Tuesday, February 28, 2023

কন্যাৰ ঘৰত যৌতুকত কি দাবী কৰিব

 কন্যাৰ ঘৰত যৌতুকত কি দাবী কৰিব



         কন্যা এগৰাকীক বিয়া কৰি আনিবলৈ যাওঁতে যেতিয়া দৰা পক্ষৰ ঘৰৰ পৰা বা দৰা হ'বলৈ যোৱা লৰাজনে বিয়া কৰিব লগীয়া কন্যা নাইবা কন্যা পক্ষৰ ঘৰৰ মানুহক বিয়াৰ বিনিময়ত ধন, সম্পত্তি বা কিবা সামগ্ৰীৰ দাবী জনোৱা নিয়ম বা পৰম্পৰাকে যৌতুক প্ৰথা বুলি আমি সাধাৰণতে জানো। আচলতে হিন্দু সমাজত নাৰীসকল পুৰুষসকলোৰ নিচিনা সমানভাৱে সম্পত্তিৰ উত্তাৰিধকাৰী হোৱা নাছিল। সেই বাবে অনেক আগৰ পৰাই হিন্দু সমাজত নাৰীসকলোক বিবাহৰ সময়ত যৌতুক দিয়াৰ প্ৰচলন আছিল । কিন্তু এতিয়া গৈ গৈ যৌতুক প্ৰথা এক কন্যা পক্ষৰ ঘৰৰ বাবে কষ্টকৰ প্ৰথা বা পৰম্পৰাত পৰিগণিত হৈছে। কিন্তু ২০০০ চনত নাৰী তথা শিশু নিৰ্যাতন দমন আইন অনুসৰি        

যৌতুক দিয়া বা লোৱা উভয় পক্ষকে শাস্তি মূলক অপৰাধ হিচাপে বিবেচনা কৰা হৈছে। অপৰাধ যদি প্ৰমাণিত হয় তেন্তে উভয়ে ১ ৰ পৰা ৫ বছৰ লৈকে কাৰাদণ্ড বা জৰিমনা দিব লগিয়া হব পাৰে। ইয়াৰ আগতেও ভাৰতবৰ্ষত পোন প্ৰথমবাৰৰ বাবে ১৯৬১ চনতে যৌতুক লোৱা বা দিয়া বা দাবি কৰাৰ শাস্তি সৰ্বোচ্চ ছয় মাহৰ কাৰাদণ্ড বা পাঁচ হাজাৰ ৰূপী জৰিমানা ভৰিব লাগিব বুলি উল্লেখ কৰা হৈছিল।

                 গতিকে উপৰোক্ত আলোচনাতে উল্লেখ কৰিছোঁ যে, আমাৰ দেশত অৰ্থাৎ পুনপ্ৰথমে হিন্দু সমাজত নাৰী সকলক পুৰুষসকলোৰ নিচিনা সমানভাৱে সম্পত্তিৰ উত্তাৰিধকাৰী হোৱা নাছিল। সেই বিষয়ে চিন্তা চৰ্চা কৰি কন্যা সন্তানক বিয়া দিয়াৰ লগে লগে তাৰ বিনিময়ত কন্যা পক্ষৰ মানুহে নিজৰ ইচ্ছা অনুসৰি কিবা নহয় কিবা দানত দিয়া প্ৰচলনক এসময়ত গৈ গৈ যৌতুক প্ৰথাৰ ৰূপ ল'লে। তথাপিও চাওঁক আজিৰ সময়তো কন্যা সন্তানক পিতৃ পক্ষৰ সম্পত্তিৰ পৰা বঞ্চিত ৰখা হয়। এইটো উচিত নে অনুচিত এবাৰ এবাৰ সকলোৱে বহু চিন্তনীয় বিষয়। যৌতুক প্ৰথাৰ সূত্ৰপাত হোৱা মূল শিপাবোৰ আজিও কিন্তু জীবিত অৱস্থাত আছে। 

                 এতিয়া অন্তিম মই কওঁ প্ৰতিজন দৰাই কন্যা পক্ষৰ মানুহক লগতে কন্যাক যৌতুকৰ দাবী কৰিব। কিন্তু ইয়াতে কথা হ'ল কি কি দাবী কৰিব ?। চাওঁক কন্যা এজনীয়ে বিয়াৰ সময়ত খালি হাতেৰে বিয়া হৈ আহিলেও সেই কন্যা গৰাকীৰ আচাৰ, ব্যৱহাৰ,সংস্কাৰ, চৰিত্ৰ আদি সকলোবোৰ পুন প্ৰথমে নিজ পৰিয়াল আৰু   ডাঙৰ হৈ আহি বিবাহ হোৱাৰ সময়লৈকে নিজৰ ওপৰতে নিৰ্ভৰ কৰে। গতিকে যৌতুকত আপুনি দৰা হিচাপে বা দৰা পক্ষৰ মানুহ হিচাপে এগৰাকী কন্যা বা কন্যা পক্ষৰ মানুহবোৰক উচ্চ গুণসম্পন্ন ছোৱালী এজনীয়ে যৌতুক বিচাৰি আগবাঢ়ি যাব। কাৰণ ধন, সম্পত্তি নাইবা কিবা সামগ্ৰীবোৰে কেৱল আপোনাক সন্তেকিয়া সুখ প্ৰদান কৰিব কিন্তু গোটেই জীৱন স্ত্ৰী আৰু স্বামীয়ে একেলগে মিলি কটাবলগীয়া হয়। জীৱন সংগী বিচাৰি গৈ সন্তেকিয়া সুখৰ মায়াজালৰ সোমাই নপৰিব।


চন্দ্ৰ শেখৰ পৰাজুলী

বিশ্বনাথ চাৰিআলি, অসম

দূৰভাষ:-৮৬৩৮০৯৮৯২২

ডাক ঘৰ:-বিশ্বনাথ চাৰিআলি

ডাক নং:-৭৮৪১৭৬

ধাৰ্মিক কাৰ্যকলাপৰ প্ৰতি কিমান সচেতন আজিৰ সমাজ ?

 ধাৰ্মিক কাৰ্যকলাপৰ প্ৰতি কিমান সচেতন আজিৰ সমাজ ?



