Tuesday, January 10, 2023

স্মৃতিৰ শিখৰত তুমি:ভাগৱ জ্যোতি দাস

🔸 স্মৃতিৰ শিখৰত তুমি

মনৰ কেনভাছৰ দাপোনত তুমি

একাজলি ৰঙীন ফুলৰ দৰে

ফুলি আছা হৃদয়ৰ দুৱাৰত 

যেন এক স্মৃতিৰ শিখৰত ।

এটি মধুৰ দিনৰ সুবাস 

বিচাৰি যাওঁ যেন এটি 

হেজাৰ যুগৰ প্ৰকাশ ।

তোমাৰ মনৰ ভাৱনাত 

তোমাৰ হিয়াৰ থাপনাত

লিখি থোৱা এটি সোণালী কবিতা

আদৰি লবানে তুমি যেন এটি 

গীতৰ মালিতা ,যেন এটি গীতৰ মালিতা।।

মনৰ মাজৰ এপাহী গোলাপ

ৰঙীন কৰি দিবানে প্ৰেমৰ আলাপ।

ফুলি ৰোৱা এটি ফুলৰ কলি

মৰহি যাব নিদিবা চিৰ দিন ধৰি,

ফুলি ৰবা তুমি সদায় 

যেন এটি হৃদয়ৰ গোলাপ।

ৰঙীন মনৰ ৰঙীন আশা 

তুমি যেন এটি জ্বলি ৰোৱা শিখা।

পোহৰেৰে উপচাই তোলা 

তোমাৰ মিঠা মাতৰ মৌ সনা


                 ✍️ভাৰ্গব জ্যোতি দাস

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰকাশ পালে কবি ৰাহুল চেতিয়া চিলাপথাৰ প্ৰথম খন কাব্য গ্ৰন্থ "মায়াবিনী আউসীৰ এটি জোনাকী"

 কবিৰ চমু পৰিচয়: কবিৰ জন্ম ১৯৯৬ চনৰ ১৩ মাৰ্চত ফাগুনৰ ৬ তাৰিখে ধেমাজি জিলাৰ নিলখ পূৰ গাওঁত। কবিৰ পিতৃ স্বৰ্গীয় দিলীপ চেতিয়া আৰু মাতৃদ্বয়ৰ না...