দ্বিতীয় বছৰ🔴প্ৰথম মাহ🔵চতুৰ্থ সংখ্যা,
__________________________________________
🔴সংলাপ–২
লক্ষীন্দ্ৰ(জুমন)গগৈ
:- ঐ
:-কোৱা
:-কি কৰিছা ?
:-এনেই আছোঁ । তুমি?
:-অতীতৰ কথাবোৰ ভাবি আছিলোঁ । তোমালৈ মনত পৰিল ।
:-অহ্ , ঠিকেই আছে দিয়া ।
:-কথা এটা কওঁ বেয়া পাবা নেকি ?
:-কোৱা.....
:-অতীতৰ ঘাঁ টুকুৰাৰ বিষ সহি থকাতকৈ আমি পুনৰ এক হ'ব নোৱাৰো নে ?
:-নাই নাই কেতিয়াও নোৱাৰো ।
:-কিন্তু কিয়?
:-কাৰোবাৰ প্ৰথম ভুলৰ ক্ষমা মানেই দ্বিতীয় ভুলৰ সুবিধা ।
:-কিন্তু সেই সুবিধাই নতুন জীৱনৰ পাতনিও মেলিব পাৰে ।
:-তাৰ বাবে বিশ্বাসৰ প্ৰয়োজন ।
:-বুজিছোঁ.........., ভুল মোৰেই আছিল ।
:-হয় ।
:-এতিয়া পিছে..........!
:-এতিয়া আৰু কি , নিজকে স্বাৰ্থপৰ সকলৰ পৰা আঁতৰাই ৰাখিছোঁ ।
:-পাৰিছা জানোঁ ?
:-চেষ্টা কৰিছোঁ ।
:-ঠিকেই আছে দিয়া ।
:-হয় ।
:-মনত পৰিব তোমালৈ !
:-মোৰো নপৰা নহয় ।
:-নহ'লে..........
:-নহ'লে একো নাই । মৰমবোৰ তোমাৰ নামতেই আছিল আৰু থাকিব । কিন্তু........!
:-কিন্তু কি ?
:-কিন্তু কেঁচা হৃদয়ত ঘাঁ লগোৱা তুমি নামৰ মানুহ জনক মোৰ হৃদয় খনে কেতিয়াও আঁকোৱালি নলয় ।
:- ঠিক আছে দিয়া হ'ব বাই । এদিন পুনৰ লগ হোৱাৰ আশাৰে বিদায় মাগিছোঁ ।
:- বাই । কিন্তু মই সেই আশাৰ সম্পূৰ্ণ বিৰোধিতাৰে থিয় দিম ।
_________________________________________________
🔴জীৱনৰ কলি
চিঠিৰ কুঁহিটিত জীৱনৰ পাতনি
আলেখ - লেখ কাপ - কাকতৰ বুলনি ,
ফুলো কি নুফুলোকৈ কলিটি ডায়েৰী
থাকক বাৰু আথে - বেথে সামৰি - সুতঁৰি ,
নিচা পুষ্পময় জীৱন সংগ্ৰামৰ
আৰু এতিয়া অবিৰাম যাত্ৰা ছন্দ কাননৰ ।
✍️গায়ত্ৰী কোঁৱৰ
____________________________________________
🔵সহপাঠী (অণুগল্প)
বিদ্যালয়ৰ পৰা ঘৰলৈ আহি ৰীতাশ্ৰী আচৰিত। মনতে আনন্দ ও লভিলে। টিফিনৰ পাছৰ পিৰিয়ডত তাইক সংগীতৰ আচাৰ্যাই গান গাবলৈ লগ ধৰাত তাই পাঠগ্ৰহণ কৰিব নোৱাৰিলে। লগৰ ছোৱালীৰ পৰা পাছত লিখি লম বুলি ভাবি আছিল। কিন্তু..
ইতিমধ্যে সহপাঠী প্ৰজ্ঞাশ্ৰীয়ে তাইৰ বহীত পাঠৰ প্ৰশ্নোত্তৰবোৰ লিখি পঠিয়াইছিল। মনতে সহপাঠীৰ প্ৰতি শ্ৰদ্ধাত তাইৰ মূৰ দোঁ খাই গ'ল।
✍️প্ৰগতি গগৈ চাংমাই
_______________________________________________
🔵আই সৰস্বতী
বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী
আই তুমি সৰস্বতী
কৰিছোঁ দুহাতেৰে প্ৰণামো তোমাক
ব্ৰহ্মাৰ প্ৰিয়তমা হে জগতজননী।
শুক্ল বস্ত্ৰ পৰিধিতা
তুমি আই সৰস্বতী
অন্ধকাৰ দূৰ কৰি পোহৰ বিলোৱা
তুমিয়ে বীণাপাণি ।
শ্বেত-পদ্ম আসনত উপৱিষ্ট
বিদ্যাৰ্থীৰ আৰাধ্যা তুমি আই
জ্ঞান আৰু বিদ্যাৰ প্ৰতীক তুমি ।
