Saturday, March 28, 2026

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

 প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ



প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনুভূতিৰ সমষ্টি ভালপোৱা । জীৱনৰ সমস্ত সেউজীয়া,আশা-আকাংক্ষা,হেঁপাহ,অনুভৱ-অনুভূতি শ্ৰদ্ধা-সন্মান ইত্যাদিৰ যোগফলেই হৈছে প্ৰেম, ভালপোৱা । বসন্তৰ মনোমোহা পৰিবেশৰ দৰে শুভ্ৰ আকাশৰ তলত হালি থকা নীৰৱ শান্ত কহুঁৱা বনৰ দৰে, শৰতৰ জোনাকৰ আগচোতালৰ শেৱালীজোপাৰ দৰে নীৰৱ-শান্ত ভালপোৱাৰ অনুভূতি। মুঠৰ ওপৰত এক স্বৰ্গীয় পবিত্ৰতাৰ নাম ভালপোৱা বা ভালপোৱা।

এদিন মোৰ প্ৰেয়সীক ধেমালিতে সুধিছিলোঁ:যদি মই তোমাক এৰি বহু দূৰলৈ গুচি যাওঁ তেন্তে তুমি কি কৰিবা?

তাই কিছু পৰ নীৰৱে মোৰ মুখ খনলৈ চাই মুখত এটি মিচিকিয়া হাঁহি মাৰি উত্তৰ দিছিল যে  তাই জানে যে মই তাইক এৰি কেতিয়াও দূৰলৈ গুচি নাযাও।যেতিয়া তাই আমাৰ প্ৰেমৰ কথা ভাবো, তেতিয়া তাই বিভিন্ন দিশক সামৰি লোৱা এটা জটিল আৰু বহুমুখী আৱেগৰ কথা ভাবে য’ত অন্তৰ্ভুক্ত আছে পাৰস্পৰিক বুজাবুজি, বিশ্বাস আৰু সন্মানৰ সৈতে জড়িত এজনে আন জনৰ সৈতে গভীৰ আৰু গভীৰতা সংযোগ।

সচাকৈ প্ৰেমত  ইজনে সিজনৰ মংগল, সুখ আৰু বৃদ্ধিৰ বাবে এক প্ৰকৃত চিন্তা কৰে। প্ৰেমত ত্যাগ,যিকোনো পৰিস্থিতিত ভালপোৱা জনৰ ওচৰত ঢাল হৈ থিয় হোৱা, মুকলি, সৎ মন, আৰু ইজনে সিজনৰ লগত দুৰ্বল হোৱা, ভয়, আশা আৰু সপোন ভাগ কৰা ইত্যাদি নিহিত হৈ থাকে।  প্ৰেমত দুয়োৰে জীৱনৰ উত্থান-পতনৰ মাজেৰে ইজনে সিজনক সমৰ্থন আৰু উৎসাহিত কৰে সুন্দৰকৈ আগুৱাই নিবৰ বাবে।

প্ৰেমত ইজনে সিজনক মৰম কৰা,দুয়োৰে মাজত এক শক্তিশালী আৱেগিক বন্ধন, দুয়ো দুয়োৰে কেয়াৰ লোৱা,আজীৱন একেলগে থকাৰ প্ৰতিশ্ৰুতিৰে শাৰীৰিক আৰু আৱেগিক ঘনিষ্ঠতা, কাষত পোৱাৰ প্ৰবল শক্তিশালী ইচ্ছা, ইজনে সিজনৰ  প্ৰতি আকৰ্ষিত হয়।

প্ৰেমত দুয়ো দুয়োৰে চিন্তা, অনুভৱ, আৰু সময়ক মূল্য দিয়া লগতে শলাগ লয়।

প্ৰেমে মানুহক শিকায় ভালপাবলৈ, মানুহ হ’বলৈ। মানুহৰ অৰ্থাৎ জীৱনৰ অবিহনে প্ৰেম আৰু প্ৰেমৰ অবিহনে জীৱন দুয়োটাই অবাস্তৱ কল্পনা। প্ৰেম আৰু জীৱনৰ মাজতেই সৃষ্টি হয় এখন সেউজীয়া পৃথিৱী,য’ত বাস কৰে হাজাৰজনৰ বুকুৰ হেঁপাহবোৰ, য’ত থাকে ভালপোৱাজনৰ মনৰ অভিমানবোৰ, যাৰ প্ৰতিটো ঠিকনাতেই থাকে এখন ভালপোৱাৰ চোতাল,য’ৰ প্ৰতিজনৰ হৃদয়তে ভাহি থাকে এটি প্ৰেমৰ সুৰ…।।

Love means a silent smile from your heart…..

প্ৰেম হ’ল হৃদয়ৰ কোনো নিভৃত কোণৰ পৰা ওলাই অহা এটা নীৰৱ হাঁহি। জীৱনৰ এই বিশাল মঞ্চত পৰিস্থিতি অনুযায়ী মানুহ বহুবাৰ প্ৰেমত পৰিব পাৰে। কিন্ত নিৰ্দিষ্ট এজনৰ বাবে যেতিয়া হৃদয়ৰ আলফুলীয়া সপোনবোৰ সাৰ পাই উঠে, সেয়াই সঁচা ভালপোৱা। হৃদয়ে বিচাৰি পায় চিনাকি হৃদয়ৰ সান্নিধ্য, সৃষ্টি হয় প্ৰেমৰ অশান্ত প্লাৱন। আপোন হৈ পৰে আপোনজনৰ সুখবোৰ, দুখবোৰ। ভাললগা হৈ পৰে কৰ্তৃত্বভৰা আবদাৰবোৰ। অহৰহ কাণত বাজি উঠে প্ৰিয়জনৰ সুৰ আৰু অস্পষ্ট ফুচ্‌ফচ্‌নিবোৰ। প্ৰেয়সীৰ এটি মাত্ৰ মিচিকিয়া হাঁহিত ৰাতিবোৰে অনিদ্ৰাত ভোগে, প্ৰিয়জনৰ আপেক্ষাত হৃদয়ত জাগি উঠে মিঠা যন্ত্ৰণাৰ সুবাস।

আচলতে প্ৰেমৰ কোনো পৰিসীমা নাই। ইয়াক কোনো শব্দ আৰু বাক্যৰে সংজ্ঞাবদ্ধ কৰিবও নোৱাৰি। ই অনন্ত, ই অসীম। পৃথিৱীৰ প্ৰত্যেকৰে হৃদয়ত প্ৰেমৰ অনুভূতি থাকে। অৰ্থাৎ ই এক বিশ্বব্যাপী পবিত্ৰ স্বৰ্গীয় অনুভূতি, যাক মাথোঁ অনুভৱ কৰিব পাৰি।।


ৰাহুল চেতিয়া, চিলাপথাৰ,৬০০৩০৯৮২৩৩




Friday, February 13, 2026

প্ৰকাশ পালে কবি ৰাহুল চেতিয়া চিলাপথাৰ প্ৰথম খন কাব্য গ্ৰন্থ "মায়াবিনী আউসীৰ এটি জোনাকী"

 কবিৰ চমু পৰিচয়:


কবিৰ জন্ম ১৯৯৬ চনৰ ১৩ মাৰ্চত ফাগুনৰ ৬ তাৰিখে ধেমাজি জিলাৰ নিলখ পূৰ গাওঁত। কবিৰ পিতৃ স্বৰ্গীয় দিলীপ চেতিয়া আৰু মাতৃদ্বয়ৰ নাম মুহিলা চেতিয়া আৰু মণি চেতিয়া। ২০১২ চনত নিলখ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল প্রবেশিক্ষা পৰীক্ষাত অসমীয়া, সমাজ বিজ্ঞান বিষয়ত লেটাৰ সহ প্ৰথম বিভাগত উত্তীর্ণ হৈ মৰিঢল মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত দ্বিতীয় বিভাগত উত্তীর্ণ হয়। পাছত আর্থিক অৱস্থা শোচনীয় হোৱা বাবে ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ পৰা DODL ৰ অধীনত সমাজতত্ত্ব বিভাগৰ পৰা প্ৰথম বিভাগত স্নাতক ডিগ্রী লাভ কৰে। কবিয়ে কলেজীয়া  দিনৰে পৰা সামাজিক মাধ্যম ফেচবুকৰ জনপ্রিয় বিভিন্ন সাহিত্য চৰ্চাৰ গোট, জনপ্ৰিয় আলোচনী ৰহস্য,মায়া,বিস্ময়,অসম বাণী,ৰামধেনু অসম, ৰণাংগণ,হৃদয়,বৰ্ণিল অসম, জাপি, জোনাকী পষেকীয়া ই আলোচনী, সাপ্তাহিক অনুৰাগিণী, দৈনিক-সপ্তাহিক যেনে-দৈনন্দিন বাৰ্তা, গণ অধিকাৰ,নিয়মীয়া বাৰ্তা,সাপ্তাহিক নামনি অসম, নতুন স্বদেশ,গণ বাৰ্তা, সাপ্তাহিক জানেলিষ্ট বাতৰি কাকত আৰু অন্যান্য  মাহেকীয়া বার্তালোচনীত নিয়মিতভাৱে কবিতা, গল্প, প্রবন্ধ, স্তৱক আৰু অণুগল্প লেখা মেলা কৰি আহিছে। বৰ্তমান কবিৰ সম্পাদনাত জোনাকী নামেৰে এখন সপ্তাহিক ই আলোচনী (পাছলৈ পষেকীয়া) ধেমাজিৰ পৰা নিয়মিত ভাৱে প্ৰকাশ পাই আহিছে। লেখকে গ্ৰন্থবৰ্ষ ২০২৫ বর্ষৰ অসম চৰকাৰ আৰু অসম প্ৰকাশন পৰিষদৰ তৰফৰ পৰা যুৱ লেখক সন্মান ২০২৫ বঁটা লাভ কৰিছে।লেখকৰ প্ৰথম খন কাব্য গ্ৰন্থ "মায়াবিনী আউসীৰ এটি জোনাকী" ২০২৫ চনত নগাঁও জিলাৰ আনন্দ প্ৰকাশৰ পৰা প্ৰকাশিত হৈছে। দ্বিতীয় খন  কাব্য সংকলন-দীঘলী পুখুৰীৰ কান্দোন (2026)প্ৰকাশৰ পথত।

Saturday, July 27, 2024

সহযাত্ৰী তৃতীয় খণ্ড ঋতুপর্ণা ইংতিপি

 সহযাত্ৰী (তৃতীয় খণ্ড) 

✍️ ঋতুপর্ণা ইংতিপি/মৰিগাঁও

     গা-পা ধুই আজৰি হোৱা মানে তিনি বাজিলে।তাইৰ ভাগৰো  বহুত লাগিছে। গোটেই দেহটো অৱশ হৈ পৰিছে। হাত ভৰি অচল হৈ যোৱা যেন লাগি গৈছে। নীলা ৰঙৰ আঁঠুলৈ পৰা ফ্ৰক, গালে মুখে পানীৰ টোপালবোৰ বিৰিঙি আছে। চুলিখিনি আউল বাউল হৈ যেনিতেনি  পৰি আছে। বিছনাখনত গাটো এৰি চকুকেইটা মুদি দিলে অৰুণিমাই।


  কলেজৰ প্ৰথমদিন বুলিয়ে মন উগুল থুগুল  আছিল। চকুৰ টোপনি চকুতে নোহোৱা হ'ল। কিবা বিশেষ দিন থাকিলে, ৰাতিটো নাযায় নোপোৱাই। সাত বজাতে প্ৰগতিয়ে গৰম গৰম ভাত এগাল খোৱাই কলেজলৈ লৈ যায়। 


: ভাত বাঢ়িলোঁ আহা মাজনী। 

:

: মাজনী 

:

: আহা আকৌ। 


      ভাগৰত  টোপনিয়ে হেঁচি ধৰা  দেহটো বিছনাৰ পৰা উঠাব পৰা নাই। মুখেৰে মাতিব পৰা নাই তাই। 


 মাত নাপায় প্ৰগতি তাইৰ ৰুমলৈ আহি জোৰ নি কৰি তাইক ভাতৰ পাতত বহুৱালে। 


: মা আপুনি এতিয়ালৈ ভাত খোৱাই নাই  ..? 

