Showing posts with label সনাতন তালুকদাৰ. Show all posts
Showing posts with label সনাতন তালুকদাৰ. Show all posts

Tuesday, December 06, 2022

পজা ঘৰৰ প্ৰজা:সনাতন তালুকদাৰ

পজা ঘৰৰ প্ৰজা



পজা ঘৰৰ তুমি প্ৰজা

তোমাৰ কাষত আছে এটি সজা

সপোনবোৰ তুমি তাতেই ৰচা,

নীলা ৰঙৰ আকাশৰ তলত তুমিও এটি চোলা 

সাঁতোৰঙী ৰামধেনুৰ ৰঙেৰে তোমাক নাই বুলোৱা 

তথাপিও তুমি মন আকাশৰ এটি সৰু তৰা

তুমি সপোনবোৰ তাতেই ৰচা,

পৃথিৱীৰ বায়ু পানী মাটিৰ গোন্ধ বুটলি লোৱা

চন্দ্ৰ বেলিৰ পোহৰত এখোজ আগুওৱা 

দিঠকৰ লগৰী সাগৰৰ মণি মুকুতা হোৱা

সপোনবোৰ তুমি তাতেই ৰচা,

হৃদয়ৰ বন্ধ দুৱাৰ খুলি লোৱা

অপূৰ্ণ বৃষ্টিৰ শিপাৰ ৰঙীন দলিচা হোৱা

পৰ্বত শিখৰ মেঘৰ আঁৰৰ 

হিমচেঁচা হিমালয় গঢ়া

তুমি সপোনবোৰ তাতেই ৰচা।।


 শ্ৰী সনাতন তালুকদাৰ

     বাঁহজানী, নলবাৰী,

     ডাক:- পূব কালাকুছি

    পিন:- ৭৮১৩৪৮,           ভ্ৰাম্যভাষ:-৬০০০৮২৯৫০১

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...