তুমি বাগদেৱী ,তুমি বীণাপাণি,তুমি সৰদাদেৱী
তুমিয়েই জ্ঞানপ্ৰদায়িনী হে আই সৰস্বতী ।
মাঘ মাহৰ শুক্লা পঞ্চমী তিথিত
আৰাধনা কৰে তোমাক বিদ্যালয়ত ।
পোহৰ বিলোৱা,জ্ঞান দিয়া
তুমি পুস্তকধাৰিণী আই সৰস্বতী ।
ধূপ-চাকি,পুষ্প,বেল ,তুলসীৰে
জনালোঁ প্ৰণাম তোমাক আই
যিখনি নোৱাৰোঁ দিবা সোঁৱৰাই
তোমাতে হয় যেন যুগে যুগে ধৰা আলোকগামী ।
✍️🖋শ্ৰী পৰাগ জ্যোতি দাস
একাদশ শ্ৰেণী
ঢকুৱাখনা,লখিমপুৰ
_______________________________________________
🔴এখন নদীৰ মৃত্যু
জেতুকা বুলিয়া অৰণ্য
আৰু এখন নদী
এদিন নদী খনৰ মৃত্যু হ'ল
তাৰ বুকুৰ ধকধকীয়া বালিত
চকুলোৰ চিকমিকনি ।
বৈ থাকিব নোৱাৰাৰ দুখত
নদী খনৰ মৃত্যু হ'ল ।
মাছ কাছ বোৰে বালিত চেঙালুটি মাৰি
হিয়া ধাকুৰিছে। ।
চিঞৰি চিঞৰি কৈছে
গতিয়েই জীৱন
যতিয়েই মৃত্যু ।
চোৱা নদী খনৰ লগতে
কেনেকৈ আমাৰো মৃত্যু হ'ল ।
ৰাতুল চেতিয়া ফুকন ।
চৰাইদেউ।
_______________________________________________
🔵তুমি আহিলেই
ধূলি ফুলেৰে ফাগুনে কবিতা লিখে
তুমি প্ৰেমৰ মালা পিন্ধি অগাদেৱা কৰা
জোনাকৰ গাঠনিৰে পূৰঠ পুৰুষৰ শৰীৰটোলৈ
আৰু তোমাৰ ছাবে ছাবে
জোনাকক সুধো প্ৰেমৰ ঠিকনা
ফাগুনে উত্তৰ দিয়ে
তুমি আহিলেই ফাগুন আহিব
তুমি আহিলেই
ধূলিয়ৰিয়ে উন্মাদ নাচ নাচিব
পলাশ মদাৰে
ৰঙেৰে গা ধূব
তুমি আহিলেই
জীৱন বোৰে আটকধুনীয়া মদাল পাতিব
তুমি আহিলেই সেউজীয়া চকুবোৰ
শিমলু চাকি হ'ব
আকাশী তৰাৰদৰে
শব্দৰ ঢৌ উজান উঠিব
মৰমৰ মখমলত
ফাগুনৰ চাদৰত তুমি আহিলেই
চেনেহৰ বাঁহী বাজিব।
তুমি আহিলেই বাঁহী টোৰ সুৰে
বুকুলৈ পোনাৰ বাট
অবাট হ'লেও সেই বাটেৰে সোমাব
মাধবীলতাৰ মায়াময় সুগন্ধি বাগিছা।
তুমি আহিলেই ধূলিয়ৰি গোলাপী গালত
ফাগুনে লাজুকীলতাৰ বীণ বজাব
কাৰন তুমিয়ে প্ৰিয়তম পবন।
মেঘে মেঘে নিয়া সপোনৰ বতৰা।
✍️বীণা দেবী মৰিগাওঁ ।
______________________________________________
🔴সৰস্বতী পূজা
✍️ ৰাজ ৰাহুল
বিদ্যালয়--মহাবিদ্যালয়ত খদম্ দম্
সৰস্বতী পূজাৰ আয়োজনত
ছাত্ৰ-ছাত্ৰীৰ গা উখল-মাখল
গোট হৈ কৰিছে আলোচনা
কোনে কি পিন্ধিব পূজাৰ দিনা,
পূজা নহয় যেন--এক প্ৰতিযোগিতা---
সকলোৱে নিজকে ধুনীয়া দেখুৱাৰ--!
বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী
সকলোৱে কৰে প্ৰাৰ্থনা--
বিদ্যা আহৰণত হোৱা
বাধা-বিঘিনি মষিমূৰ কৰাৰ--,
কিন্তু এতিয়া
পূজাৰ ঠাইত সৌন্দৰ্য প্ৰদৰ্শনৰহে
ব্যাপক মঞ্চ সজ্জা !
দুখীয়া ছাত্ৰ-ছাত্ৰীৰ মনত
আহিছে হীনমন্যতা---।
এইয়া জানো নহয় প্ৰদূষণ ?
ইউনিফৰ্ম পৰিধান বাধ্যতামূলক কৰি
ৰোধ কৰিব নোৱাৰিনে
এই বিভেদমূলক দৃষ্টিভংগী ?