:তোমাক এৰি খাব পাৰোঁ জানো।দুয়োজনীয়ে খাম বুলি ৰৈ আছোঁ। 

:  আপুনিও যে নহয় মা! বহক, মা খাওক । 

: খোৱা খোৱা। খাই লৈ অলপ আৰাম কৰা।আজি ভাগৰ লাগিছে তোমাৰ।


    মাটিমাহৰ সাৰ আঞ্জাৰ, কচুৰ সৈতে মাছৰ জোল অকণ, পটল, ভেণ্ডিৰ শুকান ভাজি আৰু ঘৰতে বনোৱা আমৰ আচাৰ। 


     প্ৰগতিক গোসাঁই ঘৰত প্ৰাৰ্থনা গোৱা শুনি সাৰ পালে অৰুণিমাই। মুখ হাতত ধুই সেৱা ল'লে তাই। গোটেই ঘৰৰ মহলটো ধূপ ধূনাৰ গোন্ধ বিয়পি পৰিল। সন্ধিয়াৰ চাহকাপ দুয়োজনীয়ে বাৰান্দাত বহিয়ে খায়। 


  মূৰৰ বিষটো আজি উজাই আহিছে। কপালে মূৰে নাৰিকলৰ তেল অলপ লগাই সোনকালে শুলে তাই।


  ******

    প্ৰথম দিনা আহোঁতে তাই কলেজৰ পৰিৱেশটো ভালকৈ মন নকৰিলে। এডমিছনৰ দিনা নিবিড়ৰ লগত আহিছিল। আটক ধুনীয়া চকুত লগা গেটখনৰ বাহিৰ দুচকীয়া, চাৰিচকীয়া বাহনবোৰ ৰখোৱা আছে। মেইন ৰোডৰ লগতে সোঁফালে কলেজখন। বাওঁফালে দোকান-পোহা বোৰ আছে। 

কলেজৰ গাতে বাওঁফালে DIET খন আছে তাৰ মাজত সৰু ৰাস্তা এটা আছে, তাতে অস্থায়ী দোকান বোৰ বহে। কাষে কাষে বাইক, স্কুটি। সেইফালে কলেজৰ দ্বিতীয়খন গেট আছে। 


   সন্মুখৰ ডাঙৰ গেটত তলা মৰা। সৰু গেটৰফালে অহা যোৱা কৰি আছে মানুহবোৰ। টেবুল চকী পাৰি চকীদাৰ এজন থাকে। ভিতৰত সোমাই  সোঁফালে ডাঙৰ বেলগছ এজোপা। মাজতে এখন নানা ৰঙী ফুলৰ বাগিছা।তাৰ ওচৰতে দুটা মহলাৰ বিল্ডিংটোৰ ওপৰৰ মহলাত মহাবিদ্যালয়ৰ পুথি ভঁৰাল। কাষকে KKHSOU ৰ চেন্টাটো।নাকৰ পোনে পোনে গ'লে কলেজৰ খেলপথাৰখন। ওচৰতে ষ্ট'ডিয়াম আৰু অডিট'ৰিয়ামটো আছে।বাওঁফালে ল'ৰাবোৰ কমন ৰুম। সেউজীয়া ঘাঁহনি ডৰাৰ সৈতে বহিব জিৰণি ল'ব পৰাকৈ গছৰ তলত ধুনীয়া সুবিধা আছে। 


: হাই, গুড মর্নিং অৰু। 

: গুড মর্নিং। 

: আহি পালা। 

: অ' ব'লা ভিতৰলৈ। 

: ৯ বাজিব হ'লেই। 


     বকুলৰ তলে তলে দুয়োজনীয়ে খোজ ল'লে। সুগন্ধি ধূপৰ গোন্ধ নাকত লাগিছে। সন্মুখতে প্ৰিন্সপাল ছাৰ। এই সময়ত তেওঁ সদায় ৰৈ থাকে সেই ঠাইত।ক্লাছ হৈছে নে নাই এইবোৰো নিৰীক্ষণ কৰে।তিনিজন কৰ্মচাৰী আছে ওচৰতে। দুয়োকাষে দুখন থালত ধূপ আৰু বন্তি জ্বলাই থোৱা আছে। মজিয়াখন তিতি আছে। ধূপ জ্বলোৱাৰ আগত পানী চটিয়াই লৈছিল। 


: গুড মর্নিং ছাৰ। 

: গুড মর্নিং। 


চিৰিকেইটা পাৰ হৈয়ে ছোৱালী কমন ৰুম। বাওঁফালে অৰুণিমাহঁতৰ বিভাগ আৰু ক্লাছ ৰুম। ওচৰতে হিন্দী বিভাগটো আছে।


আগলৈ......!!

Tuesday, July 23, 2024

সহযাত্ৰী দ্বিতীয় খণ্ড ঋতুপৰ্ণা ইংতিপি/মৰিগাঁও

 সহযাত্ৰী  দ্বিতীয় খণ্ড

■ঋতুপর্ণা ইংতিপি/মৰিগাঁও




    "অ' মোৰ আপোনাৰ দেশ" জাতীয় সংগীতটি বাজি উঠিল। ছাত্র-ছাত্ৰী, শিক্ষক- শিক্ষয়ত্ৰী, কৰ্মচাৰী সকলো য'ত আছিল তাতে ৰৈ গ'ল। অৰুণিমাই এইবোৰৰলৈ মনেই কৰা নাই। তাই  খোজকাঢ়ি গৈয়ে আছে। কলেজৰ এই নিয়মৰ বিষয়ে জনা নাছিল তাই। সকলো কলেজতে এনেকুৱা নিয়ম নাথাকে।সকলোকে মূৰবিলীক অলপ তললৈ কৰি ৰৈ থকা দেখি,কি হৈছে একো বুজিব নোৱাৰি তায়ো ৰৈ গ'ল। লাজ লাজ ভাৱটোৱে তাইক আৱৰি ধৰিছে। লাজতে  গোলমোল গাল দুখন ৰঙা পৰি গৈছে। কলেজৰ প্ৰথম বিল্ডিংটো পাৰ কৰি আৰ্টছ বিল্ডিঙত সোমাল। ক্লাছ ৰুম বিচাৰি  নোপোৱাৰ বাবেই তাই আৰু বেছি ৰঙা পৰি গৈছে। গোটেইজনী ঘামি-জামি অবস্থা নোহোৱা হৈ গৈছে। ইফালে-সিফালে ঘূৰি ফুৰোঁতেই ৯ বাজি ৩০ মিনিট পাৰ হৈ গ'ল। প্রথম দিনাই প্ৰথম ক্লাছ miss  কৰিলে তাই। 


: হাই! 

: হাই,,, 

: মই বৰ্ষা.. 

: অৰুণিমা। অৰুণিমা বৰুৱা। 

(তাই উশাহটো ঘূৰাই পোৱা যেন লাগিল) 

: আজিয়ে প্রথম আহিছা ন' তুমি..? 

: হয়।

: ক্লাছ ৰুম বিচাৰি হাবাথুৰি খাই আছা। মই পিছে দুটা বছৰ ইয়াতে পঢ়া। 

: অহ্ হয় নেকি। 

: হয়, হয়, মিছ অৰু। 

        জোৰেৰে হাঁহি দিলে বৰ্ষাই। ক্ষীণ,ওখকৈ লাহী কঁকালেৰে কলেজৰ ইউনিফৰ্ম  পৰিহিতা বৰ্ষাৰ পিঠিত মটীয়া ৰঙৰ বেগ। হাতত সোণালী ৰঙৰ ঘড়ী। কাণত সৰু সোণৰ  ইয়েৰিং এযোৰ। দুচকুত ডাঠ কাজলৰ প্ৰলেপ। ওঁঠত পাতল গুলপীয়া ৰঙৰ লিপষ্টিক। 


: কি বিষয়ত মেজৰ তোমাৰ? 

