Tuesday, April 25, 2023

সেন্দুৰ:মিন্টু গোৱলা

              সেন্দুৰ




সৌৰভ আৰু অৰুন্ধতী দুজনৰ মাজত এটি সুন্দৰ প্ৰেমৰ সম্পৰ্ক আছিল। তেওঁলোকৰ দুয়ো একে খন স্কুলত পঢ়ে, যাৰ বাবে সিহতঁ দুয়োয়ে দুয়োকে এদিন নেদেখিলে পাগলৰ দৰে হৈ থাকে ।ফোনত কথা নাপালেও থাকিব নোৱাৰে ।সৌৰভে নিজকে যে আকাশ চুলো যেন ভাবি পঢ়া-শুনা বাদ দিলে । নিজৰ জীৱনটোৰ কথা ভবাই নাই মাত্ৰৰ প্ৰেমৰ মুক্ত আকাশত মুকলি মনত উৰি ফুৰিছে । লগৰ-লগৰীয়াই কথাবোৰ বুজাই যে ,তই এইবোৰত এতিয়া নপৰিবি অ,। আমি বহুত পালো বুলি সৌৰভক বুজাই কিন্তু সৌৰভে বুজি নাপায় । সিহঁতক সৌৰভে কয় যে তহঁতক হে কৰিছে , মোক নকৰে মই জানো মোক তাই বহুত ভাল পাই অ,। লগৰ-লগৰীয়াৰ কথা নুশুনে আনকি ঘৰৰ বায়েকৰ কথা ও নুশুনে ,বায়েকে জানে যে ইয়াৰ কিবা এটা নিশ্চয় হৈছে ।

             এদিন সৌৰভে ফোনত কথা পাতি আছিলোঁ ।সেইসময়ত বায়েকে শুনিলে সৌৰভক ক'লে যে - তই কাৰ লগত কথা পাতি আছ হে ।সৌৰভে ক'লে যে- লগৰ হয় বায়েকে ক'লে যে -মই কথা পাতিম বুলি ক'লে ,সৌৰভে ক'লে যে নালাগে  ।একেকৈ ঘৰত ঠগি দিন বোৰ পাৰ কৰে । এনেকৈ দুয়োৰ প্ৰেম কাহিনী আগবাঢ়ি গ'ল। দুয়োৰ সম্পৰ্ক ইমানেই যে গম্ভীৰ হৈ উঠিলে যে কোনোৱে এৰাব নোৱাৰা হ'ল।সৌৰভৰ মনত এদিন এটা কথাই বৰকৈ উলপাৰ কৰি আছিলে।লগৰ বোৰক ক'লে সিহঁতে হাঁহি উৰাই দিয়ে বুলি ,কাকো একো নকয় মনে মনে কথাটো মনত ভাবি ৰাখিছে ।ঘৰত ক'লে সৌৰভক ঘৰৰ পৰা খেদিব তাৰবাবে কাকো নকয় কথাটো ।সৌৰভৰ মনত উলপাৰ লগোৱা কথাটো হ'ল যে- অৰুন্ধতীৰ উকা কপালত কোনোৱে গম নোপোৱাকৈ সেন্দুৰ আবিৰ সানিব মন ,এই কথা ঘৰৰ বায়েকৰ কাণত পৰিলে তাৰ কলিজা খাই দিব ।মনৰ কথা মনত লয় দিন বোৰ পাৰ কৰি গৈ আছে । এদিন হঠাৎ কোনোৱে গম নোপোৱাকৈ স্কুলৰ জিৰণীৰ সময়ত মনৰ কথাটো ওঁঠত সাৰিব নোৱাৰি হাতে কামে কৰি দিলে ।সৌৰভে অৰুন্ধতীৰ শিৰত সেন্দুৰৰ আবিৰ সানিলে ,কথাটো কোনোৱে গম নেপায় । এনেকৈয়ে দিনবোৰ বাগৰি গ'ল ,সময়ৰ সোঁতত দু‌য়োৰ প্ৰেম কাহিনী আৰু গম্ভীৰ হৈ উঠিল ।কথাই কথাত

এদিন কথাষাৰ ওলাই পৰিল ,যে আমুকৰ ছোৱালী জনী ক আমুকৰ লʼৰাটো সেন্দুৰ সানিলে বুলি মানুহে ক'ব ল'লে । ছোৱালী জনী ৰ মা, দেউতা সমাজত মুখ উলিয়াব নোৱাৰা হ'ল, কিন্তু লʼৰা ঘৰত একো নাজানে।

অৰুন্ধতীৰ মাকে আৰু দেউতাকে অৰুন্ধতী ক ভালকৈ ক'লে যে-মাজনী  কিয় এনে কাম কৰিলি হে ,মই তক ইমান ভাল ছোৱালী বুলি  ভাৱিছিলো ,কিন্তু তই

কি কৰিলি হে , আমি সমাজৰ আগত কেনেকৈ মুখ দেখাম হে এবাৰ চিন্তা নকৰিলি ন। হঠাৎ দেউতাকে খংত  অৰুন্ধতীক দুই চৰ মাৰিলে । অৰুন্ধতীয়ে কান্দি কান্দি ক'লে যে- মোৰ ভুল হ'ল দেউতা ক্ষমা কৰিবা । দেউতাকে ক'লে যে-ইমান ডাঙৰ ভুল কৰা পিছত তই ক্ষমা কৰি দে বুলি কৈছ, আমাৰ নাক,মুখ কাটিলি , ঘৰৰপৰা উলিয়াই যায় । অৰুন্ধতীয়ে ফোনত কান্দি কান্দি সৌৰভক কয় যে-মা,দেউতাই গম পালে মোক তুমি লৈ যোৱা নহ'ল মই মৰি থাকিম অ,।সৌৰভে থৰ লাগি মনে মনে কথাবোৰ শুনি শেষত , উওৰ দিলে যে-তুমি তেনেকুৱা নকৰিব মই লয় আনিম তোমাক চিন্তাই নকৰিবা । অৰুন্ধতীয়ে ক'লে যে- মই আৰু এপলো নাথাকো এঘৰত সোনকালে আহা।সৌৰভে নভবাকৈ কথা দিলে যে মই তোমাক লয় আনিম বুলি ।

আনিলে যেনিবা কি কৰি খোৱাব তাৰ কথাও নাভাবিলে ,

আনকি ঘৰৰ মানুহে নাজানে যে লʼৰাই কি কৰি ৰাখিছে।

সৌৰভ বিপাঙত পৰিল কি কৰিম কি নকৰোঁ যেন হ'ল ,ঘৰত কথাটো ক'ব নোৱাৰে ।সিফালে অৰুন্ধতী ক কথা দিছে কি কৰিব এঘন্টা মান নিজানত বহি ভাবিলে ।

মনত একমত হৈ থিৰাং কৰিলে যে ঘৰত সোমাব নিদিলে ও অৰুন্ধতীক মই আনিম ,তাক মৰিব দি নোৱাৰো ।যিহʼব হ'ব পাছত দেখা যাব বুলি ভাবি সৌৰভে অৰুন্ধতীক ঘৰলৈ লয় আনে । বায়েকে ঘৰত সোমাবলৈ নিদিলে, ঘৰৰ পৰা খেদি দিলে ।সৌৰভে ঘৰ এৰি গুচি আহিল, দুয়ো একেলগে বৰ সুখী ভাবি সুন্দৰকৈ ঘৰ সাজিলে ।

বিয়া খনটো পাতিলে কিন্তু এতিয়াহে কি কৰিব ?

সৌৰভৰ মনত কিছুমান চিন্তাই বাহ ল'লে। মই আনিলো হয় ।এতিয়া মই কি কৰি খোৱাম বাৰু ? মইতো কাম কৰিব নাজানো পিছে এতিয়া মই কি কৰিম বাৰু? সৌৰভে ভাবি ৰাতিটো 

উজাগৰে কটালে । ৰাতিপুৱা উঠি কাম বিচাৰি গ'ল । কিন্তু সৌৰভক কোনোৱে কামত নলগাই কি কৰিব এতিয়া শেষত এজোপা গছৰ তলত অলপ সময় বহি ভাবিলে আৰু মনৰ ভিতৰত কিছুমান কথা ভূৰ ভূৰাই বকি আছিল । মই কি ভুল কৰিলোঁ বাৰু ? বায়েৰ কথা শুনিলে মোৰ এনে নহ'ল হেতেন, মই বৰ ডাঙৰ ভুল কৰিলোঁ। কি হ'ব বাৰু?সৌৰভে তেনেকৈ সপ্তাহতো পাৰ কৰিলে ।সৌৰভে কৰা ভুল বোৰ নিজে নিজে মনত শুদ্ধ কৰিব বিচাৰিছে কিন্তু এতিয়া শুদ্ধ কৰিও লাভ নাই ।কাৰণ আগত নভবাৰ বাৰে আজি এনে গতি ।

তেওঁ ভাবি ভাবি পানীত হাঁহ নচৰা অৱস্থা হ'ল।

                   সৌৰভ এতিয়া দোমোজাত পৰিল ।ঘৰলৈও যাব নোৱাৰে ,আনকি অৰুন্ধতীকো এৰিব নোৱাৰে ।

সৌৰভে উপাই বিহীন হৈ বিদেশলৈ কাম কৰিবলৈ যোৱাৰ 

সিদ্ধান্ত ল'লে । কিন্তু অৰুন্ধতীয়ে ক'লে -তোমাক মই অকলে বিদেশত যাব নিদিওঁ । তুমি মোকো লগত লৈ যাব লাগিব ।

সৌৰভে ক'লে যে-তোমাক মই লয় তাত কত ৰাখিম । মই  লগৰ এজনৰ লগত থাকিম বাৰু ! পিছে তুমি কত থাকিবা ।

অৰুন্ধতীয়ে উচুপি উচুপি ক'লে - মই তোমাৰ অবিহনে থাকিব নোৱাৰিম অ,।

সৌৰভে ক'লে-অলপ চেষ্টা কৰিবা পাৰিবা নহয় অকলে থাকিব । মই এবছৰ বাবেহে যাম ।আমাৰ ঘৰতো সাজিব পাৰিলে আৰু একোয়ে নালাগে । তেতিয়া সদায় তোমাৰ কাষত থাকিম। তোমাক খুৰা -খুৰী হঁতৰ ঘৰত এৰি যাম ।

কাৰণ ঘৰতো সোমাব নিদিয়ে ।তুমি  কষ্টকে হ'লেও থাকিবা । অৰুন্ধতীয়ে কথাবোৰ ভাবি বৰ কষ্টৰে মুখৰ পৰা মাতষাৰ দিলে , হ'ব যোৱা আমাৰ সপোনবোৰ পুৰন হ'ব ।ভালকে থাকিবা ।সৌৰভে ক'লে- উম! মই ভালকে থাকিম । কিন্তু তুমি ভালকে থাকিবা ।মোক বেছি চিন্তা কৰি নাথাকিবা , মই তোমাক ফোন কৰি থাকিম নহয় ।

অৰুন্ধতীয়ে ক'লে-কেকুজেকু মাতেৰে ক'লে উম ! তুমি তোমাৰ যত্ন লবা দেই ।

সৌৰভে ক'লে- উম‌! চিন্তা নকৰিবা মই মোৰ যত্ন লʼম অ,।

সৌৰভে খুৰা-খুৰীৰ হাতত মৰম বোৱাৰী জনক গতাই থৈ বিদেশলৈ গুচি যায় ।

সৌৰভে এদিন দুদিনকৈ  দিনবোৰ পাৰ কৰিবলৈ ল'লে , কিন্তু অৰুন্ধতীক এৰি অহাৰ কথাটো পাহৰিব নোৱাৰে। কিন্তু সৌৰভে নিজৰ মনত গম্ভীৰ বিশ্বাস ৰাখি সপোনবোৰ পুৰন কৰিবলৈ ধৰিলে ।সৌৰভে প্ৰতিটো পলে অৰুন্ধতীৰ খৱৰ ৰাখিছিল। অৰুন্ধতীও সৌৰভৰ প্ৰতিটো কথাই আখৰে আখৰে পালন কৰিছিল।মনে ভবা কথাবোৰ লাহে লাহে পুৰন হ'বলৈ ধৰিলে।

যাৰ বাবে দুজনে ভবাৰ দৰে নিজৰ সুখৰ সংসাৰ গঢ়িবলৈ পাৰিলে।

                     সৌৰভে বিদেশত থাকি সপোনৰ ঘৰখন সাজি লʼলে ।দুয়োৰে সপোনবোৰ পুৰন হ'ল ।সপোন পুৰন কৰি এবছৰৰ পাছত ঘৰলৈ অহাৰ সিদ্ধান্ত ল'লে।

কথাষাৰ সৌৰভে  অৰুন্ধতীক ক'লে যে মই গৈছো অহা মাহত । অৰুন্ধতীয়ে ক'লে- মই এই দিনটো লৈ বাট চাই আছিলোঁ ।সৌৰভে ক'লে -উম! চিন্তা নকৰিবা মই এতিয়া তোমাৰ কাষত সদায় থাকিম ।

অৰুন্ধতী ক'লে -উম ! আহি লোৱাচোন ।

সৌৰভ -গৈছোঁ অ,!     সৌৰভে ঘৰলৈ আহিল ।

               দুয়ো ন কৈ সজা ঘৰ খনত সুখেৰে দিনবোৰ পাৰ কৰিব ল'লে ।

সৌৰভে কৰা ভুল বোৰক শুদ্ধ কৰি নিজে চলিব পৰা হোৱা দেখি ঘৰৰ মা-দেউতা , বায়েকেও লাহে লাহে ভাল পাব ল'লে ।কাৰণ সৌৰভ আজি নিজৰ ভৰিত নিজেই থিয় হ'ব পৰা বাবে সকলো সুখী ।সৌৰভক ঘৰৰ মা দেউতা বায়েকেও ঘৰখনলৈ আদৰি ল'লে । এনেদৰে সুখেৰে দিনবোৰ পাৰ কৰিলে ।


                শ্ৰী মিন্টু গোৱলা লখিমপুৰ, কদম

ঈদৰ নিমন্ত্রণ:ৰিছামনি আকতাৰা,

                     ঈদৰ নিমন্ত্রণ




ৰমজান মাহ, গাড়ীত যথেষ্ট ভিৰ নহয় যদিও দেখিলোঁ মানুহগৰাকীয়ে ইচ্ছাকৃতভাৱে মোৰ কাষতে ছিটখনত বহিল।অলপ সময় মনে মনে থকাৰ পিছত মানুহগৰাকীয়ে সুধিলে- "বাইদেউ ক'লৈ যাব ?" মই সৰুকৈ উত্তৰ দিলোঁ। তাৰ পিছত লাহে লাহে এটা দুটা কথা পাতিবলৈ আৰম্ভ কৰিলে। এক কৌতুহলেৰে ইপদ  সিপদ বস্তু ভৰোৱা ডাঙৰ  মোনাখন দেখুৱাই ক'লে-"জীয়েকৰ ঘৰলৈ গৈ আছোঁ ঈদৰ নিমন্ত্রণলৈ।" পাতল পলিথিনেৰে  মেৰিয়াই মোনাত ভৰোৱা পিঠাবোৰ স্পষ্টভাৱে দেখা গৈ আছিল ঘৰত হাতে বনোৱা নানান ধৰণৰ পিঠা , চাউল, নাৰিকল, কাপোৰ-কানি ইত্যাদি বস্তুবোৰ। মানুহ গৰাকীৰ মুখখন চাই এনেকুৱা লাগিল মোৰ লগত  পাতা কথাবোৰত যেন তেখেতৰ কিবা আন্তৰিকতা লাগিছে । মই সৰু সৰু কৈ সোধা প্ৰশ্নবোৰৰ উপৰি আৰু বহুত কথাই কৈ যাব ধৰিলে। কিছু সময় পিছত হঠাৎ দেখিলোঁ মানুহগৰাকীয়ে এক হুমুনিয়াহ কাঢ়ি কিছু কথা ক'বলৈ ধৰিলে। ইমান সময় জীয়েকৰ ঘৰলৈ বস্তুবোৰ লৈ যোৱাৰ যি আনন্দ আছিল ক্ষন্তেকতে কিবা বিষাদৰ ঢৌৱে যেন কথাৰ সুৰটো সলনি কৰি দিলে। "ছোৱালীজনী মোৰ শিক্ষিতা কিন্তু আমাৰ আৰ্থিক অৱস্থা সিমান ভাল নহয়। জোৱাঁৱেকৰ ঘৰ বহুত ধনী মানুহ। নিজৰ উপাৰ্জনেৰে যিমানখিনি পাৰিছোঁ চেষ্টা কৰি বহুত হেঁপাহেৰে বস্তুখিনি আনিছোঁ কিন্তু সিহঁতৰ ঘৰত আমাৰ দুখীয়াৰ বস্তুৰ কোনো সমাদৰ নাই। সন্মুখত ক'ব কি দৰকাৰ আছিল বিয়নি এইবোৰ খৰচা কৰাৰ ।আঁতৰি গ'লেই আকৌ পৰোক্ষ নিৰ্যাতন।(কাম কৰা বাই জনীক কাপোৰযোৰ দি দিবা বোৱাৰী,আমাৰ কোনে পিন্ধিব এইবোৰ) ছোৱালীজনীয়ে সিদিনা ফোনত আক্ষেপেৰে কয় আছে: মা, কাপোৰবোৰ অলপ ব্ৰেণ্ডেড  আনিবা নহ'লে ইয়াত কোনো সমাদৰ নাই,কিন্তু আমাৰ দুখীয়াৰ ঘৰত আন্তৰিকতাত যি সুখ পোৱা যায় ইয়াত ব্ৰেণ্ডেড কাপোৰত সেইখিনি সুখ নাপাওঁ! "

                    মানুহ গৰাকীৰ সহজ সৰল কথাবোৰে  ভাবুকি কৰি তুলিলে হঠাৎ আকৌ আৰু এটি কথাত হৃদয়ত ক'ৰবাত জোকাৰি গ'ল। মই পিন্ধি থকা চাদৰ মেখেলাযোৰ দেখুৱাই আকৌ ক'লে- "বাইদেউ কাপোৰযোৰৰ দাম কিমান পৰিব? মোৰ জীয়ৰীজনী দেখাত আপোনাৰ দৰেই, আমাৰ ইচ্ছা থাকিলেও কেতিয়াবা কিছু সপোন ,সপোন হৈয়েই থাকি যায়।"  

                মৈৰাবাৰী মৈৰাবাৰী বুলি বাছৰ কন্টাক্টৰ জনে চিঞৰাত ক'লোঁ, আন্টি আপোনাৰ নামিবৰ হ'ল। একহাতে গধুৰ বোজাৰ মোনাখন দাঙি লৈ আনহাতে মোৰ মূৰত হাত বুলাই  :আল্লাহ তালাই আপোনাক সুখী কৰক বুলি কয় মানুহগৰাকী বাছৰ পৰা নামি গ'ল। ইফালে মোৰ চলচলীয়া চকুযুৰিত হাজাৰটা বিষাদভৰা প্ৰশ্নৰ সৃষ্টি হৈয়েই ৰ'ল.....? 

       " ব্ৰেণ্ডেড কাপোৰতেই সুখবোৰ থাকে নেকি? "


✍️ৰিছামনি আকতাৰা, মৰিগাঁও।

দ্বিতীয় বছৰ এপ্ৰিল মাহ দ্বিতীয় সংখ্যা

 

◼️দ্বিতীয় বছৰ◼️এপ্ৰিল মাহ◼️ দ্বিতীয় সংখ্যা


       বিতা শিতান



           ⭕️ দুই বন্ধু


(ঈছপৰ সাধুৰ আধাৰত ৰচিত)

         (শিশু কবিতা)



নলে গলে লগা দুই বন্ধুয়ে
চহৰ লৈ বুলি খোজ ল'লে,
গভীৰ অৰণ্যৰ মাজ ভাগতে
ভালুক এটাই বাট ভেটিলে !

ভয়ত থৰহৰি কম্পমান হৈ
প্ৰথম বন্ধুয়ে গছত উঠিল,
দ্বিতীয় বন্ধুয়ে দোৰি গৈ গৈ
মাটিত দীঘল দি শুই পৰিল !

পঙ্গু ভালুকেও মৰা শ' নাখায়
পুথিত পাইছে ভালকৈ জানে,
দ্বিতীয় বন্ধুয়ে  মৰাৰ ভাও লই
দম বন্ধ কৰি ৰ'ল মনে মনে !