হয়,
বিদ্যালয় কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণেৰে
সকাহ দিব পাৰি দৰিদ্ৰ পিতৃ-মাতৃক
যাতে সৰস্বতী পূজা হওক
আধ্যাত্মিক চিন্তাজনিত সফল পূজা,
নহয় যাতে সাজ-পোছাক প্ৰদৰ্শনৰ
অৰ্থহীন বিকৃত প্ৰতিযোগিতা...।
_______________________________________________
🔵জ্ঞানপীঠ বঁটা বিজয়ী নীলমনি ফুকনদেৱ
নীলমনি ফুকন আছিল এজন কবি,
শিল্পী, সমালোচক আৰু অধ্যাপক।
জ্ঞানপীঠ বঁটা বিজয়ী নীলমনি ফুকনৰ
কবিতা পুথি নীলা চৰাই ,সূৰ্য হেনো নামি আহে
এই নদীয়ে দি ,নিৰ্জনতাৰ শব্দ আৰু কি নৈ :শব্দ ,
ফুলি থকা সূৰ্যমুখী ফুলটোৰ ফালে,
কাঁইট গোলাপ আৰু কাঁইট, গোলাপী জামুৰ লগ্ন এয়াই আছিল
তেখেতৰ সাহিত্য জগতৰ অমূল্য ৰত্ন ।
ভাৰতীয় সাহিত্যৰ সৰ্বোচ্চ সন্মান
জ্ঞানপীঠ বঁটা লাভ কৰি সাহিত্যৰ
জগতখন চহকী কৰি থৈ যায়।
সৌন্দৰ্য্য বোধ, প্রেম, দু স্বপ্ন,
মৃত্যুৰ চেতনা , ল'ৰলালিৰ
ধুসৰ স্মৃতি , প্ৰগতি ব্যজ্ঞনা হ'ল
তেখেতৰ কবিতাৰ অন্যতম বৈশিষ্ট্য ।
কম শব্দৰে অসমীয়া ভাষাৰ ন ৰূপ
দিব পৰা জনেই আছিল নীলমনি ফুকন ।
সাহিত্য জগতৰ উজ্জ্বল নক্ষত্ৰ খহি পৰে
আমাৰ অসমীয়াৰ মাজত পৰা।
সাহিত্য জগতৰ উজ্জ্বল নক্ষত্ৰ এটা
হেৰায় আমি আজি দুঃখীত।
তেখেতৰ কলমৰ চিঞাহীৰ দাগ মুচী
গৈছে আমাৰ সাহিত্য জগতৰ পৰা।
সাহিত্য প্ৰেয়সী সকলক কন্দুৱাই থৈ
গুচি গ'ল চিৰদিনৰ বাবে।
👉🏻ছেলিমা বেগম
_______________________________________________
🔴একপক্ষীয় প্ৰেম
কলেজৰ বাইপাছত যেতিয়া তোমাক দেখোঁ
প্ৰেমৰ বৰষুণে ধোৱাই থৈ যোৱা
ডায়েৰীৰ বহু পৃষ্ঠাত
তোমাৰ ঠিকনা বিচৰা
একপক্ষীয় প্ৰেমিক মই।
উকা কাগজত নীলা আখৰে
তোমালৈ বুলি লিখা
উজাগৰী নিশাৰ বতৰা হৈ
জীয়াব খোজো তোমাৰ হৃদয়ত।।
✍️ৰিম্পী বড়া ।
_______________________________________________
🔵তাই শ্বহীদৰ পত্নী
✍️ ৰাজ ৰাহুল
বেৰত ওলমাই থোৱা
ফটোখনলৈ চাই চাই
পাৰ কৰিছে তাই বহু সময়,
ৰাইফল হাতত লৈ থকা
সুদৰ্শন পুৰুষজনে যেন
তাইলৈকে চাই আছে--!
মৌন সময়খিনি
দুয়োৰে আপোন হৈ পৰিছে।
তাইৰ উকা কপালখনলৈ চাই
ফটোৰ ব্যক্তিজনে যেন প্ৰশ্ন কৰিছে---
"তুমি অসুখী নেকি ?"
তাই মিচিকিয়াই
ক'লে মনে মনে---
" মই শ্বহীদৰ পত্নী
তাতকৈ আৰু সৌভাগ্য
কিয় লাগে কোৱা?
তুমিতো মোৰ কাষতে আছা
তুমি মোৰ বুকুত ৰুই যোৱা
গোলাপজুপিৰ কুমলীয়া কলিটি
লহ্ পহকৈ বাঢ়ি আহিছে
এদিন প্ৰস্ফুটিত হৈ
শুৱাব আমাৰ আশাৰ ফুলনি !
মই লালন কৰিম
তুমি সুবাস ল'বা দূৰণিৰে পৰা,
আৰু কিবা সুধিবা ?"
সন্ধিয়া নামিল
নামঘৰত বাজি উঠা দবা-কাঁহৰ শব্দই
তাইৰ তন্ময়তা ভাঙে।
তাই জ্বলাই দিয়া
চাকিগছিৰ পোহৰত
উজ্বলি উঠা ফটোখনলৈ চাই
গাই গ'ল----
"ব্ৰক্ষ্মা আদি কৰি জীৱ যত
ৰাম ৰাম ৰাম ৰাম ৰাম--!"
***********
_______________________________________________
⚫️ নিষ্ঠুৰ মানৱতা
মোৰ কোনো নাই মই অকলশৰীয়া।
আই-পিতাই কৰিলে মোক
সৰুতেই ঘাট মাউৰা।
১৬ বছৰ বয়সত মই দিলোঁ
তামোল পানৰ দোকান,
কিন্তু বহুত পুৰুষে লয়
মোৰ শৰীৰৰ উমান।
যিটো হে চাৱনিৰে চাই
তামোল পানৰ লগত যেন...
সিহঁতে মোৰ শৰীৰৰ সোৱাদ পায়।
দোকান দিয়া এৰি মই
মৌজাদাৰৰ ঘৰত কৰো বন,
কিন্তু মৌজাদাৰৰো যেন
সেই একেই অশান্ত মন।
দিনত মোক কৰাই কাম
খাবলৈ, থাকিবলৈ দিয়ে,
ৰাতি হ'লে মোক তেওঁৰ নিজৰ
কামনা পুৰণ কৰে।
টকাৰ অভাৱত মই আনৰ কামনাৰ বলি
কাম এৰি দিলে মই চলিমে কি কৰি?
