Showing posts with label বিশেষ লেখা. Show all posts
Showing posts with label বিশেষ লেখা. Show all posts

Tuesday, December 20, 2022

আমাৰ শিক্ষা ব্যৱস্থা

 আমাৰ শিক্ষা ব্যৱস্থা


 অতি কাল্পনিক আৰু সত্যৰে সংমিশ্ৰিত কাহিনী 

           


     মই সৰুৰে পৰা চৰকাৰী স্কুলত অধ্যয়ন কৰা। মই এটা কথা সৰুৰে পৰা লক্ষ্য কৰি আহিছোঁ যে আমাৰ বিদ্যালয় সমূহত অকল চোকা ছাত্ৰ - ছাত্ৰী সকলক হে আগস্থান দিয়ে। কিন্তু তাৰ পৰা আমাৰ নিচিনা ছাত্ৰ - ছাত্ৰী সকলে কিছু ক্ষেত্ৰত বিৰক্তিত ভুগিব লগীয়া হয় আৰু বহুতে বিদ্যালয় এৰি যাবলৈ ধৰে। বিদ্যালয়ত পাঠদানৰ ক্ষেত্ৰতো তেনে হোৱা দেখো। কিন্তু আপোনালোকে হয়টো জ্ঞাত যে আমাৰ হাতৰ 10 টা আঙুলি যি দৰে সমান নহয় সেইদৰে আমাৰ সকলো ছাত্ৰ - ছাত্ৰী সমান নহয়। কিন্তু আমি আমাৰ যি দৰে সমানে ব্যৱহাৰ কৰোঁ ঠিক সেইদৰে আমি আমাৰ সকলো ছাত্ৰ - ছাত্ৰীকেই সমানেই গুৰুত্ব দিব লাগে। কিন্তু এইটো আমাৰ মাজৰ প্ৰায় সকল শিক্ষক -  শিক্ষত্ৰীয়ে সকলোকে সমানে গুৰুত্ব নিদিয়ে। ইয়াৰ আধাৰতেই মই আজি এটা সৰু কাহিনী আপোনালোকৰ মাজলৈ আগবঢ়াব বিচাৰিছোঁ। আশা কৰোঁ পঢ়ি ভাল পাব। তেতিয়া হলে বেছি দেৰি নকৰি আমি আমাৰ কাহিনীৰ দিশে আগবাঢ়ি যাওঁ আহক।


            আজি মই এটি সত্য ঘটনাক কিছু কাল্পনিক ৰূপ দি এই কাহিনীটো লিখিছোঁ। যতে কোনেও নিজৰ গাত পাতি নলয়। মানুহ মাত্ৰেই ভুল থাকে। আপোনালোকেওঁ মোক নিজৰ ল'ৰা,দাদা - ভাইটি বুলি ভাবি ভুল খিনি শুধৰাই লব বুলি আশা থাকিল।


             প্ৰায় মোৰ কানসমনিয়া মোৰ বন্ধু এজনৰ কাহিনী আপোনালোকৰ মাজত আগবঢ়াব বিচাৰিছোঁ। কাহিনীটো সত্য যদিও অলপ কাল্পনিক কৰি সজাই পৰাই লিখিব চেষ্টা কৰিছোঁ। 

