুখামুখি হ'বলৈ।

আঁহা আমি জীৱনৰ সতে মুখামুখি হওঁ ।

আলাপ কৰোঁ জীৱনৰ সতে

সুখ দুখ

প্ৰেম বিষাদৰ ।

জীৱন দিনপঞ্জীৰ পাত লুটিয়াই

সন্ধান কৰোঁ মহাজীৱনৰ ।

সূত্ৰ সাজোঁ

জীৱন যাপনৰ পৰা

উদ্ যাপনলৈ উত্তৰণৰ ।

গতানুগতিকতা চেৰাই

সজাই তোলো

অগতানুগতিক জীৱন

যি জগত শুৱনি কৰে ।

আহাঁ আমি অলপ সাহস কৰোঁ।


ৰাতুল চেতিয়া ফুকন

চৰাইদেউ।

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...