মৌজাদাৰৰ ঘৰৰ পৰা এদিন
পলাই আহিলোঁ ৰাতি,
দুমাহ দিনে পালে.. সি
মোৰ কেঁচা শৰীৰৰ জুতি ।
কাম বিচাৰি খালো হাবাধুৰি
পিছে কাম বিচাৰি নাপায়..
ভোকে-পিয়াহে , ৰাতিয়ে- দিনে
থাকোঁ আলিয়ে-গলিয়ে পৰি।
আনৰ কামনাৰ হলোঁ বলি
কলঙ্কিত মই জনী,
ভোকে-পিয়াহে এদিন মই
মৃত্যুক লম সাৱটি।
নিষ্ঠুৰ পৃথিৱীত নিষ্ঠুৰ মানৱতা
স্বাৰ্থহীনতাৰে কাকো নকৰে সহায়,
জীৱৰে জীৱৰ প্ৰতি নাই
অলপো সহানুভূতি আৰু দয়া।
মানুহে বুজে মাথোঁ নিজৰ
লোভ- লালখা।
✍️ ✍🏻 হিমাক্ষী(হেপী)কলিতা
-মাজ জালভাৰী-
_______________________________________________
🔴আমাৰ স্বাধীনতা সংগ্রামী নেতা
ভাৰতীয় এজন স্বাধীনতা সংগ্রামী নেতা ,
আমাৰ নায়ক সুভাষ চন্দ্র বসু।
আজিও আমাৰ মাজত অমৰ হৈ আছে
স্বাধীনতা আন্দোলনৰ গুলিৰ বয় নকৰি
বৃটিছৰ বন্দুকৰ গুলিৰ আগত থিয় হৈ
সাহসিকতাৰে ভাৰতক ৰক্ষা কৰিলে।
তেখেতৰ দেশভক্ত দেশবাসীৰ ওচৰত আজিও
নৱপ্ৰজন্মৰ মাজত চিৰস্মৰণীয় হৈ থাকিব।
জন্মগত অধিকাৰ স্বাধীনতাৰ কাৰণে ,
ভাৰতবাসী নেতাজিৰ ওচৰত কৃতজ্ঞতা।
তেখেতৰ সৎ প্ৰচেষ্টাৰ দ্বাৰা আজি আমি স্বাধীন
মনে ভাৰতৰ মাটিত বাস কৰি থাকিব পাৰিছোঁ।
বৃটিছ সকলক খেদি
ভাৰতক স্বাধীন কৰিলে ,তেখেতৰ উক্তি
আছিল তোমালোকে মোক তেজ দিয়া
মই তোমালোকক স্বাধীনতা দিব "
ভাৰতীয় স্বাধীনতা আন্দোলনৰ সাহস,
ত্যাগ, বীৰত্ব, ও দেশ প্ৰেমৰ এক নতুন
ইতিহাস তেখেতে আমাৰ মাজত দিলে তেখেতক আমি ভাৰতবাসীয়ে শ্ৰদ্ধাৰে শুৱৰণ কৰোঁ ।
✍️ছেলিমা বেগম
_______________________________________________
🔵তোমাৰ অপেক্ষা
এতিয়াও মই অপেক্ষা কৰোঁ,
তোমাক এবাৰ দেখিবৰ বাবে।
এতিয়াও মই অপেক্ষা কৰোঁ,
তোমাক ভালপোৱাৰ বাবে।
এতিয়াও মই অপেক্ষা কৰোঁ,
তোমাক পোৱাৰ বাবে।
এতিয়াও মই অপেক্ষা কৰোঁ,
তোমাক আপোন কৰি লোৱাৰ বাবে।
এতিয়াও মই অপেক্ষা কৰোঁ,
তোমাক বিশ্বাস কৰাৰ বাবে।
এতিয়াও মই অপেক্ষা কৰোঁ,
তোমাৰ লগত থাকিবৰ বাবে।
এতিয়াও মই অপেক্ষা কৰোঁ,
তোমাৰ হোৱাৰ বাবে।
এতিয়াও মই অপেক্ষা কৰোঁ,
তুমি এদিন আহিবা
বিশ্বাস কৰাৰ বাবে।
✍️ শিল্পী দাস
ভালুকমাৰী ৰাণীপুখুৰী, হোজাই
(অসম)
ছাত্ৰী, বাণিজ্য শাখা
চতুৰ্থ ষান্মাসিক
লংকা মহাবিদ্যালয়
**********০০০**********
_______________________________________________
⚫️এটা নতুন নিশাৰ সৈতে
তুমি বেয়া পাইছিলা বুলি জানিও
অনিচ্ছাকৃত ভাবে পুনৰ জ্বলালো
এটা চিগাৰেট।
হা হা!
ইচ্ছা,অনিচ্ছা নো আৰু কি ...?
এইবোৰটো মোৰ একো একোটা অভ্যাস
যিদৰে তুমিও এদিন আছিলা অভ্যাস হৈ।
সময় সলনি হ'ল
লগত সলনি হ'ল তাহানিৰ
তুমি তুমি লগা সেই ভাববোৰ।
কিন্তু সলনি নহ'ল
হাতত চিগাৰেট লোৱাৰ অভ্যাসটো।
জানো এতিয়া আৰু উভতি যোৱাৰ সময় নাই।
অথবা তুমি যি বাটেৰে খোজ দিলা
সেই বাটৰ পৰা উলটি চোৱাৰো সময় নাই।
এনে এটা সময় আছিল....
