Tuesday, January 10, 2023

স্মৃতিৰ শিখৰত তুমি:ভাগৱ জ্যোতি দাস

🔸 স্মৃতিৰ শিখৰত তুমি

মনৰ কেনভাছৰ দাপোনত তুমি

একাজলি ৰঙীন ফুলৰ দৰে

ফুলি আছা হৃদয়ৰ দুৱাৰত 

যেন এক স্মৃতিৰ শিখৰত ।

এটি মধুৰ দিনৰ সুবাস 

বিচাৰি যাওঁ যেন এটি 

হেজাৰ যুগৰ প্ৰকাশ ।

তোমাৰ মনৰ ভাৱনাত 

তোমাৰ হিয়াৰ থাপনাত

লিখি থোৱা এটি সোণালী কবিতা

আদৰি লবানে তুমি যেন এটি 

গীতৰ মালিতা ,যেন এটি গীতৰ মালিতা।।

মনৰ মাজৰ এপাহী গোলাপ

ৰঙীন কৰি দিবানে প্ৰেমৰ আলাপ।

ফুলি ৰোৱা এটি ফুলৰ কলি

মৰহি যাব নিদিবা চিৰ দিন ধৰি,

ফুলি ৰবা তুমি সদায় 

যেন এটি হৃদয়ৰ গোলাপ।

ৰঙীন মনৰ ৰঙীন আশা 

তুমি যেন এটি জ্বলি ৰোৱা শিখা।

পোহৰেৰে উপচাই তোলা 

তোমাৰ মিঠা মাতৰ মৌ সনা


                 ✍️ভাৰ্গব জ্যোতি দাস

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

Rahul Chetia Poet Biography

Rahul Chetia Poet Biography | ৰাহুল চেতিয়া - উৰুখা পঁজাৰ জোনাক, মায়াবিনী আঁউসীৰ এটি জোনাকী Rahul Chetia (ৰাহুল চেতিয়া) is a p...