Friday, September 30, 2022

জাতীয় স্বাভিমান:ৰাহুল চেতিয়া

জাতীয় স্বাভিমান:

হে'ৰ বিদেশৰ অচিন মানৱ
কি চিনি পাবি তই 
স্বদেশ প্রেমৰ গৌৰৱ।
যত মহান ব্যক্তি 
ইয়াতেই ওপজি গল
এৰি গল জনমৰ ফল,
তই আহি ভুগিবি
যেনে কৰ্ম তেনে ফল।
তই জ্বলোৱা যি জুয়ে
পুৰিছে হৃদয় সদায়
সেই জুই জ্বলি 
খাণ্ডৱ-দাহ হৈ
নিঃশেষ কৰিব তোৰ
দানৱৰ ৰাজ্য।
হে'ৰ ৰাক্ষসৰ দল
গিলিলি বহুত স্বদেশৰ গৌৰৱ।
কোন উদ্ভামি পুৰুষে
কাল অমানিশা আনিছিল
মাতৃৰ গৰ্ভলে!
সেয়েহে তই জন্মিলি
 ৰাক্ষস হৈ এই ধৰালে।
সোণৰ দেশ
কৰিলি তই
শ্মশান ঘাটৰলৈ পৰিণত?
ভাঙি শেষ কৰিলি
শত জনৰ উৰুখা পঁজা!
উদং কৰিলি
হাজাৰ মাতৃৰ বুকু!
গিলিলি হত জনৰ সপোন
নিঃশেষ কৰিলি অযুত আশা!
আৰু কি বাকী থাকিল
শেষ হবলৈ
স্বদেশৰ গুণ-গান?

ৰাহুল চেতিয়া
নিলখপুৰ, ধেমাজি

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...