যেতিয়া তুমি মই আৰু মোৰ চিগাৰেটৰ পেকেট
এইকেইটাই আছিল মোৰ লগৰী।
এতিয়াও তিনিটাই মোৰ লগৰী হৈ আছে
মাথোঁ তোমাৰ ঠাই এতিয়া মই নিঃসংগতাক দিছোঁ।
আজিও হাতৰ চিগাৰেট হাততেই জ্বলি শেষ হ'ল।
তথাপি শেষ নহ'ল তোমাৰ স্মৃতিবোৰ।
আকৌ এদিন বহিম আজিৰ দৰেই
নিশাৰ কোলাত।
কথা দিছোঁ সেইদিনা চিগাৰেটৰ লগতে
শেষ কৰিম
তোমাৰ সেই মিছা অভিনয়ৰ স্মৃতিবোৰ।।
✍️কুকী মহন্ত
_______________________________________________
🔴ককাদেউতা
নিয়তিৰ মায়া লাগি
সৰা পাতত নাম লিখি,
গ'লাগৈ তুমি অ' ককাদেউতা !
এৰি থৈ তোমাৰ মণি-মুকুতাৰ ভঁৰাল ।
স্মৃতিৰ কুঠৰিত ভূমুকি মাৰিছে
আমাৰেই কত সোনালী দিন!
প্ৰতি পুৱাৰ আৰম্ভণি
খবৰ কাকত পঢ়ি
যেন প্ৰতিযোগিতা
কোনে পঢ়ে আগত ,
হায় অতীত!
জাহ গ'ল কালৰ গৰাহত ।
শিক্ষক জীৱনৰ পাতনি মেলি
পথ দেখুৱাই দিবলৈ
উভতি আহিবা নে অ' ককা!
ছাত্ৰ সমাজৰ ভেটিলৈ
নিজে জ্বলি আনক জিলিকাবলৈ ।
আকৌ আহিবা নে
থৰকবৰক খোজেৰে ককাদেউতা অ' !
মৰমে শাষনে মাত এষাৰ দিবানে ?
হাতত ধৰি ক'বানে ?
'তই বৰ ক্ষীণ হ'লি ঐ''।
কুশল কামনা কৰিলোঁ তোমালৈ
স্বৰ্গপুৰীৰ বাসিন্দা হোৱা গৈ
বিদায় বুলি কিদৰে কওঁ মই
দূৰ আকাশত জ্বলি ৰোৱা নক্ষত্ৰ হৈ ।
কত কাহিনী, কত স্মৃতি, কত কথা
সোঁৱৰণিৰ পৃষ্ঠাত সামৰিব নোৱাৰি
তেজ ৰঙা এটি এটি পল......
জীৱন নাটৰ ধূলিয়ৰী বাটত
সামৰিলো
''ককাদেউতা'' তোমাক ধিয়াই ।
✍️মাৰ্জিনা বেগম
_______________________________________________
🔷প্ৰেমিক চৰাই মই (ছিৰিজ,২০০)
তুমি কান্দিলে, তুমি চকুলো টুকিলে,
তোমাৰ চকুলোও চকুৰ পৰা সৰি পৰে
আৰু আপোনৰ পৰা পৰ হৈ পৰে ।
তুমি যেতিয়া হাঁহিবা
তোমাৰ হাঁহিত আপোন সকলৰ লগত পৰ সকলো
আপোন হৈ পৰে।
এটা হাঁহি আৰু এষাৰ মাত আপোনাক জীয়াই থাকিবলৈ হাঁহিমুখে কয়
ভালেই থাকিবা, আৰু তোমাৰ যতন লবা
মই ভালেই আছোঁ দিয়া।
মই সমাজৰ প্ৰগতি আৰু শান্তিৰ বাবে ভাল চিন্তা কৰা সকলক ভালেই পাওঁ।
সেউজীয়া পথাৰত শস্য সেউজীয়া
মই উৰণীয়া ঘোঁৰা নহয়
দুখ আৰু দুখৰ কাহিনীত জীয়াই থকা দুখীয়া গাঁৱলীয়া।
✍️কলম -হাইছ উদ্দিন আহমেদ
নগাঁও
_______________________________________________
⚫️শিল্পী
জ্ঞানৰ অগ্নি তুমি
মহান মনীষী,
স্বাধীনতা যুঁজাৰু তুমি
অসমৰ শিল্পী ।
গীতৰ সুৰীয়া সুৰ তুমি
কবিতাৰ চাবি-কাঠি,
মৌ-সনা মিঠা মাতৰ
গীতিকাৰ,গায়ক তুমি ।
কবিতাৰ কবি তুমি
অসমৰ সম্পদ,
তোমাৰ কবিতা গীতে
স্থান পায় হৃদয়ত ।
অনুকৰণীয় ব্যক্তিত্বৰ
মহান মানৱ তুমি,
তোমাৰ পৰশত সাৰ পায়
আমাৰ সুপ্ত শক্তি ।
✍️ জুমন গগৈ
ঢকুৱাখনা
_______________________________________________
🔴এগছি চাকি
প্ৰেৰণাৰ এগছি চাকি
নিয়তিৰ মায়া লাগি
নুমাই গ'ল আজি ।
হে কাব্যঋষি.....
আহিবানে ঘূৰি?
দিবানে তুমি
নৱ নৱ কাব্যৰ জ্যোতি?