: অসমীয়া। 

: অহ্ সঁচাকৈয়ে, মোৰো অসমীয়া।

: অ'

: তেন্তে আমাৰ খুব মিলিব। 

: হয়। 

: আজিৰ প্ৰথম ক্লাছ উৎপল ছাৰৰ আছিল।বিশেষ কাৰণত মোৰ দেৰি হ'ল অহা। 

: মই সময়মতে পালোঁ, কিন্তু ৰুম বিচাৰি পোৱা নাছিলোঁ। 

: এতিয়া বাকী ক্লাছ কেইটা কৰোঁ গৈ ব'লা। 

: ব'লা, ব'লা।  


  বৰ্ষাক লগ পাই অৰুণিমাৰ ভয়, শংকা আঁতৰিল।মনটো পাতল পাতল লাগিছে। দুয়োজনী ক্লাছ ৰুমৰ ফালে খোজ ল'লে।


   আজি বেছি ল'ৰা ছোৱালী অহা নাই। প্ৰথম ডেক্সখনত এজনী ছোৱালী বহি আছে। বাকী বোৰত দুজনী তিনিজনী কৈ ছোৱালী বহি আছে। আনফালে দুখন ডেক্সত চাৰিটা ল'ৰা। দুয়োজনী গৈ প্ৰথম ডেক্সতেই বহিল।


: মই বৰ্ষা, এয়া অৰুণিমা। 

: মোৰ নাম ৰিমঝিম। 

: বৰ ধুনীয়া নাম দেই তোমাৰ। আমি পিছে ৰিম বুলি মাতিম ন অৰু

: হয় ,ৰিম বুলিয়ে মাতিম দিয়া। 

: তোমালোকে যি ভাল পোৱা। 

: অৰুণিমাৰ অৰু, ৰিমঝিমৰ ৰিম। 


   তিনিও জনী  জোৰেৰে হাঁহি দিলে। সকলোৱে সিহঁতৰ ফালে ঘূৰি চালে।কিছু সময় ধৰি নানান কথা বতৰা চলি তিনিও জনীৰ মাজত। ১০ বাজি ১৫ মিনিটত জাকিৰ ছাৰ আহি ৰুমত সোমাল। বৰ্ষাহঁতৰ কথাৰ যতি পৰিল। কোলাহল হৈ থকা ৰুমতো কাঁহ পৰি জীণ যোৱা দৰে হৈ পৰিল।


: গুড মর্নিং

: গুড মর্নিং ছাৰ। সকলোৱে একে লগে চিঞৰিলে। 

: মই জাকিৰ ছাৰ দেই।(মিচিকীয়াই হাঁহি এটা মাৰিলে) 

:  মই HOD হয় দেই! মানে বিভাগীয় প্ৰধান। 

   শূন্যলৈ চালে তেওঁ। শতক আবত মানুহজনৰ মুখত এটা মিঠা হাঁহি। মুখমণ্ডলৰ দাড়িবোৰৰ সৈতে ডাঠ ক'লা চুলিয়ে বয়স দুকুৰীৰ বেছি হ'ব। 


: এতিয়া তোমালোকৰ পৰিচয়  লওঁ নে কি কোৱা..? আজিৰ পৰা আমি এটা পৰিয়াল, তোমালোক আমাৰ ল'ৰা- ছোৱালী। বিভাগটো আমাৰ ঘৰ বুজিছা নহয়। 

: হয় ছাৰ,বৰ্ষাই উত্তৰ দিলে। 


  এজন এজনকৈ সকলোৱে নিজৰ নিজৰ পৰিচয় দি গ'ল।


  ***

  ১২ বজাত সকলোকে ডিজিটেল ৰুমলৈ যাবলৈ কৈ গ'ল জাকিৰ ছাৰে।ডিজিটেল ৰুমতো হল এটাৰ  দৰেই  অলপ ডাঙৰ, প্ৰায় এশ জন মানুহ বহিব পাৰে। দুজনকৈ বহিব পৰা আসন বোৰ শাৰী শাৰীকৈ আছে।বৰ্ষাহঁত কিন্তু একে লগে বহিল তিনিও জনী। সন্মুখত অধ্যক্ষ ড° মানৱ বৰাকে প্ৰমুখ্য কৰি কেইবাজনো  অধ্যাপক-অধ্যাপিকা বহি আছে। জাকিৰ ছাৰে চিনাকি পৰ্বৰ এই সভাৰ আঁত ধৰে।অধ্যক্ষ মহোদয় ছাৰে ভাষণ দিয়াৰ পাছত মঞ্চত আহি এজন এজনকৈ নিজৰ পৰিচয় দাঙি ধৰে। ১ বজাত সভা ভংগ হ'ল। তিনিও জনী বান্ধৱী কেনটিনৰ ফালে খোজ ল'লে। 


    আগলৈ........!!

Sunday, July 21, 2024

সহযাত্রী ঋতুপর্ণা ইংতিপি

 #সহযাত্রী 

  ঋতুপর্ণা ইংতিপি/মৰিগাঁও

     ১ম খণ্ড



    আজি তাইৰ কলেজৰ প্রথমটো দিন। ভবাই নাছিল এনে এটা দিন তাইৰ জীৱনলৈ আহিব বুলি। কলেজ গেটৰ বাহিৰতে কিছুপৰ থৰ লাগি ৰৈ আছে অৰুণিমা। 

 

: কি হ'ল মাজনী? এনেকৈয়ে দিনটো গেটৰ বাহিৰত থাকিবা নে? ভিতৰলৈও যাবা। 

:

: ভয় লাগিছে নেকি মাজনী? 

: নাই মা!সপোন দেখি থকা যেন লাগিছে। ( তাইৰ চকু পৰা দুটোপাল চকুলো বৈ আহিছিল) 

: যোৱা মাজনী! ভালকৈ মন দি পঢ়িবা। বাবাৰ সপোনবোৰ পূৰ কৰিবা। 

: হ'ব মা!আপোনালোকৰ আছেই যেতিয়া মোৰ কোনো ভয়,শংকা নাই। 

: এতিয়া যোৱা মাজনী, ময়ো যাওঁ। 

:হমম


      কাহানিও নেদেখা সপোনবোৰ এতিয়া তাই আকৌ দেখিব। অকণমান ভয়,লাজ,শংকা বুকুত বান্ধি কলেজৰ ভিতৰৰ ফালে খোজ লৈছে অৰুণিমাই।সুমথিৰা ৰঙৰ দুপাত্তা,বগা ৰঙৰ পেন্ট আৰু কুৰ্তা। হাতত পাতল গুলপীয়া ৰঙৰ বেগ। সৰু সোণালী ৰঙৰ ঘড়ী। চকুত আজি আগতকৈ কম কাজল সানি আহিছে। কিহৰ বাবে বুকুৰ ধপধপনি বাঢ়িছে তাই নাজানে। অলপমান ভয়ো খাইছে।সপোন সপোন হৈ ৰোৱা সপোনটো আজি দিঠক হৈছে। তাই বুজি পোৱা নাই এনে সময়ত মানুহে হাঁহে নে কান্দে।কোনো দিনে নভবা নি চিন্তা দিনটো আজিৰ তাইৰ জীৱনলৈ আহিল। সেই বাবেই তাই মনটো অস্থিৰ হৈ আছে। কেইবাবাৰো মহাদেৱক স্মৰণ কৰি সপোন নগৰীৰ বকুলৰ তলে তলে খোজ লৈছে অৰুণিমাই। 


    তাইৰ বয়স মাত্র ওঠৰ বছৰ আছিল। চঞ্চলতা প্ৰিয়, পখিলাৰ দৰে উৰি ফুৰা সুগঢ়ী ছোৱালীজনী। গাৰ ৰং ইমান উজ্জ্বল নহয় যদিও মিঠাবৰণৰ। ঘূৰণীয়া মুখনি। 

ওঁঠৰ কোণত অনবৰতে এটি হাঁহি লাগিয়ে থাকে। হাঁহিলে তাইৰ ডাঠকৈ কাজল সনা দুচকু জিলিকি উঠে। জোনে যেন জোনাক এখিনি সিঁচে। কোমল বয়সৰ,কোমল মন। কিমান যে কুমলীয়া সপোনে পাখি মেলি উৰিব বিচাৰি আছে। 


       ন বজাৰ লগে লগে কলেজৰ চৌহদত জাতীয় সংগীত বাজি উঠিল......!! 


       ক্ৰমশ....

Wednesday, June 12, 2024

দ্বিতীয় বছৰ,জুন মাহ ১-১৫ সংখ্যা ২০২৪ বিশেষ শিতান


L

সিদ্ধান্ত 


চহৰৰ খনৰ এমূৰত থকা ATM ল পৰা ওলাই হঠাৎ মুখামুখি হোৱা ব্যক্তি গৰাকী প্ৰাঞ্জল বাবে একদম অনাকাংক্ষিত আছিল। কি কৰোঁ, মাতো নামাতো ভাবি থাকোঁতেই সিফালৰ পৰাই মাত দিলে- 

- ভালে আছা!

- উম ভাল ভাল।ল

 সুখী বুলি বুজাবলৈ গৈ অলপ বেছিকৈয়ে জোৰ দি উত্তৰ দিলে সি।

- তোমাৰ স্কুলৰ সন্মুখত কেইবাদিনো ৰৈছিলোঁ। কিন্তু নেদেখিলোঁ....।

- পুৰণি বহুত কাম আৰু অভ্যাস এৰিলোঁ যে এতিয়া।

           গুচি আহোঁ বুলি ভাবিও ভালেমান সময় কথা পাতিলে। কথাৰ মাজতে তাই প্ৰাঞ্জলৰ নতুন ঠিকনাটো খোজাত অনিচ্ছা সত্বেও দি আহিল। ঘূৰি আহি পত্নী অৰ্পণাৰ স্কুল ছুটি হোৱালৈ গেইটৰ সন্মুখতে ৰ'ল। 

          অৰ্পণা লগত ঘৰলৈ উভতিছে যদিও বাৰে বাৰে মনটো অতীতলৈ গুচি গৈছে। য'ত আছিল কেৱল প্ৰাঞ্জল আৰু খন্তেক আগত লগ পোৱা খ্যাতি। খ্যাতি বৰা, যাৰ অবিহনে এটা দিন কল্পনা কৰিব নোৱাৰাকৈ আছিল পাঁচ বছৰীয়া ভালপোৱা। যাৰ লগত গোটেই জীৱন জীয়াৰ কথা আছিল তেওঁক আজি প্ৰায় এবছৰৰ মূৰত অচিনাকীৰ দৰে লগ পাইছে। অতবোৰ ভালপোৱা থকাৰ পিছতো অবিশ্বাস অথবা ভুল বুজাবুজিয়ে বঢ়োৱা দূৰত্ব, তৃতীয় পক্ষৰ ষড়যন্ত্ৰত হোৱা বিচ্ছেদ.. কথাখিনিয়ে প্ৰাঞ্জলক হেঁচি ধৰিলে। বিশেষকৈ বিচ্ছেদৰ কাৰণটোত খ্যাতিৰ কোনো ভুল নাছিল বুলি জানিব পাৰি।

          দিন বাগৰিল। দুই এদিন ফোনত দুয়োটাৰ কথা হ'ল। মনটোক ধৰি ৰাখিবলৈ ইমান চেষ্টা কৰিছে যদিও প্ৰাঞ্জল বিফল হৈছে। বাৰে বাৰে খ্যাতিৰ কথাবোৰে মনত বিন্ধিছে, পুৰণি ভালপোৱাই বিপাঙত পেলাইছে। 

          "প্ৰাঞ্জু, অৰ্পণা থাকিলেও মোৰ একো আপত্তি নাই তুমি ভাবি চাবা।

          এটাই বাক্য। অথচ ইমান শক্তি। কলিজা খুলি সোমাই লৈছে। ইমান চেষ্টা কৰিও মনৰ পৰা আঁতৰাব পৰা নাই। 

 - আপোনাৰ কিবা হৈছে নেকি? যদি বিচাৰে মোক খোলাকৈ ক'ব পাৰে। সঠিক ব্যক্তিৰ লগত সমস্যা ভগালে সমাধান নোলালেও অন্ততঃ সান্ত্বনা পায়। 