ভালুকে আহি পৰীক্ষা কৰিলে
নাকে কাণে মুখে শুঙি চালে ,
দুখ মনেৰে সি মৰা বুলি এৰিলে
হাতত পায়ো বাটত হেৰুৱালে !

গছত উঠা বন্ধুয়ে ভেবা লাগি চাই
খৰখেদাকৈ তল লৈ নামিল,
"বন্ধু! কি ক'লে সেই ভালুক কাই ?
মনত বৰ কৌতুহল জাগিল !"

উত্তৰ দিলে তপৰাই-উপায় নাপাই
"বিপদত পাবা বন্ধুৰ পৰিচয়,
বিশ্বাসহীন ঠগ বন্ধুক নল'বা চপাই
প্ৰকৃত বন্ধু কাষত থাকি যায় !"

আমিৰ হুছেইন আহমেদ |

_________________________________________


⚪️ব্যস্ততা যেতিয়া অজুহাত হয়




হাঁহিলে হাঁহিব, মাতিলে আহিব
এইয়া জীৱন বাটৰ সুৰ।
সুৰৰ জালত আবদ্ধ
মানৱীয়তা আজি সত্য পথৰ অনুসন্ধানত নিৱদ্ধ।

সঁচা কোন,
মিছা কোনো?
প্ৰমাণ ল'বলৈ সকলো বস্তাত আবদ্ধ!

নাই কোনো সত্যতা
নাই কোনো সঠিক নিৰূপণ।
অৰ্থহীন কথাই জুৰুলা কৰা মানৱ আজি ব্যস্ততাত নিৱদ্ধ।

সঠিক পথৰ সন্ধানত
আত্মীয়তা আজি শত্ৰুৰ দিশে ধাৱবান।
আপোন জনৰ সন্ধানত
ব্যস্ততা যেতিয়া অজুহাত হয়
মৰম স্নেহ তেতিয়া কম হয়!


✍️কনমনি নাথ। বি'ব্লক (বাক্সা)

_________________________________________


🔴পিতৃপুৰুষ



✍️প্ৰগতি গগৈ চাংমাই , নাজিৰা


নাঙলুৰ সীৰলুত ধৰি
পথাৰ চহাই
সোণগুটিৰ ভৰত ধুনীয়া ধৰণী
পিতৃপুৰুষৰ বাবেই..
দুহাতেৰে কপি দাখন সাৱটি
দিন হাজিৰা কৰি
পোহপাল দিছিল পিতায়ে..
কঁপি কঁপি ঠাণ্ডাত
ফটা কেঠাখন মোৰ গালৈ উজাই দি
সুখী পিতাই...
অসুখে চুব নোৱাৰাকৈ সুখী তেওঁ
মোক মানুহ কৰাৰ স্বাৰ্থত..
এতিয়া পিতাই মোৰ বুঢ়া হ'ল
হাত ভৰিত বয়সৰ আঁচোৰ
তথাপি পিতাই আগৰণুৱা
মই কওঁ- 'শুনচোন পিতাই,
মই মানুহ হোৱাৰ পথত!
তোৰ কষ্ট অথলে যোৱা নাই ..
ভগৱানে কৃপা কৰিলে
চহৰত চাকৰিতো হ'ব
তোৰো-মোৰো দুখৰ দিন ওৰ পৰিব।

_________________________________________


🔴ঈদ মোবাৰক



সৌ চোৱা আকাশত
জোন উঠিছে;
উছৱৰ বতৰ ঈদৰ খবৰ
জোৱাৰ উঠিছে।

মিঠাই, স্বেমাই, পোলাও, নাস্তা
মায়ে বনাব;
নতুন কাপোৰ পিন্ধি অকণি হ'তে
উদৰ পূৰাই খাব।

ঈদ মানে আনন্দৰ উৎসৱ
মুক্ত হস্তে দান কৰা;
ঈদ মানে শত্ৰুতা পাহৰি
মিলা- প্ৰীতিৰে হাতে হাত ধৰা।

ঈদ মানে আত্মাৰ পৰিশুদ্ধি
সৌহার্দ্য ও সংহতি প্রকাশ কৰা;
ধনী-দুখীয়া, উচ্চ- নিম্ন
ভেদাভেদ পাহৰা।

বছৰ ঘুৰিল ঈদ আহিল
সকলোলৈ শুভেচ্ছা জনালোঁ;
সম্প্ৰীতিৰ এনাজৰীডাল অধিক
মজবুত হোৱাৰ কামনা কৰিলোঁ।।


✍️ এহিয়া আহমেদ।
বৰথল কছাৰী গাওঁ, মৈৰাবাৰী, মৰিগাঁও।
মোবাইল নং- ৮৮৭৬১২৩১২৪

_________________________________________


◼️অবুজ বেদনা

নিশাৰ গভীৰতাৰ লগে লগে
চাৰিওফালে মৰিশালীৰ নিস্তব্ধতা
ভাহি আহিছে কাৰখানাৰ শব্দ
নিদ্ৰা দেবী আজি যেন ৰূষ্ট

ঘড়ীৰ কাঁটা আৰু কেলেণ্ডাৰে
অতীতৰ পিনে ধাৱমান হৈছে
বুকুখন কোনোবা এঠাইত যেন
কিহবাই হেচাঁ মাৰি ধৰিছে,

কিহৰ বাবে নো আছিল যাত্ৰা
এক দীঘলীয়া সময়ৰ বাট...
জীৱনৰ বাট নে বাটৰ নাট
ধৰিবই নোৱাৰা হলো দেখোন,

অতি অভিমানী মন গহনত
হৃদয়ৰ গভীৰতাত ঠেঁহ পাতে
শব্দবোৰ যেতিয়া বেছি হৈ যায়
অৰ্থ হীন হয় সকলো  অনুভৱ,

শৰতৰ নিয়ঁৰ সনা সেমেকা ৰাতি
জীপাল হৈ উঠে কাৰনো প্ৰতিচ্ছবি
অনুভৱী হিয়াৰ  ৰাজকাৰেংত
ৰিঙিয়াই মাতে তপ্ত আখলত।।

✍️ঈশা ৰহমান, উত্তৰ গুৱাহাটী।
মোবাইল নং- ৬০০৩৯২২৭৫২

_________________________________________


🔵উত্তৰ নিমিলা অংক

                   ✍🏻ৰুম্পী দাস                               
                        ভালুকমাৰী
           ৰাণীপুখুৰী , হোজাই



তুমি এটা উত্তৰ নিমিলা অংক ,
              মই যি অংক ...
যোগ , বিয়োগ , হৰণ , পূৰণ কৰিও
     উত্তৰ মিলাব পৰা নাই ।
      গধূৰ কঠিন্যতাৰে ভৰা ,
            অংকৰ ভাৱ ,
  প্ৰাধান্যময় সকলোৰ কাষত
         তুমি হ'ব নিবিচৰা ।
            বহু হেঁপাহেৰে ,
       অংক কৰাৰ চেষ্টাৰে
         আজি মই নিৰুপায় ।
     উতলা যৌৱনৰ আমনিত ,
       বাৰে বাৰে তোমাকেই
            দুচকুত হেৰাওঁ ।
             শিহঁৰণ জাগে
            শান্তিৰ দুৱাৰত ,
               সাৰে আছোঁ
           প্ৰতিক্ষণ তোমাক ...
     হৃদয়েৰে অনুভৱ কৰিবলৈ ।
           ভালপোৱাৰ ভৰাঁল
             সজাই ৰাখিছোঁ ,
        সহস্ৰ ব্যস্ততাৰ মাজতো ।।

              
_________________________________________

🔴দৰা - কইনা

               ✍🏻বিৰাজ বল্লভ নাথ
                    খগা, লখিমপুৰ



দুবাহুৰ কাষত, কইনাৰ সাজত
কেতিয়ানো দেখা পাম তোমাক ?
ৰভাতলি শুৱনি হʼব,
চৌদিশে উলহ - মালহ,
মাজে মাজে আয়তিৰ উৰুলি ।
বুকু ভৰি মৰম থকা
সপোন ৰাজ্যৰ ৰাণীজনী হʼবলৈ
তুমি আগুৱাই আহিবা কইনাৰ সাজত ।
আমি দুয়ো পিন্ধি লʼম,
লাজে লাজে এটি মিঠা হাঁহি ।
দুয়ো বহিম হুমৰ গুৰিত,
অগ্নিক সাক্ষী কৰি সাতপাক ঘূৰিম,
পুষ্প বৰ্ষা হʼব আমাৰ দেহা ।
নীৰৱে দুয়ো কথা পাতিম,
হৃদয়ে - হৃদয়ৰ সৈতে সুখ-দুখৰ ।
অতীতক পাহৰি সপোন ৰচিম
দুয়ো দুয়োৰে সৈতে ভৱিষ্যতৰ ।
ক্ষন্তেকতে দুয়ো মৌন হʼম,
তথাপি মৌনতাই কৈ যাব বহু কথা ।
বিষাদগ্ৰস্ত হৃদয়ে
পুনৰ হাঁহি উঠিব,
মই তোমাৰ দৰা আৰু
তুমি মোৰ কইনা হʼবা,
দুয়োৱে আৰম্ভ কৰিম
নতুন পথেৰে এক নতুন জীৱন ।

_________________________________________

🔴এটি পলৰ অনুভৱ



আকাশ ডাৱৰে ঢকা
নিৰৱ,
এজাকি সেমেকা শীতল বা
বলিব লাগিছে যেন
মোৰ কলিজাৰ শিঁৰে শিঁৰে...

বাগানৰ সেউজীয়া কুঁহি
বাওলী বতাহ ছাটিয়ে যাই চুমি  ।

মই ক'ত আছো?
মই থাকো ক'ত?

নিজকে পাহৰি যাঁও
বহল বুকুৰ পৃথিৱীত হাত ফুৰাই
দিক্ শুন্য হওঁ...

"মই অকলশৰীয়া" ভাৱটো
অজানিতে মনলে আহিলে
তুমালৈ মনত পৰে.…
তথাপি উভতিব নোৱাৰি,
উশাহ.......!!!

শব্দৰে সজা এটি জীৱন
বাক্ হীন বহুপল..….?

         ---সুৰজ বৰগোহাঁই, ধেমাজি, মৰিঢল
_________________________________________


🔴ঈদ মোবাৰক

বাহাৰুল ইছলাম


পৱিত্ৰ মাহৰ           অন্তত আহিল
            কি যে খুচিৰ ঈদ,
কাঁচিজোনটিয়ে        ৰিঙিয়াই মাতে
           সৱৰে হওঁক হিত।

ৰোজা মাহৰ         প্ৰতিটো ক্ষণে
        আনন্দ কঢ়িয়াই আনে,
চেহৰী,ইফতাৰৰ        সময়বোৰ
            সৱে ভালকৈ জানে |

দিৱসৰ উপৱাস       কৰোঁতে আহ-যাহ
          ইফতাৰৰ সময় হয়,
ৰোজাৰ    বাৰেৰহণীয়া ক্ষণে কয়
        মানৱতাৰ সৰ্বদা জয়।

বিশৰ অন্তত            বিযোৰ নিশাৰ
          আছে অনেক গুণ,
ঈদৰ সুবাসত     সেউজী ধৰাই
          কৰে ৰুণ-জুন।

জাকাত-ফিতৰাৰ       অনেক পুণ্য
            ঈদৰ অন্য সুবাস,
ইজনে সিজনক          কৰে আলিংগন
          যেন আনন্দৰ  সভা।

নানান জন             নানান জাতিৰ    
            অনন্য সমাহাৰ,
পৱিত্ৰ ঈদে           কঢ়িয়াই আনক  
        শান্তিৰ বৃষ্টি ধাৰাষাৰ।

বাহাৰুল ইছলাম (শিক্ষক)

_________________________________________

🟣পৰিত্যক্ত প্ৰেমৰ বেদনা


                            ✍️ দৃলীনা দাস ।

তুমি নহা হলেই ভাল আছিল
মোৰ সেউজী ধৰালৈ
মোৰ হৃদয়খন প্ৰেমহীন বিষাদেৰে ভৰাই পেলাবলৈ
তুমি নহা হলেই ভাল আছিল।
মোৰ হৃদয়ৰ নিষ্পাপ মণিকোঠালৈ
মোৰ সেউজীয়া খিনি কলা ডাৱৰে ঢাকি পেলাবলৈ।                            তুমি নহা হলেই ভাল আছিল।
মোৰ নিষ্কলুষ হৃদয়ত প্ৰেমৰ ধৰা বোৱাবলৈ
হিয়া উজাৰি দিয়া ভালপোৱাক প্ৰতাৰনা কৰিবলৈ
তুমি নহা হলেই ভাল আছিল।
মোৰ হৃদয়ত থিতাপি লবলৈ
প্ৰেমৰ কঠিয়া পৰা মোৰ হিয়াত বিষ ঢালিবলৈ
সঁচাই তুমি নহা হলেই ভাল আছিল ।।

_________________________________________

স্মৃতি


তাহানিৰ  নীলাঞ্জনা
তাহানিৰ চেনেহ বান্ধোন
স্কুলীয়া জীৱনৰ সেই স্মৃতি

বʼহাগৰ এটি মিঠা আবেলি 
আৰু এডৰা সেমেকা বননি
বৰষুণ জাক চাগৈ এই মাত্ৰ গ'ল
লগত এজাক প্ৰাণোদ্বীপ্ত লগৰীয়া
হাঁহিৰ খলকনিত পৃথিৱী কঁপে

আকৌ সিদিনাৰ সৰগীয়া এটি গধূলি
হাঁহি আৰু গানৰ  গুণগুণনি
সময়বোৰে একেলগে প্ৰাণ পাই উঠে
বেসুৰা গানৰ  সুৰৰ হাঁহিয়ে তাল  কাটে
সময়বোৰ ধৰি ৰাখিব মন আছিল
স্মৃতিবোৰ আহি মণিকোঠাত জিৰণি লয়
সময়বোৰ ৰেলৰ উকিৰ লগত  উৰি যায়
জীৱনৰ শূণ্যতা খিনি লিখি আছোঁ মনৰ ডায়েৰীত।।


জ্যোৎস্না ৰানী বেগম

_______________________________________


                ⚪   অজুহাত:



                

তগৰ ফুলা বসন্তৰ প্ৰতিটো স্নিগ্ধ সন্ধিয়াত
তোমাৰ সংগ পাই জীপাল হোৱা
মনৰ আকাংক্ষাবোৰ আজি...
বিষাদৰ গ্ৰাসত মৌনতাৰ অজুহাত হৈ পৰিছে।

এটা অজুহাত দেখুৱাই তুমি
কোনোবা হাস্নাহানা ৰাতিত
জালিকটা জোনাকৰ মাজেৰে কাকো নজনোৱাকৈয়ে তুমি গুচি গʼলা ...
হাতত সাৰে ভৰিত সাৰে ..
সচাকৈয়ে যোৱাৰ যদি ইচ্ছা আছিলেই
অজুহাতৰনো কি দৰকাৰ আছিল ?

তুমি নথকাৰ বাবেই আজি
বছৰৰ বিহুটিত মোৰ মন
বিষাদৰ ডাৱৰে ঢাকি ৰাখিছে ।

বিহু বুলি কʼলেই গা সাতখন - আঠখন কৰা
মোৰ ৰাংধালী মন , শৰীৰ আজি
চাৰিবেৰৰ মাজতেই যেন আৱদ্ধ হৈ আছে।
তোমাক দিম বুলি ততাতৈয়াকৈ বোৱা
বিহুৱান খনো শালতে থকাতে আছে।

তুমি জানানে ...     
তোমাৰ অপেক্ষাত মোৰ         
নিদ্ৰাহীন চকুযুৰী ,
এতিয়া, ৰক্তাভ হৈ পৰিছে আৰু সৰি পৰা
প্ৰতি টোপাল চকুপানীত ...
অপেক্ষাৰ এটি এটি পল কমি গৈছে।

সেয়েহে, অভিমানৰ অজুহাত লৈ
মোৰো গুচি যাবৰ মন...
এদিন সন্তপৰ্ণে কাকো নজনোৱাকৈয়ে
কোনো বৰ্ষণমুখৰ ৰাতি অথবা
নিমাও মাও দুপৰীয়া এটিত।

তোমাৰ অবিহনে কেনেবাকৈ যদি
ভিজি উঠে দুচকুৰ পতা
ব্যস্ততাৰে দেখুৱাব পৰিম
বৰষুণত তিতাৰ অজুহাত... !!

: শ্ৰী পৰিস্মৃতা দত্ত
জিলা: শিৱসাগৰ
_________________________________________


🟢মনত স্বাৰ্থ ত্যাগৰ সমাধি

                      ✍🏻ৰুম্পী দাস
                           ভালুকমাৰী
              ৰাণীপুখুৰী , হোজাই


মোৰ ৰঙীন মুখখন ,
চিন্তাত মগ্ন হৈ
গভীৰ স্তম্ভিত ।
মোৰ সুপ্ত দেহৰ
অনুভূতি প্ৰৱল ;
সাউৎকৰে মনৰ কথা
সংৰক্ষণৰ সমাপিলে
সাময়িক শান্তি
অতি সহজলভ্য ।
স্বাৰ্থ ত্যাগৰ সমাধি ,
সৱলীকৰণত সমিধান ।
মোৰ প্ৰেম প্ৰতি
আসক্তি নোহোৱা ,
তথাপি মঞি ভালপাওঁ
আজিও বিৰল ।
ৰূপান্তৰিত হ'ল
বিস্মিত ভাৱমূৰ্তি ,
আৰু মই তাতেই মগ্ন ;
মতানৈক্যৰ বলিদান
নৃশংসভাবে হৈ পৰিল ।
মেঘমল্লাৰ সপোনত ,
আজিও যৌৱনা উন্মাদ ।

     
_________________________________________


🟡  আই তয়ে আহিবিচোন


                      মেঘালী বৰা
                       গুৱাহাটী, হেঙেৰাবাৰী

এইবাৰ মই বিহু পাতিব নোৱাৰিলোঁ
আচলতে বিহু পাতিবলে সময়ে নাপালোঁ
বিহুৰ তিনদিন আগতে প্ৰাতঃ ভ্ৰমণত
ৰাস্তাতে অষ্টাংগে উজুটি খাই  কৰিলোঁ প্ৰণাম
মোৰ আগে পাছে থকা সকলো দৌৰি আহিলে
কোনোৱে ক'লে আপুনি উজুটি খাইছে
এজনে ক'লে আপোনাৰ কপালখন ফুলিছে
অকণমানি এটাই ক'লে আণ্টি
তোমাৰ নাকৰ তলত  তেজ ওলাইছে
লাহে লাহে উভতিলো ঘৰলে
আইনাখন চাই দেখিলোঁ
কাম চৰাই ৰঙা ঠোঁট তাতে দিলে সেন্দুৰ ফোট
কপালত আকি দিলে ৰঙাকৈ তিলক
আঠু দুটা কিনো চাবা তপত তেলত ভজা দুটা ঘিলা পিঠা ।
ভয়ে ভয়ে গৃহস্থক জগালো উঠকচোন উঠক
সিহঁতৰ ঘৰলৈ চাওঁতে
চিট ভলঙা দি পৰিলোঁ বাটত ।
গৃহস্থৰ গালি বৰ্ষণ নাজানা নেকি
মাছৰ চিকুণ মোৱা টোপনিৰ চিকুণ পুৱা ।
উস্ আস্ কৰি গৃহস্থই লগালে মলম সানি
তেতিয়াহে ধোকে ধোকে খালোঁ পানী ।
গাড়ীত উঠি হস্পিতেললৈ বুলি দিলোঁ লৰ
ইমাৰ্জেঞ্চিৰ ডাক্তৰ নাৰ্চে লগালে ধৰফৰ ।
ব্লাড নিলে চুগাৰ চালে পেচাৰো চালে
দ্ৰেচিং কৰিলে বেজী দিলে কপালত লগালে বৰফ ।
প্ৰেছকিপছনত লেখি দিলে স্কেনিং কৰাই ভাল।
স্কেনিং কৰিলোঁ ৰিপৰ্ট দিলে
দিনে দুবাৰকৈ চাৰিটা পিল মুঠতে আঠোটা
মলম লগাওঁ বৰফ লগাওঁ দিনে তিনিবাৰ
দিনৰ দিনটো বিহুৰ বতৰত এয়াই মোৰ কাম ।
এইবোৰত লাগি থাকোঁতে আই
আচলতে বিহু যোগাৰৰ সময়ে নাপালোঁ
সেয়ে কৈছোঁ আই তয়ে আহিবিচোন
ফোনতে দিলোঁ নিমন্ত্ৰণ ।