পাম নে পুনৰ ঘূৰাই
তোমাৰ কাপৰ শাৰী ?
হয়তো নাহিব দুনাই,
নাপাওঁ ঘূৰাই ।
থাকিব ঋষি
তোমাৰ কাব্য জ্যোতি ।
নিষ্ঠুৰ নিয়তিয়ে লৈ গ'ল তোমাৰ
প্ৰাণ পখিলাটি ,
তুমি অসমীয়া সাহিত্যৰ কাব্যঋষি
আমাৰ প্ৰেৰণাৰ চাকি ।
আমাক আগুৱাই নিয়াৰ সাহসৰ মূৰ্তি ।
ককা নীলমণি.......
তোমাৰ কাপৰ চিয়াঁহী আজি
স্তব্ধ হৈ গ'ল,
অসমীয়া কাব্যও আজি
ম্লান পৰি ৰ'ল ।
নুমাই গ'ল এগছি
প্ৰেৰণাৰ চাকি
কামনা মাথোঁ
আত্মাৰ চিৰশান্তি ।।
✍️লক্ষীন্দ্ৰ জুমন গগৈ
_______________________________________________
🔵এতিয়া বিদায় লোৱা সময়
শুকাব ধৰিছে চিয়াঁহীৰ টোপাল
থমকি পৰিছে জীৱন সুঁতি
সৃষ্টি হোৱা নাই নতুন কলি
ভাগৰি পৰিল এই ব্যক্তি ।
চিন্তা ভাৱনা মনৰ আৰ্টনাদ
মৃত্যুৰ কিৰিলিয়ে আহিছে খেদি
নিঃশব্দ হৈ আছোঁ বহি
এতিয়া যে বিদায় লোৱা সময় ।
প্ৰতিটো সময়ত চকুলো নিগৰি
টোপে টোপে সৃষ্টি হ'য় জুৰি
আবেগবোৰ বুজি পোৱা
নাই আৰু সেই ব্যক্তি জনা ।
সকলোবোৰক আওকান কৰি
নিঃশব্দে আছে বহি
অন্ধকাৰক লগৰী কৰি ,
অনুভৱ বোৰ বহিত লিখি
বহু দূৰ যাব বিচাৰো আজি
কিয়নো ,
এতিয়া যে বিদায় লোৱা সময় ।
✍️প্ৰজেছ দাস
লখিমপুৰ ।।
_________________________________________________
🔴 মহ উৰহৰ হাই
(শিশু কবিতা)
মহ উৰহ সৰহ নৰৰ চিৰ বৈৰী
দুয়োবিধে কেঁচা তেজ খায়,
ৰাজত্ব লৈ লাগিল অৰিয়া-অৰি
পিছ হুঁহকি কোনেও নাযায় !
উৰহে নিধক মহক দিলে ধমক
'মোৰ ৰাজ্যত তোৰ স্থান নাই,
চকী মেজ পালেঙ ধাৰিৰ চমক
ৰজাৰ দৰে থাকোঁ মান পাই !'
'তই মহ অঘৰী সেই ডলাৰ বগৰী
পাখিত তোৰ অশ্ৰাব্য শব্দ,
গেলা পঁচাত ঘৰ-নোহোৱা সাদৰী
থাপ্পৰতে কৰে তোক জব্দ !'
'দেখা মোৰ ঘৰ সুন্দৰকৈ গঢ়োঁ
বিলাসী পাটি টাটকা খাওঁ,
গাড়ী ৰেলত ফুৰোঁ বায়ুত উৰোঁ
বিনামূল্যে য'লৈ-ত'লৈ যাওঁ !'
উৰহৰ অতপালি অসহ্য হৈ গালি
মহে ক'লে 'ঐ তপা মূৰা !
মনে মনে থাক নিলাজৰ পোৱালী
ভীৰু! কিয় পলাই ফুৰা ?
'মই চিৰ মুক্ত জীৱৰ অন্ধ ভক্ত
মৃত্যক নিতে কৰিছোঁ জয়,
মৰ জাহ দি দেহত হওঁ অনুৰক্ত
ৰক্ত পানত যে নকৰোঁ ভয় !'
উৰহৰ উত্তৰ সলাই দেহৰ বাগৰ
আঠুৱাই কৰে তোক নিশক্তি,
ৰাগ গাই থাক চাপিব নোৱাৰ ওচৰ
দূৰৈৰ পৰা কৰ' সেৱা-ভক্তি !'
'মই নহওঁ তই-জ্ঞাত হৈও পৰিচয়
মোৰ সন্ধান মুঠেই নাপায়,
পেট ফুলি খাওঁ কি যে স্বাদ পাওঁ
খং কৰি ধাৰিকে কোবায় !'
_______________________________
আমিৰ হুছেইন আহমেদ ।
_________________________________________________
🔵ছদ্মবেশী
🔸মনোৱাৰ হুছেইন
হঠাৎ হৈ যোৱা বাবে
বৰষুণজাকক বেয়া পোৱা নাই ..
পজাৰ চালৰ
নভৰা সুৰঙাবোৰৰ দেখালে যে.....
এতিয়া মাজ ৰাতি
পুৱা চাউনি লগাম চাল ....
বিশ্বাসীৰ অপকাৰে
বৰকৈ দুখ দিয়ে হৃদয়ত !!!
