Tuesday, April 30, 2024

কবিৰ কবিতা:ৰাহুল চেতিয়া

 কবিৰ কবিতা 
- ৰাহুল চেতিয়া



কবিতা কবিতা লগা কথাবোৰ 

আজি কালি  দেখোন ভাল নলগা হল।

কিয় জানো?

আজি কালি অনুভৱ এটি 

লিখোঁ বুলি ভাবিলেও

বাৰে বাৰে হাতৰ পৰা সৰি পৰে কলমটি!

আজি মই বৰ বিষণ্ণ কবি,

হৃদয়ৰ একোণত সঞ্চিত হৈ থকা

অপযশ, শেঁতাপৰা বেদনাবোৰ লৈ 

বৰ ক্লান্ত,অৱসাদগষ্ট !


আগতে কিবা এটি 

অনুভৱ লিখোঁ বুলি ভাবিলেই

শব্দবোৰ হৃদয়ৰ পৰা

এটি এটি কৈ ওলাই আহিছিল!

এতিয়া লিখোঁ বুলিয়েই লিখিব নোৱাৰোঁ,

হয়তো অন্তৰত 

সঞ্চিত হৈ থকা শব্দবোৰ

বৰ ভাগৰুৱা, ক্লান্ত হৈ পৰিছে!!

কবিতাৰ প্ৰেয়সীয়ে প্ৰাণ ভৰি ভালপোৱাৰ বিনিময়ত

দি থৈ যোৱা  এবোজা যন্ত্ৰণাৰ বাবেই

আজি মই নষ্ট কবি!!


কিমাননো আৰু 

প্ৰাপ্তি-অপ্ৰাপ্তিৰ 

হিচাপ-নিকাচ কৰি

 হিয়া খন নষ্ট কৰি,

এগালমান নষ্ট স্মৃতি লৈ 

কবিতা লিখিবলৈ চেষ্টা কৰিম

নষ্ট অনুভূতিৰে, নষ্ট কবিৰ ভাষাৰে !

চাল্লা, গায়কৰ দৰে কিয় নহয় জীৱনটো?

দুই এটা গান লিখি জনপ্রিয় হৈ যাম!

তাৰ পাছত টকাই টকা!

সভা অনুষ্ঠানে মান-সন্মান পোৱাৰ লগতে

টকাৰ বৰষুণ পৰিব!

ধেইট চাল্লা, আমি বোৰ  ননচেন্স কবি!

বেকাৰ বাহুৱলী দৰে দিনে নিশাই কবিতা লিখিম

দুই এখন বাতৰি-কাকত, আলোচনীত প্ৰকাশ পাব,

স্কিন শ্বট মাৰি ডিজিটেল মেডিয়াত ষ্টেটাছ লগাই

আকৌ চাল্লা ননচেন্স কবি হৈ যাম।।

আমি বোৰ সমাজৰ বাবে একো একোজন গুৰুত্বহীন কবি!!

সভা, সমিতিয়ে গ্ৰন্থ প্ৰকাশ কৰিব!

লেখা আহ্বান কৰিব, লেখা প্ৰকাশ পাব

বিনিময়ত আমাৰ কষ্টৰ মাননি এটা প্ৰকাণ্ড শূণ্য(০) পাব।।

সজাগ হোৱা কবি সকল, 

কিমান আৰু ফেচবুক গোট খুলি খুলি 

টকাৰ বিনিময়ত বঁটা প্ৰদান কৰিবা,

পাৰিলে নিজৰ ব্যক্তিগত স্বাৰ্থ পৰিহাৰ কৰি

সকলোৰে বাবে একগোট হৈ কাম কৰা!

নহলে এদিন শিল্পী বোৰে 

আমি লিখা কবিতা বোৰক গান বনাই

মুহূৰ্ততে জনপ্রিয় হৈ মান-সন্মানৰ গৰাকী হব,

আৰু আমি বোৰে ফেচবুকত টেঁটুফালি 

চিঞৰি থাকিলেও একো ডাল নহব।।

সজাগ হোৱা, একগোট হোৱা,

নিজৰ প্ৰাপ্য বিচাৰি 

সকলোৱে হাতে হাত ধৰি আগুৱাই যোৱাৰ পণ লওঁ,

গায়ক-শিল্পী সকলৰ দৰে আমিও সন্মানৰ গৰাকী হওঁ।।




Tuesday, April 09, 2024

অনুভূতি: হিৰণ্যজ্যোতি বড়া,

         অনুভূতি:



                মায়াৰ    সপোন     তুলি

               বিষাদৰ  আচ্ছাদন  ফালি,

               ম্লান  পৰিল  সৌন্দৰ্যতাৰ

               নামি      আহিল  অমানিশা ।।


               ঘোৰ       অমানিশাৰ   আন্ধাৰে

               আৱৰি   ধৰি     জোনাকীক,

              সু-বৰ্ণিল স্বৰ্ণময়ী   পথকো

             কৰি তুলিল  কণ্টকীত-দুৰ্গম।।

   

            কণ্টকীত   পথেৰেই    পদব্ৰজে

           তন্দ্ৰাহীন    ক্লান্তহীন  বৰ্ণনাটিতহৈ,

          আগুৱাব      খোঁজে    পথিকে

         দিবা-স্বপ্নক    সাৱতি   অকলে।।


        শুনা       হেৰা          পথিক

       দিবা-স্বপ্নক      বাস্তৱ   ভাৱি,

       নাযাবা   ভুল  তুমি

      মিছা;   সকলো   মিছা।।


    কাৰণ!

    দিবা-স্বপ্ন  নহয়   বাস্তবায়িত,

   থাকিব      লাগিব     আজীৱন

   অকলে     অকলেই   তুমি।।


        ✍️  হিৰণ্যজ্যোতি বড়া, নিলখ কৈলাশ পূৰ

                ৯৮৬৪৮২২৪৬৬

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

সহযাত্ৰী তৃতীয় খণ্ড ঋতুপর্ণা ইংতিপি

 সহযাত্ৰী  (তৃতীয় খণ্ড)  ✍️ ঋতুপর্ণা ইংতিপি/মৰিগাঁও      গা-পা ধুই আজৰি হোৱা মানে তিনি বাজিলে।তাইৰ ভাগৰো  বহুত লাগিছে। গোটেই দেহটো অৱশ হৈ প...