Showing posts with label চুমিয়া আকতাৰা. Show all posts
Showing posts with label চুমিয়া আকতাৰা. Show all posts

Tuesday, January 10, 2023

বহাগ:চুমিয়া আকতাৰা

🔹কবিতা

 "বহাগ"

      


চ'ত মাহক খেদিলোঁ বেগাই 

বহাগ আহিব বুলি।

পিঠা-পনা লাড়ু-বিস্কুট 

খাবলৈ পাম বুলি।


তাঁতৰ খালত বহিলোঁ মই 

মূগা মেখেলা ব'ম বুলি।

বিহুৰ দিনা তাকে পিন্ধি 

বিহু নাচিম বুলি।


চিঠি দিলোঁ চেনাইকে মোৰ 

ঘৰলৈ আহিবা বুলি।

মই বোৱা গামোচাখন

চেনাইকে পিন্ধাম বুলি।


         ✍️চুমিয়া আকতাৰা 

ফোন নং: ৯৩৯৫৩৪১৯২৯

জিলা: নগাওঁ(অসম)

Tuesday, January 03, 2023

আজি অসমীয়া:চুমিয়া আকতাৰা

◽️আজিৰ অসমীয়া

               ©চুমিয়া আকতাৰা 


ভূৱা স্বদেশ প্ৰেমৰ 

   কোবাল সোঁতত,

দেশ টলমল হৈ পৰিছে।

অন্ধ ৰীতি-নীতিয়ে 

   আজিৰ অসমীয়াক,

কোঙা কৰি পেলাইছে।

বক্তৃতাৰে আকাশ কপোঁৱা

   আজিৰ অসমীয়াই,

দেখুৱাইহে বিপ্লৱ কৰিছে।

আমি সকলোৱে ভাই-ভনী 

  শ্লোগান দিয়া অসমীয়াই,

জাত-পাতহে বিচাৰ কৰিছে।

বছৰি-বছৰি বীৰ পূজা পতা 

    আজিৰ অসমীয়াৰ,

কেৱল জঁকাটোহে বাকী আছে।

দেশৰ হকে প্ৰাণ দিব পৰা 

     অসমীয়া জাতি,

এতিয়া ৰসাতলে গৈছে।

দেশৰ উন্নয়নৰ নামত 

     চলনা কৰি,

নিজ স্বাৰ্থ পূৰ্ণ কৰি আছে।

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

সহযাত্ৰী তৃতীয় খণ্ড ঋতুপর্ণা ইংতিপি

 সহযাত্ৰী  (তৃতীয় খণ্ড)  ✍️ ঋতুপর্ণা ইংতিপি/মৰিগাঁও      গা-পা ধুই আজৰি হোৱা মানে তিনি বাজিলে।তাইৰ ভাগৰো  বহুত লাগিছে। গোটেই দেহটো অৱশ হৈ প...