_________________________________________________
🔴সংঙতে লিখিলো তোমাক
অহা মাহত আমাৰ প্ৰেমৰ
এবছৰ হ'ব ,
মনৰ পৰা নামঘৰত
শৰাই এখনি দিব ।
সিদিনা জুতি লগাই
গাহৰিৰ মাংস খাবা ,
মনৰ পৰা প্ৰেমৰ কথা
হৃদয়েৰে পাতিবা ।
কাম নাছিল , কাজ নাছিল
আছিলা বহি ঘৰত ;
মই অলপ আশা দিয়াত
উঠিছা তুমি উপৰত ।
আগতে কোনো নাছিল যেতিয়া -
মোক আপোন কৰি
মনৰ গভীৰত ৰাখিছিলা তেতিয়া ।
আহিছে এতিয়া সকলো
তোমাৰ মন উজাৰি ,
মোক আজি গ'লা পাহৰি ।
জানানে ,
মনত ৰাখিবা ,
আজি যাকেই ভাবিছা আপোন
সিয়ে এদিন চাবা -
তোমাৰ ভাঙি'ব সপোন ।
যাকেই হৃদয়েৰে ৰাখিবা
মনৰ দুৱাৰত ধৰি -
সিয়েই দিব এদিন ,
দৰজাৰ খিৰকি এৰি ।
মিলাই ন চাবা ,
এদিন তুমিও দুখি হ'বা ।
এতিয়াতো হৈছে তোমাৰ -
বহু জমা ধন ।
একো নাথাকি'ব যেতিয়া ,
কি কৰিব তেতিয়া আপোনজনে ।
মইও আজি সংঙতে -
লিখিলো বহু কথা ,
কেতিয়াবা পহিলেও
ন'ওলাবা তেজ ৰঙা চকুতে।
তোমাৰ ছাগলী-গৰুৱে
বুজায় তাল ,
পা'ৰ চৰাইয়ে
বায় খোল ।
তুমি কেঞা-কঠালত
জিঞাই বহি ,
খৰকৈ বজাবা ঢোল ।
মনৰ জেওৰা ভাঙি
মোৰ হৃদয়টোৱে ,
খাব তোমাৰ কলিজাৰ তেজ ।
তুমি সংঙতে নাভাঙিবা
নিজৰ ঘৰৰ মেজ ।
লাখুটিৰে খেদি
তোমাৰ কলিজাখনক ,
ৰাখা যতনাই বেৰি ।
তুমি যিমানেই দিয়া খেদি ,
মই ৰাখিম সিমানেই
তোমাক মনত ধৰি ।
তোমাৰ মনটো যদি হই বাঁকা
তুমি অক'ৰা হলে -
গাখীৰৰ বুটলা মুখত দি
টুপনি মাৰি থাকা ।
ধুনীয়া ছোৱালী দেখা পালে
মুখৰ লালটি পৰে ,
পিছত ঘূৰি ছোৱালীয়ে চালে ,
চকুমুদি দৌৰি ফুৰে ।
আজিকালি , পিপ্ পিপ্
বাইক চলাই ,
নয়ন মইনা যায়
ঔষুধৰ কোম্পানীত কাম কৰি
বহু পইচা পাই ।
দেওবাৰে আনন্দেৰে
সুন্দৰী ছোৱালী লৈ ফুৰিবলৈ যায় ।
সোমবাৰে নয়ন মইনা ,
কাম কৰি আমনি পায় ।
হাঁহিত থাকিলে
নিজকো পাহৰি যাই ।
দুখত থাকিলে মোক
মনত পৰে হায় ?
তুমি আছিলা এদিন ,
মোৰ কাষত ভগৱান ।
আজি মই তোমাক কৰিলো ,
ঘোৰ অপমান ।।
✍🏻 ৰুম্পী দাস
ভালুকমাৰী ৰাণীপুখুৰী , হোজাই (অসম
***************************
_________________________________________________
🔵মোৰ সপোন
মোৰ সপোন আছিল,
কোনোবা এজন সচাকৈ মোক বুজিব
মোৰ অভিমানৰ কাৰণবোৰ বুজিব...।
কোনোবা এজন মোৰ খঙৰ
সঠিক অৰ্থ জানিব।
মোৰ সপোন আছিল,
কোনোবা এজন মোৰ পগলামি দেখি হাঁহিব
মোৰ দুষ্টামিবোৰক ভাল পাব
মোৰ চকুত চকু মিলায়
মোৰ কষ্ট বুজি পাব।
মোৰ সপোন আছিল,
কোনোবা এজন মোৰ হাঁহিৰ আঁতৰত
লুকাই থকা চপা কান্দোন বিলাক খুজিব
কোনোবাই মোক অনন্ত ভাল পাব
হয়..... মোৰ সপোন আছিল।
কিন্তু মই পাহৰিয়েই গ'লো
সকলোৰে ভাগ্যত সকলো নাথাকে,
সেইবাবে মোৰ সপোনবোৰ
কেতিয়াও পূৰ্ণতা নাপালে।
✍️ আশ্বিকুৰ ৰহমান শিকদাৰ।
জুৰীয়া, নগাঁও (অসম)
_________________________________________________
🔴তোমাৰ নামত লিখা কবিতাটি
কৈছিলা তুমি সেইদিনা মোক !
লিখিবাচোন এটি
হৃদয়ৰ পৰা নিগৰাই
মৌমিঠা ,
ৰঙীন শব্দেৰে
আবেগ ভৰা এটি মন পৰশা কবিতা ।
অহঃ পাহৰিছিলোঁৱেই !
মোৰ নামটো তুমিটো জানাই ?
