Showing posts with label এছ ইছলাম. Show all posts
Showing posts with label এছ ইছলাম. Show all posts

Monday, September 26, 2022

আহিন অহাৰ বাটত-এছ ইছলাম

আহিন অহাৰ বাটত-এছ, ইছলাম

বৰ্ষাৰ অন্তত
আহিন অহাৰ বাটত
আলি পদুলিবোৰ
ঘাঁহনিৰে আৱৰা হ'ব
বোকাপানী আঁতৰি যাব
কৃষকে খেতিৰ বাবে
মাটি ডৰা ভালকৈ চহাব।

পথাৰখন ঠন ধৰি উঠিব
গছে গছে নতুন নতুন
কুঁহিপাত মেলিব
আহিন অহাৰ বাটত
সুগন্ধি ফুল বোৰ ফুলিব
পখিলাই উৰি উৰি ফুলে ফুলে পৰিব
ফুলৰ মৌ পান কৰিব।

আহিন অহাৰ বাটত
গাঁৱলীয়া জন সমাজত
ডেকা-গাভৰুৰ মন উতলা হ'ব
কঁহুৱা ফুল নদীৰ পাৰত
হালি-জালি নাচিব বলিয়া বতাহত
পদুম ফুল ফুলিব বিলত
উতলা যৌৱনে আমনি দিব।

এছ, ইছলাম, বৰপেটা

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...