_________________________________________


🟠বসন্তৰ আগমনত মোৰ উৰণীয়া মন:


শীতৰ নিষ্ঠুৰ পৰশত
নীৰৱ নিস্তদ্ধ হোৱা প্ৰকৃতিৰ সৌন্দৰ্য
পুনৰ বদ্ধন কৰিবলৈয়ে যে
ঋতুৰাজ বসন্তৰ আগমন ,
গছ-বনৰ কোমল কুঁহি পাতৰ
সেউজীয়া মন।

মধু বসন্তৰ শুভাগমনৰ
অগ্ৰদূত কুলি, কেতেকীৰ মধুৰ কাকলিত
মধুলিহৰ মধুৰ গুঞ্জনে মন মতলীয়া
প্ৰাণ মতলীয়া কৰি তোলে।

ডালে - ডালে কপৌ, তগৰ ফুল
চিৰ কুসুমিত হৈ প্ৰকৃতিৰ বুকু ফুলেৰে উপচাই
জাতিষ্কাৰ কৰি তোলে ,
চম্পাৰ সৌৰভে মোৰ মনকুঞ্জত 
যৌৱনৰ লালিমা সানি দিয়ে।

অস্ফুট সংগীতৰ সুৱদি সুৰৰ লালিমাই
প্ৰকৃতিৰ বুকুত তোলে মৃদুল হিল্লোল ,
ঢোল, পেঁপা গগনাৰ
হিয়া উতলা কৰা ঐকতানে
হিয়াত জগাই তোলে উলাহৰ কল্লোল।

বিহু গীতৰ সুৰে-সুৰে, ছন্দে-ছন্দ
মন উৰো - উৰো
নতুন সুৰ, নতুন গানত
জেতুকা পাতৰ ৰঙৰ দৰে
মন ৰঙীন হওঁক
তাৰেই কামনা কৰোঁ।

                                  
নাম: শ্ৰী পৰিস্মৃতা দত্ত
জিলা: শিৱসাগৰ
উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ পৰীক্ষাৰ্থী
_________________________________________



🔵কুলি তুমি আকৌ বিনাবা



কুলি তুমি আকৌ বিনাবা
গছৰ ডালে পাতে ৰৈ ৰৈ
কুউ কুউকৈ
এটি অমিয়া সুৰ দিবলৈ |
প্ৰকৃতিৰ সেউজী পৰশত
যৌৱনময়ী  গাভৰুজনী হৈ
বসন্তক দিবাহি তুমি
ৰঙালীৰ বতৰা,
ৰঙিলী পখিলী হৈ
প্ৰকৃতিয়ে নাচিব
কপৌ,তগৰৰ সুগন্ধিত
গৃহস্তৰ পদুলিত আমোলমোল কৰি |
বিহুৱা নাচনীৰ
ব্যথিত মনত জগাবা আকৌ
বিহুৰ কমোৱা তুলাৰ খবৰ লৈ
ঢোল,পেপা-গগণাৰ
গুম গুমনিৰে কৰিবা
আনন্দৰ পাৰাপাৰ |
সকলো দুখ-সুখ পাহৰি
ক্ষন্তেকৰ বাবে দি যাবা
সকলোকে আনন্দৰ সুৰৰ লহৰ |
কুলি তুমি আকৌ বিনাবা
এটি মিঠা মিঠা সুৰ লৈ
ব'হাগৰ বতৰা দিবলৈ
বসন্তৰ এই মনোমোহা ক্ষণক লৈ
কুলি তুমি আকৌ বিনাবা..... ||

✍🏻বিজুলতা পায়েং
         গোগামুখ
       
_________________________________________



আমি স্বাধীন ভাৰতৰ ভবিষ্যতৰ সম্পদ


আমি স্বাধীন ভাৰতৰ      ভবিষ্যতৰ সম্পদ কণমানি,
              দেশৰ উন্নয়ন আমাৰ মনত
আগুৱাই যোৱাটো আমাৰ        কৰ্তব্য আইন মানি ।
              প্ৰতিশ্ৰুতি দিছোঁ দেশবাসীৰ ওচৰত
মই হ'ম নেতাজী সুভাষ          চন্দ্ৰ বসুৰ দেশ ভক্ত,
                মনত বান্ধি আদৰ্শ মানি
দেশৰ কাৰণে তেজ           দিম দেশ কৰিম সক্ত ।
               আইন শৃংখলা মানি
মই হ'ম কনকলতা       মূলাগাভৰুৰ দৰে দেশভক্ত ,
            বন্দুকৰ গুলীত ভয় নকৰি
দেশৰ কাৰণে প্ৰাণ দিম       অসমত শান্তি আনিম  ।
        বিদেশীক আশ্ৰয় নিদিম সাহসকৰি
মই হ'ম বীৰচিলাৰায়ৰ        দৰে প্রতিশ্রুতি দিম ,
               আপোনজনক শিৰচ্ছেদ কৰি
মই হ'ম বাপুজীৰ দৰে       অহিংসা পৰধর্ম জানিম ।
                হিংসা, লুন্ঠন, মুক্ত কৰি
মই হ'ম খুড়া নেহেৰুৰ    দৰে কণ কণ শিশুসকলক,
             ভবিষ্যতৰ সপোন মনত ৰাখি
আমি কণমানি দেশৰ      ভবিষ্যতৰ উজ্জ্বল নক্ষত্ৰ ।
            জিলিকি উঠিম দেশৰ ভিতৰতে
আমাৰ দেশ আমাৰ       স্বাভিমান ভাৰত আমাৰ ,                       
            স্বাধীনতা আমাৰ জন্মসত্ব অধিকাৰ
ত্রিৰঙ্গা পতাকাৰ তলত        আমি মানৰক্ষা কৰি ।
             গায় যাম জণ গণ মন ।



                ⭕️  ছেলিমা বেগম
                   জিলা নগাঁও।

_________________________________________


🟣পৌ ফুলাৰ প্ৰত্যুষত



    🖋️নিজৰা বৰ্মন ডেকা

নকৈ সজাল ধৰা কোমল কুঁহিপাতত
কপৌফুলে হাঁহি মাৰে বসন্ত কালত ,
উন্মনা ফাগুনে লঠঙা কৰা গছৰ ডালত
বিৰহীনি ভাৱে চিঞৰা কুলিৰ মাতত,
কপৌ ফুলে ছবি আকে নাহৰৰ কোমল পাতত ৷
কপৌ ফুলাৰ প্ৰত্যুষত
পাখিলাহি গাভৰুৰ মনত
ফুলিছে হাচানাহানা বকুলবনত  ৷
পদুলীৰ মূৰত ৰৈ থকা ব'হাগৰ নাচনী জনী
চেনাই দিয়া কপৌফুল পাহি
নেঘেৰি খোপাত লৈ গুজি
বিহু নাচিব এইবেলি টাকুৰি ঘূৰাদি ঘূৰি।
নীৰৱ নিশাৰ এন্ধাৰ ঠেলি
সূৰুযেও চায় ভুমুকি  মাৰি
কেতিয়ানো ফুলিব কপৌ পাহি গছৰ ডাল শুৱনি কৰি ৷

_________________________________________



🟡কলংকীনী ৰাধে

অনিন্দ সুন্দৰী গোৱালৰ জী
ভাৰ তুলি যমুনা ঘাটত ,
দধি দুগ্ধ লৈ যায় মথুৰা হাটলৈ
সোণ বিকি ভগা  নাওঁত  ।

যমুনাৰ পাৰত নাৱৰীয়া  কানাই
যৌৱন চঞ্চলা চাৱনিৰে ,
হৃদয় শাৰীত থিয় হৈ হৰি নিলে
মন বোলোৱা পিৰিতিৰ কথাৰে ।

মোহন বাঁহীৰ সপ্ত সুৰৰ বিন্ধাত
কৃষ্ণময়ী বৰষে অধাৰামৃত ,
বেণুগীত শুনি বাউলি হৈ  ৰাধে
ঢাপলি মেলে কদম্ব তলত ।

গোপন প্ৰেমৰ কৃষ্ণ-লীলা জানি
গকুলত হাঁহিছে গোপীনী,
উতনুৱা মনৰ প্ৰণয়ৰ  তাৰণাত
নাযাওঁ কৈও থাকিব নোৱাৰি ।

ললিত লয়ত অন্তৰত সঞ্চিত
প্ৰগাঢ় প্ৰেমৰ বোৱতী ধাৰাত,
গোপন অভিসাৰ জগতে জানিলে 
নাম পালে  "কলংকীনী ৰাধে" ।


@মাৰ্জিনা বেগম, বৰপেটা ।

_________________________________________


🟢প্ৰকৃতিৰ  ক্ৰোধ  



দিনকদিনে  বাঢ়িছে  
    প্ৰকৃতিৰ তাণ্ডৱ ,,
চৌদিশে  বতাহ - ধুমুহাই
         কৰিছে  সকলো  অনিষ্ট ,,
প্ৰলয়ংকাৰী  বানপানীয়ে
          নিলে  সকলো  উটুৱাই ,,
মানৱজাতিয়ে আজি কয়
               হাই  হাই  হাই   । ।
বিভিন্ন ধৰণৰ  মহামাৰীয়ে  
         নিলে  সকলোকে  কাঢ়ি ,, 
চৌদিশে  কেৱল
       হাঁহাকাৰ  লাগিল 
    প্ৰকৃতিৰ  ক্ৰোধ  দেখি ,,
চিৰসেউজীয়া পৃথিৱীৰ  কথা
       নিচিনো আমি মানৱজাতিয়ে ,,
সেয়েহে আজি
আমি সকলো 
      বিপাঙত  পৰিছোঁ  চাগে   ।। 

নাম  :---  লখিমী শৰ্মা 
ঠিকনা :--- যোৰহাট
_________________________________________


🟤তুমি থাকিবা কাষতে

                                                   আয়নাল হক চৌধুৰী
                                                     আগমণি , ধুবুৰী
                                                      

জীৱনৰ প্ৰতি পদক্ষেপতে
প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ বাবে
সাহসী হৈ উঠিছোঁ ক্ৰমান্বয়ে,
এতিয়া নাই শংকা
নাইবা জটিলতা--!
জীয়াই থাকিবলৈ
লাগে মাথোঁ মনোবল আৰু প্ৰেৰণা।
সাহস তোমাৰ বিশ্বাস
জানো--
তুমি থাকিবা কাষতে
মোৰ বটবৃক্ষ হৈ--
যাৰ ছায়াত জিৰণি লৈ
আগবাঢ়ি আছোঁ আগলৈ...।

    
________________________________________


অনুভৱ যদি গীত হয়


সাগৰ খন কিয় বাৰু
ইমান গভীৰ
      ইমান বিশাল
              ক'বানে
তুমি বাৰু এদিন হ'লেও
           সাগৰৰ দৰে
                বিশাল গভীৰ হ'বানে ।
মইও যদি নদী হৈ
        চঞ্চল গতি লৈ
মিলি যাম সাগৰতে গৈ,
নিজৰ বুলি আদৰিবা
বুকুতে সাবতি ল'বা
জান মোৰে ঐ ।
   সাগৰ খন কিয় বাৰু?

ৰাতুল চেতিয়া ফুকন
চৰাইদেউ।

_________________________________________


🔴বহাগ


             ✍️ ভাস্কৰ প্ৰিয়ম হাজৰীকা।

হেপাঁহবোৰে যেতিয়া বুকুত খামুচি ধৰে
মোৰ হৃদয়ত বহাগ নামে।
ফাগুনৰ দুখবোৰ বুকুত সামৰি
সৰাপাতৰ উচুপনিক শান্ত কৰা
এইয়া এক সফল পৰিসমাপ্তি।
বহাগ মানে পিতাই হাতত জী উঠা
তৰাবুলীয়া হেপাঁহ।
আইৰ শালত বৈ উঠা
পিতাই ভালপোৱাৰ এফাল।
বহাগ মানে নতুন জীৱনৰ
উদ্ভাসিত এক আলোকৰ যাত্ৰা।

_________________________________________


এটি প্ৰেমৰ কবিতা


ভালে আছানে ?
আছোঁ, যেনে তেনে।
মোলৈ মনত নাই পৰা ?
কিয় সুধিলা ?
এনেই।
পৰিছে, আজি মানুহ বিহু নহয়
যোৱা বেলি তোমাৰ সৈতে বিহু নচা মনত পৰিছে
কিন্তু কি কৰিবা কোৱা ?
ওঁ, নালাগে কৰিব।
কিন্তু তুমি জানো বুজি পাইছা
বিচ্ছেদৰ বেদনা,
শিতানৰ গাৰু তিয়াই উজাগৰে কেতিয়াবা কটাইছা ?
নিশাবোৰ আজি মোৰ নাযায় নুপুৱাই, জানা ?
নক'বা আৰু নক'বা
মই কান্দি পেলাম।
নাকান্দিবা, নাকান্দিবা
তোমাৰ এটোপাল তপত চকুপানীয়ে মোৰ হৃদয়খন
আকৌ গলাবলৈ চেষ্টা কৰিব
কমাৰ শালত লো গলাৰ নিচিনা,
প্লিজ, প্লিজ প্ৰিয়ম্বদা !
তেনেহ'লে কি কৰিবা ?
নাজানো, নুসুধিবা
হয়তোবা এনেকৈয়ে জী থাকিম শেষ পৰ্যন্ত !
কিয় কৈছা তেনেকৈ ?
ময়ো জানোঁ পাৰিম
তোমাৰ অবৰ্তমানত জী থাকিবলৈ !

✍ উৎপল দাস
      পাঠশালা, বজালী

_________________________________________


🟣মলয়া মাধুৰী ব'হাগ


ব'হাগ
শব্দহীন বাসনা নহয় 
ছন্দবিহীন চেতনা নহয়
গীতেৰে সজোৱা সময়
কৃষ্টিৰ সৃষ্টি সুমধুৰ
ৰাংঢালী গাভৰু প্ৰভাতৰ
মলয়া মাধুৰী জীৱনৰ
এইয়াই বসন্তৰ ব'হাগ
সাত বিহুৰ ৰঙালী উৎসৱ ।
ঋতুৰাজ বসন্ত আহিছে
কপৌফুল ওলমি ফুলিছে
বতাহ বলিছে  উৎসৱৰ
হিয়া শাঁ‌ত পৰিছে
কুলি কেতেকীৰ সুৰীয়া মাতত ।
অতীতৰ ৰঙালী বিহু হেৰাল
গছে সলাই কুঁ‌হিপাত
বিহুৱে দেখুৱাই সমন্বয়ৰ বাট ।
ম'হৰ শিঙৰ পেঁ‌পা নাবাজে
দ'লনি পথাৰত
ৰঙালী আহিল নতুন ৰূপত
মঞ্চত বিহু ৰজনজনাই
ঢোলৰ ওজা আছিল মঘাই
জ্যেষ্ঠ জনক প্ৰণাম জনাম
কনিষ্ঠক মৰম  বিলাম 
ৰঙালী বিহুৰ প্ৰথম পুৱাই ।
কপৌফুল গুজি লৈ
ৰাংঢালী গাভৰুৱে
প্ৰাণঢালি বিহু নাচে
কিনকিন বৰষুণত
প্ৰণয় জাগে এই উৎসৱত
কঁ‌কালত টঙালি বান্ধি
খমখমীয়া মুগাৰ সাজ পিন্ধি
ঢোল পেঁ‌পা গগণা বজায়
এইয়াই মলয়া মাধুৰী ব'হাগ ।


✍️অনন্ত কুমাৰ ভূঞা
_________________________________________



🟡নষ্টালজিয়া



জোনাক ৰাতি চোতালত বহি
মায়ে কোৱা সাধুকথাবোৰ
অযান্ত্ৰিকতাৰ অকৃত্ৰিম মৰমবোৰ
আজি নষ্টালজিয়া,
কহুঁৱা বনত জিঞাৰ পিঠিত উঠি
চন্দ্ৰযাত্ৰাৰ সপোন ৰচা
মানসপটত সজীৱ হৈ থকা
টুকুৰা টুকুৰ স্মৃতিবোৰ
আজি নষ্টালজিয়া,
শেৱালীৰ মনোমোহা সুবাস
শীতৰ কোমল ৰদালি
শৈশৱৰ স্বপ্ন আৰু কল্পনা বিলাসী
মনটোৰ অনুভৱ বোৰ
আজি নষ্টালজিয়া,
কাহিলি পুৱাতে দুৱৰি বনৰ
মুকুতা গছকি মন-প্ৰাণ সজীৱ কৰা
শৈশৱৰ পবিত্ৰ সময়বোৰ
আজি নষ্টালজিয়া।।

✍️ এহিয়া আহমেদ, মৈৰাবাৰী, মৰিগাঁও
    ফোন নং- ৮৮৭৬১২৩১২৪

_________________________________________


🟣অপেক্ষা

         এছ ইছলাম, শিক্ষক
          পঃ মইনবৰী,বৰপেটা



    

শীতৰ অন্তত
বসন্তৰ আগমন
গছে গছে মেলিছে
নতুন নতুন কুঁহিপাত
আমে মলিয়ালে
কঁঠালে পেলালে মুচি
আই বসুমতী হৈছে শুচি।

শেৱালি ফুলৰ সুবাসত
উতলা যৌৱন জোৱাৰত
কিমান দিনৰ পৰাই
অপেক্ষা মাথোঁ তোমাৰ বাবে
তুমি আহিলে সজীৱ হ'ব মোৰ বুকু।

তোমাক পোৱাৰ আশাত
উথলি উঠিছে প্ৰেম যমুনাত
উক্ মুকনি মোৰ অন্তৰত
জ্বলিছে অগনি হৃদয় কোঠাত।

উঠিছে ধপ্ ধপনি বুকুৰ মাজত
আশাম্বিত আজি মই
তোমাৰ আশা বুকুত লৈ
অপেক্ষাৰত
তুমি অবিহনে মোৰ
নুফুলে ফুল বৃক্ষৰ।

অপেক্ষা মাথোঁ তোমাৰ বাবে
কত যে অপেক্ষা কৰিলোঁ
তুমি অহাৰ প্ৰতিশ্ৰুতিৰে
ৰৈ আছোঁ দিনে ৰাতিয়ে।

ফোন নং ৮৮৩৮৭৫০৭৫২
_________________________________________


🔵বহাগ
            ৰাজ দ্বীপ মৰাং
লখিমপুৰ, নাৰায়ণপুৰ।




প্ৰকৃতিৰ উলহ-মালহ
উদুলি-মুদুলি অসম
প্ৰাণভৰা ৰং বসন্ত
আনন্দৰ বাপুতি সাশুন।

গছে-বনে সলালে পাত
নাহৰ, তগৰ, কপৌ ফুলিল
কুলি-কেটেকিয়েও লগালে মাত।

ঢুলীয়াই নাচনীক জগালে
পেপাটিয়ে ৰিঙিয়াই মাতিলে
বিহু বিহু লাগিল গাত।

কৈ থাকো মানে ওৰকে নপৰে
আমাৰ বহাগীৰ কথা
অতি চেনেহৰ ৰঙালী বিহুতি
নাপাতি কেনেকৈ থাকো।।
         
_________________________________________


কৃষ্ণচূড়াৰ ৰঙত ৰাঙলী ৰাধালৈ,



  
          -শিৱাণী শৰ্মা বশিষ্ঠ

প্ৰিয়ে,
এয়া কেৱল জানো শিহৰণ
এয়াতো প্ৰেমৰ গুণ-গুণ শব্দ
হৃদয়ৰ পৰা হৃদয়লৈ বোৱা।
কৃষ্ণচূড়াৰ নগৰীত তোমাৰ হাতত হাত থৈ
হেঁপাহ বোৰ গাঁঠিব খুজিছিলো তোমাৰ চকুত,
নিশাৰ নিৰ্জনতা ভাল লাগে কানাইৰ
বিৰহী ৰাধাৰ তুলবুলীয়া অধৰত
বাঁহীৰ সুৰৰ মূৰ্ছনা
ক্ষণিক উদ্বাউল কৰিব খোজো
জেতুকা ৰঙী ৰাধাৰ হিয়া।
চতুৰ্দশীৰ জোনৰ আভাত বুকুত
স্পন্দন বাঢ়িছে নহয়নে ৰাধা
প্লিজ,তেনেকৈ নাচাবাচোন
মম হৈ গলি যাব পাৰো
সমাহিত হ'ব পাৰো তোমাৰ
চুলিটাৰীৰ মখমলী সুবাসত।
লিখিছো জানানে,
তোমাৰ বাবে কবিতা
ভালপোৱাৰ সুগন্ধিৰে হাচনাহানাৰ
কাহিনী অঁকা কবিতা
ৰাধা তুমি চাগে ভাল পাবা।
প্ৰি‌য়ে ৰাধা,
তোমাৰ প্ৰেমৰ কবিতাৰ
প্ৰতিটো শব্দত ময়ো বিচাৰিছো
প্ৰেমৰ অশৰীৰি স্পৰ্শ
যাযাবৰী অনুভৱৰ বৰষুনত
তিতি ফুটাই তুলিব খুজিছো
অধৰৰ উষ্ম সহচৰ্য।
প্ৰিয়ে ,
মৌনতাৰ নি:শব্দ পলত
কৃষ্ণচূড়াৰ ৰং দুহাতেৰে সামৰিছো
মায়াময় নিশাৰ নিৰ্জনতাত
পোহ দিছো আখৰহীন প্ৰেমৰ শব্দ..!
ৰাধে,
উদং হ'ব নিদিবা  কৃষ্ণচূড়াৰ নগৰ
অপেক্ষা মাথো কিছু মাতাল ক্ষণৰ
তোমাৰ ওঠঁৰ ভাঁজত ফুটাই তুলিব পাৰিম
উমাল স্পৰ্শৰ উশাহৰ শব্দ..
জীয়া সপোনৰ অলেখ ঢৌত
বৈ যাব দিবানে যমুনাৰ বেদনা,
ৰাধা!
তোমাৰ বিৰহত আজিও মুমূৰ্ষ
হৃদয় বৃন্দাবনৰ কৃষ্ণ..!

