Monday, September 26, 2022

টোপনি নহাই হ'লচোন-মিন্টু গোৱলা

টোপনি নহাই হ'লচোন-মিন্টু গোৱালা
আজিকালি মোৰ চকুত
টোপনি নহাই হ'ল,
কি জানো হ'ল?
মই গমেই নাপাওঁ
টোপনি যাওঁ বুলি চকুযোৰি 
মুদিলেচোন অকল তোমাক দেখা পাওঁ,
তোমাৰ ছবিখনে বৰকৈ আমনি কৰে অʼ।
মোৰ একেবাৰে টোপনি নহাই হ'লচোন 
তোমাৰ বাবে , কাৰণ তুমি দূৰত থকাৰ
 বাবেই টোপনি নাইকিয়া হৈ গৈছে অʼ।
টোপনি নহাই মানে মনটো তোমাৰ 
কাষত উৰি যায় অʼ।
তোমাৰ ধুনীয়া মুখনি বৰকৈ
 চাবলৈ মন যায় অʼ,দেখু সপোনত
কিন্তু দিঠকত নেদেখু অʼ।
তোমাক এবাৰ ওচৰ পৰা চাবলৈ মন যায় অ ʼ।
তুমি ভুল নুবুজিবা মোৰ টোপনি নহাটো।
মোৰ চকুত ছায়াময়া হৈ তুমি ভাঁহি থাকা কাৰণে মোৰ টোপনি নাহে অʼ।
টোপনি নহাটোয়ে মোৰ বৰ কষ্ট অʼ।

             মিন্টু গোৱলা লখিমপুৰ, কদম

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...