          সঁচাকৈয়ে অৰ্পণাক কৈ দিবলৈ মন গ'ল মনত চলি থকা দ্বন্দৰ কথা। খ্যাতিৰ কথা , তাই দিয়া প্ৰস্তাৱৰ কথা। কিন্তু নোৱাৰিলে। হঠাৎ তাৰ‌ চকু পৰিল ঘৰৰ দেৱালত সজাই থোৱা সিহঁতৰ বিয়াৰ ফটো খনৰ ওপৰত। থৰ লাগি চাই থাকিল বহু সময়। আকৌ এবাৰ মনত পেলাইছে কথাবোৰ, এইবাৰ কিন্তু খ্যাতিৰ নহয়। অৰ্পণাৰ লগত হোৱা এবছৰীয়া মৰমৰ সংসাৰখনৰ কথা, ভাগি পৰা প্ৰাঞ্জলক একো প্ৰশ্ন নুঠোৱাকৈ ইমান মৰমেৰে সামৰি আকৌ সজীৱ কৰি তোলাৰ কথা। হঠাৎ তাৰ নিজৰ ওপৰতেই খং উঠি আহিল। এইটো সিদ্ধান্ত লবলৈ ইমান সময়ৰ প্ৰয়োজনেই নাছিল। লগে লগে সি খ্যাতিলৈ ফোন কৰিলে - " সিদ্ধান্তটো তোমাক জনাওঁ বুলি ফোন কৰিলোঁ। 

- থেংক ইউ প্ৰাঞ্জু, তুমি যে মোক এতিয়াও ভাল পোৱা মই গম পাইছিলোঁ। 

- খ্যাতি, অৰ্পণা মোৰ পত্নী। মই বিবাহিত পুৰুষ আৰু মোৰ কাপুৰুষ হোৱাৰ ইচ্ছা, সাহস দুয়োটাই নাই। কথাকেইটা মনত থৈ তুমি আগবঢ়ি যোৱা। সেয়া কবলৈহে ফোন কৰিছিলোঁ।

             ফোনটো সিফালৰ পৰাই কাটি দিছিল। সি জানে খ্যাতি কিমান বুজা ছোৱালী অকণমান ভুল হৈছিল তাইৰো ভালপোৱাৰ খাতিৰত, কিন্তু এতিয়া যে তাইৰ ভুল ভাগিব প্ৰাঞ্জলে জানে। তথাপি মোবাইলটোৰ পৰা চিমকাৰ্ডখন ওলিয়াই ডাষ্টবিনটোত পেলাই দিলে আৰু বুকুত সাহস গোটাই কামত ব্যস্ত হৈ থকা অৰ্পণাক চিধাই গৈ জোৰকৈ সাৱটি ধৰিলগৈ। 



ৰেবিকা নেওগ 

তিনিচুকীয়া

_____====______________________________===_______________===_________



■দিশহাৰা 

ৰিচা গগৈ। দ্বাদশ শ্ৰেণী, ২ নং দিখাৰী মৰাণ গাঁও ( ডিব্ৰুগড়)।


     অত্যাচাৰ সহ্য কৰিব নোৱাৰি অৱশেষত মই তেওঁক ডিভৰ্চ দিয়াৰ সিদ্ধান্ত ল'লো । সন্ধ্যা দেউতাক ফোন কৰি সকলো কথা জনালোঁ। মোৰ বিশ্বাস আছিল , দেউতাই এই ক্ষেত্ৰত মোক সমৰ্থন কৰিব ।

       দেউতাই মোক সমৰ্থন কৰিছিল সঁচা, কিন্তু শেষত এষাৰ কথা কৈছিল। সেই কথাষাৰ শুনাৰ পিছত মই কি কৰোঁ ভাবি পোৱা নাছিলোঁ। 


      .... "মাজনী তোক ঘৰলৈ অনাত মোৰ একো আপত্তি নাই । কিন্তু ককায়েৰ -বৌৱেৰক কথাষাৰ এবাৰ ক'বি। সিহঁতে বা কি কয়!".......


          ভয়, শংকাই আৱৰি ধৰিছিল যদিও সাহস গোটাই দাদাক কথাষাৰ ক'বলৈ ফোন কৰিলোঁ। 


        ...." ভন্টি তই এইবোৰ কি কৈছ! তই এনেকৈ ঘৰত থাকিলেহি সমাজে কি ক'ব?? মোৰো সন্মানৰ কথা আছে নহয় । "........


         ...." অ ভন্টি ককায়েৰাই ঠিকেই কৈছে। তুমি ঘৰত থাকিলেহি মোৰ মাৰ ঘৰৰ মানুহৰ আগত নাকেই উলিয়াব নোৱাৰিম ।"..


           দাদা - বৌৰ কথাখিনিয়ে মোক বাৰুকৈয়ে আঘাট দিলে। আচলতে এইয়া মোৰেই দোষ। এঘৰলৈ উলিয়াই দিয়াৰ পিছত মই আকৌ সেইখন ঘৰত কেনেকৈ থাকিমগৈ। 


            বহু কেইটা নিশা উজাগৰেই পাৰ হ'ল। স্বামী পৰকীয়া প্ৰেমত মচগুল। দুপৰ নিশা মদৰ নিচাত মাতাল হৈ ঘৰ সোমায়। ৰাতিপুৱা ৮ বজাতেই অফিচলৈ ওলায় যায় । অফিচ বন্ধ থকা দিনটো আহিলে বুকু খনে হাহাকাৰ কৰি উঠে। এৰেঞ্জ মেৰিজ আছিল বুলিয়ে বাৰু তেওঁ মোৰ লগত এনে কৰিব লাগে নে ??? অকনমান কথাতেই চৰ মৰাটো তেওঁৰ অভ্যাসত পৰিণত হ'ল।‌ তেওঁৰ চামৰাৰ কোব পৰা ঠাইবোৰত ক'লা পৰিছে। তেওঁৰ কথাৰ বিপক্ষে কিবা এষাৰ কোৱা মানেই মোৰ মূৰটো ৱালৰ সৈতে যুদ্ধত লিপ্ত হোৱা। 

          

      যি জন দাদায়ে মোক বিয়াৰ কেইদিন মানৰ আগত কৈছিল ,"ভন্টি ল'ৰাটো খুউব ভাল বুজিছ। তোক একো বস্তুৰে অভাৱ অনুভৱ কৰিবলৈ নিদিয়ে। আৰু কিবা অসুবিধা হ'লে মোক ক'বি। মই থাকোঁতে তোক কেতিয়াও দুখত পৰিবলৈ নিদিওঁ।"আজি সেইজন দাদায়ে তেওঁৰ সন্মানৰ কথা চিন্তা কৰি মোক ঘৰলৈ লৈ যাবলৈ অস্বীকাৰ কৰিছে। 


           যিজন মানুহে মোক চাবলৈ যোৱাৰ দিনা মোৰ সপোনবোৰক বাস্তৱ ৰূপ দিয়াত সহায় কৰিম বুলি কৈছিল, এতিয়া তেওঁৰ অৱহেলাই মোক দিশহাৰা কৰি পেলাইছে । 


              ডিব্ৰুগড় বিশ্ববিদ্যালয়ত M.A পঢ়াৰ সপোন সৰুৰ পৰাই আছিল । এই সপোন সেইদিনা বেছিকৈ উত্তেজিত হৈ পৰিছিল , যিদিনা B.A ত ফাৰ্ষ্ট ক্লাছ হোৱাৰ ফলাফল লাভ কৰিছিলো। 


      .... "ৰেখামণি তই কিন্তু ইউনিভাৰ্ছিটিত চিট পাবিয়ে। তাতো কিন্তু Economics ৰ topper হব লাগিব দেই ।"......


          বান্ধৱীৰ কথাষাৰে বহুত বেছি উৎসাহিত কৰি তুলিছিল । 


        ..... কপালৰ লিখন নাযায় খণ্ডন।.....


              দাদাৰ কথা ৰাখি অসীম দত্তৰ সৈতে বিয়াত বহাৰ সিদ্ধান্ত ললো । তেওঁৰ কথাবোৰক বিশ্বাস কৰি সপোন দেখিবলৈ ধৰিলো। নাহৰৰ দেশত নিজকে কল্পনা কৰিলোঁ। 


     ..... পঢ়িব বিছাৰিলে ইয়াতে বেলেগ পঢ়িব পাৰ । কিন্তু D.U ত তোক পঢ়িবলৈ নিদিওঁ। তালৈ গৈ তেতিয়াহে আন ল'ৰাৰ লগত প্ৰেম কৰি ফুৰিবি।....


           তেওঁক ওলোটাই কিবা এষাৰ কোৱাৰ ইচ্ছা নহ'ল । সপোনবোৰ সেইদিনাই স্তব্ধ হৈ ৰ'ল । ডিভৰ্চৰ তাৰিখ চমু চাপি আহিছে। কিন্তু ডিভৰ্চৰ পিছত মই কলৈ যাম? এই প্ৰশ্নটোৱে মোক বৰকৈ কষ্ট দিছে। 


          এৰা, দেউতাৰ ঘৰলৈ যাবলৈও দাদা - বৌৰ সন্মানৰ কথা আছে।




■জীৱনৰ সিপাৰে 

ৰহস্য ঘন কাল্পনিক গল্প

নৱযানী বৰুৱা শইকীয়া, ডিগবৈ 

9101768437


স্কুলৰ পৰা আহিয়েই গাটো কিবা একেবাৰে ভাল লগা নাই চোন। দুৰ্বল দুৰ্বল অনুভৱ হৈছে । চকু বোৰ পুৰিছে, গোটেই গাটো বিষত কোঙা হৈ পৰিছোঁ। বোধহয় জ্বৰ উঠিছে। গৰম পানী বটলৰ পৰা পানী এগিলাচ ঢালি খালোঁ। কাপোৰ খিনি খুলি বিছনালৈ দলিয়াই পাতল কপাহী চোলা এটা গাত সুমুৱাই ললোঁ। ৰান্ধনীঘৰৰ ফালে যাবলৈ মন নগল। ভৰি হাত কেইটা ধুই পোনেই বিছনাত পৰি দিলোঁ। 


মোৰ যেন উশাহ বোৰ চুটি চুটি হ'ব ধৰিছে। বুকুখনলৈ নিশাহ খিনি আহি শেষ হৈ যায়, অলপ নিশাহ ডিঙিৰ ফালে গতি কৰি মূৰৰ দিশত জোৰত ওলাই যাব খোজে। চকু বোৰ ডাঙৰ ডাঙৰ কৈ মেল খায় যোৱা যেন লাগিছে। মই বৰ কষ্ট পাই আছোঁ এতিয়া। পৃথিৱীৰ একো বস্তুৰ প্ৰতি মোৰ এই মুহূৰ্তত মোহ নাই। মই মৰিব খোজোঁ। মই নিশ্বাস খিনি উলিয়াই দিব খোজোঁ। 