ইতি
দেৱদাৰুৰ দেশৰ তোমাৰ কানাই।
             
________________________________________

Wednesday, April 05, 2023

মই প্ৰেমত পৰিছোঁ

 মই প্ৰেমত পৰিছোঁ        



         লগৰবোৰে কোৱা শুনিছোঁ! মই হেনো প্ৰেমত পৰিছোঁ। কাৰ বা প্ৰেমত পৰিলোঁ নাজানো?

      পিছে, মই বাৰু সঁচাকৈয়ে প্ৰেমত পৰিছোঁ নেকি?

    - হয়! মই প্ৰেমত পৰিছোঁ। প্ৰেমত পৰিছোঁ গল্প, কবিতা, নাটক আৰু যে কʼত কি? প্ৰেমত পৰিছোঁ কেৱল সাহিত্য পথাৰ খনত।সংগী বুলি কʼব লৈও কোনো নাই,নিসংগী বুলি কʼব লৈও কোনো নাই।

       হাতত কলম-বহী লৈ সদায়ে লিখি যাওঁ নতুন নতুন কবিতা, গল্প আৰু নাটক। কেতিয়াবা যদি সংগী প্ৰয়োজন কলমৰ পাকেৰে সংগী সন্ধান কৰোঁ। আজি কালি ডায়েৰী খনো টেবুলৰ এচুকত এনেই পৰি থকা নাই।দিনটোৰ ভাল-বেয়া সমষ্ট কথা লিপিৱদ্ধ কৰি ৰাখোঁ।

          প্ৰেম কৰিবলৈ স্ত্ৰী জানোঁ প্ৰয়োজন? প্ৰেম বাৰু এনেকৈয়ে হʼব নোৱাৰে নেকি? কেতিয়াবা যদি বিবাহিত পুৰুষ , কেতিয়াবা আকৌ অবিবাহিত পুৰুষ। কেতিয়াবা যদি কাৰোবাৰ দুৰ্দান্ত প্ৰেমিক, কেতিয়াবা আকৌ সংগী হেৰুৱাৰ বাবে পাগল প্ৰেমিক। কেতিয়াবা যদি বৃদ্ধ ককা, কেতিয়াবা দুখীয়া নীৰলা পঁজাৰ বাপেক। কেতিয়াবা আকৌ ডাক্তৰ, ইঞ্জিনিয়াৰ, মহাজন।

         চলি আছে এনেকৈয়ে মোৰ প্ৰেম। কেতিয়াবা হৰ্ষ, কেতিয়াবা বিষাদ। এইয়া জানো নহয় বাস্তৱ জীৱন। সমাজৰ প্ৰতিটো কোনেই লিপিবদ্ধ কৰিব বিচাৰোঁ।

       সেয়ে চাগে মোক আজিও লগৰ বোৰে কয় - 

          মই প্ৰেমত পৰিছোঁ।


                                  কুঞ্জ মোহন কাকতি।

                                     ৮০১১৭৯৭৮৪৪

নম্বৰ প্ৰতিযোগিতাত শিক্ষাৰ্থীৰ মানসিকতা: অস্মিতা লাহন

 প্ৰৱন্ধ


নম্বৰ প্ৰতিযোগিতাত শিক্ষাৰ্থীৰ মানসিকতা



বৰ্তমান যুগ প্ৰতিযোগিতাৰ যুগ। নম্বৰৰ পিছত দৌৰাত সকলো ব‍্যস্ত। নম্বৰৰ প্ৰতিযোগিতাত প্ৰকৃত জ্ঞান লাভ কৰাত গুৰুত্ব নিদি সকলো মাত্ৰ কেইটামান নম্বৰৰ পিছত দৌৰ মাৰিছে। জ্ঞানক আওকাণ কৰি বৰ্তমান বেছি ভাগ ছাত্র-ছাত্ৰীয়ে মাৰ্ক শ্বীটৰ ওপৰত গুৰুত্ব দিয়ে। কিয়নো এই মাৰ্ক শ্বীট খনৰ ওপৰতেই যেন তেওঁ লোকৰ জীৱনৰ কৃতকাৰ্যতা নিৰূপিত হৈ আছে। নম্বৰৰ দৌৰত ভাটৌ পঢ়ন পদ্ধতি অৱলম্বন কৰি ছাত্র-ছাত্ৰীয়ে কি শিকিলোঁ, কি বুজিলোঁ-জানিলো এইবোৰ বিবেচনা নকৰি কেৱল মাত্ৰ প্ৰতিযোগিতা খনিত হে গুৰুত্ব দিয়ে। জ্ঞানৰ তেওঁলোকৰ বিচাৰ্য বিষয় নহয়। নম্বৰৰ প্ৰতিযোগিতা খনিত কোনে কাক পৰাজিত কৰিব পাৰে এইটোক লৈহে ছাত্র-ছাত্ৰীৰ পৰা পিতৃ-মাতৃ লৈকে সকলো অভ‍্যস্ত। হয় এখন ভাল মাৰ্ক শ্বীটে আমাক জীৱনত বহুদূৰ সহায় কৰিব। জীৱন ধাৰণৰ এটা উপায় আমাক মাৰ্ক শ্বীট খনে আনি দিব পাৰে। নম্বৰৰ তাগিদাত আমি লাভান্বিত হ'ব পাৰোঁ। বৰ্তমান বিশ্ব যি দিশে ধাৱিত হৈছে, তাক চাই সেই বিশ্বত তিষ্ঠি থাকিবৰ বাবে সকলো নম্বৰমূখী হৈছে আৰু বহু সময়ত তাৰ প্ৰয়োজনীয়তা দেখা দিয়ে। কিন্তু এই মানসিকতাই ছাত্র-ছাত্ৰীৰ মনত জ্ঞানৰ কচৰৎ কৰোৱাত সফল হোৱা নাই। নম্বৰৰ বাবে জ্ঞান কেৱল পাঠ‍্যক্ৰমৰ মাজতেই সীমাবদ্ধ থাকে। সমাজ খনক বুজি উঠাৰ, বিশ্লেষণ কৰাৰ যি মানসিকতা ছাত্র-ছাত্ৰীৰ বিকাশ হ'ব লাগে সেয়া কেৱলমাত্ৰ নম্বৰমূখী চিন্তা-ধাৰাই আনি দিব নোৱাৰে।

    নম্বৰৰ বিশ্বত সকলো সকলো একো-একোজন স্বাৰ্থপৰ। নিজৰ জ্ঞান বা জনা কথা আনক শিকালে তেওঁ "মোতকৈ" বেছি পাৰিব, বেছি নম্বৰ পাব এনেধৰণৰ মানসিকতা দেখা যায়। কিন্তু জ্ঞান বা নিজে জনা কথা আনক শিকালে আচলতে শিকোৱা জনৰ হে প্ৰকৃত উন্নতি হ'ব। জ্ঞান যিমান পাৰি সিমান বিলাব লাগে। আলোচনা কৰিব লাগে। নজনা কথা আনক শিকাই দিলে দুয়ো উপকৃত হ'ব। কিন্তু ছাত্র-ছাত্ৰীৰ মনত সৰুৰ পৰা নম্বৰৰ প্ৰৱণতা সোমোৱাই দিয়া হয়। যিয়ে ছাত্র-ছাত্ৰীৰ মনত স্বাৰ্থ-ন্বেষী মনোভাৱৰ বীজ ৰূপণ কৰে। ইয়াৰ ফলত কম নম্বৰৰ তাগিদাত, আনতকৈ তুলনা মূলক ভাৱে কম পোৱা নম্বৰৰ বাবে বহু ছাত্র-ছাত্ৰীয়ে মানসিক হতাশাত ভুগে। নম্বৰৰ প্ৰতিযোগিতাত সকলোৱে আনক বিফল কৰোৱাত গুৰুত্ব দিয়ে। কিন্তু তেওঁ বুজি পোৱা উচিত যাতে প্ৰতিযোগিতা নিজৰ লগত হে কৰিব লাগে। ছাত্র-ছাত্ৰীয়ে জনা উচিত যে জ্ঞানৰ বিস্ফোৰণ হ'লে সমাজৰ উন্নতি হয়। অতি নম্বৰমূখী প্ৰৱণতাই জ্ঞানৰ বিস্ফোৰণত বাধা দিয়ে। লগতে ই মানসিক হতাশাৰ কাৰণ।গতিকে ছাত্র-ছাত্ৰীয়ে নম্বৰতকৈ জ্ঞানক অধিক গুৰুত্ব দিব লাগে।

     আজিৰ ছাত্র-ছাত্ৰী কাইলৈ দেশৰ নাগৰিক। তেওঁলোকেই একো-একোজন মানৱ সম্পদ ৰূপে কাইলৈ সমাজ খনক পৰিচালিত কৰিব। সেয়েহে তেওঁলোকে জ্ঞান আহৰণত অধিক গুৰুত্ব দি নিজৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব লাগে। যিমান পাৰি জ্ঞান বুটলিব লাগে আৰু আনকো সেই জ্ঞান বিলাব লাগে।   নম্বৰমূখী বিশ্বত ছাত্র-ছাত্ৰীৰ মানসিকতা, দৃষ্টিভংগী তেতিয়া হে পৰিৱৰ্তন হ'ব।



নাম - অস্মিতা লাহন

ঠিকনা-গোলাঘাট

দূৰভাষ-৯৩৬৫৭০৪৫৭৬

জীৱন সংগ্ৰামৰ দৌৰ

 জীৱন সংগ্ৰামৰ দৌৰ


জীৱন সংগ্ৰামৰ অন্যতম সূচিত

অংশ লৈছা দৌৰ প্ৰতিযোগিতাত

জীৱিকাৰ পথত যি বাধ্যতামূলক

হৰা জিকা ফলাফল বিভুৰ হাতত !


লাখ লাখ শুক্ৰাণুৰ স্থিতিৰ দৌৰত

তুমি প্ৰথম হৈ পাইছা ধৰাৰ বঁটা,

দৌৰ আজন্ম লগৰী সংলগ্ন গৰ্ভত

জীৱশ্ৰেষ্ঠ মানৱ হৈছা কুন্ধত কটা !


যত নোলোৱা কিয় কঠোৰ প্ৰশিক্ষণ

অকলেই যুঁজিব লাগিব খেলত,

স্মৰ্তব্য যে প্ৰতিদ্বন্দ্বী চবে শ্ৰেষ্ঠ নিপুণ

পৰিশ্ৰমী হ'লেই নপৰিবা খালত !


মেধাৰ অপব্যপহাৰেই সংগ্ৰাম হয় ব্যৰ্থ

পৰিশ্ৰমৰ মৰ্যাদাই পূৰ্ণতা নাপায়,

ইপ্সিত জয়ৰ লক্ষ্যত উহ্য থাকে অৰ্থ

বিশ্ব সভ্যতা শ্ৰমে কৰিছে আদায় !


হতাশাক দীৰ্ঘাশ্বাস নিতৌ কৰি লোৱা

চকু মুদি দেহত সাহসৰ ফুঁ মৰা, 

'মই জয়ী হ'মেই'-এই মন্ত্ৰ মনত কোৱা

কাৰ সাধ্য ৰোধে বিজয়ৰ ধাৰা ?

_________________________________

আমিৰ হুছেইন আহমেদ।

অনুগল্প শিতান

অনুগল্প শিতান

🟡অনুগল্প

সুখ : 

ধনেৰে প্ৰেম জোখা তৃষাই সুবাসৰ দৰে এটা সহজ- সৰল, অমায়িক লʼৰা এটাৰ প্ৰেমক প্ৰশ্ৰয় দি , নিৰ্বাণ নামে ধনী ব্যৱসায়ী বৰুৱা পৰিয়ালৰ বোৱাৰী হৈ আভিজাত্যৰ টেগ মাৰ্কটো  লগাই ওঠৰ বাধ্যতামূলক হাহিঁটো ওলোমাই যেতিয়া বিলাসী গাড়ীত উঠি সুবাসৰ ঘৰৰ সন্মুখেদি মাকৰ ঘৰলৈ যায়, তেতিয়া তাই নজনা কৈয়ে বুকুৰ দুখবোৰ চকুলো হৈ ওলাই আহে। টকাৰে সুখ কিনাৰ বাসনাই অনবৰতে খেদি ফুৰিছিল, যাৰ বাবে আজি তাইৰ অজস্ৰ টকা থাকিও , বিলাসীতাৰ সকলো বস্তু থাকিও যেন কিঞ্চিৎ সুখৰ বাবে, নিৰ্বাণৰ পৰা অলপ মৰমৰ বাবে হাহাকাৰ কৰি থাকিব লগা হৈছে। বৰ্তমানৰ এই জীৱন তাই নিজেও বিচৰা নাছিল। সেই কাৰণে তাইৰ মন অনুসূচনাত দগ্ধ হৈ পৰে। তাই সংকুচিত হৈ পৰে। মনত এটা অভাৱ অনবৰতে প্ৰকট হৈ উঠে। ঘিৰ্ণনীত হৈ পৰে নিজৰ লোভনীয় মনটোক লৈ । কিয়নো তাই যিদিনা গম পাইছিল নিৰ্বাণে তাইক তাইৰ দেহৰ সুন্দৰতাৰ বাবে, অৰ্থাৎ ৰূপৰ বাবেহে বিবাহ কৰাইছিল বুলি। কিন্তু এতিয়া তাইৰ দেহৰ সেই ৰূপ - লাৱণ্যৰ মৰহা ফুলৰ দৰে মৰহি গʼল অত্যাধিক মেকাপৰ বাবে গালৰ আগৰ প্ৰাকৃতিক আৱৰণ আঁতৰি মুখখন কʼলা কʼলা দাগেৰে পৰিপূৰ্ণ হৈ তাইৰ মুখৰ সুন্দৰতা আঁতৰি গʼল । নিৰ্বানৰ বাবে তাই এতিয়া গুৰুত্বহীন হৈ পৰিল । নিজৰ সহকৰ্মীৰ লগত চিনাকি কৰাই দিবলৈ, তাইক লগত লৈ ফুৰিবলৈ যাবলৈও যেন লাজ কৰা হʼল । নিৰ্বাণৰ পৰা সুখ বিচাৰি তাই পালে কেৱল অৱহেলা । 
           অতীতত তাই সূৰ্য্যৰ পোহৰ বিচাৰিছিল। কিন্তু তাই বিচৰা নাছিল। সেয়া নিৰ্বাণৰ ক্ষন্তেকীয়া অস্তমিত ৰবি হওঁক। 
             কিন্তু তাই যি সুবাসৰ চাকৰি নথকাৰ বাবে, তাৰ দৰিদ্ৰতাৰ বাবে তাৰ ভালপোৱাক প্ৰত্যাখ্যান কৰি নিৰ্বাণৰ দৰে এজন ধনাধ্য ব্যক্তিৰ পাণি গ্ৰহণ কৰিলে, সেই সুবাসৰ পুত্ৰ - পত্নীসহ সুখৰ সংসাৰখন দেখি তাইৰ বুকুৰ কোনোবা নিজান কোণত যেন উমি উমি একুৰা জুই জ্বলি উঠিল । সুবাসৰ সঁচা প্ৰেমত জিকমিকাই থকা শেৱালিয়ে যেতিয়া সুবাসৰ দিনহাজিৰা কৰা পইচাৰে দুবেলা দুমুঠি ভালকৈ যোগাৰ কৰি তাইৰ স্বামী আৰু পুত্ৰ বকুলক সন্তোষেৰে খোৱাই তুলিব পাৰে তাইৰ সুখেৰে ভৰা মুখখন যেন পূৰ্ণিমাৰ জোনটিত কৈও উজ্বল হৈ জিলিকি উঠে। 
           গতিকে তৃষাই আজি অনুভৱ কৰিছে দুখৰ সাগৰ সাতুৰিলেহে সুযোগৰ সুখৰ পাৰ পোৱা যায়। সুবাসৰ সংসাৰখন প্ৰকৃত সুখৰ সংসাৰ। যʼত কোনো লাভালাভৰ প্ৰশ্ন নাই । দুখন সঁচা অন্তৰ একাত্মক হৈ, শেৱালিৰ সুবাসেৰে সুবাসিত হৈ , তাতে আকৌ বকুলৰ আগমনত সুবাসৰ জীৱনত ৰঙৰ পাহাৰ গঢ়ি উঠিছে। 
         উপলব্ধিয়ে এতিয়া তৃষাৰ জীৱনৰ পথৃকৃৎ। ক্ষন্তেকীয়া উন্মাদনাই প্ৰশস্ত কৰি তোলা তাইৰ নীৰৱ সত্বা ক্ৰমে হৈ উঠে মনুষ্যত্বৰ অনুভূতি ৰক্ষা কৰিব নোৱাৰা একো একোটা জকা । সময়ৰ অৱবাহিকাত প্ৰেমৰ সুৰটিও সুদীৰ্ঘ সময়ৰ স্মৃতি হৈ গ'ল। কোটি কোটি টকাৰ বিনিময়টো এতিয়া তাই সুবাসক লাভ কৰিব নোৱাৰে । তাই পুনৰ উভতি যাব লাগিব জীৱনৰ বাকী কালছোৱা পাৰ কৰিবলৈ নিৰ্মলৰ সেই স্বাধীনতাহীন বন্ধ সদৃশ খোটালিলৈ । গভীৰ প্ৰত্যয় আৰু দৃঢ়তাৰে সুবাসৰ ভালপোৱাৰ স্মৃতি বুকুত গোপন কৰি , শূন্যতাক আকোঁৱালি তাই বাচি থাকিব। 
            