              চাওঁক ধাৰ্মিক কাৰ্যকলাপ প্ৰতি পৃথিৱীৰ সৃষ্টিৰ অনাদি কালৰ আৰম্ভণিৰে পৰা  আমি মানব জাতিটো জড়িত হৈ আছোঁ বুলিয়ে ক'ব লাগিব। ইয়াত জাতি, সম্প্ৰদায়, প্ৰতিটো ধৰ্মীয় মতামতত কিছু অন্তৰ থাকিলেও লোক বিশ্বাস অনুসৰি আমি প্ৰায় প্ৰতিজন মানুহে কিবা নহয় কিবা অদৃশ্য শক্তিৰ প্ৰতি বিশ্বাস বা স্মৰণ কৰি আহিছোঁ। হয়তো তাৰে মাজতে কিছুমান নাস্তিক মানুহৰো অভাৱ নাই আমাৰ সমাজত। নাস্তিক অৰ্থাৎ আধ্যাত্মিক বা অদৃশ্য শক্তিৰ প্ৰতি বিশ্বাস নথকা মানুহবোৰ। এতিয়া কথা হ'ল, ধৰ্ম আমাৰ মানুহৰ মনৰ কেৱল এটি বিশ্বাস নে আমাৰ অন্ধবিশ্বাস ? । ইয়াক লৈয়ো বহুতো মানুহৰে মতামতত অন্তৰ থকা দেখা যায় । আৰু এনেবোৰ বিষয় ওপৰত আলোচনা কৰা মানে আকাশৰ তৰাবোৰ গণনা কৰি শেষ কৰা । অৰ্থাৎ আজিলৈকে এনেবোৰ বিষয় বস্তুবোৰক লৈ কোনো সঠিক মন্তব্য প্ৰকাশ কৰা সম্ভৱপৰ হোৱাগৈ নাই । 

              গতিকে যিয়ে নহয়ওক মই আজি উল্লেখ কৰিব বিচৰা প্ৰকৃত বিষয়টো হৈ, ধাৰ্মিক কাৰ্যকলাপ প্ৰতি কিমান সচেতন আজিৰ সমাজ ? । মোৰ এই প্ৰশ্নটো কেৱল কোনো এটা ধৰ্মী লগত জড়িত লোকসকল লৈ উত্থাপন কৰিছোঁ এনে নহয় । মই ইয়াতে প্ৰতিটো ধৰ্মাৱলম্বী লোকলৈ প্ৰশ্ন কৰিছোঁ। চাওঁক প্ৰতিটো ধৰ্মৰে সাধাৰণ কিছুমান নীতি,নিয়ম থাকে। তাক আজি আমি কিমানে সূচাৰুৰূপে পালন কৰি গৈছো ?। আচলতে প্ৰতিটো ধৰ্মতে মানব জাতিৰ কল্যাণ সাধনৰ নিমিত্তে প্ৰায় একেধৰণৰে সামান্য কিছুমান নীতিগত শিক্ষা প্ৰদান কৰা থাকে। তাৰে ভিতৰত কিমানে আজি ধৰ্মীয় নীতিগত শিক্ষাৰ মাজেৰে ৫০ শতাংশ মান হ'লেও হুবহু পালন কৰি যাবলৈ সক্ষম হৈছোঁ ?। আজি আমি আমাৰ আচল স্বৰূপটো পাহৰি কেৱল লোক প্ৰদৰ্শনৰ বাবেহে বেছিভাগ মানুহে ধাৰ্মিক কাৰ্যকলাপৰ লগত জড়িত হৈ আছোঁ নেকি বাৰু?। এই কথাটো নিজেই নিজকে এবাৰ হ'লেও প্ৰশ্ন কৰি চাব আপুনি। ইয়াৰ উওৰ প্ৰতিজন মানুহে নিজৰ মনৰ মাজতে বিচাৰি পাব। মানুহে যদি সচাকৈ আন্তৰিকতাৰে ধৰ্মৰ প্ৰতি আকৃষ্ট হোৱা হ'লে তেন্তে আজি এই বিশ্বত বসবাস কৰা লোকসকলক এই গতি নহ'ল হেতেন । 

              গতিকে ধৰ্মক লৈ ৰাজনীতি, বেপাৰ কৰিবলৈ বন্ধ কৰক আপুনি যদি প্ৰকৃত মানুহ হয়। আপুনি ধৰ্মক লৈ প্ৰদৰ্শন কৰি যাব নালাগে।কাৰন ধৰ্ম মানে হ'ল,নিজে নিজৰ আত্ম উত্থান সাধন কৰা লগতে বিশ্ব কল্যাণৰ  উদ্দেশ্য আগত ৰাখি অনাদি কালৰ পৰা চলি অহা এক ৰীতি নীতি,এক পৰম্পৰা বা লোকবিশ্বাস। নাইবা ধৰ্ম মানে ই হ'ল এক প্ৰকাৰৰ মানুহৰ মনৰ পৰিবৰ্তন। অৰ্থাৎ অসত্য পথ এৰি সত্যতাৰ পথলৈ বুলি এক দিঘলীয়া যাত্ৰা। আপুনি কিমান ধাৰ্মিক মানুহ তাক লৈ প্ৰদৰ্শন কৰাত ব্যস্ত নাথাকিব। কাৰণ আপোনাৰ ব্যৱহাৰে ক'বই নহয় আপুনি কেনেকুৱা মানুহ।

              

              চন্দ্ৰ শেখৰ পৰাজুলী

              বিশ্বনাথ চাৰিআলি,অসম

              দূৰভাষ:-৮৬৩৮০৯৮৯২২

              ডাক ঘৰ:-বিশ্বনাথ চাৰিআলি

              ডাক নং:-৭৮৪১৭৬

হোমেন বৰগোহাঞিৰ মহাপ্ৰয়াণত এটি যুগৰ অৱসান

"হোমেন বৰগোহাঞিৰ  মহাপ্ৰয়াণত 
         এটি যুগৰ অৱসান"



