Thursday, January 12, 2023

অনুভৱৰ লুকা - ভাকু:গায়ত্ৰী কোঁৱৰ

 🔴অনুভৱৰ লুকা - ভাকু


জোনাক বেলাৰ বতাহচাটি

আয়াসতে নাচি উঠে ,

       অনুভৱৰ নিৰ্মলতা লৈ ।

ডাৱৰৰ ফাঁকে ফাঁকে

সৌৱা ......

        পোহৰৰ খেলা ।

তাতেই ভাঁহি আহে

তোমাৰ মুখখনি ,

         যেন তুমিও !

সিহঁৰণৰ অন্য এক জোনাক ।


✍️গায়ত্ৰী কোঁৱৰ


No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...