Tuesday, November 01, 2022

ক্ষুধা:ৰাহুল চেতিয়া

                   অনুগল্প 

ক্ষুধা:

ৰেস্তোৰাঁ খনৰ সন্মুখত থকা ডাছবিনৰ পৰা  কণমানি লৰা ছোৱালী কেইটাই ৰেস্তোৰাঁ খনৰ পৰা পেলাই দিয়া খাদ্যৰ অৱশিষ্ট বোৰ বুটলি খাই থাকোতে লেখক জনৰ ৰেস্তোৰাঁ খনৰ স্বত্বাধিকাৰীৰ ওপৰত ভীষণ খং উঠিল৷ৰেস্তোৰাঁ খনত গৈ মেনেজাৰ জনক দুটামান গালি দিবলৈ তেওঁ বৰ মন গ'ল৷ কিন্তু নিদিলে। খাদ্যৰ অভাৱত ভালকৈ খাবলৈ নাপাই লৰা-ছোৱালী কেইটা পুষ্টিহীনতাত ভুগি মলিন হৈ আছে সিহঁতৰ মুখখনি।হয়তো এতিয়ালৈকে সিহঁতে এমুঠিও অন্ন মুখত দিব পৰা নাই।দুৰ্ভগীয়া অনাথ লৰা-ছোৱালী কেইটাৰ প্ৰতি লেখকজনৰ বুকুত প্ৰবল অনুকম্পাৰ সৃষ্টি হল।সচাকৈ এদিন সিহঁতক পেট ভৰাই এসাজ খুৱাব পৰা হলে.........!


ৰাহুল চেতিয়া

নিলখপুৰ,চিলাপথাৰ

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...