বাৰু !
আকৌ কৈ দিওঁ এবাৰ ,
মোৰ নামটো পৰিস্মিতা শুনিলানে !
মোৰ নামটো পৰিস্মিতা ।
তুমি জানানে ?
তোমাক নাচাওঁ বুলিও থাকিব নোৱাৰোঁ ,
তোমাৰ ,
হাহিতি বিৰিঙে গুলপীয়া দুগালৰ মাজত
গোলাপৰ পাহি যেন দুয়োটি ওঠত ।
ফাগুনি পচোৱাজাক ব'লে
তোমাৰ মেঘালি চুলিটাৰিৰ
মনোমোহা ৰূপে ঢৌ খেলে ।
নষ্টালজিয়াৰ বুকুত ৰচোঁ
হৃদয়ৰ অৱ্যয় ভালপোৱা
নয়নৰ বেকা চাৱনিৰ
মই এক বলিয়া প্ৰেমিক তোমাৰ
হৃদয়ৰ অবুজ ভাবনা
বিবুধাহীন হৃদয়ৰ ভৰষাহীন কল্পনা ।
কিমান লিখিম এই ৰঙালী পখিলী জনিৰ বিষয়ে ।
তোমাৰ পৰিচয় নোৱাৰিম দিবলৈ
মাথোঁ এটি-দুটি পদ্যৰ পংক্তিৰে
নোৱাৰিম বুজাব
কাব্যিকতাৰ শব্দৰ মাজেৰে ।
বৈ যোৱা তুমি মন জুৰোৱা নৈ হৈ
চিৰকাল মোৰ হিয়াৰ মাজেৰে ।
কাহানিও ৰাখিব নিবিচাৰো
তোমাক কবিতাৰ মাজত ,
থাকিব বিচাৰিলে আহিবা এবাৰ হ'লেও !
আহি চাই যাবাহিচোন এবাৰ
মোৰ হিয়াৰ গুপুতে ৰখা কোঠালিলৈ
মৰম ভালপোৱাৰে আবৰাই ৰাখিম তোমাক ।
✍️অৰূপ হালৈ,তামোল পুৰ
_________________________________________________
🔵কাব্যঋষি
মিন্টু গোৱলা, লখিমপুৰ, কদম
হে কাব্যঋষি
নিয়তিৰ বাণীত
তুমি আজি ম্লান হʼলা।
কাব্যৰ শলিতাৰে
কত চাকি জ্বলা
কত চিয়াঁহীৰে বিয়পালা
কত নৱ নৱ কাব্য
কাব্যৰ চিয়াঁহীৰে নিজৰ পৰিচয় দিলা,
ককা নীলমণি বুলি ।
কত জনৰ মনত কত সাঁচ বহুৱালা
প্ৰেৰণাৰ এটি গোলাপ হৈ !
হঠাৎ নিস্তব্ধ হ'ল
তোমাৰ চিয়াঁহীৰে বাগৰা বহিখন
ম্লান হ'ল সাহিত্য জগতখন
দুখত ম্ৰিয়মাণ হ'ল ,
সকলো সাহিত্যানুৰাগী
তুমি গুচি গʼলা - সেই সূৰ্য্যৰ দেশত ।
তুমি হʼলা - সূৰ্য্যৰ মানুহ !
সূৰ্য্যৰ কিৰণত তুমি কিৰণময়ী
হৈ উজ্জ্বলি উঠা সৌ আকাশত
তোমাৰ আত্মাই চিৰ শান্তি পাওঁক ।।
==========°°°°============
_________________________________________________
🔷অভিমন্যু
মিন্টু গোৱলা, লখিমপুৰ, কদম
বীৰৰ ৰক্তৰে বীৰত্বৰ পুত্ৰ মই অভিমন্যু
সুভদ্ৰাৰ গৰ্ভত জন্মিলোঁ,
গৰ্ভতেই শিকিলোঁ চক্ৰবেহুৰ প্ৰৱেশ
নিশিকালে চক্ৰবেহুৰ বাহি হোৱা পথ ।
পিতৃৰ বীৰত্ব ৰাখিবহেতু যুঁজিলো
কুৰুক্ষেত্ৰৰ যুদ্ধত
অধৰ্ম কৌৰৱে মোক বেৰি বেৰি কৰে অস্ত্ৰাঘাত ।
চক্ৰবেহু সাজি মোক যুদ্ধত নমালে
বেহুৰ ভিতৰে মোক
সপ্তৰথিয়ে অস্ত্ৰৰ প্ৰসাৰ কৰে ।
ৰক্তৰে ৰঞ্জিত আজি বীৰ অভিমন্যু
নিষ্কৰুণ ভাৱে মোক শৰাঘাত কৰে ,
নিদাৰুণ কৌৰৱৰ হাতে আজি প্ৰাণ যায়।
কত আছা পিতৃ মোৰ আহি দেখা দিয়া ,
তোমাৰ পুত্ৰ আজি ৰক্তৰে প্ৰপ্যাৰ।
কত আছা মামা মোৰ আহি দেখা দিয়া,
দুষ্প্ৰাপ্য কৌৰৱে আজি ভাগিনৰ প্ৰাণ ল'ব।
কত আছা কুন্তী আই এবাৰ আহি চাই যোৱা
তোমাৰ নাতি আজি যম ঘৰত যাব ।
বিনাদোষে আজি দুষ্ট কৌৰৱৰ হাতে মৰণ মিলি ।
=======••••••===============