নিশ্বাস খিনি ওলাই বুকুখন খালি হৈ গ'ল। জোৰেৰে মূৰৰ ফালে খুন্দা মাৰি ঘূৰি আহি মুখেৰে সমস্ত নিশ্বাস ওলাই গল। এতিয়া মোৰ গাটো পাতল পাতল লাগিছে। একো দুখ যন্ত্ৰণা নাই, একো চিন্তা ভাৱনা নাই মই মুক্ত পক্ষী হৈ উৰি আছোঁ। বৰ্তমান আমাৰ ঘৰৰ পৰা প্ৰায় এশ ফুট উচ্চতাত মই উৰি আছোঁ। চেঁচা বতাহ একোজাকে কেতিয়াবা কোবাই যায় । ক্ষন্তেক ৰৈ আকৌ উৰি থাকোঁ। ক'ত যাম ,কিমান দূৰ যাম একো নাজানোঁ। জানিব নোখোজোঁ। এটা কষ্টময় শৰীৰৰ পৰা ওলাই মুক্ত মনে মই উৰি আছোঁ , উৰি থাকিম অন্ততকাল। তললৈ চালোঁ এনেই এবাৰ। গেটৰ সন্মুখত বহুত মানুহ জমা হৈছে। হাত মেলি মেলি মানুহ বোৰে কিবা কথা পাতিছে। মই হলে একোডাল শুনা নাই। মুখবোৰত উৎকণ্ঠাৰ ভাৱ স্পষ্ট । সৌজনী চোন পিহু । তাইও আহিছে। কিন্তু চকুত চোন তাচ্ছিল্যৰ হাঁহি বিয়পি আছে। কি হৈছে বুজা নাই । ইমান দৌৰাদৌৰি কিয় কৰিছে মানুহ বোৰে ? গাড়ী এখন আহি ৰৈছে গেটত। বগা ৰঙৰ পেন্ট চাৰ্ট পিন্ধা দুজন ল'ৰা নামি হাতত কিবা এখন ঠেলি দৌৰি ভিতৰ সোমাইছে। আৰে, মোৰ সন্তান মোৰ স্বামী সকলো কান্দোনত ভাগিপৰা যেন লাগিছে। আচলতে হৈছে কি ? মই সিহঁতক দেখি কিছু আবেগিক হৈ পৰিছোঁ। হাত খন মেলি কৈছোঁ, নেকান্দিবি তহঁতে, ছা মই উৰি আছোঁ। 


মোকেই কিবা এখনত শুৱাই ঠেলি নি গাড়ীত উঠাই লৈ গাড়ী খন গলগৈ। মানুহৰ ভীৰ কমিল। ঘৰটো শূণ্য হৈ পৰিল। পদূলিত পিহু আৰু নিতুৰ মাকে কোৱা কথাৰ ওঁঠ পঢ়ি বুজিলোঁ " মৰিল ভালেই হ'ল।" কোন মৰিল কি কথা একো উৱাদিহ পোৱা নাই। ইফালে বতাহে মোক ওপৰলৈ আৰু ওপৰলৈ নিবলৈ জোৰ কৰি আছে। বেছি নেভাবি মইও ওপৰলৈ উঠি গলো।


এতিয়া মই এশ কিলোমিটাৰ গতিত এটা অন্ধকাৰ পথেৰে ক'ৰবালৈ গৈ আছোঁ। পথ চোৱা দীঘল আৰু সুৰংগৰ দৰে। ঘিত মিত অন্ধকাৰত কাষৰ ফালে কি আছে মনিব নোৱাৰি। অনুমান কৰিছোঁ শূন্যৰ দেশত এইটো এটা সৰ্পিল পথ। অলপ ভয় ভয় লাগিছে চোন। মই অকলে তেনেকৈ ক'তো যোৱা নাই আজিলৈকে। মানুহজনলৈ বৰ মনত পৰিছে মোৰ। তেওঁ লগত থকা হ'লে সাহস দি আগুৱাই নিলেহেঁতেন। উভতি যাওঁ নেকি ? স্বামী আৰু সন্তানৰ লগত পুনৰ একেলগে আহি এই মায়াবী চহৰত এদিন এভুমুকি মাৰি যাম। পাৰিম নে উভতি যাব? নাজানোঁ। মই ছটফটাই উঠিছোঁ। উভতি আহিব খুজিছোঁ । ককবকাই উঠিছোঁ। অনুস্ব কণ্ঠ কাণত পৰিছে,

" চেন্স আহিছে ।" 

সু সজ্জিত কোঠাত মোক বেৰি লৈ কেইবাজনো মানুহ। পিন্ধনত বগা চাৰ্ট আৰু ওপৰত সেউজীয়া এপ্ৰণ। বগা টুপী পিন্ধা মহিলা দুজনীও ব্যস্ত ভাৱে ইফালে সিফালে ঘূৰি ফুৰিছে। স্বামীক বিচাৰি মোৰ চকুযোৰে হাহাকাৰ কৰি উঠিছে। সৌৱা, বাৰাণ্ডাত বেঞ্চ খনত অবিন্যস্ত চুলি আৰু শুকান মুখেৰে স্বামী আৰু সন্তান বহি আছে।

স্বামী আৰু সন্তানৰ মোহে মোক আগুৱাব দিয়া নাই। ইফালে কিবা এক অজান শক্তিয়ে মোক ওপৰৰ ফালে টানি নি আছে। সুৰংগৰ শেষ হোৱাৰ উপক্ৰম হৈছে। সন্মুখত পোহৰৰ ৰেঙনি দেখিছোঁ। 


ৱা ! এইটো চোন কোনোবা ৰজাৰ বৃহৎ অট্টালিকা। সোণৰ খুঁটা বোৰ জোনৰ পোহৰত জিলিকি আছে । জোনটো মাজ ভাগত অট্টালিকাৰ ওপৰত লাইট ওলমাই থোৱা দৰে ওলমাই থোৱা আছে। তাৰে পোহৰত সন্মুখৰ ফুলনিৰ ফুল বোৰে হালি জালি নাচিছে। এপাহ বৰ ধুনীয়া আৰু ডাঙৰ ফুল ফুলনিৰ ঠিক মাজত ফুলি আছে । বোধহয় ৰাণী ফুল। ডাঙৰ ডাঙৰ পাহি আৰু মাজত ৰেণু বোৰ চক্ৰ আকাৰে গঁথা আছে। ঈষত নীলা বৰণৰ ফুল পাহত ৰেণু বোৰৰ ৰঙ হালধীয়া। ঘূৰি পকি চাই শেষ কৰিব নোৱাৰা এইখন স্বৰ্গ লোক নেকি ? ধেৎ, মনতে নিজেই হাঁহি দিলোঁ । নৰকৰ কীট আমি স্বৰ্গৰ কল্পনা কৰিছোঁ। 


অট্টালিকাৰ মাজতে এখন বহল চোতাল।ঠিক ৰজাৰ দৰবাৰৰ দৰে। শাৰী শাৰী চকী সজাই থোৱা আছে । বৰ্তমান মোৰ বাহিৰে তাত কোনো নাই। ভাবিছোঁ, ডাঙৰ মানুহৰ ঘৰলৈ আলহী গ'লে আপ্যায়নৰ সাধাৰণ সৌজন্যতা খিনি দেখুৱাই মাত এষাৰ দিবলৈ কোনোবা এজন ওলাই আহিলে ভাল লাগে। ভৱা লগে লগেই কেইবাজনো ৰজাৰ দৰে সাজ পিন্ধা মানুহ খুব ততাতৈয়াকৈ সোমাই আহিল। তেতিয়াহে মন কৰিছোঁ, মোৰ ঠিক লগতেই শুদ্ধ বগা ধূতি পঞ্জাৱী পিন্ধা মানুহ এজন ৰৈ আছিল। আমি এনেকুৱা কাপোৰ পিন্ধা মানুহক বুঢ়া ডাঙৰীয়া কওঁ। ডাঙৰীয়াৰ ফালে চাই এবাৰ ফিচিক কৈ হাঁহিও এটা মাৰিলোঁ। মনতে বোলো হওক দে , যাওঁতে দুয়োটা একেলগে যাবগৈ পাৰিম। 


যাম কলৈ ? কৰপৰা আহিছিলোঁ ? বৰ্তমান ক'ত আছোঁ ? কোনফালে আহিলোঁ ? একো মনত পেলাব পৰা নাই। ইয়াৰ আগতে ক'ত আছিলোঁ ? ওহোঁ, একো মনত নাই। ৰজাৰ দৰে কাপোৰ পিন্ধা মানুহ কেইজন সজাই থোৱা চকী বোৰত বহিল। মাজত এজন মুখিয়াল বা সভাপতি । মণ্ডল অফিচৰ মেপ খনৰ দৰে ডাঙৰ কাগজ এখন মাজতে থৈ সকলোৱে বেৰি ধৰি তাত কিবা চাই চাই কথা পাতিছে। কি পাতিছে মই শুনা নাই । মাজে মাজে মোৰ ফালে আঙুলিয়াই কিবা কয়। ওচৰত থকা বুঢ়া ডাঙৰীয়া সদৃশ মানুহজানো আগুৱাই গৈ সামান্য দূৰত্বত ৰৈ হাত দুখন আগলৈ ৰাখি , ঠিক আমি সমবেত সংগীত গোৱাৰ সময়ত থকাৰ দৰে আছে। তেওঁক চিঞৰি চিঞৰি কিবা সোধে আৰু তেওঁ নম্ৰতাৰে উত্তৰ দিয়ে। এইবোৰ কি হৈছে নাজানোঁ। মোৰ কিন্তু থাকি বৰ ভাল লাগিছে। গাটো তুলাৰ দৰে পাতল হৈ বতাহত ওপঙি আছে। কঁকালত থকা পুৰণি বিষয়েও আজি আমনি কৰা নাই। মই বাৰু কোনোবা মহাকাশ যানৰ যাত্ৰী হৈ আছোঁ নেকি ? মনতে এনেই ভাবিলোঁ।পিছে নহয় মই কোনোবা এটা ৰাজ অট্টালিকাত আছোঁ যে এইটো বুজি পাইছোঁ। লাহে লাহে অট্টালিকাৰ চাৰিওফালে শাৰী শাৰী বন্তি কিছুমান জ্বলি উঠিল। ওপৰত ওলমাই থোৱা জোনবাই টো তেতিয়া পোহৰ স্তিমিত কৰি শুবলৈ লৈছে চাগে। পবিত্ৰ আত্মাৰ বহুত পুৰুষ মহিলা ফুলনিৰ অন্য ফালে থকা মুকলি ঠাইত সমবেত হৈছে। বোধহয় প্ৰাৰ্থনাৰ সময়। মুখিয়াল জনে ঘনে ঘনে মোৰ ফালে চোৱা বাবে মই অলপ অস্বস্তিত ভুগিছোঁ। মোক লৈ যে আলোচনা চলি আছে সেয়া এতিয়ালৈকে বুজি উঠিছোঁ। অলপ শংকা হৈছে। যদি মোক ইয়াৰ পৰা পঠিয়াই দিয়ে !মোক যদি তেওঁলোকে লগত নেৰাখে ? কত যাম মই ? ইয়াত কাকোয়েই চিনি নেপাওঁ। মনটো দুৰু দুৰু কঁপি উঠিল। ইতিমধ্যে মুকলি ঠাইত সমবেত হোৱা পুৰুষ মহিলা সকল পুনৰ নিজৰ নিজৰ ঠাইলৈ গুচি গৈছে। তাৰ মাজত এখন মুখে মোক বৰকৈ আমনি কৰিছে। যেন সেয়া মোৰ মা ! সাইলাখ মাৰ দৰেই খোজ কাটলে , কথন ভংগী। মাথোঁ তেওঁক বেছ সুখী আৰু সপ্ৰতিভ যেন দেখা গৈছে।

