Tuesday, January 03, 2023

আজি অসমীয়া:চুমিয়া আকতাৰা

◽️আজিৰ অসমীয়া

               ©চুমিয়া আকতাৰা 


ভূৱা স্বদেশ প্ৰেমৰ 

   কোবাল সোঁতত,

দেশ টলমল হৈ পৰিছে।

অন্ধ ৰীতি-নীতিয়ে 

   আজিৰ অসমীয়াক,

কোঙা কৰি পেলাইছে।

বক্তৃতাৰে আকাশ কপোঁৱা

   আজিৰ অসমীয়াই,

দেখুৱাইহে বিপ্লৱ কৰিছে।

আমি সকলোৱে ভাই-ভনী 

  শ্লোগান দিয়া অসমীয়াই,

জাত-পাতহে বিচাৰ কৰিছে।

বছৰি-বছৰি বীৰ পূজা পতা 

    আজিৰ অসমীয়াৰ,

কেৱল জঁকাটোহে বাকী আছে।

দেশৰ হকে প্ৰাণ দিব পৰা 

     অসমীয়া জাতি,

এতিয়া ৰসাতলে গৈছে।

দেশৰ উন্নয়নৰ নামত 

     চলনা কৰি,

নিজ স্বাৰ্থ পূৰ্ণ কৰি আছে।

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰকাশ পালে কবি ৰাহুল চেতিয়া চিলাপথাৰ প্ৰথম খন কাব্য গ্ৰন্থ "মায়াবিনী আউসীৰ এটি জোনাকী"

 কবিৰ চমু পৰিচয়: কবিৰ জন্ম ১৯৯৬ চনৰ ১৩ মাৰ্চত ফাগুনৰ ৬ তাৰিখে ধেমাজি জিলাৰ নিলখ পূৰ গাওঁত। কবিৰ পিতৃ স্বৰ্গীয় দিলীপ চেতিয়া আৰু মাতৃদ্বয়ৰ না...