নাম: শ্ৰী পৰিস্মৃতা দত্ত
জিলা: শিৱসাগৰ



--------------------------------------------------------------------

🟣অনুগল্প

                বিবাহ


 হেল্ল,ৰূপম মাজনী ফোনটো ৰিচিভ কৰা নাই যে কিবা কৰি আছে চাগৈ....বেয়া নোপোৱা যদি তুমি মাতি দিব পাৰিবা নেকি?
    মাজনী বিয়া হৈ যোৱা এসপ্তাহ হৈছে,প্ৰত্যেক দিনাই পুৱাই মাকলৈ এটা কল কৰিবলৈ এদিনো পাহৰা নাই, কিন্তু আজি...,আজি আক্ কি হ'ল  তাই ! ৰাতিপুৱাও ফোন এটাও কৰা নাই এতিয়া সন্ধিয়াই হ'ল হি দেখোন,ম‌ইয়ো কেইবাবাৰো কৰিছোঁ, কিন্তু একো উত্তৰ দিয়া নাই।
      চিন্তাটো লাগিবই, নতুন মানুহ ,নতুন পৰিবেশ,কি বা কৰিছে তাই,কেনেকৈ বা আছে তাই ,ঘৰত সকলো সময়তে মা আমুকটো মা তামুকটো,ম‌ই নহ'লে একোকে কৰিব নোৱাৰে-এনধৰণৰ নানা চিন্তা মনলৈ অহাত বিবোধিত পৰি আকৌ এবাৰ মাজনীলৈ ফোন লগালে।নাই এইবাৰো একো একো উত্তৰ নাই ফোনটো বাজি বাজি কাট খাই গৈছে।
 মাজনী বিয়া ঠিক হোৱা দিনাই হ'ব লগীয়া জোঁৱাইয়েকৰ নাম্বাটো মʼবাইলত ছেভ কৰা আছিল অৱশেষত সেই নাম্বাৰটোতে ফোন লগালে।প্ৰথম বাৰত ৰিচিভ নকৰিলে যদিও দুবাৰত সিফালৰ পৰা হেল্ল বুলি ৰূপমৰ মাত ভাহি আহিল যদিও ৰূপম এতিয়াও ঘৰৰ বাহিৰতে আছে,ঘৰত গৈ ফোন কৰিম বুলি ফোনটো কাটি দিলে। 
   মা দেউতাৰ সন্মান ৰাখিবলৈকে ম‌ই এই বিয়াত বহিম বুলি মাজনীয়ে স্বীকাৰ কৰিছিল যদিও তাই এইবিয়াত মনৰ পৰা মত নাছিল।
 দুদিনৰ পাছত ৰূপমৰ মাক দেউতাকো গাঁৱৰ ঘৰলৈ উভতি যোৱাত ৰূপমে মাজনীক শাৰীৰিক আৰু মানসিক অত্যাচাৰ কৰিবলৈ ল'লে।
   পুৱাই পুলিচে আহি খবৰ দিলে যে যোৱানিশা মাজনীক তেওঁলোকৰ বেড ৰুমতে  এখন কাগজৰ সৈতে তাইৰ নিথৰ দেহ উদ্ধাৰ কৰা হৈছে।

      ✍️ৰিম্পী বড়া, চৰাইদেউ।
Sapekhati College

--------------------------------------------------------------------

🟣অণুগল্প 
                   মাতৃৰ মমতা 


          ই ৰিক্সাখনত মানুহ গৰাকী ভালকৈ বহি ললে ।  কাষৰ গৰাকীলৈ চাই এমোকোৰা হাঁহি মাৰি ক'লে হেৰি শুনিছে নে আজি ল'ৰাহঁতৰ দেউতাকে পুৱাই জালত এটা ডাঙৰ চিতল মাছ পালে । কাটি-কুটি দুচকল বাপেকলৈ ৰান্ধি থৈ  ওলাই আহোঁতে দেৰিয়ে হ'ল ।  ল'ৰা দুটা ইয়াতে কালি মন্দিৰৰ ওচৰতে থাকে  সিহঁতলৈয়ো দুচকল মান আনিছোঁ । চিনি পায় নে দিপক আৰু মনোজ  । সেই যে ওৱেলডিংৰ কাম কৰে ।  এহ  .. সকলোৱে চিনি পাই ........সিহঁতক  । আনন্দ মনেৰে মানুহ গৰাকীয়ে কথা খিনি কৈ গ'ল । 
     বেচেৰীজনী বুলি কাষৰ গৰাকীয়ে মনতে ভাবিলে এই ব্যস্ত চহৰত কোনে কাক চিনি পায়  ! 


      মেঘালী বৰা 
     গুৱাহাটী, হেঙেৰাবাৰী ।
    
----------------------------------------------------------------

⚫অণুগল্প--

মেঘালী বৰা ।
গুৱাহাটী, হেঙেৰাবাৰী ।

                     সিদ্ধান্ত

        বিখ্যাত ব্যৱসায়ী অমৰৰ একমাত্ৰ পুত্ৰ অবিনাশৰ পৰহিলৈ বিয়া । একমাত্ৰ ল'ৰাৰ বিয়া বুলি  মিটিৰ কুটুম্ব বন্ধু- বান্ধৱী, গাঁৱৰ সকলোকে নিমন্ত্ৰণ কৰিছে কোনো বাদ পৰা নাই । জোৰোণৰ  দিনা সকলো  বস্তু আ- অলংকাৰ ,কাপোৰ -কানি  নিয়ম অনুসৰি মাকে পুতেকৰ হাতেৰে চুই দিবলৈ কোৱাত বিনাপ্ৰতিবাদে স্পৰ্শ কৰি  অবিনাশে মাকক ক'লে  " মা মই ৰতনৰ জীয়েককে বিয়া কৰাম " -- মাকে কিন্তু ...........  ইয়াত কোনো কিন্তু নাই মা ।  এয়া মই উচিত সিদ্ধান্তই লৈছোঁ । মা, যি জনী ছোৱালী তোমাৰ নিজ স্বামীৰ  কামনাৰ বলি হৈ  ধৰ্ষিতা হ'ল তাইৰ জীৱনৰ কথাও চিন্তা কৰিবা । ধনী মানুহৰ দৰে দুখীয়া মানুহৰো জীৱনৰ মায়া- মোহ আছে ।
   
--------------------------------------------------------------------

🟣অণুগল্প
ছেলিমা বেগম। 

             মাতৃত্বৰ স্নেহ 

একমাত্ৰ পুত্ৰ ৰাহুলক বিয়া কৰাই মা জেতুকী কিমান যেন আনন্দ। বোৱাৰীক লৈ বহুতো সপোন দেখিছিল, কিন্তু এই সপোন এদিন জেতুকীয়ে পুত্ৰ বোৱাৰীয়ে চূৰমাৰ কৰি দিলে। ৰাহুলক নানা কথাৰ অজুহাত দেখুৱাই মা জেতুকী অসতী বুলি কোৱাত, পুতেকে ঘৈণীয়েকৰ কথা বিশ্বাস কৰি নিজৰ মাকক ঘৰৰ পৰা ওলাই হাবি এখনলৈ গৈ থৈ গুচি অহাৰ সময়ত, হাবিৰ মাজৰ পৰা বাঘ এটা ওলাই আহি পুতেকক আক্ৰমণ কৰিবলৈ লোৱাত মাকে দৌৰি আহি বাঘৰ সমুহত পৰি হাত জোৰ কৰি কলে মোৰ পুত্ৰক এৰি দে মোকে খাই দে। মাকৰ স্নেহ দেখি পুত্ৰ তাতেই অবাক হৈ চাই থাকিল।


--------------------------------------------------------------

দ্বিতীয় বছৰ,এপ্ৰিল মাহ, প্ৰথম সংখ্যা,

 

⬛️দ্বিতীয় বছৰ,এপ্ৰিল মাহ, প্ৰথম সংখ্যা,


কবিতাৰ শিতান


         _____________________________________________


🟣"সুখে এদিন দুখক প্ৰশ্ন কৰাৰ সময়ত" (অনুভৱ)


সুখঃ তোমাৰ জীৱনত মোক প্ৰয়োজন অনুভৱ নকৰা নেকি?

দুখঃ নকৰোঁ। কাৰণ দুখ হৈ মই জীয়াই থাকিম আৰু তুমি সুখ হৈ জীয়াই থাকিব লাগিব।

সুখঃ তুমি মানুহৰ জীৱনৰ পৰা আঁতৰি যোৱা আৰু তেতিয়া মানৱে কেৱল মোক পাই সন্তোষ পাব।

দুখঃ দুখৰ সাগৰ সাতুৰিলেহে সুযোগৰ সুখৰ পাৰ পোৱা যায়। কাৰণ নিশাৰ পিছত প্ৰভাত আৰু দুখৰ পিছত সুখ নিশ্চিত।


লেখকঃ সমুজ্জ্বল ডেকা, ৰঙিয়া


___________________________________________________


◼️  অস্তিত্ব সংকট



ভাষাৰ গৰিমা লোপ পাই
জন্ম - জন্মান্তৰৰ অস্তিত্ব সংকটত ,
বিভেদকামী জনতাৰ ভাগ্য নিৰূপণত
ৰণভূমি হেন অসমৰ যন্ত্ৰণা।
মৃদু উত্তালত বেবেৰিবাং সমাজত
গৌণ ভূমিকা পাবত গজা মহান হোতাৰ 
বিচ্ছিন্ন শিপা পুলি পোঘাৰ উত্থানত
শূণ্য অৱদান অজস্ৰ প্ৰশ্ন থান বান।
ভাষাৰ সৰলতাই য’ত বঞ্চনা পায়
সেই আই অসমীৰ বিষাদ গধূৰ হৃদয়
পাশ্চাত্য অনুৰাগৰ পাৰভগা উচ্ছাসত 
হেৰাই গৈছে মহিমা গৰিমা মাতৃভাষাৰ
জাতি সংকটত ,
ৰাজপথৰ পৰিকল্পনা বিহীন যেন নিৰ্দেশনা
মনোযোগ আকৰ্ষণৰ দিশত মাতৃভাষাৰ জঠৰতা।

  - শতাব্দী শৰ্মা
        নগাঁও

______________________________________________


◻️মঠাঝাৰ শিৱ মন্দিৰ


মঠাঝাৰ গাওঁৰ মাজমজিয়াত থিয় হৈ আছে
মুকলি হাতেৰে ইংগিত দিয়া এটা মন্দিৰ
যাক ভগৱান শিৱৰ বাসস্থান বুলি কয়…!!
য'ত ভক্তসকলে প্ৰণাম আৰু প্ৰাৰ্থনা কৰিবলৈ আহে ।

দেৱালবোৰ জটিল শিল্পৰে সজাই তোলা হৈছে

ধূপৰ গোন্ধে বতাহ ভৰাই তোলে
ঘণ্টা আৰু গুণানুকীৰ্তনৰ শব্দ একত্ৰিত
সমন্বয় আৰু বিশুদ্ধ আনন্দত
মন্দিৰৰ হলঘৰৰ মাজেৰে প্ৰতিধ্বনিত
সকলোৰে বাবে এক পবিত্ৰ আহ্বান ।

ভগৱান শিৱৰ মূৰ্তি, ইমান নিশ্চিন্ত
কৃপা, শক্তি আৰু পৰম প্ৰতীক
আমাৰ সকলোৰে ফালে চাই থকা তেওঁৰ তৃতীয় চকুটোৱে
যেনেকৈ আমি তেওঁৰ চিৰন্তন আহ্বানৰ ওচৰত আত্মসমৰ্পণ কৰোঁ

প্ৰেম আৰু পোহৰৰ এই মন্দিৰত
আমি আমাৰ দুৰ্দশাৰ পৰা আশ্ৰয় বিচাৰো
কিয়নো তেওঁৰ কৃপাত আমি সান্ত্বনা আৰু শান্তি পাওঁ
আৰু আমাৰ বিপদৰ পৰা মুক্তি পাওঁ

গতিকে সময় পালে আপোনালোকো এদিন আহিব
এই পবিত্ৰ ভূমিলৈ………

সকলোৱে ভগৱান শিৱৰ তীৰ্থত আমাৰ হৃদয় অৰ্পণ কৰোঁ
কাৰণ তেওঁৰ প্ৰেমত যাতে আমি সদায় জিলিকি থাকোঁ।।

✍🏼 বুলেন নাথ
গৰুখুটি, ছিপাঝাৰ, দৰং
দূৰভাষ : ৯৩৭০৫৫২৯২১
                
_______________________________________________

◼️দেখিছানে তুমি ?


দেখিছানে তুমি
মানুহৰ পৃথিৱীত
বিনষ্ট আজি মানৱতা,
চৌদিশে হিংসা, হত্যা
জীৱনৰ নিধন যজ্ঞ  ।
ক'ত তোমাৰ ঘৰ
কিয় তুমি ওলাই নাহা?
কি তোমাৰ প্ৰাৰ্থনাৰ সুৰ
নাজানো মই,
বৰ দুঃখ লাগে–
মানুহ হৈ মানুহৰ এই বিকৃত
মানসিকতাক চাই  !
চিঞৰি ক'বলৈ মন যায়
এই পৃথিৱীত চবেই তো আছে
মাথোঁ
মানুহেই যেন নাই !

পাপু মজুমদাৰ
নগাঁও, অসম
ফোনঃ ৯৮৬৪২০১৭৭৯

_______________________________________________

◻️হেৰো বোপাইহঁত


হেৰো বোপাইহঁত...
কি কৰি আছ তহঁত...?
শুনিবলৈ পাইছোঁ...
মাটি গৈছে...
জাতি যাওঁ যাওঁ...
ভাষাও হেৰাই যাব ধৰিছে...
বাচি আছিল...
মাত্ৰ গামোচাখন...
তাটো চকু পৰিল আনৰ...
হেৰো বোপাইহঁত...
কি কৰি আছ তহঁত...?

মানসজ্যোতি ৰায়...
জিলা:- চিৰাং...

_______________________________________________

⭕️পৰিবৰ্তন



মই একেৰাহে ১৮ ঘণ্টা কাম কৰি চাইছো
আকৌ দিনত ১২ ঘণ্টা টোপনি মাৰিও চাইছো।

  পৰীক্ষাত অনুত্তীৰ্ণ হৈও চাইছো কি হয়
শ্ৰেণীত প্ৰথম হৈও মন বেয়া হোৱা চাইছো।

মই ৰোমাঞ্চকৰ প্ৰেমৰ ছন্দ দেখিছো
শিপাৰ কি যে টান সেয়াও প্ৰত্যক্ষ কৰিছো

তিক্ত বিচ্ছেদ, নয়নৰ পানীও পেলাইছো।
অট্য হাঁহিত কত সময় পাৰ কৰিছো।

উকা পকেটত গোটেই দেশ ঘূৰি ফুৰিছো
আকৌ সেই দেশতেই হাজাৰ টকাৰ নোট উৰুৱাইছো।

মই দহজনৰ উপকাৰ কৰি নিন্দিত হৈছো
আকৌ হাজাৰ জনক মাৰি প্ৰশংসিত হৈছো।

মই বন্ধুত্বৰ পৰাও হতাশ হোৱা দেখিছো
কিন্তু শত্ৰুৰ হাতত প্ৰাণ ৰক্ষা কৰিছো।

পৰিবৰ্তন নাই মোৰ জীৱন নদীৰ পাৰত
মাথো ভিন ভিন অভিজ্ঞতা লাভ কৰিছো।

নাম  আব্দুৰ ৰহমান প্ৰামাণিক
জিলা কোকৰাঝাৰ
ফোন 6000854593

_______________________________________________

⚪️বʼহাগী



কুলিৰ মাতত বʼহাগী পালেহি
পদূলিৰ মূৰত 
লঠঙা গছজোপাও সেউজীয়া হৈ উঠিছে।
চোতালৰ গছজোপাত ফুলিছে কপৌফুল পাহি
বʼহাগীৰ অহা খৱৰ শুনি হাতত
বুলালো জেতুকাৰ ৰং
বʼহাগীক আদৰোঁ বুলি।
কিন্তু
      অকলশৰীয়াকৈ কেনেকৈ আদৰোঁ বʼহাগীক ?
আপোন বʼহাগীক এৰি ।
তথাপিও বʼহাগীক আদৰিবলৈ
বহু হেঁপাহেৰে আছোঁহি বাট চাই
পদূলি মূৰত ৰৈ ।।

                          মিন্টু গোৱলা, লখিমপুৰ, কদম

_______________________________________________

⚪গামোচা আমাৰ স্বাভিমান




অসমৰ খাই, অসমতে থাকি
নকৰিব গামোচাক অপমান;
গামোচা আমাৰ জাতীয়
স্বাভিমান।
সাতামপুৰুষীয়া ঐক্যৰ বাৰ্তা
অসমীয়াই সদায় বিলাইছে;
আমাৰ কৃষ্টি, কলা আৰু সংস্কৃতি
আজি বিশ্বত সগৌৰৱে জিলিকিছে।

ভেজাল সানি আমাৰ সংস্কৃতিক
বিকৃত নকৰিব;
সহজ-সৰল অসমীয়াৰ
খং নুতুলিব।

অসম আমাৰ জন্মভূমি
ভিন্ন জাতিৰ মিলনভূমি
ভেল্কিবাজী নকৰিব লাচিতৰ দেশত;
হাতত হেংদাং লৈ
তেজাল ডেকা বোৰ
ৰৈ আছে লুইতৰ পাৰত।

গামোচা আমাৰ স্বাভিমান
নকৰিব অপমান
এই কথা সকীয়াই দিলোঁ,
বাৰেপতি নকৰোঁ সহ্য
বহিৰাগতৰ ষড়যন্ত্ৰ
আজি আমি কৈ থলোঁ।।

✍️ এহিয়া আহমেদ
বৰথল কছাৰী গাওঁ, মৈৰাবাৰী
ফোন নং- ৮৮৭৬১২৩১২৪
_______________________________________________

⭕️শীতৰ নিজানত


                              ✍️ শিল্পী দাস
           ভালুকমাৰী,নগাঁও (অসম)
   বাণিজ্য শাখাৰ চতুৰ্থ ষান্মাসিক
                  তাৰিখ-১২-১২-২০২৩

নিজানত বহিছোঁ
বহু কথা ভাবিছোঁ,
শীতৰ সেমেকা ৰাতিত
একান্তৰে এক মনেৰে।
অতীতৰ ভাবনাই অবুজ কৰে
বিষাদ যন্ত্ৰণা অসীম,
কাক ক'ম কোনে বুজিব
মোৰ তিক্ত হৃদয়ৰ বেদনা।
তুমি অবিহনে ও জান
আধৰুৱা সপোনৰ এই জীৱন।
মোৰ আৰম্ভ আৰু শেষ ভালপোৱাৰ
আন এটা নাম 'তুমি',
প্ৰতিটো স্পন্দনে আছা সংগোপনে
স্বযতনে স্মৃতিবোৰ ৰাখিছোঁ যে বান্ধি।
হৃদয়ৰ সিপাৰেও তুমি
তোমাকেই ভাবি ভাবি
কটাও দিন-ৰাতি,
অভাগা জীৱন মোৰ
তোমাক হেৰুৱালোঁ।
শীতৰ সেমেকা ৰাতি
মোক ধৰিছে যে আগুৰি,
তোমাৰ নামেৰে এতিয়া
শয়নে-সপোনেও কান্দিছে উজাৰি।
মৰমৰ চিয়াঁহীৰে এতিয়া
হৃদয়ত লিখি দিলোঁ,
তোমাকে ভালপোৱাৰ কথা।
পাৰ কৰা প্ৰতিটো ক্ষণেই যেন
অতীতৰ দৰে তোমাকে বিচাৰিছে,
এতিয়া ক'ত তোমাৰ ঠিকনা
এবাৰ মোক কোৱা না।
বহু মৰমত এমুঠি আবেগেৰে
এদিনাখন হিয়া মোৰ ৰঙালী কৰি দিছিলা,
আজিৰ কঙালী হিয়া মোৰ
কিয় ৰঙেৰে ভৰি নিদিয়া?
তোমাকে ভাবি মোৰ হৃদয়ৰ স্পন্দনৰ বেদনা
আছে যেন বাঢ়ি,
অচিনাকি কৰিলোঁ নিজকে আজি
এয়া তুমি কি কৰিলা
কিয় বাৰু গুচি গ'লা?
এবাৰ মাথোঁ আহা না,
আজিও আছোঁ অপেক্ষাত তোমাৰ
শীতৰ নিজানত বহি।

