Showing posts with label আসাদ মদনী. Show all posts
Showing posts with label আসাদ মদনী. Show all posts

Sunday, September 25, 2022

অনিৰুদ্ধ সময়-আসাদ মদনী

অনিৰুদ্ধ সময়-আসাদ মদনী

মৃত্যুৰ ওচৰত প্ৰতিটো জীৱ অসহায়,
মৃত্যু যেতিয়া ওচৰত আহি কয়....
আমাৰ বক্ষস্থলত আহ
ধৰোঁ তোক সাৱটি।
নতুন স্বপ্নক বপন কৰিছে
পৰাস্ত জানিও জীৱনত কৰিছে
অগণিত যুঁজ,
গঢ়ি আছে সপোনৰ বসুন্ধৰা।
মাহৰ পিছত মাহ,
বছৰৰ পিছত বছৰ
তথাপি জীৱজগত সময়ক বিচাৰি হাইৰান।
কোনোবাই জানা নেকি?
উত্তৰ দিয়া মোক...
কোনোবাই যদি চলাই অট’ৰিক্সা
কোনোবাই আকৌ জাহাজ।
কোনোবাই যদি দিয়ে ভোকাতুৰক আহাৰ
কোনোবাই নিয়ে আকৌ নিয়ে প্ৰাণ।
কোনোবাই ৰজা হৈ ৰাজ্য শাসন কৰে
তথাপি অন্নহীন প্ৰজাই  ভোকত মৰে।
বসুধা অনৱদ্য প্ৰেমৰসৰ বান্ধোন ছেদিত কৰি
আমাৰ বক্ষস্থলত আহ
ধৰোঁ তোক সাৱটি।
কত স্বপ্ন আধৰুৱা হৈ থাকি যায়,
সময়ৰ অভাৱত হাহাকাৰ কৰি।

বসুধা অনৱদ্য প্ৰেমৰসৰ বান্ধন ছেদিত কৰি

তথাপি জীৱই ক্ষণিক জীৱনত

সপ্তাহৰ পিছত সপ্তাহ আহে

জীৱনটো ইমান ক্ষন্তেকীয়া কিয়

নতুন সপোনেৰে

মৃত্যু যেতিয়া ওচৰত আহি কয়....


আসাদ মদনী
নাগাবন্ধা (নগাঁও)
৬০০৩২১৪১৩১

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...