Showing posts with label অনুস্কা. Show all posts
Showing posts with label অনুস্কা. Show all posts

Monday, January 09, 2023

মঞ্চসূৰ্য্য:অনুস্কা

 🔴মঞ্চসূৰ্য্য:



হে মঞ্চসূৰ্য্য....

চামতাত তোমাৰ ধূলিৰ চিতিকণি পৰি

নানান অনুষ্ঠান প্ৰতিষ্ঠান উঠিল গঢ়ি।

হে মঞ্চসূৰ্য্য.....

তোমাৰ হাতৰ পৰশ পাই 

ইয়াৰ গছ বনে নাচে

উলাহত গীত গাই।

হে মঞ্চসূৰ্য্য.....

তোমাৰ চেষ্টাত ইয়াত উঠিল গঢ়ি

অসমৰ দ্বিতীয়খন ভ্ৰাম্যমান থিয়েটাৰ সুৰদেৱী।

হে মঞ্চসূৰ্য্য....

তোমাৰ চেষ্টাত উঠিল ইয়াত গঢ়ি

অসমৰ মঞ্চবিহু দ্বিতীয়খনি।

হে মঞ্চসূৰ্য্য....

নানান সন্মানেৰে তুমি বিভূষিত

তুমি সদায় আমাৰ মাজত চিৰস্মৰণীয়।

হে মঞ্চসূৰ্য্য....

তোমাৰ স্মৃতি ইয়াত সদায় থাকিব উজলি

তোমাৰ নামৰ ধ্বনি আকাশে বতাহে উঠিছে বাজি।

হে মঞ্চসূৰ্য্য...

শেষত তোমালৈ যাচিছো একাজলি শ্ৰদ্ধাঞ্জলি

তুমি থাকিবা মোৰ মৰমৰ ককা হৈ 

চিৰদিন জিলিকি।✨

                      ✍️ অভিমানী ছোৱালী অনুস্কা

                                     দশম শ্ৰেণী

                           নৱজ্যোতি জাতীয় বিদ্যালয় 

                                চামতা (নলবাৰী)

বি: দ্ৰ: আজি মোৰ ককা তথা দ্বিতীয়খন ভ্ৰাম্যমান থিয়েটাৰৰ জনক প্ৰয়াত মঞ্চসূৰ্য্য ধৰণী বৰ্মন দেৱৰ জন্মদিন। 

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...