_______________________________________________

🔴মই আৰু বৰষুণজাক


বৰষুণজাক প্রিয় হোৱা মোৰ বহুত দিনেই হ'ল,
বিশেষকৈ নিশাৰ এই বৰষুণজাক।
প্রিয় নহবনো কিয়...
বুকুত শিপাই থকা ঘাঁ দুখৰৰ বিষত
কোনেও নুশুনাকৈ যে চিঞৰি কান্দিব পাৰো
এই বৰষুণজাকৰ জহতে।
পুৱা তিতা গাৰুটো চুই আইয়ে সুধিলে
সহজেই কৈ দিব পাৰো----
    "মোৰ শোৱা কোঠালিৰ চালখন উৱঁলি গৈছে
সেইখনে বৰষুণৰ ভৰ সহিব নোৱাৰি
মোৰ শেতেলীখন তিয়াই পেলাই আই"
উৰে নিশা কান্দি কান্দি উখহি যোৱা
মোৰ চকুকেইটা চাই পিতায়ে সোধোতে
নভবাকৈ কৈ দিব পাৰো-
      "তিতা কেঠাখন লৈ উৰে নিশা উজাজৰে
   কটালোঁ যে সেইবাবেই হয়তো চকু উখহি পৰিছে।
জানো জীৱনটো ইমান সহজ নহয়,
অথবা চকুপানীৰে শুকুৱাব নোৱাৰো বুকুৰ ঘাঁ দুখৰো।
তথাপিও ভাগৰুৱা ৰাতিবোৰ পাৰ কৰি
নিজক সবল কৰাৰ বাবেই বৰষুণৰ সৈতে
উটাই দিওঁ মোৰ চকুলোবোৰ।
সকলোৱে কয় বেয়া দিনৰ পিছত বোলে ভাল দিন আহে
যদি সঁচাই তেনেকুৱাই হয় তেনেহলে
মোৰ জীৱনৰ পৰাও বেয়াবোৰ আতঁৰিব
ভাল দিন আহিব মোৰ বাবেও।
এই বৰষুণজাক আঁতৰি যোৱাৰ পিছত
যেনেকৈ আকাশত ৰদ হেঙুলীয়া ৰহণ সানে
ঠিক তেনেকৈয়ে মোৰ চকুলোবোৰো
এদিন হাঁহিলৈ পৰিৱৰ্তন হ'ব
এতিয়া অপেক্ষা সেই ভাল দিনলৈ।।

কুকী মহন্ত

_______________________________________________

🔵পৃথিৱীখনত তুমি


                      ✍🏻ৰুম্পী দাস
ভালুকমাৰী ৰাণীপুখুৰী, হোজাই

নগণ্যমান পৃথিৱীখনত ,
তুমি মোৰ কাষত গণ্যমান ।
ব্যস্ততাৰে ভৰা এই পৃথিৱীখনত ...
মই তোমাক লৈ ব্যস্ত হ'ব বিচাৰোঁ ।
ইমান আদৰ তোমাৰ বাবে
যতনে ৰখা মই নিশাচৰি ,
নিবিড়তাত প্ৰকাশ কৰিব বিচাৰোঁ ।
মুখৰ আঁৰত ভাহি আহে ...
তোমাকেই যেন বহু ভালপাওঁ।
নিঝুম জোনাকীৰ দৰে ,
তোমাক পোহৰাই ৰাখিব বিচাৰোঁ ।
মই যিমানলৈকে মৰম দিম তোমাক ,
সিমানলৈকে তুমি মোক নিদিলেও হ'ব ।
মই স্বাৰ্থবিহীন ভালপাবলৈহে ,
মই তোমাক অশেষ ভালপাওঁ ।
এদিন তোমাক নোপোৱাৰ বাবেহে ,
মই একেৰাৰে মৃত হৈ পৰিলোঁহেঁতেন ।
কিন্ত আজিও ভয়ংকৰ হৃদয়খনৰ ,
মৃত আত্মাক লৈ জীয়াই আছোঁ ।
অনুমানহে কৰিব পাৰিবা
সেই তোমাৰ দূৰৰ ঘৰৰ পৰা ,
কিন্তু হৃদয়ৰ খবৰ নাজানিবা ।
তিক্ততা যেন হৈ পৰিল ,
মোৰ দেহ , মন , হৃদয়ৰ প্ৰতিটো কোণ ।
ওখ অট্টালিকাৰ পৰা দেখিলে
যিমান তলৰ ফালে শূন্য ,
সিমানেই মই নিজেই নিজক চালে ...
অদৃশ্য শূন্য দেখা পাওঁ ।
কিজানি ভাগ্যত কি লিখনি ...?
তুমি তোমাৰ স্বাৰ্থতাৰ পৰা সাৰ পালে ...
পুণৰাই মোৰ কাষত উভতি আহিবা নে ...?
মই আমনিদায়ক নহয় জানো ,
মইতো নিঃসন্দেহে কেৱল তোমাক ...
ভালপাব খোঁজো ।।

        

_______________________________________________

🔵বেদনা



                      ✍🏻ৰুম্পী দাস                              
                          ভালুকমাৰী 
                ৰাণীপুখুৰী,হোজাই  

হেজাৰ ভিৰৰ মাজতো
শান্তি বিচাৰি নাপাওঁ ,
হেৰাই গ'ল ক'ত জানো ...
হেৰাই গ'ল মানসিকতা ?
সুখৰ ঠাই সন্ধানহীন ।
মনৰ প্ৰৱণতাই ,
গভীৰ চিন্তাৰ ৰূপ দিয়ে ।
ভাবিও নাপাওঁ ,
এখোজ আশাৰ সন্ধানত
বেদনাবোৰ প্ৰকাশ নহয় যেন ...
হৃদয়তেই থাকি যায় ।
হেৰাই যায় কিছুমান সুখ ,
ধৰিব বিচাৰিলেও
নাগালত নাপাওঁ ।
কিহৰ গভীৰ বেদনা ...
নিজেই বুজি নাপাওঁ ,
হাৰি যাম হাৰি যাম বুলি ...
তথাপি হেৰাই নাযাওঁ ।
আগবাঢ়িবলৈ চেষ্টাত চলিত থাকি ,
কিবা যেন বহলাই আনো ।।

               
_______________________________________________

🔵আজিও অপেক্ষাকৃত মই


                       ✍🏻ৰুম্পী দাস                             
                            ভালুকমাৰী  
               ৰাণীপুখুৰী , হোজাই

ঘূৰণীয়া পৃথিৱীখনত
আজিও জীয়াই আছোঁ বুলি ,
মই আজিও তোমাৰ লগত
কথা-বতৰা পাতিবলৈ ...
বহু অপেক্ষা কৰোঁ ।
তোমাৰ ছবি পৰ্যবেক্ষণ কৰি ...
মই ক'ব বিচাৰোঁ ,
তুমি কেনেকুৱা আছা ...?
তোমাৰ মন বজাৰৰ ধাৰণা
সংক্ষেপে লিখিব ধৰিলোঁ ।
মোৰ জীৱনৰ তালিকাত ,
তোমাক স্বযতনে সন্নিবিষ্ট কৰিছিলোঁ ।
তোমাৰ বিষয়ে সহস্ৰাধিক জনাৰ
আগ্ৰহী প্ৰিয়সী মই ,
আজি মোৰ দুচকুত
এজন হৰিণা তুমি ।
ব্ৰহ্মপুত্ৰ নৈৰ পাৰত
সত্য বসবাস কৰা ,
মোৰ প্ৰিয় তুমি ।
কেতিয়াবা তোমাক
সচাঁকৈ ধৰিব পাৰিলে ,
মোৰ মৰমীয়াল মোনাত
ভৰাই লৈ আহিম ।
মোক খেদি নিদিবাচোন ...
বহু আশাৰে যাম বুলি ,
শিকাৰু ভাবি নামাৰিবা ;
হৃদয়ত বহু দুখৰ বসবাস হ'ব ।
কেৱল মই তোমাৰ হৃদয়ত থাকোঁ যেন ,
এয়াই কামনা কৰোঁ ।
কল্পনাবোৰ ভীতু ,
দৌৰিব নোৱাৰিছে ...
এটা নিভাঁজ কোণত বহি আছে ।
কিন্তু তথাপি মৰমৰ ভিক্ষা খুজি ,
তোমাক আগৰ দৰে আমনি কৰাৰ
আজিকালি মন নাযায় ।
দূৰৰ পৰাই ভালপোৱাই ভাল ,
গভীৰ সতেজ থাকিব যেন লাগে ।।

                  
_______________________________________________

🔴 হতাশাময় 


               ✍🏻ৰুম্পী দাস                             
                      ভালুকমাৰী ৰাণীপুখুৰী , হোজাই

মোৰ মাতৃহাৰা ভগ্ন হৃদয়খন ,
তুমি এদিন সুখৰ সন্ধানত তুলি দিছিলা ।
কিন্তু হঠাত আকৌ তুমি ,
গভীৰ ভগ্নৰে ভগ্ন কৰি
এৰি গুচি গ'লা ।
মই আজিও অপেক্ষাকৃত হৈ
নিৰবে জীয়াই আছোঁ ,
বিষাদময় জীৱনখন লৈ ।
তুমি যদি উভতি আহা ,
মই দুহাত মেলি ...
অতি ভালপোৱাৰে
আকোঁৱালি ল'ম ;
নাজানো‌ আজি তুমি
কাৰ আগমনত সুখী ।
তথাপিও জানিবৰ মন যায় ...?
তেওঁনো ইমান মৰম দিলে ,
যে মোৰ মৰমে ...
তোমাৰ ওচৰত হাৰ মানিলে ।
মাথোঁ তুমি মোৰ হোৱা ,
মই তোমাৰ বাবে ...
চিৰকাল সুখৰ কাৰণ হৈ ৰ'ম ।।

            
      
_______________________________________________

⚪️মন যায় লিখিবলৈ


                   ✍🏻 ৰুম্পী দাস                          
                         ভালুকমাৰী  
            ৰাণীপুখুৰী , হোজাই

মোৰ মন যায় লিখিবলৈ ,
    বহু সাল-সলনিৰ প্ৰকাশ ।
মোৰ হৃদয়ত পুঞ্জীভূত হৈ থকা
সহস্ৰ কথা তোমাৰ কাষত ,
মন উজাৰি প্ৰকাশ কৰিবলৈ
বহু আগ্ৰহী মই ।
ঘৰতে থাকোঁ নে বাহিৰলৈ যাওঁ ,
একেবাৰে শান্তি যেন নাই ;
এই অশান্তময় শৰীৰত ।
অৱশেষত য'তে আছিলোঁ ,
তাতেই বহি থাকোঁ ।
স্মৃতিময় আবেগিক ,
সেই তুমি মোৰ কল্পনাৰ
বহু প্ৰত্যাসিত ভালপোৱা ।
মমবাতি জ্বলোৱাৰ কথা ভাবি ,
এন্ধাৰক সম্বোধন কৰিছোঁ যেন ...
কাল্পনিক কথা-বতৰা
কল্পনাতেই সুন্দৰ ।
কলমেৰে লিখিবলৈ চেষ্টা কৰোঁ ,
তোমাৰ প্ৰতি থকা
মোৰ সুন্দৰম মনোপ্ৰকাশ ।
লিখিব ধৰিলে পাহৰি যাওঁ ,
ছন্দোবদ্ধ শব্দ মনত নাহে ...
হেৰাই যায় কিছুমান সুখৰ মূহুৰ্তত ;
  মিহলি থাকে দুখৰ স্মৃতিত ।।

            
_______________________________________________

🔴বিদায় প্ৰিয় ফাগুন



বিদায় প্ৰিয় ফাগুন।
তুমি ইমান উজ্জ্বল হৈ আহিছিলা,
স্পন্দনশীল ৰং আৰু উষ্ণ সূৰ্য্যৰ পোহৰৰ সৈতে……
আহিছিলা নিবলৈ
বুঢ়া হৈ যাব ধৰা ফুল, পাত বোৰ
আৰু এতিয়া তোমাৰ যোৱাৰ সময়৷

তোমাৰ লগত দিনবোৰ আনন্দৰে ভৰি পৰিছিল
যেনেকৈ আমি হোলী উদযাপন কৰি ৰঙত তিতিছিলোঁ।

তুমি তোমাৰ উল্লাসিত শব্দৰে আমাক ওচৰলৈ লৈ আহিলা
আৰু এতিয়া এই মাটি এৰি যোৱাৰ সময় আহি পৰিছে তোমাৰ……

তুমি আমাৰ হৃদয়ত আশা আৰু পোহৰেৰে ভৰাই দিলা
আৰু আমাক এনেকুৱা মুহূৰ্ত কিছুমান দিলা যিবোৰ বহুত উজ্জ্বল আছিল
তুমি আমাক মৰম আৰু উদ্যমেৰে জীৱনটো জীয়াই থাকিবলৈ শিকালা
আৰু এতিয়া তোমাৰ যোৱাৰ সময় আহি পালেহি !

আমি তোমাৰ হাঁহি আৰু তোমাৰ জিলিকনিক বহুত মিছ কৰিম
যিদৰে তুমি আমাক তোমাৰৰ আফটাৰগ্লোৰ সৈতে এৰি থৈ যাবা……

কিন্তু তুমি এৰি থৈ যোৱা স্মৃতিবোৰ আমি সদায় লালন-পালন কৰিম
আৰু ভৱিষ্যতে কেতিয়া তোমাক পাম তাৰ প্ৰতি আগ্ৰহী হৈ থাকিম

গতিকে বিদায় প্ৰিয় ফাগুন
তুমি প্ৰস্থান কৰা
তুমি যে সদায় আমাৰ হৃদয়ত থাকিবা সেই কথা জানি থবা
আকৌ যেতিয়া আমাৰ মাজলৈ আহিবা
মুকলি আকাশৰ তলত আদৰি ল’ম
যেতিয়া তোমাৰ মনোমোহাতা লৈ আমাৰ মাজলৈ ঘূৰি অহাৰ সময় হ’ব………

✍🏼 বুলেন নাথ

_______________________________________________

🔵এটি মিছা প্ৰতিশ্ৰুতি



✍️চুমিয়া আকতাৰা

এটি মিছা প্ৰতিশ্ৰুতিৰে
থৈ গ'লা তুমি মোক
যন্ত্ৰণা নামৰ মনৰ সাগৰখনত।
তুমি আহিবা বুলি
বাট চাই চাই
চকুলো মোৰ বাগৰি যায়।
মই জানো, তুমি নাহা বুলি,
তথাপিও অবুজ মোৰ মনে
নামানে বুজনি।
তোমাৰ পৰা মাথো এটি
মিঠা ৰাতি বিচাৰিছিলোঁ;
বহুত কথা আছে মোৰ মনত,
তোমাক সকলো কথা
ক'ম বুলি ভাবিছিলোঁ,
মৰমৰ নৈখনত দুয়ো
বৈ যাম বুলি ভাবিছিলোঁ।
কিন্তু, তোমাৰ মিছা প্ৰতিশ্ৰুতিয়ে
সকলো শেষ কৰি দিলে।
মনৰ কথা মনতেই থাকিল।
মৰমবোৰো যেন ভাগৰি গ'ল।
এটা কথা কোৱাচোন,,,,,
তোমাৰ অবহেলাৰ দিনবোৰ কেতিয়াও
শেষ নহ'ব নেকি বাৰু?
হঠাত যদি মোৰ মৃত্যুৰ খবৰটো
তোমাৰ কাণত পৰে তেতিয়া
তোমাৰ কেনেকুৱা লাগিব বাৰু?
জানা, কেতিয়াবা মন যায়
চিঞৰি চিঞৰি কান্দিবলৈ,
কিজানি মোৰ কান্দোনৰ শব্দই
তোমাক মোৰ ওচৰলৈ লৈ আহে।
কিন্তু, মন খুলি কান্দিবও নোৱাৰোঁ।
ওফ্! কিযে যন্ত্ৰণা!
কেতিয়াবা ছটফটাই থাকো,
মৃত্যুক বহুত ওচৰৰ পৰা দেখা পাওঁ।
জানা, বহুত ভয় লাগে।
নাই, মৰি যাম বুলি নহয়,
তোমাৰ পৰা আতৰি যাম বুলি।
তেতিয়া দুচকুয়ে তোমাক বিচাৰে।
কিজানি তোমাৰ অলপ সহাৰি পাওঁ।
তৎক্ষণাত আকৌ মনত পৰে
তোমাৰ মিছা প্ৰতিশ্ৰুতিলৈ।
মন অধিক অস্থিৰ হৈ উঠে।
ক্লান্ত হৈ পৰোঁ।
বুকু ভৰা বেদনা লৈ নিস্তব্ধ হৈ
দীঘল কৈ এবাৰ উশাহ লৈ
বিধাতাৰ নাম লওঁ।

_______________________________________________

⭕️চিনাকি বাঁহীৰ সুৰ



ধূলি উৰুৱাই পথটোৰে
পদূলি মুখতে ৰ'ল আহি ,
ধূলি উৰুৱাই যোৱা নাছিল
কেঁচা হৃদয় থৈ গ'ল ভাঙি   ।
ঘাত-প্ৰতিঘাতৰ হেজাৰ বাধা
নেওচি জীৱন পথত,
ফেঁকুৰি উঠা নাছিল কোনোকালে
জীৱন মানেই যে সংঘাতৰ !
জীৱনৰ সৈতে যুঁজি গুছি গ'লগৈ
বগা কাপোৰেৰে মুখ ঢাকি,
জীৱন যুদ্ধত হাৰি গ'ল তাই
থমকি ৰ'ল সময় দণ্ড  !
হঠাতে অহা এজাক ধুমুহা
কাঢ়ি নিলে সুখৰ পঁজা,
হেৰাই গ'ল মৰমৰ এটি মাত
মৰহিল স্বপ্নমুখীৰ আখৰা ।
সময় নেওচি যোৱাৰ
সাহস জানো আছে  তোমাৰ ?
সপোনৰ ঠিকনা বিচাৰি গৈ
নহ'ল আৰু উভতি অহা  !
কিদৰে সহিব উয়ে খোৱা কলিজাত.....
মাজ নিশা হঠাতে ধৰফৰাই বুকু
দূৰণিত ক'ৰবাত বাজে
চিনাকি বাঁহীৰ কৰুণ সুৰ ।।

@মাৰ্জিনা বেগম,বৰপেটা
_______________________________________________

⚪️আমি নহ‌ওঁ জাৰজ সন্তান



           মেঘালী বৰা ।
   হেঙেৰাবাৰী গুৱাহাটী ।
মোবাইল নং--- 8638743282

আমি নহওঁ জাৰজ সন্তান
--------------------------------------
মানুহে  মানুহক চিনি নাপায়,
মানুহে মানুহক বুজি নাপায়,
মিঠা মিঠা চলাহি কথাত ভোল যায় ।
মিথ্যা কথাত প্ৰতাৰিত
মোৰ  অসম দেশৰ জনগণ
সৰ্বহাৰা হোৱাৰ জলন্ত প্ৰমাণ ।
ঠগ প্ৰবঞ্চক ঘোচখোৰ দালালৰ
হাতৰ মুঠিত পৰি
দেশৰ সৰ্বস্ব গৈছে হৰি ।
আহ ঐ আহ,
মোৰ দেশৰ শ্ৰমিক বনুৱা হজুৱা
আৰু খাটি অসমীয়া,
ৰাজপথলৈ আহ ওলাই,
মাতৃভাষাক ভালপোৱা
শিক্ষাবিদ বুদ্ধিজীৱী ৰাজনীতিজ্ঞ
আই মাতৃ ভাই-ভনী সকলো ওলাই আহ  ।
এলাগী হ'বলৈ নিদিবি আইৰ মুখৰ মাত ।
ৰাখিব লাগিব মোৰ দেশ মোৰ ভাষা
মোৰ দেশৰ ভাৰসা, জাতিৰ আশা
ৰাখিব লাগিব যেনেতেনে কৰি ।

বৰঘৰত বাজিছে ৰণ হুংকাৰ
পাঙিছে নিত্য নতুন আঁচনি
অচিৰেই হেৰুৱাম কিজানি
আইৰ মুখৰ মৌসনা মিঠা মাত ।
কিন্তু এতিয়া সকলোতে শুনো
কেৱল আইৰ সুললিত মাত ।
আমি জানিব লাগে,
শিকিব লাগে বিভিন্ন ভাষা ।
কোনো ভাষা নহয় আমাৰ শত্ৰু
মাতৃভাষা পিছে অতিকৈ আপোন
জাতিৰ দেশৰ মধুৰ সপোন ।
ইয়াক এলাগী নকৰিবি,
ৰাজনীতিৰ ৰঙাফিটাৰ মেৰপেচত
থৰক- বৰক হ'বলৈ নিদিবি ।

মোৰ অনুজ  অগ্ৰজলৈ
মোৰ সৰল গোহাৰি
কাতৰ মিনতি
আমি ভাবিবৰ হ'ল,
যুঁজিবৰ হ'ল এতিয়া,
অতীতত ভাষাৰ বাবে
কিমানে দিলে প্ৰাণ আহুতি
কিমানৰ শোণিতেৰে
ৰঞ্জিত হ'ল আই মাতৃ
কিমানৰ  বুকু উদি হ'ল
কতজন হ'ল ছহিদ তেতিয়া !
এতিয়া সময় মনত পেলোৱাৰ ।