হে মহিৰূহ, হে মহান পুৰুষ, 

তোমাক কৰিছো শত কোতি প্ৰনাম। 

অসমীয়া সাহিত্যৰ জগতত যুগদ্ৰষ্টা

সংবাদ মাধ্যমৰ স্বনামধন্য ব্যাক্তিৰ 

মহাপ্ৰয়াণত অসমে হেৰুৱাই পেলালে

 এজন বিশেষ অভিভাৱক।। 

 

সাহিত্য জগতৰ উজ্বল নক্ষত্ৰ স্বৰূপ ।

হোমেন বৰগোহাঞিৰ  মহাপ্ৰয়াণৰ 

সাহিত্য ৰাজিত এনে কোনো দিশ নাই 

যত তেওঁ ৰ অৱদান নাই।।  

সকলোৱে‌ তে তেওঁ বিচক্ষণ 

এক বিশাল পৰিচয় বহন কৰিছে।। 


হোমেন বৰগোহাঞি দেৱ আছিল 

বহুমুখী প্ৰতিভাসম্পন্ন সূক্ষতা আৰু 

ধৈৰ্য্যশীল দক্ষতাৰ প্ৰকৃত মানুহ গঢ়া, 

মুক্ত চিন্তাৰ তৰংগ বিলোৱা 

এজন বিশেষ মহানায়ক ।। 


হোমেন বৰগোহাঞিৰ দেৱ আছিল 

সংবাদ জগতৰ এজন মহিৰূপ । 

সামাজিক ভুমিকাৰে সংবাদ জগতক 

বলিষ্ঠ ভুমিকা  পালন কৰা।। 

হোমেন বৰগোহাঞিৰ  মহাপ্ৰয়াণত 

কালজয়ী ঐতিহ্য ত পৰিণত হ'ল

 তেখেতৰ অমৰ সাহিত্যৰাজি।। 

 সোঁৱৰণী দস্তাবেজ লিখি লিখি 

 অলেখ পোহৰ বিলাই থৈ গ'ল,

 অস্ৰজ জনৰ হৃদয়ৰ মনিকোঠাত।। 


অসমীয়া সাহিত্যৰ জগতৰ ভৰাঁল

 চহকী কৰি থৈ যোৱা সেই 

 নিভীক ,স্পষ্টবাদিতাৰ কবি

 হোমেন বৰগোহাঞিৰ  কবিতাৰ 

 মুল বিষয়বস্তু "অভিনৱত্ত্ব " ।

 তেওঁৰ প্ৰতিটো বিষয় আছিল 

 সাৱলীল আৰু অভিনৱ।। 

 আধুনিকতাৰ পৰস‌ অনা

 তেখেতৰ কলমৰে নিগৰিচিল 

  নৱ নৱ সাহিত্য ৰাজিৰ এক সোৱাদ ।।

  

হোমেন বৰগোহাঞিৰ  মহাপ্ৰয়াণত 

অসমীয়া সাহিত্য ৰাজিৰ 

শূন্য স্থান কেতিয়াবা নহয় পূৰন, 

অসমীয়া জাতি সৱশ্ৰেষ্ঠ অভিভাৱক 

হিচাপে যি পথ দেখুৱালে  , 

সদায় নতুন প্ৰজন্মৰ অনুপ্ৰেৰণা

 উৎস হৈ ৰৱ আৰু বৰগোহাঁইৰ 

 অৱদান সকলো ৱে শ্ৰদ্ধাৰে ৰাখিব।।

 

জাতি ,বৰ্ন ,ধৰ্ম ,ভাষাৰ ভিন্ন

সম্প্ৰদায়ৰ মাজত বিভেদ নৰখা,

বাহিৰত কঠোৰ যেন দেখা , 

ভিতৰত কোমল অন্তৰৰ মানুহজন আৰু নাই । 

এই কথাষাৰে বহু হাজাৰ হাজাৰ 

অনুৰাগী অন্তৰত বুকু উদং 

কৰি গ'ল গৈ কোনোবা 

 এখন অজান   দেশ লৈ।।_________________________________

নাম ; নৱজিৎ নাথ। ছিপাঝাৰ,দৰং।

শুৱনি আমাৰ গাওঁ:জ্যোৎস্না ৰানী বেগম

 শুৱনি আমাৰ গাওঁ



এইখনেই আমাৰ শুৱনি গাওঁ       

    নদীৰ পাৰে পাৰে খোজ কাঢ়ি যাওঁ 

 গাঁৱৰ আমাৰ নাম খৰিকটীয়া,

সীমা যদি সোধে আমাক আন কোনোবাই

এজাৰ নাহৰ ফুলৰ শাৰী হয় শেষ  য'ত 

গাঁৱৰ মাজত আমাৰ নামঘৰ - মছজিদ।

জোনাক নিশা হয় সপোন পুৰি     আজান - ডবাৰ মাতত মন পুলকিত    

ওচৰতে আছে বৰশিল থান 

ওচৰীয়া পুঠিমাৰী নৈৰ দুয়োপাৰ সৰিয়হৰ হালধীয়া বালিচৰ 

মলয়াই কঢ়িয়াই আনে সৰগী সুৱাস 

ভাগৰুৱা দেহ-মনত ভাগৰ জুৰাই   

মৌ- মাখিৰ  গুণ গুণ গান

যʼতে - তʼতে মৌ বাঁহ সাজে 

নদীৰ পানীত মাছৰ উজান 

ভড়ালত থাকে জহা বৰা সোৱাগ মানি 

বাৰীত আছে আম কঁঠাল নাৰিকল

একোৰেই নাপাওঁ অভাৱ আমি 

ন-বাৰিষা বাঢ়িলে পানী 

উগুল- থুগুল হিয়া মন।।


জ্যোৎস্না ৰানী বেগম 

তুমি চিৰপূজ্য:অবিনাশ নাথ

 তুমি চিৰপূজ্য


আজি দিঠকবো


ৰো চোন

সপোন সপোন লাগিছে,

মোৰ হৃদয়ত বলা, মলয়া যাকো

চোন আজি, নীৰৱ, স্থবিৰ,

দিঠকত তুমি যে কেতিয়াও নাহা, ময় জানো,

সপোনতেই আহিবা চোন, ছায়া হৈ......