ল'ৰাজনৰ নাম হেমন্ত। সি মোতকৈ এক বছৰৰ ডাঙৰ আছিল যদিও আমি প্ৰায় একেলগে সময় কটাইছিলো। হেমন্ত পঢ়াত মেধাৱী নাছিল যদিও সকলো ক্ষেত্ৰত আগৰণুৱা আছিল। কিন্তু এদিন তাক এজন শিক্ষকে বৰ বেয়াকৈ ইতিকিং কৰিলে। সৰস্বতী পূজাৰ আগদিনাৰ ঘটনা। সকলোৱেই নিজৰ নিজৰ কামত ব্যস্ত। সকলোৰে দৰে হেমন্তও নিজৰ কামত ব্যস্ত। দেৱী থোৱা ঘৰৰ পৰা লঘূ আহাৰ দিয়া ঘৰলৈ সকলো কাম সি নিজেই তদাৰক কৰিছিল আৰু অতি সুন্দৰকৈ সকলো কম শেষ কৰি দেৱী আনিবলৈ যাত্ৰা আৰম্ভ কৰিব লৈছিল। সেই সময়তেই এনেকুৱা এটা ঘটনা ঘটিল যিটো ঘটনা সি নালাগে আপোনাৰ লগত ঘটিলেও পাহৰিব নোৱাৰিব। সি সকলো ঠিক কৰি গাড়ীত উঠিব লওঁতেই শিক্ষক এজন আহি তাৰ হাতত ধৰি কলে ," তই যাব নালাগে। তই পঢ়াত এনেও গেধাঁ তোক সৰস্বতীয়েও লগ নিদিয়ে।" সঁচাকৈ এজন শিক্ষক হৈ যদি এনেকুৱা কথা কয় তেতিয়া ছাত্ৰ - ছাত্ৰীৰ উৎসাহ থাকিব নে। পঢ়াৰ প্ৰতি হলেও মন দিব পাৰিব নে। নাই নোৱাৰে বহুতেই ঘৰত আহি কব মোক আজি চাৰে এনেকৈ কলে আৰু মই স্কুল নাযাও। কিছুমান ছাত্ৰ - ছাত্ৰীৰ অভিভাৱক আহি বিদ্যালয়ত এক অপৰিকল্পিত ঘটনা কৰা মই নিজেই দেখিছোঁ। হয় সিও ঘৰত আহি তাক কৰা অপমানৰ কথা কৈছিল। কিন্তু তাক তাৰ দেউতাকে আৰু বেছি হে অপমান কৰিলে। ফলত তাৰ সেই কথাষাৰে মগজু চুই গৈছিল। হয় মই জানো শিক্ষক গৰাকীয়ে তাক তেনেকৈ কোৱাৰ কোনো যুক্তি নাছিল। কিন্তু সি সেই ইতিকিংক এক প্ৰত্যাহ্বান হিচাপে ললে আৰু নিজকেই অকল পঢ়াৰ লগত ব্যস্ত কৰিল। পূজা,বিহু, উৎসৱ - পাৰ্বন আনকি সৰস্বতী পূজাৰ দিনাও তাক লগ পোৱা নগল। নিজকে অকল পঢ়াৰ লগত সময় দিলে। আৰু তেতিয়াৰ পৰাই সি তাৰ নিজৰ শ্ৰেণীত প্ৰথম হবলৈ ধৰিলে। তাৰ ঘৰৰ অৱস্থা বৰ এটা ভাল নাছিল বাবে অলপ সমস্যা হৈছিল যদিও তাক সেই ইতিকিং কৰা শিক্ষক গৰাকীয়ে তাক সম্পূৰ্ণ সহায় কৰিছিল। আৰু শিক্ষক জনে নিজকে লৈ গৌৰম্বিত অনুভৱ কৰিছিল কাৰণ তেওঁৰ এটা ইতিকিংৰ বাবে এনেকৈ এজন ছাত্ৰ সলনি হোৱাটো সঁচাকৈ এক বাঞ্চনীয় কথা।

           

           নিজৰ ঘৰৰ পৰা ইমান এটা সুবিধা নাপালেও সেই শিক্ষক গৰাকীয়ে তাক সম্পূৰ্ণ সুবিধা প্ৰদান কৰিছিল। মুঠতে পঢ়াৰ ক্ষেত্ৰত একো অসুবিধাৰ সন্মুখীন হবলৈ দিয়া নাছিল। কথাতেই কয় নহয় যত্ন কৰিলে হে ৰত্ন পায় । সেই কথাটো আখৰে আখৰে ফলিয়াইছিল হেমন্তৰ লগত। অৱশেষত HSLC ত পাঁচটা বিষয়ত লেটাৰ সহ পাছ কৰিছিল হেমন্তই। H.S তও পাঁচটা বিষয়ত লেটাৰ মাৰ্ক পাবলৈ সক্ষম হৈছিল। H.S পাছ কৰি ডিগ্ৰীত নামভৰ্তি নকৰি Delhi ত থকা IIT ত নামভৰ্তি কৰিছিল আৰু এক  বছৰ অধ্যয়নৰ পাছতেই চাকৰিৰ বাবে বিভিন্ন ডাঙৰ ডাঙৰ কোম্পানীৰ পৰা অফাৰ আহিল। এতিয়া তাৰ IIT পঢ়া শেষ হল আৰু ভাৰতৰ এটা জনপ্ৰিয় কোম্পানী এটাৰ মুখ্য ইঞ্জিনিয়াৰ হিচাপে কৰ্মৰত। সি তাৰ সেই সকলো সফলতাৰ চাবি কাঠি বুলি তাৰ সেই বিদ্যালয়ৰ শিক্ষক জনক স্বীকৃতি দিয়ে ।


           গুৰু সদাই গুৰুৱেই। তেওঁ সকলোকে সমানেই চাই। কিন্তু আমি বুজাত ভুল কৰোঁ। আমাক বিভিন্ন সমত গালি পাৰে তাৰ মানে এইটো নহয় যে তেওঁ আমাক ভাল নাপায়। যাক ভাল পায় বা যাক ভাল লাগে তেওঁক হে শাসন কৰে। সেই সমান্য কথাটো আমাৰ অভিভাৱক সকলে বুজি নাপায় আৰু নিজৰ সন্তানক বেয়া কৰাৰ লগতেই শিক্ষক বা শিক্ষয়িত্ৰী গৰাকীক অপমান কৰাৰ লাগি যায়।

          

                                   সমাপ্ত

                           ✍️ তিতাবৰৰ ল'ৰা

(নাম প্ৰকাশ কৰিবলৈ অনিচ্ছুক)