শাসনৰ বাঘজৰি হাতত যাৰ
সিহঁতক কৈছোঁ, শুন
ভালকৈ ভাবি চা কথাবোৰ
সঠিক সিদ্ধান্ত ল,
মাতৃভাষাৰ বিকল্প একো নাই
এতিয়াও সময় উকলি যোৱা নাই
নহ'লে ভৱিষ্যতে পস্তাৱ লাগিব ভাই ।
মগজুয়ে মাতৃভাষাতে
সকলো প্ৰথমে সাঁচে
অন্যভাষা পিছত হে আহে।
আভিজাত্যৰ ধং দেখুৱাবলৈ গৈ
নেহেৰুৱাবি নিজ জাতি- মাটি-ভাষা-সংস্কৃতি ।
শতৰুৱে হাঁহিব অপদাৰ্থ বুলি,
অসম নামৰ বাহিৰে একোৱেই
নাথাকিব সমূলি - বুজি ল'বি।

তেনেকৈ  হ'বলৈ নিদিবি ঐ
ভাষাৰ ওজা হেমচন্দ্ৰ‌ই বৰ কষ্ট পাব,
আমি নিজ ভাষাৰে লাগিব জগত জিনিব,
শংকৰ- মাধৱৰ বৰগীত, ভটিমা
ভাওনা সত্ৰীয়া সংস্কৃতিৰে
উজলাব লাগিব জাতিৰ মান,
আমি নহ‌ওঁ ভাষাহীন জাতি,
আমি নহ‌ওঁ জাৰজ সন্তান ।
কথাতে কয়, মাউখে উটিলে
গুৰি পৰুৱাৰো মৰণ নাই ।
আহ ঐ আহ সকলো আহ
মাতৃভাষা‌ৰ মান ৰাখিবলৈ
হ‌ওঁ আগুৱান, হেৰ দেশৰ সন্তান ।
    
_______________________________________________


🔵ধুমুহাজাক



অন্ধকাৰত বিলীন আকাশ খনক কন্দুৱাই যোৱা ধুমুহা জাক

বলিয়া মেঘৰ বজ্ৰৰ তাণ্ডবত

হেপাহৰ মাত হেৰুৱা ধুমুহাজাক

উলাহত নাচি উঠা পাহিৰ থোপা

অকালতে হেৰাই ধুমুহা জাকত 

বিনাশী ভাৱনা বেদনাৰ সংগম

ত্ৰিলোকক কপাই যোৱা ধুমুহা জাক


আকৌ আহিছেহি, অজানিতে দুখ দিব

আকৌ আহিছেহি, যন্ত্ৰণাৰ গীত গাব

আকৌ আহিছেহি, শিক্ত নয়নযোৰক উটুৱাই নিবলৈ

এই বতাহ জাক


নাম জানো আছে কিবা তাৰ

আছে যদিও মোৰ বাবে সি বলিয়া

কিহৰ নিৰাশাত নাজানো

যান্ত্ৰিকতাৰ যুগত যন্ত্ৰণা নথকা নহয়

যন্ত্ৰণাই সকলোৰে বাত ভেটে

ধুমুহা জাককো নেৰিলে


কংক্ৰিটৰ মৰিশালিত মৰমবোৰ 

আচৰিত যেন লাগে

যদিও শেষ নহয়

সকলোতে প্ৰাণ পাই উঠে

হয়তো ধুমুহাজাকতো উঠিছিল 


পচোৱা বতাহ বুলি যে কয়

মৰমৰ বতাহজাক 

ধুমুহাজাকেও এসময়ত হয়তো

পচোৱাৰ ৰূপত মৰম সানিছিল 


হয়তো অন্ধকাৰৰ পাশত পৰিয়ে

ধুমুহাৰ ৰূপ ললে ,কোনেনো জানে...


সমাজখনিত দুৰ্নীতিৰ সংখ্যা বাঢ়িছে নহয়

ধুমুহা জাক হয়তো তাৰেই পৰিনাম 

কালৰ ৰূপত বিধংসকাৰী এই ধুমুহাজাক

হয়তো চিকাৰ কোনো দুৰ্নীতিকাৰীৰ 


কোনেনো জানে

কিয় হঠাতেই আহিছিল ধুমুহাজাক

হঠাতেই হেৰাইও যায়, অসীম আকাশৰ বুকুত 

যন্ত্ৰণাৰ টোপোলাটি কলিজাত কাঢ়ি...



কৌশিক কলিতা 

সাতগাও, নাৰেংগী (অসম)

   বিজ্ঞান শাখাৰ চতুৰ্থ ষান্মাসিক

                  

_______________________________________________


🔴কি পালোঁ জীৱনত



✍️চুমিয়া আকতাৰা 


কি পালোঁ জীৱনত?

নাই.......

একো পোৱা নাই।

পাইছো কেৱল 

স্বাৰ্থপৰ কিছুসংখ্যক মানুহ।

ভাবিছিলোঁ মই সকলো মানুহ 

একেই নহয়।

সেয়েহে...,,,,

বুৰ গৈছিলোঁ এখন মায়াজালত।

কিন্তু......

কি পালোঁ জীৱনত?

নাই.....

একো পোৱা নাই।

যাৰ ছায়া হৈ মই 

থাকিব বিচাৰিছিলোঁ,

যাৰ সুখত 

সুখ অনুভৱ কৰিছিলোঁ,

যাৰ দুখত

দুখ অনুভৱ কৰিছিলোঁ,

যাক মোৰ জীৱনৰ 

লগৰী বুলি ভাবিছিলোঁ,

তেৱেঁই কৰিলে আজি

মোক অকলশৰীয়া।

নাই....

আজি মোৰ কোনো নাই।

আতৰি গ'ল মোৰ পৰা

মোৰ আপোনজন।

লৈ গ'ল মোৰ সকলো 

মৰম-ভালপোৱা।

লৈ গ'ল মোৰ 

হৃদয় ভৰা বিশ্বাস।

লৈ গ'ল মোৰ জীৱনৰ 

সকলো সুখ।

দি গ'ল মাথো মোক

দুখ আৰু দুখ।


_______________________________________________

🔴প্ৰকৃতি 



নিসংগতাবোৰ আজিকালি প্ৰিয়

নীলা আকাশখন এতিয়া খুব ভাল পাওঁ।

আৰু গছ বনৰ সেউজীয়াবোৰ

আস!! হেৰাই যাব মন যায়

এই সকলোবোৰত।

বতাহজাকেও এতিয়া মোক

ৰিঙিয়াই মাতে,

" আহা অভিমানীজনী, আমি মিলি

আজি অভিমানৰ গান গাঁও।"

গছৰ ডালত চৰাইবোৰে একেলগে বহি

মোক কয়, " অ' অভিমানী বা জনী,

আজি আমাক লৈ কবিতা নিলিখা নেকি?"

কেতিয়াবা আকৌ বগা ডাৱৰৰ ফালে নাচালে

ডাৱৰে মাত লগায় "আজি অভিমানী ছোৱালীয়ে

বেছিকৈ অভিমান কৰিলে নেকি?"

ভাল লাগে এই সকলোবোৰ,

নীলা আকাশ, বগা ডাৱৰ, গছলতিকা,

চৰাইবোৰ আৰু এই বতাহজাক।

নিসংগতাক আঁকোৱালি ল'বৰ পৰায়ে

প্ৰকৃতিখন খুব প্ৰিয় হৈ পৰিল

এতিয়া নিজকে প্ৰকৃতিৰ মাজত বিচাৰি পাওঁ। 


                      ✍️অভিমানী ছোৱালী অনুস্কা

                                   দশম শ্ৰেণী

                          নৱজ্যোতি জাতীয় বিদ্যালয়

                               চামতা (নলবাৰী)

_______________________________________________


🔴শিৰোনাম কি?


 সীপাৰে কি আছে নাজানো

মাথোঁ শুনিছোঁ চিঞৰ

 বাৰে বাৰে ভাহি আহিছে 

   "জীয়াই থাকিব বিচাৰোঁ ম‌ই"।

জৰাজীৰ্ণ চেহেৰাৰ এটি কণমানি শিশু

 ভোকৰ তাড়নাত 

   অখাদ্যকো হজম কৰিছে

 অনিদ্ৰা-অনাহাৰে পাৰ কৰা 

পোতাশাল যেন দুটি চকুৰে বাৰে বাৰে কৈ গৈছে

 জীয়াই থাকিব বিচাৰোঁ ম‌ই।

    ওৱলি যোৱা চোলাটোৰ সৈতে

    খালি দুটি ভৰিয়ে 

      সিয়ো সপোন ৰচে এটি জীৱনৰ।

  জীৱন যন্ত্ৰণাৰ বৰষুণে জুৰুলা কৰা 

শিশুটিৰ নামকৰণ কি?

 বিলাসী জীৱনক হাতত লৈ 

 পাৰ কৰা সেই জনৰ ঘৃণা 

"চিঃ কৰ পোৱালী ত‌ই,ইয়াৰ পৰা যা"


 ৰাষ্টাৰ দাঁতিতে জাবৰৰ দʼমত

বাৰে বাৰে খুচৰি

 দুখৰ কবিতা লিখা 

শিশুটিক

কাষেৰে পাৰ হৈ  যাঁওতে

 আধাখোৱা খাদ্যৰ পেকেটো দলিয়াই থৈ যোৱা 

ভদ্ৰ ব্যক্তি জনৰ নামাকৰণ কি?


       ✍️ৰিম্পী বড়া।


_______________________________________________


🔴ভালপোৱাৰ সীমনাত


যৌৱনৰ উন্মাদনাত ভালপোৱাই সাৰ পালে,

মৰহা হৃদয়ে এটি নতুন গীত গালে ।

বিষাদৰ চক্ৰবেহুত বন্দী এই হিয়াই গতি কৰিলে নীলিম আকাশৰ দিশে ,

নতুন সপোনৰ ঠিকনাত ।


যৌৱন সাগৰত ফুলিছে এটি প্ৰেমৰ কলি,

ইমান কলিতেই নিচিঙিবা চোন তুমি ,

কণমানি হৃদয়ে বৰ কষ্ট পাই জানা,

যেতিয়া তুমি নিদিয়া সহাঁৰি,

যোৱা আঁতৰি ।


জানানে, এই কণমানি হৃদয় বৰ অভিমানী

আগবাঢ়িব খোজে সাগৰ ভেদি ,

জিৰাব খোজে কেৱল তোমাৰ হৃদয়খনিত

সামৰি লৈ অভিমানৰ টোপোলাটি।


তুমি নুবুজিবা মোৰ ভগ্ন হৃদয়ৰ বেথা,

নুবুজিবা তুমি মোৰ মৌন ওঁঠৰ ভাষা,

তোমাক বুজাবলৈও যে মোৰ একো নাই !

কেৱল আছে মোৰ ভগ্ন হৃদয়ৰ দুটিমান ৰুগ্ন কথা।

সেইবাবেই কৈছোঁ তোমাক

থাকক দিয়া,

নালাগে বুজিব মোৰ ৰিক্ত হৃদয়ৰ ভাষা।

মোৰ এই ৰুগ্ন কথাৰে জ্বলাব নোৱাৰিম তোমাৰ হৃদয়ৰ শলিতা,

নোৱাৰিম গাঁঠিব তোমাৰ জীৱন মালিতা ।

      

                  🖋️ৰিমাশ্ৰী কোচ-ৰাজবংশী       

                                              দশম শ্ৰেণী                      

      ‌‌                                         ঢকুৱাখনা


_______________________________________________


🔴  মোৰ দুখন পৃথিৱী 


মোৰ দুখন পৃথিৱীত এইবাৰ বাৰটা বসন্ত পূৰ্ণ হ'ব

ক্ষুধা , অলীক সপোন,মিছা ধাৰণাৰে

বনজুইৰ দৰে যন্ত্ৰনাই উমি উমি জ্বলি থাকিল 

বিচৰা বোৰ আঁতৰি গʼল

ওঠৰ শব্দবোৰ থমকি ৰʼল,

উত্তলা ফাগুনৰ সোণালী যৌৱনৰ হাঁহিয়ে

চাগে এইবাৰ শেষ হাঁহি মাৰিছে ..... 


জ্ঞান হʼবৰ দিনাৰ পৰা 

তপস্যা মাৰ মৰম পিয়াহত

তেতিয়া মাৰ কথা ভাৱি ভাৱি

ৰাতি টোপনি যাওঁ

পূঁৱা আকৌ মাৰ ছবিখন মানসত 

আঁকিয়েই সাৰ পাওঁ,--

যেতিয়া তুমি আহিলা

বসন্তৰ শুভ আগমণি ফাগুন

যৌৱনৰ মৃদূ বতাহ চাতিও নতুন

তোমাৰ ছবিখন চকুত লৈয়ে

ৰাতি ঘুমতি গʼলোঁ

সপোন ভঙা পূঁৱাৰ হেঙুলীত

তোমাৰ হাঁহিটি লৈয়ে বিচনা এৰিলোঁ,

তথাপি শুন্য, নিস্তব্ধ মই...


মই জানো মই যে মোৰ দুৰ্বলতাৰ বাবেই 

  মাৰ মৰম স্মৃৰ্তি তথা প্ৰতিচ্ছবি হেৰুৱালোঁ

মই জানো মই যে মোৰ দুৰ্বলতাৰ বাবেই

   তোমাৰ সংগ সান্নিধ্য হেৰুৱালোঁ...

ইয়াৰ বাবেই মই এটা মুমূৰ্ষূ মৰম আকলোৱাঁ হৈ পৰিলোঁ।


এতিয়াও,

           ৰাতিৰ নিজকে নেদেখা আন্ধাৰৰ মাজত

           তোমালোক দুয়োকে হৃদয়ৰ গঢ়নত লৈ ঘূমতি যাওঁ,

           পূঁৱাৰ হেঙুলী চুমাৰ পৰসত তোমালোকৰ মিঠা 

           অনুভূতি লৈয়ে  জাগি উঠোঁ.....!


স্মৃৰ্তি উপহাৰ হিচাপে

মাৰ হস্তাক্ষৰৰ এখিলা কাগজ পালোঁ

যিকেইটা প্ৰাৰ্থনাৰ শব্দ উস্বৰিলে 

মই আত্মাৰ প্ৰশান্তি অনুভৱ কৰোঁ

এই হস্তাক্ষৰৰ কাগজ খিলাতেই যেন মা আজিও জীৱন্ত...


কিন্তু তোমাৰ সৈতে মোৰ বহু জীৱন্ত যুঁজ

মই নাজানো...

পথচ্ছেদ হোৱাৰ এই সময়ছোৱাত

তুমি স্মৃৰ্তি স্বৰুপে কি উপহাৰ দি থৈ যোৱা..?

- এটি শব্দ‌ নতুবা এটি চিহ্ন....??

সাতোটা বছৰৰ ধ্যান ধাৰণা মোৰ

যদি আছিল শুদ্ধ !

বুজিম তেনে তোমাৰ উত্তৰত......???


            সূৰজ বৰগোহাঁই, ধেমাজি

_______________________________________________


🔴সংগ্ৰামী মন


জীৱন বাটত উজুটি খাই

হতাশ নহৈ আমি আগুৱাই যাম;

আই অসমীৰ স্বাৰ্থত আমি

কৰিম সংগ্ৰাম।


ৰজাঘৰীয়াই বুলডজাৰ মাতি

ভাঙি দিয়ে সপোনৰ ঘৰখন;

তথাপি ল'ব লাগিব আমি

বাচি থকাৰ পণ।


প্ৰাপ্তি- অপ্ৰাপ্তিৰ মাজেৰে

আগুৱাই যাওঁ আহক;

কৰ্ম-সংস্কৃতিৰ জৰিয়তে আমাৰ

জীৱন হ'ব সাৰ্থক।


মুকলি আকাশৰ তলত বহি আমি

তুলি ল'ম হাতত কলম;

শিক্ষাৰ পোহৰে উজলাব

আমাৰ জীৱন, কৰি যাম সংগ্ৰাম।


ধৈৰ্য্য আৰু চেতনা শক্তি

আছে আমাৰ মাজত;

শিক্ষাৰ পোহৰে দুৰ হ'ব

আছে যত অপ-সংস্কৃতি সমাজত।


সোণ হৈ জিলিকিম এদিন

বিশ্ব- দৰবাৰত;

সফলতাই ধৰা দিব

আমাৰ ওচৰত।।


✍️ এহিয়া আহমেদ

বৰথল কছাৰী গাওঁ, মৈৰাবাৰী

ফোন নং- ৮৮৭৬১২৩১২৪


_______________________________________________


🔴আত্ম প্ৰশান্তি 


মই একো বুজি নাপাওঁ

তোক ভাৱিলেই‌ কিয় মানো 

মোৰ সকলো দুখ-বেজাৰ নাইকিয়া হৈ যায়

তই মোৰ  জীৱন সংগী হ'ব নোৱাৰʼ বুলি জানিও

কিয় মই এনেদৰে তোৰ কথা ভাৱিবলৈ বাধ্য বাৰু?

নহʼলে যে মই হতাশাত - নিৰাশাত 

বাহিৰা -ঘৰুৱা , কেৰিয়াৰ কথা ভাৱি ভাৱি 

বলিয়া হৈ যাওঁ;


যেতিয়া তোক দেখা পাওঁ 

যেতিয়া তই মোলৈ হাঁহি এটি উৰাই দিয়ʼ

মই উশাহ পাওঁ , মোৰ হৃদয়ৰ সমস্ত আবেশিকাই 

তোৰ পৱিত্ৰ অনুভূতিত প্ৰশান্তিৰ আমেজ লয়


কিন্তু ইমানবোৰ কাজিয়া, বিদ্বেষ মত হোৱাৰ পাছতো

কিয় তই মোলৈ এনেদৰে সহজ হাঁহিটো উৰাই দিয়ʼ?

মন গ'লেচোন তই মোক একেবাৰে নামাতিবও পাৰ‍ʼ!

অভিমানত বা খঙত নাচাবও পাৰ‌ʼ‍ !

‌কিন্ চাৱ কিয় মই চালোঁ বুলিয়েই? 

মইতো নিলাজ‌,

তোৰ পৰা আতঁৰিও থাকিব নোৱাৰোঁ

ওচৰলে গʼলেও লাগে কেৰোন ়

কেৰোনটো ময়ে লগাই 

তোৰ নিৰুত্তত ঃ


নাজানো মোৰ জীৱনৰ কি কায়া?

তোৰ বাদে চোন কাৰোৰেই নিচিনে হিয়া 

তোৰ ওচৰত যি পাওঁ 

আন কতোএ নাপাওঁ,

সহস্ৰ জনে যি সৌন্দৰ্য নাই দেখা 

মই  কিয়  তোক দেখো  ইমান ধুনীয়া?

হয়তো নহʼলেও মোহময়ী অপ্সৰা -

দুটি চকুৰ ,মুখৰ সহজ সহাঁৰি হাঁহিতেই অতি সুষমা ।


তথাপি জীৱন এতিয়া দ্ৰষ্টব্য ঃ


কেতিয়াবা জীৱনে কয় -

"এয়া আমাৰ অতীত কাহিনী

অপূৰ্ণ আমাৰ মৰম জীৱনী "

জানো, এই জীৱনো আমাৰ 

লৈ যাব সময়ৰ খোজাত

ৰৈ যোৱা কাহিনীয়ে  

হয়তো কাৰোবাক কন্দুৱাব, কাৰোবাক হহোঁৱাব,

কাৰোবাক সান্ত্বনা দিব,

একো নহ'লেও মাটিৰ সৈতে মিলি গʼলেই ধন্য......।


 ----সূৰজ বৰ গোহাঁই, (ধেমাজি,মৰিঢল)


_______________________________________________


🔴ভালপোৱা


✍️চুমিয়া আকতাৰা 


মই যদি এই পৃথিৱীৰ 

মায়া এৰি গুচি যাওঁ,

তেতিয়াও বাৰু তুমি 

এনেকুৱাই হৈ থাকিবা নে?

মোৰ অনুপস্থিতিয়ে তোমাক

আমনি নকৰিব নে?

মই দিয়া মৰমবোৰে তোমাক 

আমনি নকৰিব নে?

মই কোৱা কথাবোৰ তোমাৰ 

মনত নপৰিব নে?