নিবিচাৰিলেও সঁচা,

তুমি যে মোৰ কেতিয়াও নোহোৱা।

কব খোজা কত কথা যে মনত,

কব খোজা কত ভাষা যে বুকুত,

কওঁ কওঁ বুলি ভাবো, কিন্তু, উঠে ৰাখে সামৰি,

ৰৈ যায় পুনৰ আধৰুৱা হৈ, 

মই দিঠকতাত অলীক সপোন বিচাৰো, 

সেয়ে, ভাগি ৰয় প্ৰতিবাৰ......

তুমি মোৰ হোৱা নে নাই ময়, নাজানো,

কিন্তু, মোৰ মনৰ যেন তুমিয়েই দেৱী,

মোৰ প্ৰেমৰ ৰাণী,

তোমাক পূজো সদায়,

তুমি চিৰপূজ্য মোৰ,

তুমি চিৰপূজ্য।


কিছুমান, সৌন্দৰ্য দূৰৰ পৰায়ে ভাল লাগে,

কাষত ৰলে নহয়,

যেনেকৈ,

জোনাক দূৰণিৰ পৰায়েই ভাল লাগে,

কাষত জানো পায় কোনোবাই,

তৰালী আকাশ ধৰাৰ পৰায়ে শুৱনি,

কাষত পালে,

সেই,

সৌন্দৰ্য্যতাৰ মাদকতা নাথাকে।


কিছুমান, বস্তুৰ নিচা, মাদকতা,

দূৰত ৰলে হে পোৱা যায়,

কাষত নহয়।

সেই মাদকতা এটি অতভূত, মাদকতা আছে,

যি মাদকতা, দূৰৈত জীয়ায়।



নাম: অবিনাশ নাথ                

   উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ

ৰংপুৰৰ জয়াল স্মৃতি:পংকজ দিহিঙীয়া

 ৰংপুৰৰ জয়াল স্মৃতি 


                                 


বহুদিনৰ চিনাকি যেন লগা

                এইখন মৰমৰ ৰংপুৰ,

হাজাৰ হাজাৰ স্মৃতিৰে ভৰা

               ৰংপুৰ এতিয়া শিৱসাগৰ।


উপজাৰে দিনৰ পৰা

       ৰংপুৰৰ গৌৰৱ

               সকলোৰে কাণে কাণে......


বহু কীৰ্তিচিহ্নৰ মাজতে আমি

                 আলোকপাত কৰোঁ

                        বহু ৰোমন্থন স্মৃতি।


হেজাৰ মৰম আৰু 

         হেজাৰ গৌৰৱ......


অতীতৰ সোণালী ভাষাই

ৰংপুৰৰ সৈতেএক

সম্বন্ধতা গঢ়ে।


পূবৰ বেলি পশ্চিমত অস্ত গ’ল,

এতিয়া আৰু সেইদিন

ঘূৰি নাহে।


যি দিন ৰংপুৰ সোণালী স্মৃতিৰে

 ভৰপূৰ হৈ আছিল।

জেৰেঙাৰ জয়াই সাহসেৰে যুঁজিছিল,

ৰংঘৰত ৰঙৰ খেলা খেলিছিল

কাৰেঙৰ লিগিৰিত কোঁৱৰৰ

শাসনাধীন চলিছিল।

সেই বোৰ আৰু আজি নাই!

সেইয়া কেৱল অতীতৰ

সোণালী প্ৰভাতহে।


জহি- খহি যোৱা গঢ়াৰ দৰে; 

নতুন ৰংপুৰ বহু আশাৰে

সোণালী আখৰেৰে সজাই তুলিছো।


এইখন আমাৰেই ৰংপুৰ 

        বহু স্মৃতিৰে ভৰা

 ‌ ‌ ‌          এইখন শিৱসাগৰ।

         




                        ✍️নাম:পংকজ দিহিঙীয়া

                       শ্ৰেণী:একাদশ(বাণিজ্য)

                       স্কুল: শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়

                        ঠিকনা: শিৱসাগৰ, গনকপত্তী

                        যোগাযোগ নং:৯৩৬৫১২৫১৪৫

তোলনীয়া:প্ৰগতি গগৈ চাংমাই

 তোলনীয়া




   ছোৱালীজনীৰ নৃত্যত সভাঘৰত থকা সকলোৱে একেমুখে তাইক প্ৰশংসা কৰা দেখি বিমলাৰ মনটো অলপ মৰহি গ'ল। কাৰণ তাইৰ জীয়েক দীক্ষাই নাচিবও নাজানে, পঢ়া-শুনাটো বৰ ভাল নহয়। সেয়ে তাইৰ এটা স্বভাৱ আছে - আনৰ ল'ৰা-ছোৱালীৰ ভাল হোৱাটোও দেখিব নোৱাৰে। টুটকীয়া স্বভাৱটোৰ বাবে গাঁৱৰ আন মানুহেও বিমলাক বেয়া পায়। তথাপি গাঁৱৰ জ্ঞাতি বুলিয়েই একো নোকোৱাকৈ থাকে। ইঘৰৰপৰা গৈ সিঘৰত কথাৰ মহলা মাৰি, চাহৰ জুতি লৈ সময় পাৰ কৰা মানুহ বিমলা। মুখলৈ যি আহে তাকে বলকি দিয়ে। এইবোৰ দেখি-শুনি ৰূপালীৰ টিঙিচকৈ খং এটা নুঠা নহয়। বহুত ধৈৰ্যৰে বহি থাকে। কিমান আৰু আনৰ গুণানুকীৰ্তন শুনিব। আনৰ চৰ্চা কৰাটোও বেয়া কথা। এনেয়ে অ' বুলি শলাগি থৈ দিয়ে।

          "সেইজনীৰ বিয়া হোৱা আজি বাৰ বছৰ হ'ল। ল'ৰা-ছোৱালীৰ মুখ দেখাই নাই। বাঁজী তিৰোতা"

          ৰূপালীয়ে মুখ পাতি কৈয়েই দিয়ে- " অ' পেহী তেনেকৈ কিয় কৱ? তয়ো জানো তিৰোতা মানুহ নহৱ?"

            "থ থ । তোৰ সেই জ্ঞানবোৰ। হেৰৌ তাইৰ কথা ক'লত তোৰ গা পুৰিবলৈ কি হ'ল?"