ধেই, কি বোৰ ভাবিছোঁ। মা ঢুকোৱা চোন আজি ছয় বছৰ পাৰ হল। ইয়াত নো কেনেকৈ দেখিম। ফুলনিৰ মাজত থকা ডাঙৰ ফুল পাহ কঁপি উঠিল।পাতৰ শব্দত সেইফালে চকু ঘূৰাই চাইছোঁ। সেই মানুহ গৰাকী। মানে মা মা লগা মানুহজনী ৰৈ মোলৈ ৰ' লাগি চাই আছে। মুখত মিচিকিয়া হাঁহিটো যে বিশ্বাস কৰক মই এই অন্ধকাৰ নিশা বন্তিৰ পোহৰত স্পষ্টকৈ দেখা পাইছোঁ। ইতিমধ্যে ৰজাৰ নিচিনা সভা খনৰ অন্ত পৰিল। সভাপতি বা মুখিয়াল জনে অলপ আগুৱাই সন্মুখৰ ফালে আহি মোলৈ চাই নমস্কাৰ দিয়াৰ দৰে হাত দুখন একেলগ কৰি অলপ আগলৈ হাউলি দিলে। মই কিবা কম বুলি ভাবোঁতেই মোৰ ওচৰত যে বুঢ়া ডাঙৰীয়া নিচিনা মানুহজন তেওঁ মোক জাষ্ট লাহেকৈ ঠেলা মাৰি দিলে। মই চোন সুসোঁৱাই তললৈ নামি আহিছোঁ। কিমান বেগত আহিছোঁ নাজানোঁ, নামি আহি আছোঁ। আগৰ বাটে নে বেলেগ বাটে আহিছোঁ মই নেজানো। মোৰ হাতত গতি নিয়ন্ত্ৰণ কৰিব পৰা ক্ষমতা নাই। চিনাকি চিনাকি গোন্ধ এটাই মোক উদ্বাউল কৰি তুলিছে। মই এতিয়া পুনৰ আমাৰ ঘৰৰ ওপৰত উৰি আছোঁ। মোক লৈ যোৱা গাড়ী খন মই বিচাৰি ফুৰিছোঁ। মোক থিতাপি লবলৈ এটা ঠিকনাৰ খুবেই প্ৰয়োজন। মই সোনকালে মোক বিচাৰি উলিয়াব নোৱাৰিলে হয়তো নষ্ট কৰি পেলাব, হয়তো জ্বলাই দিব। তেতিয়া মই সদায় এনেদৰেই উৰি ফুৰিব লাগিব ঠিকনা বিহীন ভাৱে। এইটো মই হ'বলৈ দিব নোৱাৰোঁ। স্বামী আৰু সন্তানলৈ মোৰ খুব মনত পৰিছে। সিহঁতে মোক বিচৰা নাই কিয় ? সিহঁতে মোক শব্দ দিয়া নাই কিয় যাৰ দ্বাৰা মই মোক বিচাৰি উলিয়াব পাৰোঁ! উৰি উৰি মোৰ ভাগৰ লাগিছে। আকৌ মোৰ উশাহ ঘন ঘন হৈছে। সেয়া, কৰবাত চিনাকি শব্দৰ ৰোল শুনিছোঁ। হয়, এয়াই মই। মোৰ ওচৰতে বহি সন্তানে কাবৌ কৰাৰ চিনাকি শব্দটো মোৰ কাণত ভাঁহি আছে। 

" মা, মা, এবাৰ চকু মেলা।

স্বামীৰ উচুপনি কাণত পৰিছে।

" মোক এৰি তই কলৈ যাবলৈ ওলাইছ। ?"

মই মোৰ ঠিকনা , আৰু মোক বিচাৰি পালোঁ।এতিয়া মই জিৰণি লব বিচাৰোঁ এসাগৰ ভাগৰে মোক হেঁচি ধৰিছে। সন্তানৰ আকুলতা মোৰ কাণত বাৰে বাৰে ভাঁহি আছে।

"বাছা, মই আহিলোঁ। তই নেকান্দিবি ।"

কথা হৈ নোলায় গেঙনি হৈ হে ওলাল চোন। বগা চাৰ্ট পিন্ধা মানুহবোৰৰ তৎপৰতা বাঢ়িল। 

" আহিল , আহিল, অক্সিজেন প্লিজ।

মুখত কিবা এটা পিন্ধাই দিলে। এতিয়া মই শুব খোজোঁ। দিন ৰাত একেকাৰ কৰি কেৱল শুব খোজোঁ। মোৰ এখন হাতত স্বামীৰ পৰশ মই অনুভৱ কৰিলো। আনখন হাতত বগা টুপী নিচিনা পিন্ধা মহিলাৰ। মই সন্তানক বিচাৰি আছোঁ, টোপনি অহা আগতে দুয়োকে কাষত থৈ লব বিচাৰোঁ। অন্যথা মই আকৌ উৰিবলৈ নিবিচাৰোঁ। সিহঁতে হে মোক ৰাখিব পাৰিব। মোৰ শিতানত কোনোবা এজন আছে। লাহে লাহে মোৰ চুলিত হাত বুলাই দিছে। সেয়া মোৰ সন্তানৰ পৰশ । মই নিশ্চিন্তে এতিয়া শুব পাৰোঁ।


কিমান সময় সোলো মনত নপৰে। সাৰ পাই দেখোঁ, ভৰিৰ ফালে চকী খনত স্বামী আউজী বহি আছে। কাষৰ বিছনাত সন্তান। কোনোবা নাৰ্ছিং হোম যেন লাগিল। গাটো লৰাব পৰা নাই। বিষত কেকাই উঠিলোঁ। স্বামী আৰু সন্তানে চিঞৰি উঠিল

" ডাক্তৰ , ডাক্তৰ, ডাক্তৰ ।


এতিয়া মই সুস্থ। সম্পূৰ্ণ এমাহৰ পিছত ঘৰলৈ আহিলোঁ। এমাহৰ স্মৃতি খিনি সযতনে বুকুত বান্ধি ৰাখিছোঁ। 


( লেখাটোত বহুত দিনৰ আগতে পঢ়া কোনোবা লেখকৰ গল্প এটাৰ ছা পৰিছে।লেখকৰ নাম বা গল্পটোৰ নাম মনত নাই। নিজৰ অনুমান হৈছে কৰবাত যেন পঢ়িছিলোঁ এনে কাহিনী । বাকীখিনি সম্পূৰ্ণ মৌলিক আৰু মোৰ নিজস্ব কল্পনাৰ। কপিৰাইট সংৰক্ষিত।)


                        

দ্বিতীয় বছৰ,জুন মাহ ১-১৫ সংখ্যা ২০২৪ কবিতা শিতান ২

 দ্বিতীয় বছৰ,জুন মাহ ১-১৫ সংখ্যা ২০২৪

কবিতা শিতান -২


■❤️মৰম❤️

✍️মনজিৎ দাস
বৰুৱাজানী, কামৰূপ,অসম
Ph:৭৬৩৬৮০৯৪৪০

ভালে থাকিবা দে কলিজা।
*সদায় সুখত থকা।*
*মোৰ ভাল পোৱাক অপমান কৰি,*
*নিস্বাৰ্থ প্ৰেমক উপলুঙা কৰি,*
*তুমি শান্তিত থাকা।*


*তোমাৰ হয়টো মনত নাই,*
*সেই কথা বোৰ,*
*যিদিনা তুমি কৈছিলা*
*তুমি সদায়ে মোৰ।*

*কিমান শপত দিলা তুমি,*
*তোমাৰ পৰা আঁতৰি আহো বুলি,*
*আজি গুচি গলা তুমি*
*মোক অকলসৰে এৰি।*

*সেয়ে কওঁ তোমাক আজি*
*নকৰিবা এনেকুৱা মিছা অভিনয়,*
*নেদেখুৱাবা এনে প্ৰেমৰ নাটক,*
*যেনেকৈ আছা তেনেকৈয়ে থকা,*
*মোৰ কলিজা,*
*তুমি শান্তিত থাকা।*



সৌন্দৰ্য্য কত বিচাৰি পাবা
                 ✍️ আৰতি শৰ্মা। 
        বাইহাটা চাৰিআলি। 
          

মা'ৰ কপালৰ ৰঙা ফোঁটত
দেউতাৰ কপালৰ নিমখিয়া ঘামত 
সত্য উপাৰ্জন আৰু সৎ পথত 
সৌন্দৰ্য্য বিচাৰি পাবা । 

বনৰীয়া ফুল ফুলা এখন ঘাঁহনিত,
উজ্জ্বল আৰু সোণালী চন্দ্ৰৰ তলত
গছৰ মাজেৰে যোৱা বতাহৰ মলয়াত 
সৌন্দৰ্য্য বিচাৰি পাবা । 

গোলাপৰ কোমল পাহিত,
বিশুদ্ধতম বৰফেৰে আবৃত পাহাৰত 
মুক্ত মনৰ শিশুৰ হাঁহিত
সৌন্দৰ্য্য বিচাৰি পাবা । 

ছন্দময় নৃত্যৰ সাগৰৰ ঢৌ'ত
সূৰ্য্যৰ জিলিকি থকা উষ্ণ চাঁৱনিৰ তলত
স্বচ্ছ নীলা আকাশত উৰি থকা চৰাইৰ মাতত 
সৌন্দৰ্য্য বিচাৰি পাবা । 

কৃষকৰ হালোৱা গৰু হালত 
সেউজীয়া ধাননি পথাৰত 
ৰিক্সাৱালাৰ ফটা গোৰোহাত
সৌন্দৰ্য্য বিচাৰি পাবা  । 
    ---------×--------


