Tuesday, October 25, 2022

ভালপোৱা:ৰাহুল চেতিয়া

ভালপোৱা:

দুখৰ সৈতে মোৰ

আজন্ম চিনাকি!

কোনোদিন বিচ্ছেদ হোৱা নাই

একেই গতিশীলতা, 

একেই আন্তৰিকতা

আজন্ম থাকিব আমাৰ ভালপোৱা!

হিয়াত খোদিত বিষাদবোৰ

বুকুত কাইটৰ আঁচোৰ

বিষাদৰ সৈতে কৰি মিতিৰালী

সেয়েহে চাগে আজিলৈকে

ভাৱিব সময় পোৱা নাই

বিষাদৰ সৈতে বিচ্ছেদৰ কথা

এয়াই চাগে আমাৰ প্ৰকৃত ভালপোৱা।।।। 


✍️ৰাহুল চেতিয়া

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...