              "পেহী , এইবোৰ কথা পাতিবলৈ আমাৰ ঘৰলৈ নাহিবি। মই কিন্তু বেয়া পাওঁ।"

              " হ'ব দে , নাহো। সঁচা কথা ক'লে অমুকী বেয়াই।"

              এই সকলোবোৰ কথা প্ৰণীতাৰ কাণত পৰেগৈ। উপায়তো নাই। সহিবই লাগিব। মিছাতো কোৱা নাই। তথাপি মনটোত দুখ লাগে তাইৰ । বুকুখন গধুৰ হৈ পৰে। সঁচাকৈয়ে তাইৰো যদি সন্তান এটি থাকিল হয় ! কিমান ভাল লাগিলহেঁতেন। ভগৱানেও জানো কিহৰ শাস্তি দিছে? সন্তান এটি থকাহ'লে কিমান মৰমত ৰাখিলহেঁতেন--এইবোৰ ভাবি দিন পাৰ কৰে। 

              অৱশেষত এদিন তাইৰ ভাগ্য উদয় হ'ল। 

          ৰাতিপুৱাই কেঁচুৱাৰ মাতত সিহঁতৰ চুবুৰীটো সৰৱ হৈ উঠিল। কেঁচুৱাৰ কান্দোন শুনি তায়ো উধাতু খাই লৰি গ'ল। ওচৰ পোৱাত দেখিলে সিহঁতৰ বাৰীৰ ভলুকাজোপাৰ গুৰিত (ৰাস্তাৰ কাষত) কোনোবাই কেঁচুৱা এটি পেলাই থৈ গৈছে। কোনেও কোঁচত তুলি লোৱা নাই। ''ক'ৰ কেঁচুৱা, কোনে লয়। জাত বা কিহৰ?'' 

           মানুহবোৰ যে আৰু! কেঁচুৱাৰো জাত-পাত বিচাৰি আছে। মুখৰ ভিতৰতে ভোৰভোৰাই তাই কেঁচুৱাকণ তুলি ধৰি বুকুৰ মাজত সোমোৱাই ল'লে। কণমানি ছোৱালীটিয়েও প্ৰণীতাৰ কোঁচত সোমায়েই মনে মনে থাকিল যেন নিজৰ মাককহে বিচাৰি পালে। গাঁৱৰ সকলোৰে সন্মুখত তাই কৈয়েই দিলে

           --  "আজিৰ পৰা ময়েই তাইৰ মাক। মই তুলিম তাইক। ডাঙৰ কৰিম। "

---তাইৰ পাছে পাছে অহা পুতুলে ভালেই পালে। সিও কথাটোত হয়ভৰ দি কেঁচুৱাকণক মৰমৰে হাত বোলাই দিলে। 

        দুয়ো কণমানি কেঁচুৱাকণৰ নাম প্ৰয়াসী ৰাখিলে আৰু আজি সেই প্ৰয়াসীয়েই নৃত্যৰে সকলোৰে মন মুহিলে। জাওৰিয়ে  জাওৰিয়ে অহা হাত চাপৰিত তাই নিজক পাহৰি যোৱা নাই। তাইৰ হাতত বিচাৰকে যেতিয়া নগদ ধন আৰু বঁটা তুলি দিলে , বিচাৰকৰ অনুমতি লৈ তাই মাক-দেউতাকক নিজৰ ওচৰলৈ মাতিলে আৰু বঁটা আৰু টকাখিনি মাক-দেউতাকৰ হাতত গতাই দিলে। দুয়োৰে চৰণ চুই তাই আৱেগিক হৈ পৰিল। 

        বক্তব্যৰ মাজতে তাই কৈ উঠিল-

        " মোৰ মা-দেউতাই মোৰ বাবে বহুত কষ্ট তথা ত্যাগ স্বীকাৰ কৰিছে। তেওঁলোকৰ তুলনা নাই। মোক বহুতে মোৰ নিজৰ মা-দেউতা নহয় বুলি কয়। কিন্তু মই আজিলৈকে এওঁলোকৰ মাজত এনেকুৱা একো অভাৱ দেখা নাই যে মই নিজৰ মা-দেউতা বুলি মানি নলম। নিজৰ সন্তান হিচাপে মোক ডাঙৰ-দীঘল কৰিছে, মৰম দিছে। ইয়াতকৈ মোক আৰু কি লাগে?"

         প্ৰণীতা আৰু পুতুলে দুচকুৰ ভাষাৰে পলকতে বুজি উঠিল কেঁচুৱাকণ তুলি সিহঁতে একো ভুল কৰা নাছিল। এয়া কোনোবা জনমৰ পুণ্যৰ ফল।

        এইবোৰ দেখি বিমলাই সভাঘৰৰ পৰা পলাব বিচাৰিছিল। যিজনী প্ৰণীতাৰ কথা আনৰ আগত গাই ফুৰে,, ….. যিজনী ছোৱালীক নিজৰ মাক-দেউতাক নহয় বুলি কৈছিল , তোলনীয়া ল'ৰা -ছোৱালী ভাল নহয় -এইবোৰ। সেইজনী ছোৱালী আজি ইমান ভাল হ'ল। এইবোৰ ভাবি ভাবি যাওঁতে উজুটিত পৰিব খুজিছিল । প্ৰয়াসীয়ে থাপ মাৰি ধৰি পৰাৰপৰা বচালে।

        "আই অ' ! মোক ক্ষমা কৰিবি। আগতে যিবোৰ কৈছিলোঁ পাহৰি যাবি।"

        "পেহী আইতা! মই আপোনাক অকণো বেয়া পোৱা নাই। সময়ে মানুহক ক'ৰপৰা ক'লৈ লৈ যায় কোনেও ক'ব নোৱাৰে। আজিৰ ভাতসাঁজ আমাৰ ঘৰতে একেলগে খাম ব'লক।"

         বিমলাই সোলা হাঁহি এটা মাৰিলে।





গল্পকাৰৰ ঠিকনা-

প্ৰগতি গগৈ চাংমাই


সহ: শিক্ষয়িত্ৰী

৪৯৮ নং হালোৱা গাঁও প্ৰাথমিক বিদ্যালয়

ডাকঘৰ-চকীমুখ, (নাজিৰা)

পিন-৭৮৫৬৮৫

ফোন-৭০৮৬১৩৭৯০২

জিলা-শিৱসাগৰ।

অপেক্ষা:নয়ন জ্যোতি পাটৰ

 অপেক্ষা

আজি বহু দিনৰ মূৰত

         তেওঁক লগ পালোঁ,

   আৰু ক'লে ---

       " তুমি মোক পাহৰি

       যোৱা নাই নহয় ?

