Showing posts with label প্ৰিয়া বৰা. Show all posts
Showing posts with label প্ৰিয়া বৰা. Show all posts

Tuesday, January 03, 2023

নৱবৰ্ষ:প্ৰিয়া বৰা

 🔸নৱবৰ্ষ

হে নৱবৰ্ষ স্বাগতম জনাইছো তোমাক

তুমি বাৰু আহিচানে নৱবৰ্ষ,

সৌ পূৱ আকাশত ওলোৱা বেলিটোৰ দৰে হৈ

সকলোৰে জীৱনবোৰৰ পৰা  আন্ধাৰবোৰ অতৰাই 

পোহৰ  বিলাবলৈ ।

তুমি আহিচানে বাৰু এপাহ সুগন্ধীময় ফুলৰ দৰে হৈ,

আমাৰ সকলোৰে জীৱনবোৰ এপাহ ফুলৰ দৰে 

সুগন্ধীময় কৰি তোলিবলৈ।

হে নৱবৰ্ষ আহাচোন তুমি,

আমাৰ জীৱনবোৰ সুখ সমৃদ্ধিময় কৰি তোলাহি

হাঁহি আনন্দৰ জোৱাৰ আৰু সফলতাৰ ফাকু চটিয়াই ৰঙীন কৰি তোলাহি।

হে নৱবৰ্ষ আহাচোন তুমি,

এইবাৰ তুমি আহিলে 

এই সমাজৰ কু -চৰিত্ৰ, কু -চিন্তাবোৰ কিজানিবা সলনি হয়,

তুমি আহিলে

কিজানিবা মনৰ মন্নিলতাবোৰ শেষ হয়েই।

হে নৱবৰ্ষ তোমাক আদৰণি জনাইছো

আহা নৱবৰ্ষ

তুমি আমাৰ জীৱনবোৰ সুখৰ বন্যাৰে ভৰপূৰ কৰি তোলাহি,

নৱবৰ্ষ তোমাৰ হাতত হাত ধৰি

আমি সকলোৱেই মিলি আগুৱাই যাম

জাতি,ধৰ্ম,ভাষা,লিংগ আদিৰ নিৰ্বিশেষে ভেদা ভেদ তথা শত্ৰুতাক নেওচি 

সুন্দৰভাৱে গঢ়ি তোলো এখন নিকা আৰু সুস্থ সমাজ

স্বাগতম নৱবৰ্ষ ।


            © প্ৰিয়া বৰা ,যোৰহাট,অসম

              একাদশ শ্ৰেণী

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...