নিমন্ত্ৰণ
অপেক্ষা মাথোঁ ইয়াৰ বাবেই,
আৰু যে মাত্ৰ কিছু পৰৰে বাট,
বিজয়ী ৰণৰ যোদ্ধা মুকুট ,
শিৰণত কৰাৰ যে প্ৰশস্ত পথ।
উত্তপ্ত উত্তাপৰ প্ৰকোপ সহি,
যাওঁ যেন জীৱটো মুঠিতে ৰাখি,
ঘামত সিজা দেহটোক কৰা উপলুঙা,
হাড়ৰ কেঁকনিক নীৰৱে ৰাখি,
অজস্ৰ আশাৰে আগবঢ়া আমি,
এটি সপোনৰ পম খেদি খেদি,
নিচেই কাষতে আজি দিঠকৰে ক্ষণ।
হাঁহিয়ে দিলে হি চকুলো মচি,
একালৰ উদং বুকু যে আজি সেউজে ভৰা,
ওমলা সময় যে সমাগত মুকুতা সোণৰ,
আহিনৰ নিমন্ত্ৰণত আহিব আঘোণ,
অলেখ্য সোণ আহি ভৰিব বুকু,
সোণোৱালী প্লৱন আগন্তক দিনত।
মুন শৰ্মা লখিমপুৰ