      বহু দিন ৰৈ আছো

              তোমাৰ অপেক্ষাত,

      মোৰ পৰা কিবা 

          বিচাৰিবা বুলি,

     কিন্তু তুমি যে, মোৰ পৰা

            একো বিচৰাই নাই।"

       এয়া, আজি তোমাৰ পৰা

            এটা মাথোঁ উত্তৰ বিচাৰিছো

           কোৱা......,

       হ'বানে তুমি মোৰ জীৱন বাটৰ লগৰী?



✍️  নয়ন জ্যোতি পাটৰ

        মৰিগাঁও ( মিকিৰভেটা) ওৱাবড়ি 

        একাদশ শ্ৰেণী

প্ৰকৃত বন্ধু:আশ্বিকুৰ ৰহমান শিকদাৰ।

 প্ৰকৃত বন্ধু

বন্ধু মানেই শ্বাসত অনুভৱ,

সহানুভূতি আৰু বিশ্বাসৰ সমাহাৰ।

বন্ধু মানেই সমব্যথী,

 চিৰদিন কাষত থকাৰ অঙ্গীকাৰ।

বন্ধু মানেই মনৰ মৰুভূমিত,

শীতল কৰা হঠাৎ বৃষ্টিপাত।

প্ৰকৃত বন্ধুৱে হাজাৰ দুখতো,

নেৰে কেতিয়াও বন্ধুৰ হাত।

বন্ধু মানেই সদায় কাষত পোৱা,

বন্ধু মানেই সুখ-দুখ প্ৰেৰণ হোৱা।

বন্ধুত্ব সুস্বাদু খাদ্যৰ দৰে,

য'ত প্ৰয়োজনীয় পুষ্টিয়ে ভৰা।

সেইজন খুবেই ভাগ্যহীন,

যিজন পৃথিৱীত বন্ধুহীন।


     ✍️ আশ্বিকুৰ ৰহমান শিকদাৰ।

                            জুৰীয়া, নগাঁও (অসম)

তুমি আৰু মই:ৰিমাশ্ৰী কোচ-ৰাজবংশী

 তুমি আৰু মই


অশান্ত মনৰ 

প্ৰশান্ত ভাৱনা ,

জীৱনে বিচাৰে সপোনৰ ঠিকনা ।


নাজানে একোকে ,

নুবুজে একোকে ,

মাথোঁ বিচাৰে তোমাকে কাষতে ।


মোৰ অনুভৱী হৃদয়ৰ ফাগুন হ'বা তুমি,

মই উতনুৱা ফাগুনৰ বাউলী পছোৱা হৈ ধূলিৰ কণিকাৰে পুনৰ কবিতা লিখিম সৰাপাতৰ বুকুত।


তুমি সাগৰ হ'বা মোৰ মেদিনীৰ ,

প্ৰেমৰ জলেৰে পুনৰ জীপাল কৰিবা মোৰ হিয়াখনি।


এই বিশ্বব্ৰহ্মাণ্ডৰ তুমি সূৰুয হ'বা 

আৰু মই চন্দ্ৰমা হ'ম।

দুয়ো দুয়োৰে সাক্ষী হৈ চিৰদিন এক হৈ ৰ'ম 

আমাৰ এই প্ৰেম চিৰযুগমীয়া কৰি , পৃথিৱীত বিলাই দিম আমাৰ সুখৰ ৰঙ ।

    ‌

 ‌                 ✍🏻ৰিমাশ্ৰী কোচ-ৰাজবংশী

                       *দশম শ্ৰেণী

                       *ঢকুৱাখনা

মই সাহসী নাৰী:শিল্পী দাস,

 মই সাহসী নাৰী

                                                                                 