তোমাৰ মিছা প্ৰতিশ্ৰুতিক

সচাঁ বুলি ভাবি মই পাৰ কৰা সেই 

দিনবোৰলৈ 

তোমাৰ মনত নপৰিব নে?

তোমাৰ হাজাৰ অবহেলাৰ পিছতো

তোমাৰ বাবে বাট চাই থকা সেই 

দৃশ্যবোৰ তোমাৰ মনত নপৰিব নে?

তোমাৰ নিষ্ঠুৰ মনে 

অলপ হলেও মোৰ কাৰণে 

নাকান্দিব নে?


নাই! নাই!

তুমি নিষ্ঠুৰ হলেও 

ইমান স্বাৰ্থপৰ হ'ব নোৱাৰা।

মই জানো, মোৰ অনুপস্থিতিত

তোমাৰ হৃদয় নাভাঙিলেও

চকুৰে অশ্ৰু নিশ্চয় নিগৰিব।

তেতিয়া মই ভোগ কৰা বেদনা 

তুমি অলপ হলেও বুজিব পাৰিবা।

তেতিয়া হয়তো মোৰ দৰে তোমাৰো

সহাৰিৰ প্ৰয়োজন হ'ব।

কিন্তু, তুমি চিন্তা নকৰিবা!

মই তোমাৰ দৰে নিষ্ঠুৰ নহয়।

মই তোমাৰ ওচৰত নাথাকিলেও

দূৰৰ পৰাই তোমাক 

সহাৰি দিম কেতিয়াবা তৰা হৈ

আৰু কেতিয়াবা 

জোনৰ লগত বিলীন হৈ।

কাৰণ, মই তোমাক ভালপাওঁ।

বহুত ভালপাওঁ।

আৰু মোৰ ভালপোৱাত কোনো

মিছা প্ৰতিশ্ৰুতি নাই।

মোৰ ভালপোৱাত কোনো 

অবহেলাৰ স্হান নাই।

মোৰ ভালপোৱা অন্তৰ-আত্মাৰ পৰা 

সৃষ্টি হৈছে।

গতিকে, তুমি চিন্তা নকৰিবা।

কাৰণ, মৃত্যু হয় মানুহৰ শৰীৰৰ, 

আত্মাৰ নহয়।

সেয়ে মোৰ ভালপোৱা অমৰ।

মই সদায় তোমাৰ ছায়াৰ দৰে

তোমাৰ লগত থাকিম।

মই সদায় তোমাক 

এনেদৰেই ভালপাই থাকিম।


_______________________________________________


🔴যন্ত্ৰণা


শুনিছানে কেতিয়াবা 

ৰাজপথত চটফটাই থকা 

গৃহহীন লোকজনৰ মনৰ কথা ,

তেওঁৰো আছে এটি সপোন

এখন সুখৰ সংসাৰ গঢ়াৰ

সমাজৰ সৈতে 

নিজক এখোজ মিলি যোৱাৰ |

সময় নাই কাৰো 

তেওঁৰ হিয়াৰ বিননি শুনিবলৈ

পায় মাথোঁ উপহাসৰ ধ্বনি

গচকি যায় ৰাজপথৰ আৱৰ্জনা বুলি |

দুখৰ যন্ত্ৰণাই চটিয়াই যায় 

নিতৌ ভিন্ন ৰঙৰ খেলাৰে

দি যায় দুখৰ উপৰি দুখ

ৰৈ যায় মাথোঁ দুচকুত 

আশাভৰা সপোনবোৰ |

মনৰ যন্ত্ৰণাই 

হাহাকাৰ কৰি তোলে

সপোনবোৰ হেৰুৱাৰ বেদনাত |

 শুনিছেনে কোনোবাই কেতিয়াবা

 তেওঁৰ ব্যথিত মনৰ ক্ৰন্দন

 তেওঁৰ শৰীৰৰ ৰন্ধ্ৰে ৰন্ধ্ৰে

লুকাই আছে

  দগ্ধতাৰে ভৰা 

যন্ত্ৰণাৰ বেদনা

উমি উমি জ্বলি আছে আজিও

সপোনবোৰ হেৰুওৱাৰ 

তিক্ত বেদনাই |

 অংগ প্ৰতংগবোৰ কেতিয়াবাই

 জহি খহি শেষ হৈ গ'ল ,

আশাবোৰো মাটিৰ লগত বিলীন হ'ল

 অজস্ৰ মৌনতাৰ ভাষাক বুকুত বান্ধি

আগুৱাই গৈছে মাথোঁ আগলৈ

সপোনবোৰ বিচাৰি বিচাৰি আশাৰ সন্ধানত

 সুখৰ এমুখোৰা হাঁহিৰে

 হেৰুৱা সপোনবোৰ জীপাল কৰাৰ হেঁপাহত ||


✍🏻বিজুলতা পায়েং

          



_______________________________________________


🔴কবি


         ✍🏼 বুলেন নাথ



শব্দৰ নিপুণ কবি

চিন্তা আৰু ধাৰণাৰ এজন যাদুকৰ

এটা মন শব্দ বিচাৰি উৰি ফুৰা

গতিশীল আৰু প্ৰেৰণাদায়ক শিল্প সৃষ্টি কৰা



কবিয়ে পৃথিৱীখনক নতুনকৈ দেখে

পোহৰ আৰু আন্ধাৰৰ ছাঁত

তেওঁলোকৰ কলম এটা যাদুকৰী লাখুটি ৰঞ্জিত

এটা চিন এৰি যোৱাৰ ক্ষমতাৰে।


পদৰ যোগেদি তেওঁলোকে নিজৰ হৃদয় প্ৰকাশ কৰে

সত্য আৰু সপোন বোৰ প্ৰকাশ কৰে

তেওঁলোকৰ কথাবোৰে এখব দাপোন প্ৰদান কৰে

চিৰদিনৰ বাবে জিলিকি থকা এক দৰ্শন।


কবিৰ আত্মা এখন মুকলি গ্ৰন্থ

আশ্চৰ্য্য আৰু যন্ত্ৰণাৰ এক বিশ্বব্ৰহ্মাণ্ড

প্ৰতিটো পদৰ লগে লগে তেওঁলোকে এটা টুকুৰা লৈ ফুৰে

আকৌ উৰিবলৈ ডেউকা মেলে ।


তেওঁলোকৰ কথা উকা কাগজত নাচিছে

ভিতৰত প্ৰতিধ্বনিত হোৱা এটা ছন্দত

এটা সুৰ যিয়ে নিয়োজিত কৰে

আৰু ছালৰ গভীৰতা স্পৰ্শ কৰে।


কবি, শব্দৰ যোদ্ধা

প্ৰতিটো শাৰীৰ সৈতে যুদ্ধ কৰা

তেওঁলোকৰ কলম তৰোৱাল

ঐশ্বৰিক গঢ় দিয়া চিন্তাবোৰৰ।


গতিকে, কবিৰ কণ্ঠক লালন-পালন কৰোঁ আহক

আমালৈ নেদেখাজনে দিয়া তেওঁলোক উপহাৰ

আমাৰ হৃদয় আনন্দিত কৰা এটা বিকন

আশা আৰু প্ৰেমৰ প্ৰতীক।


_______________________________________________


🔴মই আৰু বৰষুণজাক



বৰষুণজাক প্রিয় হোৱা মোৰ বহুত দিনেই হ'ল,

বিশেষকৈ নিশাৰ এই বৰষুণজাক।

প্রিয় নহবনো কিয়...

বুকুত শিপাই থকা ঘাঁ দুখৰৰ বিষত

কোনেও নুশুনাকৈ যে চিঞৰি কান্দিব পাৰো

এই বৰষুণজাকৰ জহতে।

পুৱা তিতা গাৰুটো চুই আইয়ে সুধিলে

সহজেই কৈ দিব পাৰো----

    "মোৰ শোৱা কোঠালিৰ চালখন উৱঁলি গৈছে

 সেইখনে বৰষুণৰ ভৰ সহিব নোৱাৰি 

মোৰ শেতেলীখন তিয়াই পেলাই আই"

উৰে নিশা কান্দি কান্দি উখহি যোৱা 

মোৰ চকুকেইটা চাই পিতায়ে সোধোতে 

নভবাকৈ কৈ দিব পাৰো-

      "তিতা কেঠাখন লৈ উৰে নিশা উজাজৰে 

   কটালোঁ যে সেইবাবেই হয়তো চকু উখহি পৰিছে।

জানো জীৱনটো ইমান সহজ নহয়,

অথবা চকুপানীৰে শুকুৱাব নোৱাৰো বুকুৰ ঘাঁ দুখৰো।

তথাপিও ভাগৰুৱা ৰাতিবোৰ পাৰ কৰি

 নিজক সবল কৰাৰ বাবেই বৰষুণৰ সৈতে 

উটাই দিওঁ মোৰ চকুলোবোৰ।

সকলোৱে কয় বেয়া দিনৰ পিছত বোলে ভাল দিন আহে

যদি সঁচাই তেনেকুৱাই হয় তেনেহলে 

মোৰ জীৱনৰ পৰাও বেয়াবোৰ আতঁৰিব

ভাল দিন আহিব মোৰ বাবেও।

এই বৰষুণজাক আঁতৰি যোৱাৰ পিছত

যেনেকৈ আকাশত ৰদ হেঙুলীয়া ৰহণ সানে

ঠিক তেনেকৈয়ে মোৰ চকুলোবোৰো 

এদিন হাঁহিলৈ পৰিৱৰ্তন হ'ব

এতিয়া অপেক্ষা সেই ভাল দিনলৈ।।


   কুকী মহন্ত


_______________________________________________


🔴তোমাৰ অনুভৱতে

                                                     আয়নাল চৌধুৰী 

                                                       ধুবুৰী , আগমণি 

                                                          ০৫ মাৰ্চ , ২৩ 


নীলিম নীলিম আকাশৰ সীমনাত

অলকানন্দা ওঁঠৰ হাঁহি

আছে ঢৌ খেলি খেলি---!

তোমাৰ প্ৰেমৰ নিভাঁজ আলোকত

আকৌ এবাৰ হেৰাব খোজোঁ--

তোমাকেই বিচাৰি খুপি খুপি ।


এতিয়া জোনাকে মায়া ৰচে

এতিয়া ফুল ফুলে ফুলনি শুৱাই

তোমাৰ হেঁপাহত এজাক শৰালি

উৰি যায় আকাশ শুৱাই ।


হিয়াখন জুমি চালোঁ

তুমি নজনাকৈ

বৰদৈচিলাজনী হৈ আহিলা

বুকুত প্ৰেমৰ ঢৌ তুলিবলৈ

--!


সিঁচি যাম সপোনৰ কঠিয়া

আকলুৱা মৰমবোৰ সামৰি সামৰি

তোমাৰ অনুভৱতে উজ্বলিব 

দিগন্তৰ হেঙুল পৰিধি...।


_______________________________________________


🔴সজালোঁ মন

অনন্ত কুমাৰ ভুঞা


বাঁ‌হীৰ সুৰেৰে সজালোঁ 

আই অসমীৰ সেউজী কোলা

ব'হাগ কিমান আপোন

কপৌফুলে দিলেহি খৱৰ 

বিহু গীতেৰে ধুৱালোঁ‌ চৰণ

ঢোল পেঁ‌পাৰ মাতত

নাচনীৰ সাজোন-কাছোন 

কৃষ্টিৰে সজালোঁ‌ সময় 

সৃষ্টিৰে গঢ়িলোঁ‌  সমাজ 

চিৰ চেনেহী ভাষাৰে

সমন্বয়ৰ বাট বিচাৰি পালোঁ 

অনুভৱৰে যাচিলোঁ‌ মৰম ।


✍️অনন্ত কুমাৰ ভূঞা



_______________________________________________


🔴ক্ৰন্দসী অৰণ্য ।


অৱয়ব হেৰুৱাৰ বেদনাত

ক্ৰন্দসী অৰণ্য ।

জীৱশ্ৰেষ্ঠৰ অত্যাচাৰত

বন্যজন্তুৰ অৰণ্য এৰি

মুক্ত বিচৰণ।

প্ৰতিদিনে আমি সেউজীয়া মুহাৰি

মশৃণ কৰিছোঁ

মৰুভূমি অহাৰ বাট ।

বৃক্ষৰ গাত পৰা প্ৰতিটো আঘাত

মৰুভূমি কাষচাপে এহাত এহাত ।

অসমতুল বায়ুমণ্ডলত

ছাঁ হেৰুৱা মানুহৰ

উশাহৰ হাহাকাৰ।

'অৰণ্য মানৱৰ' বাটলৈ

কেতিয়া সাজিব মানুহে

'মুলাই কাঠনি' ।

হে' ক্ৰন্দসী অৰণ্য

মৰুভূমিৰ বাটভেদি

আকৌ বাঢ়ি আহাঁ

আমি বাট চাম তোমালৈ

সঁচা উশাহৰ আশাত ।


ৰাতুল চেতিয়া ফুকন

চৰাইদেউ।



__________________________________________


🔴 কপৌ ফুল

                 🖋ছেলিমা বেগম। 


ব'হাগ আহিল কপৌ ফুলিল 

প্ৰকৃতিৰ বুকুত যৌৱন আনি দিলে ,

কপৌফুল ফুলিল আৰু ফুলিল 

ভেবেলী লতা, চেনেহৰ বিহুটিনো

আহি পালেহি অসমীয়াৰ চোতালত 

কপৌফুল আনিবলৈ যাম নীলাচল 

পাহাৰত চেনেহীৰ খোপাতে এপাহি

 কপৌফুল দিবলৈ এবেলি বহাগতে। 


কপৌফুল তোৰে ঘাত কিমান যেন মৰম, 

ঘিলা খোপাতে এপাহি কপৌফুল গুঁজি 

ওলালোঁ ব'হাগৰ বিহুতে এপা নাচ দিবলৈ ।

চেনাই ধন তোকে বুকুৰ মৰম দিবলৈ 

হাততে জেতুকা লগাই খোপাতে কপৌফুল 

লগাই থুৰীয়া তামোল খন তোকে খোৱাব লৈ 

ওলালোঁ বিহুতলীত কঁকাল ঘুৰাই  ঘুৰাই 

মনৰ আনন্দত মতলীয়া হৈ বিহু নাচিবলৈ। 


পাহাৰ বগাই আনিছো কপৌফুল চেনেহী, 

তোৰে খোপাত দিবলৈ এবেলি বহাগতে আছোঁ হেঁপাহেৰে বাট চাই তোকে পাম কাষতে। 

ঢোলৰ চাপৰৰ ছেওঁৱে ছেওঁৱে নাচোনৰ তালে তালে 

কেঁৰহি কৈ চাই হাঁহি থাকিবি আমাৰ ফালে। 

মন মোৰ দুৰু দুৰু কৈ কঁপিছে চেনেহী মোৰ 

তোৰ কপৌফুলগীয়া খোপাখন দেখি।


__________________________________________


🔴চিনাকি বাঁহীৰ সুৰ 


ধূলি উৰুৱাই পথটোৰে 

পদূলি মুখতে ৰ'লহি ,

ধূলি উৰুৱাই যোৱা নাছিল

কেঁচা হৃদয় থৈ গ'ল ভাঙি   ।

ঘাত-প্ৰতিঘাতৰ হেজাৰ বাধা 

নেওচি জীৱন পথত,

ফেঁকুৰি উঠা নাছিল কোনোকালে 

জীৱন মানেই যে সংঘাতৰ !

 জীৱনৰ সৈতে যুঁজি গুছি গ'লগৈ 

বগা কাপোৰেৰে মুখ ঢাকি,

জীৱন যুদ্ধত হাৰি গ'ল তাই 

থমকি ৰ'ল সময় দণ্ড  !

হঠাতে অহা এজাক ধুমুহাই 

কাঢ়ি নিলে সুখৰ পঁজা,

হেৰাই গ'ল মৰমৰ এটি মাত 

 মৰহিল স্বপ্নমুখীৰ আখৰা ।

সময় নেওচি যোৱাৰ 

সাহস জানো আছে  তোমাৰ ?

সপোনৰ ঠিকনা বিচাৰি গৈ

নহ'ল আৰু উভতি অহা  !

কিদৰে সহিব উয়ে খোৱা কলিজাত.....

মাজ নিশা হঠাতে ধৰফৰাই বুকু 

দূৰণিত ক'ৰবাত বাজে 

চিনাকি বাঁহীৰ কৰুণ সুৰ ।।


✍️মাৰ্জিনা বেগম,বৰপেটা/

__________________________________________


🔴 সতী জয়মতী

                বৃষ্টিশিখা দত্ত

                  মৰিগাঁও


হৃদয়ৰ কেঁকুৰিত মৰমৰ চেঁকুৰা

মাতৃ লাই আৰু লেচাইৰ 

অৰ্ধাংগিনী তেঁও

তুংখুঙীয়া ফৈদৰ গদাপাণিৰ!

ধুমুহাই কোবাই গ'ল

মিঠা মিঠা স্বপ্ন মালিতা

আউল লাগিল সুখৰ কাৰেং।

মমতাৰ দুৱাৰত স্বাভিমানৰ শলখা

লালুকসোলাৰ বৰ্বৰতাক 

কৰি তচনচ মৌনতাৰ হেংডাং!

গৌৰৱ শিৱসাগৰৰ মাদুৰীৰ অহংকাৰ

 লাইথেপাই বুঢ়াগোহাঁইৰ ঔৰসৰ

কিম্বা চন্দ্ৰদাৰাৰ গৰ্ভৰো!

জীৱন কচুপাতৰ পানী

জাতি স্বাভিমানী সাহসী নাৰী

ৰক্ষা কৱচ হ'ল স্বামী গদাপাণিৰ!

চিনিও নিচিনিলে প্ৰাণৰ প্ৰিয়েক

এবাৰো নাচালে মুখলৈ

মাথো সকিয়ালে

"য'ৰে মানুহ তালৈ যা-গৈ গুছি"

চৈধ্যটা দিন অনাহাৰে অনিদ্ৰাৰ যুঁজিলে

 লৌহমানৱী হৈ--

ভাগৰুৱা জেৰেঙা পথাৰ

অৱশ  কোটকোৰা জোপা,

তপত লোহাৰ কিম্বা পকা অঙঠা।

উতলা পানীৰ কম্পনত 

চুৰাত /চাবোকৰ চকুপানী!

 স্থিতপ্ৰজ্ঞ উজ্জ্বয়িনী তুমি সৌদামিনী

অথচ মৌন হৈ লিখি গ'লা

জেৰেঙাৰ কাহিনী!

আকাশে-বতাহে ,গছে-বিৰিখে উচুপিলে ---

বসন্তৰ বতৰা অনা কুলি-কেতেকীয়েও বিনালে

জয়া নাই--জয়া নাই----!

জেৰেঙাৰ বুকুত প্ৰতিধ্বনিত হ'ল

তুমি তেজস্বিনী তুমি মহিয়সী

তুমি সতী জয়মতী।

__________________________________________


🔴মই কবিয়ে কৈছোঁ


মই কবিয়ে কৈছোঁ

তোমালোক আছা বাবেই

মই কবি হ'লো

শব্দৰ বৰষুণ হৈ নামি আহিলো

তোমালোকৰ অনুভৱৰ বন্ধ কুঠৰিলৈ

তিয়াব নোৱাৰিলেও

জোকাৰি যাওঁ হৃদয় ।

আদৰি নললেও কোনো ক'থা নাই

ডাৱৰ হৈ আৱৰিম মনৰ আকাশ

শুকুলা অথবা কজলা।

মই কবিয়ে কৈছোঁ

তোমালোক আছা বাবেই

মই কবি হ'লো।

হে' মোৰ প্ৰাণৰ পাঠক

অনুভৱৰ অটল তলিত

ডুব দিওঁ আহাঁ

শব্দৰ মুকুতা বিচাৰি,

উপকূলত বালিহে পাই

মুকুতা তাত নাই ।

মই কবিয়ে কৈছোঁ

তোমালোক আছা বাবেই

মই কবি হ'লো।


ৰাতুল চেতিয়া ফুকন

চৰাইদেউ।


         

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

সহযাত্ৰী তৃতীয় খণ্ড ঋতুপর্ণা ইংতিপি

 সহযাত্ৰী  (তৃতীয় খণ্ড)  ✍️ ঋতুপর্ণা ইংতিপি/মৰিগাঁও      গা-পা ধুই আজৰি হোৱা মানে তিনি বাজিলে।তাইৰ ভাগৰো  বহুত লাগিছে। গোটেই দেহটো অৱশ হৈ প...