Tuesday, October 04, 2022

সুখৰ সন্ধানত:ৰাহুল চেতিয়া

 সুখৰ সন্ধানত:ৰাহুল চেতিয়া


সংসাৰৰ সুখৰ ঠাই

যি সকলোৱে 

বিচাৰি নাপাই,

সুখ কত আছে?

সুখৰো চাগে অভাৱ নাই

সেয়েহে চাগে 

প্ৰতিবাদ নকৰে!

সৰুতে এদিন আইক সুধিছিলো,

আই সুখ কত পায়?

আই কৈছিল___

কি নাবালক তই অ!

সংসাৰত সুখ কত পায়?

সংসাৰত কতো সুখ নাই!

আকাশত সুখ পায়?

পাতালত সুখ পায় ?

ভাল কৰ্মত সুখ পায়?

সুখ পায় 

দৰিদ্ৰ জনক সহায় কৰাত?

তেন্তে মানুহে কিয় কয়

সংসাৰত সুখ নাই আই?

হে'ৰ বোপাই

সংসাৰৰ তেনেই খন্তেকীয়া?

সেয়েহে খন্তেকীয়া সুখৰ  বাবে

হাবাথুৰি নাখাই

ভাল কৰ্ম কৰি যা?

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...