Tuesday, January 03, 2023

শুভকামনা জনোৱা নাই তোমাক:ধনঞ্জয় ৰায়

 ◽️শুভকামনা জনোৱা নাই তোমাক

                ©ধনঞ্জয় ৰায়৷ ধুবুৰী

তুমি কুশলে থাকা

মই শুভকামনা নজনোৱাকৈয়ে৷


মোৰ শুভকামনাই যদি তোমাৰ বেয়া কামনা কৰে

তেন্তে নজনাও কেতিয়াও 

নজনাও কাহানিও৷


মই অবিহনে তুমি সুখী হোৱা 

আক্ষেপ বা আপচোচ্‌ক কোনোটোৱেই মোৰ নাই

দিব নিবিচাৰো মই

জীৱন বিচ্যুত হোৱা শুভকামনা৷


দুৰৰ পৰাই কেতিয়াবা চাই উভতি আহিম 

তোমাৰ সুখবোৰ 

তোমাৰ শান্তিবোৰ 

তোমাৰ উৰি ফুৰা হাঁহিৰ কণিকাবোৰ

তুমি মাথো কুশলে থাকা৷ 


কি লাভ?

সেই শুভকামনাৰ 

যি শুভকামনাই তোমাৰ জোনাকী আশাত 

আঁউসীৰে ভৰায়

সেইবাবেই জনোৱা নাই ওলগ

সেইবাবেই জনোৱা নাই একুকি শুভকামনা৷


নাই…,নালাগে,নজনাও

একত্ৰিশ ফাৰ্ষ্টৰ কংগ্ৰেচুলেচন তোমাক

নাই…,নালাগে,নজনাও

পহিলা বহাগৰ বহাগি বতৰা

গুজি নিদিওঁ তোমাৰ খোপাত কপৌলতা

নুশুৱায় যদি তোমাৰ খোপা

নালাগে,নজনাও এনে শুভকামনা৷


সেইবাবেই জনোৱা নাই 

একুকি শুভকামনা৷

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...