Showing posts with label হাইছ উদ্দিন আহমেদ. Show all posts
Showing posts with label হাইছ উদ্দিন আহমেদ. Show all posts

Tuesday, January 03, 2023

নৱবর্ষ:হাইছ উদ্দিন আহমেদ,

 🔴নৱবৰ্ষ:

পুৰণি দুখ পুৰণি কষ্ট

বেদনাৰ যিমান স্মৃতি,

নতুন বছৰৰ আৰম্ভণিতেই

কৰি পেলুৱাওক ইতি।

আগুৱাই যোৱা আগলৈ তুমি

গোৱা জীৱনৰ গান,

বাচি থকাৰ ৰস পাবা

ভৰিব মন প্ৰাণ।

শপত হওক আগামীৰ ওচৰত

দূষণ মুক্ত সমাজ,

ৰোগ মুক্ত ৰাখিবলৈ সজোৱা

গছ-গছনিৰে সাজ।

প্ৰাৰ্থনা এইটো তাৰ ওচৰতে

তোমাৰ ভাল হওক,

আনন্দেৰে বৈ যাওক ধাৰা

ছবিৰ দৰে অঁকা।

আনন্দ তোমাৰ যিমান আছিল

আৰু হওক বৃদ্ধি।

নতুন বছৰে তোমাক দিয়ক

সুখ শান্তি সমৃদ্ধি।

নতুন বছৰ তোমাৰ বাবে

আহক বাৰে বাৰে,

কম তোমাক শত বাৰ

হেপ্পী নিউ ইয়াৰ।


©-হাইছ উদ্দিন আহমেদ

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...