মই সাধাৰণ ঘৰৰ ছোৱালী

হ'লেও সাহসী এজনী নাৰী,

সকলোতে আগুৱাই যাব পাৰি।

জীৱনত মই নাৰী বুলি

শুনিছিলোঁ সমাজৰ বহু কুকথা,

বহুতে কৈছিল দেউতাক বিয়া দি দিয়াৰ কথা।

কৈছিল তই নাৰী এজনী ছোৱালী

আনৰ ঘৰত যাবি

পঢ়ি কি কৰিবি,

দেউতাৰ বোজা হৈ

কেইদিন নো আৰু থাকিবি।

শত শত আঘাত প্ৰতিমূহুৰ্ত লাগিছিল

দাপোনৰ প্ৰতিচ্ছবি চাই কান্দিছিলোঁ বহু বাৰ,

কিন্তু মোৰ সাহসী নাৰীৰ আত্মাই

শক্তি দিছিল আগুৱাই যোৱাৰ।

প্ৰৱল পৰিশ্ৰম, অশান্তি,

অৰ্থৰ অভাৱ আদি থকাৰ ফলতও

মই পিছুৱাই যোৱা নাই।

এদিন লৰাতকৈও বেছি উন্নতি কৰি

মই বুজাম যিজনে নুবুজে

নাৰীৰ তাৎপৰ্যখিনি।

নাৰীই মা,নাৰীই দেৱতা,

নাৰীই পত্নী ,নাৰীই সংসাৰৰ সৃষ্টি।

ধ্বংস সৃষ্টি নাৰীৰ হাতত

তথাপিও নাৰীক কিয় কৰে অৱহেলা।

নাৰী তুমি জাগ্ৰত হোৱা

মোৰ দৰে সাহসী,

আগুৱাই যাম আজি

কনকলতা আদিৰ দৰে আমি।

নাৰীৰ গৰ্ভত আমাৰ জন্ম

নাৰীৰ কষ্টত আমি আলোকিত

নাৰীৰ নামেই মা বুলি প্ৰথম শব্দ

নাৰীই জীৱনৰ প্ৰথম দৰ্শন,

তথাপিও নাৰীক কৰা

কিয়নো অসন্মান।

মোৰ কাষত সেইজনেই মহান পুৰুষ,

যিজনে নাৰীক দিব পাৰে উচিত সন্মান।

মই সাহসী নাৰী

দৰকাৰ হ'লে দেউতাকও

উচিত শিক্ষা দিব পাৰি।

গৰ্বিত মই,অংহকাৰী মই

মই এজনী নাৰী,

পৰজন্ম বুলি থাকিলেও

হ'ব বিচাৰোঁ নাৰী।

মই সাহসী নাৰী

ধৰ্ষণ কৰিবা বুলি ভাবিলে,

দূৰ্গাৰ ৰূপ ধৰি

দিম মূৰচ্ছেদ কৰি।

মই নাৰী, গছৰ ফুল ভাবি

অযথা ব্যৱহাৰ নকৰিবা বুলি

বিশ্বাস ৰাখিছোঁ আজি।


                           ✍️ শিল্পী দাস

ভালুকমাৰী ৰাণীপুখুৰী, হোজাই

                                      (অসম)

                   ছাত্ৰী, বাণিজ্য শাখা

                          চতুৰ্থ ষান্মাসিক

                     লংকা মহাবিদ্যালয়

      মোবাইল নং-৭০০২৩১৫৫৫০

'অ' অক্ষৰৰ অসম :আমিৰ হুছেইন আহমেদ।

'অ' অক্ষৰৰ অসম 



অমৰাৱতী অসমৰ অমৃত অসীম

অলেখ অতিথিৰ অহৰহ অভ্যুত্থান

অভিনৱ অভিৰুচি অকৰ্ম অনমণীয়

অফুৰন্ত অম্লজান অকুটিল অংশুমান !


অসমীয়া অভিধান অমিয়া অনুপান

অভিজাত অলঙ্কৰণৰ অতল অভিজ্ঞান

অনন্ত অভ্যন্তৰত অদ্বৈত অক্ষৰৰ অন্বেষণ

অকপট অন্তৰৰ অনুপ্ৰাণিত অনুলিখন !   


অবিভাজ্য অন্তৰায় অসত্যৰ অন্তৰ্ধান

অপবাদ অনাদৃত অদৰ্কাৰী অপপ্ৰচাৰ,

অশলাগীৰ অত্যুক্তিত অতিষ্ঠ অসম

অপকাৰীৰ অবোধ্য অজেয় অধিকাৰ !


অনিন্দিত অসম অতিশয় অনুপম

অনুভবী অনুশাসনত অগণন অনুষ্ঠান,

অবৈধ অনুপ্ৰৱেশ অনৈক্যৰ অনিয়ম

অপ্ৰতিদ্বন্দ্বী অসমৰ অজ্ঞাত অদৰ্শন !


অহৈতুকী অভিধাক অভিন্ন অভিনন্দন

অব্যভিচাৰী অসমৰ অম্লান অভিমান,

অন্যায় অবিচাৰ অমাৰ্জনীয় অনুশীলন

অসমতেই অহিংসাৰ অবিৰত অভিযান !!


_________________________________

আমিৰ হুছেইন আহমেদ।

আজিৰ শিক্ষা ব্যৱস্থা আৰু মই সন্মুখীন হোৱা কিছুমান ঘটনা:কাকলি দত্ত

 আজিৰ শিক্ষা ব্যৱস্থা আৰু মই সন্মুখীন হোৱা কিছুমান ঘটনা



পৰিৱৰ্তন প্ৰকৃতিৰ নিয়ম । সমাজ সদায় পৰিৱৰ্তনশীল হৈ থাকে । তাৰ লগতে উচ্চ হাৰত সলনি হ'বলৈ ধৰিছে মানুহৰ মনবোৰ । আজি বেলেগ কথা প্ৰকাশ কৰিব বিচৰা  নাই । নিজেই সন্মুখীন হোৱা কিছুমান ঘটনাৰ বিষয়ে লিখিবলৈ লৈছো । 

       বৰ্তমান বিজ্ঞানৰ যুগ , প্ৰতিযোগিতাৰ যুগ । সকলোবোৰ প্ৰতিযোগিতাৰ ভিতৰত জ্ঞান আহৰণো সাঙুৰ খাইছে । সকলোৱে জ্ঞাত যে কিবা এটা চাকৰিয়েই হওঁক বা অন্য কাম কৰিবলৈ হ'লেও নম্বৰ লাগে সঁচা । কিন্তু তাৰ মানে এইটো নহয় যে শিক্ষা অৰ্জনৰ বিপৰীতে অকল নম্বৰ সংগ্ৰহ কৰিব লাগে । মানুহবোৰে কিয় আজিকালি কেৱল নম্বৰৰ লগত লাগে । তেওঁলোকে ভৱা উচিত যে শিক্ষাৰ্থীয়ে নম্বৰ লাভ কৰাই নহয় তেওঁলোকৰ আন বহুতো প্ৰতিভা থাকে কিন্তু কিছুমান হেচাৰ বাবে তেওঁলোকে সেই আশাবোৰ বৰ্জন কৰিবলগীয়া হয় । তাৰ বাবে দায়ী কোন ? বৰ্তমানৰ সমাজখনেই নহয় জানো ? বৰ্তমান সকলোৱে নম্বৰৰ পাছত দৌৰিছে । নম্বৰ পোৱাক লৈও পাৰ্টি কৰে । আজিকালি শিক্ষাৰ মূল উদ্দেশ্যে কেৱল এটা চাকৰি লাভ কৰা । এইখিনিতে উল্লেখ কৰা ভাল যে আগৰ দিনত আজিৰ দৰে পকী বিদ্যালয় নাছিল । সেই সমাজখনৰ মূল উদ্দেশ্যে এটা চাকৰি নাছিল । উদ্দেশ্যে আছিল সৰ্বোৎপৰকাৰে জ্ঞান অৰ্জন কৰি দেশৰ উন্নতি কৰে । তেওঁলোকে জানিছিল যে দেশৰ উন্নতি হ'লেহে তেওঁলোকৰ উন্নতি হ'ব । পুৰণি শিক্ষা ব্যৱস্থাৰ লগত আজি কালি শিক্ষা ব্যৱস্থাৰ আকাশ- পাতাল পাৰ্থক্য আছে । সহজ অৰ্থত ক'বলৈ হ'লে আজিকালি সকলোকে নম্বৰ লাগে । কিন্তু মোৰ বোধেৰে সেইটো ভুল ধাৰণা । মই সন্মুখীন হোৱা দুটামান ঘটনাৰ উদাহৰণ দিওঁ । 

