Showing posts with label আহচানাল মাৰীফ. Show all posts
Showing posts with label আহচানাল মাৰীফ. Show all posts

Tuesday, November 29, 2022

লাচিত বৰফুকন:আহচানাল মাৰীফ

লাচিত বৰফুকন

     


 

ছয়শ বছৰীয়া ইতিসাহৰ,

বিজাৰিত পৰাক্ৰমী জাতি আহোমৰ।

লুখুৰা-খান ফৈদৰ লান ফিমা বংশৰ,

অপৰাজেয়, সাহসীয়, পৰক্ৰমী, অসমীয়া জাতিৰ স্বাভিমান, আৱেগ, সূপুত্ৰ লাচিত বৰফুকন।


১৬২২ চনৰ ২৪ নৱেম্বৰ তাৰিখে গড়গাৱৰ নিচেই কাষত,

মোমাই তামুলীৰ ঔৰসত জন্ম হয় লাচিতৰ।


ৰাজনৈতিক জীৱন আৰম্ভ কৰে,

"হাচতিধৰা তামুলীৰ" পদত অধিষ্ঠিত হৈ। 

পৰৱৰ্তী কালত চক্ৰধ্বজ সিংহই তেওঁৰ বীৰত্বক উমান পায়,

সেনাপতিৰ পদত অধিষ্ঠিত কৰাই।


সেনাপতি পদত অধিষ্ঠিত হৈ,

গুৱাহাটীক উদ্ধাৰৰ কামত ব্যস্ত হৈ, 

মীৰজুমলাক বন্দী কৰে, গুৱাহাটী নিজৰ অধিকাৰত আনে,


অৱশেষত অসংখ্য শক্তিৰ অধিকাৰী, মোগল সেনাই, 

ক্ষোপ্ত হৈ আহোমৰ প্ৰতি, 


লিপ্ত হৈ আলাবৈ যুদ্ধত,

একে ৰাতিত প্ৰাণ হেৰাই বহু হাজাৰ সৈন্যৰ।

মোগলে গায় বিজয়ৰ গান।


শৰাইঘাট ৰণৰ ঘোহণা হয়,

নৰিয়াত আক্ৰান্ত লাচিতে,

গড় বান্ধিবলৈ মোমায়েকক দায়িত্ব দিলে।


গড় বন্ধা কামত অৱহেলা কৰে, 

"দেশত কৈ মোমাই ডাঙৰ নহয় "

শ্লগানেৰে দুইখণ্ড কৰে।


একে ৰাতি গড় বান্ধি মোগলৰ বিৰুদ্ধে যুঁজদি অৱশেষত,

বিজয়ৰ ছাতি মূৰত বান্ধে।


শৰাইঘাটৰ ৰণৰ অন্তত পানী লগা জ্বৰত আক্ৰান্ত হৈ ইহলীলা সম্ভুৱিত কৰে।

"জয় আই অসম"


✍️আহচানাল মাৰীফ

Tuesday, October 04, 2022

সন্ধিয়াৰ আড্ডা: আহচানাল মাৰিফ

 সন্ধিয়াৰ আড্ডা: আহচানাল মাৰিফ


সন্ধিয়া আড্ডা দিয়া সেই ল'ৰা বিলাকৰ কথা,

ভাবিলেই অভাগ হও সেই জীৱন যুদ্ধৰ বতৰা।


হাজাৰটা স্বপ্ন বাস্তৱত নেদেখা তাণ্ডৱ ক্ৰিয়া,

ক'লা ওঁঠত পৰিচিত সফলতা নোপোৱাৰ স্পন্দনৰ হোৱা-দোৱা। 


সপোনক বাস্তৱত পৰিণত কৰাৰ অশেষ চেষ্টা,

আচলতে টোপনি কাঢ়ি নিয়া, গভিৰ ৰাতিৰ অভিমানি স্বপ্নৰ কথা।


আধুনিকতাৰ নগ্ন মানসিকতাক দলিয়াই মুনিহে কৰা নিষ্ঠুৰ অপমান,

নাই কোনো সত্যতাৰ বিচাৰ,


আধুনিকতাৰ যন্ত্ৰণাত অস্থিৰ

 হৈ

তৎক্ষণাত খহি পৰে সূৰ্য্যৰ কিৰণ,

চেতনা হেৰাই চিঞৰি উঠে মৃত্যুৰ যন্ত্ৰণাত।

--------এয়াই নেকি বাস্তৱ সত্য,

সেই সন্ধিয়া চাৰিআলিত আড্ডা দিয়া ল'ৰা বিলাকৰ জীৱন যুদ্ধত।

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...