Tuesday, October 04, 2022

সুখৰ সন্ধানত:ৰাহুল চেতিয়া

 সুখৰ সন্ধানত:ৰাহুল চেতিয়া


সংসাৰৰ সুখৰ ঠাই

যি সকলোৱে 

বিচাৰি নাপাই,

সুখ কত আছে?

সুখৰো চাগে অভাৱ নাই

সেয়েহে চাগে 

প্ৰতিবাদ নকৰে!

সৰুতে এদিন আইক সুধিছিলো,

আই সুখ কত পায়?

আই কৈছিল___

কি নাবালক তই অ!

সংসাৰত সুখ কত পায়?

সংসাৰত কতো সুখ নাই!

আকাশত সুখ পায়?

পাতালত সুখ পায় ?

ভাল কৰ্মত সুখ পায়?

সুখ পায় 

দৰিদ্ৰ জনক সহায় কৰাত?

তেন্তে মানুহে কিয় কয়

সংসাৰত সুখ নাই আই?

হে'ৰ বোপাই

সংসাৰৰ তেনেই খন্তেকীয়া?

সেয়েহে খন্তেকীয়া সুখৰ  বাবে

হাবাথুৰি নাখাই

ভাল কৰ্ম কৰি যা?

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

Rahul Chetia Poet Biography

Rahul Chetia Poet Biography | ৰাহুল চেতিয়া - উৰুখা পঁজাৰ জোনাক, মায়াবিনী আঁউসীৰ এটি জোনাকী Rahul Chetia (ৰাহুল চেতিয়া) is a p...