■সপোন

অজন্তা দত্ত বৰা,,,,নগাঁও


তোমাক বহুত ভাল পাওঁ
কিন্তু
কোৱাৰ সুবিধা কণ মিলা নাই
তথাপিও মনটোৱে হাহাকাৰ
কৰি আছে তোমাৰ বাবে আজিও ।
গোটেই ৰাতি তোমাৰ কথা
ভাবি ভাবি উজাগৰে পাৰ কৰো আজি বহু দিনৰে পৰাই 
তোমাক সদায় লগ পাওঁ
সদায় কথা পাতো আমি
সুখৰ দুখৰ আৰু বহুতো
তাৰ মাজতো তোমাক
ভালপাওঁ বুলি কব পৰা নাই মই আজিও।
কবলৈ মন যায়
কিন্তু
কলেই কিজানি তুমি আঁতৰি যোৱা মোৰ জীৱনৰ পৰা ।
সেইবোৰ কথা ভাবিয়েই
কোৱা হোৱা নাই তোমাক
ভালপাওঁ বুলি ।



■  🌲বিশ্ব পৰিবেশ দিৱস🌲


ছায়া বালা বৰ্মন। বিজনী, চিৰাং 


সকলোৱে মিলি আহা 
আমি গঢ়ো সেউজীয়া প্ৰাকৃতিক পৰিবেশ।
এইবোৰৰ উদ্দেশ্যে ---
ৰাখিম ভূমি পুণৰোদ্ধাৰ, 
মৰুভূমি দূৰীকৰণ,
খৰাং স্থিতিস্থাপক,
বিপদৰ পৰা ৰক্ষা কৰা 
উদ্যোগ সম্প্ৰদায়
ব্যক্তি সকল একত্ৰিকৰণ হোৱা।
লাহে লাহে হেৰাই যাব 
যান্ত্ৰিক পৃথিৱীৰ,
আমি পাহৰি 
সেউজীয়া ধৰনী 
সজাওঁ সেউজীয়া কৰি
এটি এটি বৃক্ষৰোপণ কৰি।
আহা সজাগ হও,
সংৰক্ষণ কৰোঁ গছৰ পুলি।
সকলোৱে একত্ৰিত হৈ শপত লওঁ,
জলবায়ু পৰিৱৰ্তন,
বনধ্বংস বন্ধকৰণ,
প্লাষ্টিক মুক্ত প্ৰদুষণ,
যানবাহনৰ প্ৰদুষণ,
ৰাসায়নিক কৃতনাশক দ্ৰব্য বন্ধকৰণ।

ধৰি ৰাখোঁ জৈৱ বৈচিত্ৰ্যৰ,
যতন লওঁ গছ-গছনি,
এডাল এডাল কৰি 
ৰুই দিওঁ গছ পুলি,
নিৰ্মল কৰোঁ ধৰিত্ৰী।
উশাহ-নিশাহ নহ'ব কষ্ট 
কাৰ্বন ডাই অক্সাইড আতৰাই 
অক্সিজেন আনো 
সু-স্বাস্থ্য গঢ়ি তোলো প্ৰতিজন।
চাৰিওফালে সুশোভিত কৰি 
পৰিবৰ্তন কৰোঁ,
প্ৰাকৃতিক পৰিবেশ সৌন্দৰ্য্যৰে গঢ়ো,
বসুমতী আইক শীতল ৰাখোঁ।
গছ ৰোপণ,
আৱৰ্জনা হ্ৰাস,
জীৱনশৈলীৰে 
বিশ্ব পৰিবেশ দিৱস 
হাতে কামে কৰি 
প্ৰতিবছৰে উদযাপন কৰোঁ 
বিশ্ব পৰিবেশ দিৱস।


সেউজীয়া পৃথিৱীৰ অন্বেষণত

আয়নাল হক,ধুবুৰী 


গৰম গৰম বুলি চিঞৰি থকাতকৈ
সচেতন হওঁ আহক
গছ-গছনি কটা বন্ধ কৰি
নতুন পুলি ৰোৱক।

গোলকীয় উষ্ণতা বাঢ়ি আহিছে
দিনৰ পাছত দিন
এনেদৰে আৰু বাঢ়ি থাকিলে
জলবায়ু হ'ব আৰু ভাৰসাম্যহীন।

সভ্যতাৰ নামত অট্টালিকা সাজি
সেউজীয়া কৰিছোঁ নাশ
হাতৰ কুঠাৰ ভৰিত মাৰিছোঁ
আনিছোঁ নিজৰ বিনাশ।

বিশ্ব পৰিৱেশ দিৱস বুলি
ৰোৱা হয় গছৰ পুলি
সংৰক্ষণৰ ব্যৱস্থা নোহোৱাৰ বাবেই
অকালতে যায় মৰি।

কাৰ্বন-ডাই-অক্সাইড, কাৰ্বন-মন'-অক্সাইডে
গোলকীয় উষ্ণতা বৃদ্ধি কৰে
এইবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ
গছ-গছনি ৰুব লাগে।

শব্দ প্ৰদূষণ,বায়ু প্ৰদূষণ
নিয়ন্ত্ৰণ কৰিবলৈ হ'লে
নাগৰিক হিচাপে নিজৰ দায়িত্ব
সকলোৱে পালিব লাগে।

জন সজাগতা বৃদ্ধি কৰি
পৰিৱেশ ৰক্ষা কৰোঁ আহক
সেউজীয়া আমাৰ পৃথিৱীখনি 
আৰু সেউজীয়া হৈ উঠক...।

            °°°°°°°°°°

পৰিৱেশ



সেউজীয়াৰ নিমিত্তে ব'লা যাওঁ আগুৱায়
ছাঁ ৰ পিছে পিছে ঘূৰিছোঁ
যায় গুচি প্ৰখৰ বেগে
ৰিবৰিব মলয়া পৱন
যিয়ে তাৰ শব্দবোৰ লুকাই থয়
কোনোবা অজান ঠাইত
কিনকিনিয়া বৰষুণজাক
যিয়ে তাৰ কথাবোৰ সোমাই থয়
শুভ্ৰ মেঘমালাৰ খোৰোঙত। 

সেই তাহানিৰ শস্য শ্যামলা পথাৰখন
ইটাভাটাৰ ধোৱাত মৰহি গ'ল
মেচিনৰ আৱাজ
সৱতে অপূর্ব সাজ
সেউজ পিন্ধা সেই পাহাৰবোৰ 
নঙঠা হৈ কি বিচাৰিছে? 
ৰাস্তাৰ কাষে কাষে হাঁহি থকা
সেই আলফুলীয়া বিৰিখবোৰ 
আজিকালি নিধান হৈছে
হত্যা কৰি কৰি সিহঁতক
শুকান চামৰাৰ সমুদ্ৰ সজাইছে।

দূৰৈৰ পৰা দেখা যায়
ওখ ওখ কংক্রিটৰ দেৱালবোৰ
যিবোৰে ৰিঙিয়াই মাতে প্ৰতিনিতে 
হাবিবোৰ আঘাতপ্রাপ্ত হ'ল
নিতৌ শুনা যায়
নিৰস কান্দোনৰ শব্দ
আধুনিকতাৰ আগ্ৰাসন
চৌপাশে যানবাহন। 

বনৰীয়া জীৱ-জন্তুয়ে কাণে কাণে
ফুচফুচাই ক'লে- 
সিহঁতবোৰ হেনো বৰ বিপদত
কৰ্কশ আজি
পখীৰ কলৰোল, 
অজন স্তৰৰ ফাট মেলিলে
সূৰুযৰ খং বাঢ়িলে
মৌনতা জানো সমাধানৰ পথ? 
ধৰিত্ৰীৰ কপালত যেন লিখা আছে
কুৰি শতিকাৰ সাৱধান বাণী
'জীৱশ্রেষ্ঠৰ ভয়ানক কৰ্মফল'
সেউজীয়াৰ নিমিত্তে ব'লা যাওঁ আগুৱায়। 
"""""""""""""""""""""""""""""""""""""""""""
বাহাৰুল ইছলাম (শিক্ষক) 
বালিজান, মৰিগাঁও



■তন্ময় ভাৱনা

অনন্ত কুমাৰ ভূঞা

শব্দ ৰাগিণীৰ
সুৰধ্বনি গভীৰ নিশা 
সাধনাৰ নিবিড় সপোন ।
কোনে বজায় বাঁ‌হীৰ সুৰত
বিৰহী গীতৰ সুৰ 
শব্দ সাঁ‌কোত বগোৱা মন 
নিৰ্মোহ মায়াজাল
তন্ময় ভাৱনাত
মৃন্ময় মূৰ্তিয়ে সাৰ পায়
পুৱতি নিশা ।

দ্বিতীয় বছৰ,জুন মাহ ১-১৫ সংখ্যা ২০২৪

দ্বিতীয় বছৰ,জুন মাহ ১-১৫ সংখ্যা ২০২৪

কবিতা শিতান ১


■ধনী মানুহৰ খং

 প্ৰিয়ংকা চমুৱা, ঢকুৱাখনা, লখিমপুৰ


দুখীয়াৰ দুখ

ধনীৰ সুখ

হেলান দিবপৰা আৰামী আসন

নাখাই পেলাই দিয়া উভৈনদী খাদ্য

তথাপি মনত খং।


দুখীয়াৰ উৰুখা পজা

শান্তিৰ আলয় সেয়া

ধনীৰ উৰুঙা, নিজান ঘৰ

হাতত তুলি দিয়া মাংস ভাত য'ত এলাগী

হাঁহি বোৰ মলীন তাত।


নিজৰ ভাল লগা বোৰ নাপালেই ধনীৰ খং

দুখীয়াৰ আত্ম সন্মান সানি কৰি চাই ৰং

নিজৰ ক্ষেত্ৰত কিন্তু বৰ সচেতন

পিছে হ'লে কি হ'ব

সত্য সুন্দৰ সদায় 

এদিন ওলাই পৰে প্ৰকৃত ৰং

সফলতা বিফলতাৰ বাৰ্তাৰ হয় অন্তিম শয়ন

সেয়েহে ধনী মানুহৰ উঠে বৰ খং।



■তাই আহিব নে?

মিন্টু গোৱলা, লখিমপুৰ, কদম


লাহে লাহে বেলিটি লহিয়ালে

চোতালৰ বকুলজোপাৰ তলত  বহি

 প্ৰেয়সী আহিব বুলি অপেক্ষাত আছোঁ।


বেলিটি ৰঙা হৈ পাহাৰৰ চুক

 এটাত সোমাই পৰিছে 


 কিন্তু ??


