Showing posts with label ৰিমাশ্ৰী কোচ-ৰাজবংশী. Show all posts
Showing posts with label ৰিমাশ্ৰী কোচ-ৰাজবংশী. Show all posts

Tuesday, February 28, 2023

তুমি আৰু মই:ৰিমাশ্ৰী কোচ-ৰাজবংশী

 তুমি আৰু মই


অশান্ত মনৰ 

প্ৰশান্ত ভাৱনা ,

জীৱনে বিচাৰে সপোনৰ ঠিকনা ।


নাজানে একোকে ,

নুবুজে একোকে ,

মাথোঁ বিচাৰে তোমাকে কাষতে ।


মোৰ অনুভৱী হৃদয়ৰ ফাগুন হ'বা তুমি,

মই উতনুৱা ফাগুনৰ বাউলী পছোৱা হৈ ধূলিৰ কণিকাৰে পুনৰ কবিতা লিখিম সৰাপাতৰ বুকুত।


তুমি সাগৰ হ'বা মোৰ মেদিনীৰ ,

প্ৰেমৰ জলেৰে পুনৰ জীপাল কৰিবা মোৰ হিয়াখনি।


এই বিশ্বব্ৰহ্মাণ্ডৰ তুমি সূৰুয হ'বা 

আৰু মই চন্দ্ৰমা হ'ম।

দুয়ো দুয়োৰে সাক্ষী হৈ চিৰদিন এক হৈ ৰ'ম 

আমাৰ এই প্ৰেম চিৰযুগমীয়া কৰি , পৃথিৱীত বিলাই দিম আমাৰ সুখৰ ৰঙ ।

    ‌

 ‌                 ✍🏻ৰিমাশ্ৰী কোচ-ৰাজবংশী

                       *দশম শ্ৰেণী

                       *ঢকুৱাখনা

Tuesday, February 21, 2023

ফাগুন:ৰিমাশ্ৰী কোচ-ৰাজবংশী,

 ফাগুন

                                      

শান্ত - সমাহিত এই পৃথিৱীৰ বুকুত ফাগুনৰ পুনৰ আগমন ।

হালিছে কঁহুৱা, বলিছে পছোৱা ,

ভোমোৰাৰ মৃদু গুঞ্জন । 


পৃথিৱীৰ সুকুমল কোলাত ফাগুনে পুনৰ দলিচা পাৰিছে,

উতনুৱা ফাগুনৰ বাউলী বতাহে মোৰ উন্মনা যৌৱনক বৰকৈ আমনি কৰিছে । 


সেউজীয়া পাতত ফাগুনে দিলেহি আবিৰ সানি,

শুনিছোঁ আজি সৰাপাতৰ বিননি ।

বলিয়া ফাগুনৰ পছোৱা বতাহত

নদীৰ পাৰত কঁহুৱাৰ লয়লাস ।


লঠঙা গছৰ ডালত বহি কেতেকীৰ কৰুণ বিননি,

আকাশে, বতাহে সকলোতে যেন এতিয়া বৰদৈচিলাক আদৰাৰ প্ৰস্তুতি ।


                    ~ৰিমাশ্ৰী কোচ-ৰাজবংশী

                    দশম শ্ৰেণী

                    ঢকুৱাখনা

Tuesday, February 07, 2023

আজি মোৰ মৃত্যু হ'ল

 জি মোৰ মৃত্যু হ'ল




কাৰোবাৰ কোমল হাতৰ পৰশত ,

মৰম নামৰ সাগৰখনিত উটি-ভাহি গৈ আছিলোঁ ।

অশান্ত সাগৰৰ বুকুত বহু আশা লৈ যাত্ৰা আৰম্ভ কৰিছিলোঁ।

কিন্তু, সময়ৰ সোঁতত সকলো সলনি হ'ব ধৰিলে ।

মৰম নামৰ সাগৰখনে এতিয়া বিষাদৰ নাম পালে।

সম্পৰ্কবোৰো সাগৰতে জাহ গ'ল।

ৰৈ গ'লো কেৱল মই ,বুকুত এসোপা বিৰহৰ টোপোলা লৈ।

আশাবোৰ আশা হৈয়ে ৰ'ল,

সপোনবোৰো সপোন হৈয়ে ৰ'ল।

সময়বোৰ বৈ গ'ল , কোনোবা অচিন সাগৰলৈ ।


কিন্তু , আজি এই সাগৰৰ প্ৰচণ্ড চাকনৈয়াত মোৰ মৃত্যু হ'ল।

পাৰিলে চাই আহিবা গৈ চোন মোৰ সমাধিস্থল ।

বৰ শান্তিত আছোঁ অ'  নিৰ্জন,নিশব্দ আৰু নিঃসংগতাৰ লগত ।

আজি মোৰ মৃত্যু হ'ল ।


                 ✍🏻ৰিমাশ্ৰী কোচ-ৰাজবংশী

                দশম শ্ৰেণী

                ঢকুৱাখনা

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰকাশ পালে কবি ৰাহুল চেতিয়া চিলাপথাৰ প্ৰথম খন কাব্য গ্ৰন্থ "মায়াবিনী আউসীৰ এটি জোনাকী"

 কবিৰ চমু পৰিচয়: কবিৰ জন্ম ১৯৯৬ চনৰ ১৩ মাৰ্চত ফাগুনৰ ৬ তাৰিখে ধেমাজি জিলাৰ নিলখ পূৰ গাওঁত। কবিৰ পিতৃ স্বৰ্গীয় দিলীপ চেতিয়া আৰু মাতৃদ্বয়ৰ না...