   উক্ত কাল্পনিক আৰু সত্য সংমিশ্ৰিত কাহিনীটোৰ পৰা যদি আপুনি এক শতাংশ ও কিবা এটা শিকিলে তেতিয়া নিশ্চয় লাইক আৰু কমেন্ত কৰিব। যদি একো শিকা নাই বা কিবা ভুল হৈছে সেইবোৰ উনুকিয়াই দিব। আমিবোৰ সৰু মানুহ আৰু আপোনালোক ডাঙৰ সৰুৱে কিবা ভুল কৰা দেখিলে ডাঙৰ সকলে তাক তাৰ সেই ভুলটো দেখুৱাই দিয়া টো এটা কৰ্তব্য বুলি মই ভাবো। মোৰো যদি কিবা ভুল হয় আপোনালোকে দেখাই দিয়ে যেন।

Tuesday, December 06, 2022

স্বাৰ্থপৰৰ পৃথিৱীত অকণমান ঠাই পাম নে বাৰু?

স্বাৰ্থপৰৰ পৃথিৱীত অকণমান ঠাই পাম নে বাৰু?


স্বাৰ্থপৰ

 *স্বাৰ্থপৰ সকলৰ মাজত নিজকে চিনি পোৱাটো কঠিন হৈ পৰিছে অ। সেই সকলৰ লগত কেনেকৈ আগুৱাই যাব পাৰিম? আমাৰ সমাজখনক কেনেকৈ আগুৱাই নিব পাৰিম?  কেতিয়াবা নিজকে শুধিবছোন আপুনি নিজেই  স্বাৰ্থপৰ হয় নেকি?? আপোনাৰ স্বাৰ্থপৰতাই কোনো কোনোবা ব্যক্তিৰ জীৱনত কিবা কু প্ৰভাৱ পেলাইছে নে? ভাবিছে নে কেতিয়াবা এইবোৰ কথা??আপোনাৰ স্বাৰ্থপৰতাই /বা অবিশ্বাসে  কোনোবা দিনা কাৰোবাক আঘাত দিছে নেকি?? যদি দিছে আপুনি আঘাত দি অহা সেই ব্যক্তিজনে সেইদিনাৰ পৰা  তেওঁৰ জীৱনত কেনেকৈ  সেই বেয়া দিনবোৰ পাৰ কৰি আহিছে! মানুহক প্ৰতিশ্ৰুতি দি সেই প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰিলে আপুনি কোনো ব্যক্তিক কেতিয়াও প্ৰতিশ্ৰুতি নিদিব।* *যিদিনা মানুহে নিজৰ ভুল বুজি পাব সেইদিনা সমাজখন আগবাঢ়ি যাব*।


✍️ ক্ষীৰোদ মণি মহন

 *কৃতজ্ঞতা-অল্পী দাস

Tuesday, October 18, 2022

কাতি বিহু:ছেলিমা বেগম

 কাতি বিহু:

               ছেলিমা বেগম জিলা নগাঁও

বিহু আমাৰ অসমৰ জাতীয় উৎসৱ। আমি অসমবাসীয়ে বিহু তিনিটা পালন কৰো যেনে ব'হাগ বিহু, কাতি বিহু বা কঙালী বিহু, মাঘ বিহু। 

কাতি বিহু পালন কৰা হয় আহিনৰ সংক্ৰান্তিত ।পৃথিৱীয়ে সেউজীয়া শস্যৰে বুকু উপচাই অসমীয়া জাতিৰ অন্তৰত আশাৰ হেঙুলীয়া ৰেঙনি বিৰিঙাই তোলে এই সময়ছোৱাত। লখিমীয়ে সেউজীয়া পথাৰত থিয় লৈ লিহিৰি আঙুলিৰে শস্যৰ শিৰত মধুৰ পৰশ বুলাই পৃথিৱী বিনন্দীয়া কৰি তোলে। অসমীয়াজাতীয়ে তুলসীৰ তলত চাকি জ্বলাই জেউতিৰে পথাৰৰ লখিমীক ভঁৰাললৈ অহাৰ বাট দেখুৱাই দিয়ে। আকাশ বাতি জ্বলাই লখিমীৰ আগমনৰ পূৰ্বভাস জগতক জনাই দিয়ে। 


কাতি বিহুত মানুহৰ মাজত অভাৱ অনাটন দেখা দিয়ে বাবে এই বিহুক কঙালী বিহু বুলি কোৱা হয়। এই কাতি বিহুৰ সময়ত মানুহৰ বছৰৰ যোগান ধৰা খাদ্য কমি আহে। সেয়ে অসমৰ অসমীয়াই সন্ধিয়া সময়ত চাকি জ্বলাই লখিমী আধৰি আনে। পথাৰত জুই জ্বলাই কীট পতংগ ধ্বংস কৰি দিয়ে।

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...

শেহতীয়া সংখ্যা সমূহ