ইমান অপেক্ষাৰ পিছতো তাই নাহিল ।


তাই আহিব বুলি আশাক নিৰাশা

 নকৰি হেঁপাহৰে অপেক্ষাত আছোঁহি ,

তাইৰ কথাবোৰ ভাৱি।


 প্ৰিয় প্ৰেয়সী জনী  আহিলে 

বকুলজোপাৰ তলত দুয়ো 

নীৰৱে বহি পাতিলোঁ 

হেঁতেন বুকুৰ গোপন কথাবোৰ 


তাই আহিব বুলি 

অপেক্ষা কৰি আছোঁহি।


তাই আহিলে মোৰ বুকুখন 

 এখনি প্ৰেমৰ সাগৰ হৈ  বৈ যায় 

য'ত বৈ যায় মৰম, ভালপোৱা,আৱেগ, 

অনুভূতি,খং,অভিমান বোৰ ।


তাই আহিব নে ??

চোতালৰ বকুলজোপাৰ তলত ।




■ফাগুন ‌

✍️পৰী প্ৰিয়া


ফাগুন হৈ নামি আহা , 

শিমলুৰ জুইফুল হৈ তোমাক আৱৰি ৰাখিম । 

বাউলী পছোৱাজাকৰ সুবাস লৈ 

ধূলিয়ৰি বাটটোত বিষাদৰ সাক্ষী হৈ 

সৰাপাতৰ কাহিনী শুনিবলৈ 

তুমি ফাগুন হ'বই লাগিব । 

পলাশৰঙী সপোনৰ বুকু জুৰাই 

লঠঙা ডালত মদাৰৰ পাহি জিলিকাই 

প্ৰেমিক বৰষুণজাকত হৃদয় জুৰাবলৈ 

তুমি ফাগুন হৈ আহিব লাগিব । 

ভালপোৱাৰ ৰহণ সানি  

সপোনৰ বৰঘৰত 

মিলনৰ চুক্তি কৰিবলৈ 

তুমি জানো ফাগুন হৈ নাহিবা ? 

নিঠৰুৱা দেহত নতুনত্বৰ সঞ্চাৰ কৰি 

বিষাদ বেদনাত নিজকে আঁতৰাই ৰখাৰ 

প্ৰতিশ্ৰুতি ভংগ কৰিবলৈ 

ফাগুন হৈ তুমি জানো নিজক সলাব পাৰিবা ? 

নালাগে তুমি সলনি হ'ব ! 

প্ৰেম , ভালপোৱা , মৰম আৰু 

তলসৰা সৰাপাতৰ বেদনাৰ সাৰথি  হৈ 

তুমি ফাগুন হৈয়ে জিলিকি ৰোৱা ।

দুষ্ট ফাগুনৰ উন্মুক্ত উন্মাদনাত 

সৃষ্টিৰ বীজ সিঁচি 

জীয়া কাহিনীৰ এমুঠি আৱেগ হৈ 

তুমি জিলিকি ৰোৱা ফাগুন ।


                                        

    ■  এনেকৈয়ে হেৰাল মোৰ সপোন!

নাছিৰ আহমেদ, গোৱালপাৰা



এনেকৈয়ে হেৰাল মোৰ সপোন !

এতিয়া মই ক'ত যাওঁ,কি কৰোঁ

নীলাভ, তুমিয়েই কোৱা প্ৰিয়তম ?


সৌ সিদিনা তুমি যে  ৰুইছিলা গোলাপজুপি  ----  

 এতিয়া এপাহ দুপাহকৈ  ৰঙচুৱা ফুল ফুলিছে ।

বাৰীৰ ঢাপত গছৰ ডালত  নানা ৰঙৰ সুমিষ্ট ফল                              

দোঁ খাই ভৰি ভৰি পৰিছে ।

তাৰ ফাঁকেদি সৰকি আহিছে মৃদু  মলয়া বতাহ।

সৰু বৰ চৰাইবোৰে আমালৈ ভূমুকি চাইছে ;

ইনাই বিনাই কান্দিছে !

তুমি নাই নহয়, সেই কাৰণে !

কোঠাত সিঁচৰতি হৈ পৰি আছে

তোমাৰ অযত্ন পালিত বিভিন্ন সাজ।


কবি গুৰুৰ ভাষাত -----

চিহ্ন সেথা পড়ে আছে, হেথা তুমি নাই !

মোৰ কলিজাৰ কেঁচা তেজ টোপ টোপকৈ সৰিছে।


এনেকৈয়ে হেৰাল  মোৰ সপোন!

এতিয়া মই ক'ত যাওঁ, কি কৰোঁ

নীলাভ , তুমিয়েই কোৱা মোৰ সোণ ?

তুমি  কৈছিলা , সেউজ বননিৰে ভৰা আমাৰ বাৰী ;

কোনোবাই বিচাৰিলে বিলাই দিব পাৰিম

পাচিয়ে পাচিয়ে অম্লজান ।

অথচ! সামান্যতম অম্লজানৰ বাবেই -------

বিষাক্ত বিষাণু ক'ৰোনাই আজি ,কি কম !

তুমি প্ৰায়েই মোক বুকুত আওজাই লৈ কৈছিলা :

আমাৰ প্ৰেম চিৰ যুগমীয়া।

মোৰ কপালত ফুলি থকা দগমগীয়া ৰঙা বেলিটো

পোহৰাই ৰাখিব আমাৰ ঘৰ চিৰদিন চিৰকাল।

কিন্তু এচকুৱা ঢোৰা কাউৰীৰূপী ঈশ্বৰ!

জাপানী পুতলাৰ বেইমান ঈশ্বৰ !

একে থাপে নুমাই দিলে  কপালৰ ৰঙা সূৰুযকণ !!


এনেকৈয়ে হেৰাল মোৰ সপোন !

এতিয়া মই ক'ত যাওঁ,কি কৰোঁ

নীলাভ , তুমিয়েই কোৱা মোৰ প্ৰাণ ?

মোৰ চকুৰ পানী গোট মাৰি বৰফ হ'ল

বুকুৰ ভিতৰত  স্তূপীকৃত হ'ল প্ৰকাণ্ড শিলাখণ্ড !


এতিয়া কাৰ ওচৰলৈ যাওঁ

কোনে বুজিব মোৰ হৃদয়ৰ ব্যথা!

কোনোবা আছেনে এনে সুহৃদ ,

মোৰ সতীৰ্থ প্ৰিয় কবি বন্ধু ?

মোৰ বুকুত উপৰ্যুপৰি প্ৰহাৰ কৰি কৰি

দুচকুৱেদি বোঁৱাই দিয়া এসাগৰ ফেনিল জলোস্বাস!


সেইবুলি মই অকাল মৃত্যুকো আকোঁৱালি নলওঁ

নীলাভ ,তুমিয়েই জানো কোৱা নাছিলা :


" Our love is Divine

 Our love is Eternal,

No body in the world including God

May be separated our temporary body

But not able to  depart our United Soul !


  এনেকৈয়ে হেৰাল মোৰ সপোন !

এতিয়া ক'ত যাওঁ , কি কৰোঁ

নীলাভ ! নীলাভ! তুমিয়েই কোৱা প্ৰিয়তম ?

এনেকৈয়ে হেৰাল মোৰ সপোন !!



■ নিভাঁজ অনুভৱ 

✍️ সংগীতা ডেকা , ৰঙিয়া



নীলিম প্ৰেয়সী নীলাভ প্ৰিয়া মই

ডাৱৰৰ শুভ্ৰতাত লুকাই থৈছো 

সাতোৰঙী সপোনৰ এমুঠি আশা....!

আকাশৰ সীমনাত মেলি দিম আজি , 

কবিতা কবিতা লগা 

এক অজান শিহৰণ.....

তুমি বাৰু সজাবানে ? 

মোৰ শব্দৰ বিন্যাসত

তোমাৰ হৃদয়ৰ 

সেই নিভাঁজ অনুভৱক ?


■অহংকাৰীৰ অহমিকা



এই যে সুখৰ ওৱাদানিৰে 

পৰিপূৰ্ণ মধুজাখনত 

অহংকাৰীৰ অহমিকাৰ

আধিক্য অধিক।

কিন্তু অহমিকা সদায়েই যে 

কুন্ধচ স্বৰূপে খ্যাত।

তথাপিও কিয় বাৰু 

অহংকাৰীৰ অহমিকাৰ 

নহয় অন্ত।

বিমোহন যদিও 

তেওঁলোকৰ সৌন্দৰ্য,

তথাপিও ক্ষণে ক্ষণে 

বুকুত জীয়াই ৰাখে 

অহমিকাৰ প্ৰতিচ্ছবি।

পাহৰি যায় অ' তেওঁলোকে 

যে অহংকাৰে জীৱনৰ 

অন্তিম প্ৰতিচ্ছবি।

জীৱাত্মাই ক্ষণে ক্ষণে 

বিচাৰে কেৱল 

অহংকাৰৰ পৰা মুকুতি।

এই যে অমানুষিক অহংকাৰ

এই অহংকাৰে সঁচাকৈয়ে 

নাশ কৰে অ' 

মানৱৰ মূল্য।

তথাপিও নাই 

অহংকাৰীৰ অহমিকাৰ অন্ত।



নাম: হিয়া মণি ডেকা 

জিলা: কামৰূপ গ্ৰাম্য

ঘৰ: হাজো ( বাগটা)

শ্ৰেণী: একাদশ শ্ৰেণী



■*পছোৱা বতাহৰ পৰশ*


        🖋️মাম্পী দাস,(চান্দিনী)

       ৰানীপুখুৰী ভালুকমাৰী, (হোজাই)


গছজোপা মোৰ লগত মিচিকি-মিচিকি হাঁহি পাতিছে কথা 

মই শুনি আছোঁ দুহাত মেলি।

 

বতাহ বৈ থকা চাৰিওফাল

দেহাটো ঠাণ্ডা হৈ বতাহৰ লগত মিলি গৈছে।


দেহা-মন চুইছে শিহৰনত

কিমান যে লাগিছে শান্তি

কাকো বুজাব পৰা নাই?


বসন্তত বৰদৈচিলাৰ কালজয়ী বতাহ 

এজাক বৰষুণ আহিল বুলি 

জোৰকৈ উৰিছে আৰু দৌৰিছে বৰদৈচিলা।


শীতল লাগিছে বতাহক স্পৰ্শ কৰাৰ লগে লগে 

কিমান ভাল লাগিছে বুজাব পৰাই নাই।


পছোৱা বতাহত গছ-গছনিবোৰে 

ইফালে সিফালে হালি-জালি নাচিছে।


সন্ধিয়া এন্ধাৰ নামিব বুলি 

এক আধৰুৱা প্ৰকৃতিৰ দৃশ্য সন্মুখত থিয়।


সূৰ্য অস্তৰ সময়ত ৰঙা ৰং

মনোৰম এক নেদেখা চিত্ৰ

 পশ্চিম আকাশে কঢ়িয়াই আনিছে চকুলৈ।

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...