উদাহৰণ ১ - ২০২২ বৰ্ষৰ আগষ্ট মাহৰ ১৫ তাৰিখৰ কথা । তিনি নম্বৰৰ ক্লাছ । বিজ্ঞান আছিল । ছাৰ আহি নানা প্ৰশ্ন কৰিলে , তাৰ মাজতে তেওঁ প্ৰশ্ন কৰিলে 'পদ' মানে কি ? প্ৰশ্নটো শেষ কৰিয়েই লগে লগে শ্ৰেণীৰ চোকা ল'ৰাটোলৈ চালে । সি পৰা নাই উত্তৰ দিব । আমি উত্তৰ দিলো যে পদ মানে ভৰি । নাই নুশুনে । এইবাৰ ক্লাছৰ শেষৰ নম্বৰৰ ল'ৰাজনে উত্তৰ দিলে । ছাৰ পদ মানে ভৰি । নাই নুশুনে । কিয়নো তেওঁ চকু চোকা ল'ৰাটোৰ ওপৰত । প্ৰচণ্ড খং চোকা ল'ৰাটোৱে পৰা নাই । আমিও কথাষাৰ অলপ চিন্তা কৰিলো । মনলৈ ভাব আহিল চোকা বুলিয়ে সকলো পাৰিবই লাগিব বুলি কি কথা আছে বা পঢ়াত অলপ দুৰ্বল আন এজনে উত্তৰ দিলে কিয় আওকাণ কৰে ? ইয়াত কিহৰ ভিত্তিত শিক্ষা প্ৰদান কৰা হৈছে ? জ্ঞান অৰ্জন কৰিবলৈ নে কেৱল নম্বৰ পাবলৈ ? এটা ডাঙৰ প্ৰশ্ন । 

উদাহৰণ ২ - সেইদিনা মোৰ ক্লাছ বাৰ বজাত শেষ হৈছিল । মুকুল শ্ৰেণীৰ সৰু কণমানি ল'ৰা এজন মোৰ গাড়ীতে বহি আছিল । ইমানেই শান্ত মৰম লাগে ল'ৰাজনলৈ কিন্তু কথা নকয় বুলিয়েই ক'ব পাৰি । অচিনাকি ভাইটিটোৰ নাম সুধি লৈ বহী এখন খুজিলো চাওঁ বুলি । সি বিনা সংকোচে অসমীয়া বহীখন উলিয়াই দিলে । চালো ভালকৈ । বয়সৰ অনুপাতে আখৰবোৰো ভাল । হঠাতে চকু পৰিল অসমীয়া ব্যঞ্জনবৰ্ণৰ ( ড় ) আখৰটোত । সাধাৰণতে সৰু ল'ৰা - ছোৱালীক কোৱা হয় যে প্ৰথমতে ড টো লিখা তাৰ পাছত তাৰ তলতে ( • ) ফুটটো দিবা । ভাইটিটোৱে লিখিছে (ড•) এনেকৈ । কিন্তু প্ৰকৃততে হ'ব লাগে ড় । মই আচৰিত হ'লো । দুখন পৃষ্ঠা তেনেকৈয়ে লিখিছে আৰু আচৰিত কথা যে তাৰ কাষতে আছে শিক্ষকৰ চহী । তেনে ক্ষেত্ৰত কিহক প্ৰাধান্য দিছে । নম্বৰ নে জ্ঞান অৰ্জনক । ভাইটিটোক পেঞ্চিলডাল উলিয়াবলৈ দি ভালকৈ লিখি দিলো আৰু ক'লো যে - এইটো এনেকৈ লিখিবা । (ড•) এনেকৈ লিখিলে ভুল হ'ব আৰু লগতে ক'লো যে মা - দেউতাক বহীখন দেখাই ক'বা যে বা এজনীয়ে লিখি দিছে বুলি । এই কথাষাৰ এই কাৰণেই ক'লো যে বৰ্তমান আমাৰ অভিভাৱকসকলেও নম্বৰক বেছি গুৰুত্ব দিয়ে । কিমান জ্ঞান লাভ কৰিছে তেওঁলোকৰ সুধিবলৈ আহৰি নাই । লাগে মাথোঁ নম্বৰ । তেনে ক্ষেত্ৰত ল'ৰা - ছোৱালীৰ মগজু বিকাশ হ'বনে ? কিয় নামি পৰিছে সকলো নম্বৰৰ প্ৰতিযোগিতাত । দেশৰ লগতে দহৰ উন্নতি হ'বনে এনেকৈ ? প্ৰতিভা বিকাশৰ সুবিধা পাবনে সকলোৱে নে নম্বৰেই সকলো প্ৰতিভা বিকাশ কৰিব । এটা ডাঙৰ প্ৰশ্ন আজিৰ শিক্ষা ব্যৱস্থা কোন দিশে ?  কিয় প্ৰাধান্য দিছে নম্বৰক । সকলোৰে কিছুমান নিজস্ব প্ৰতিভা আছে সেইবোৰ বিকাশ কৰিবলৈ সুবিধা দিয়ক । নহ'লে ভবিষ্যত এন্ধকাৰৰ দিশে গতি কৰিব । মই জ্ঞান অৰ্জনক হে প্ৰাধান্য দিওঁ কাৰণ জ্ঞান থাকিলেহে দহৰ উন্নতি কৰিব পাৰিম আৰু দহৰ উন্নতি হ'লেই মোৰ উন্নতি হ'ব । নম্বৰক লৈ মই কোনোদিনেই প্ৰতিযোগিতাত নমা নাই । সকলোৱে অলপ হ'লেও আনৰ উন্নতি কথা চিন্তা কৰক , নম্বৰক নহয় জ্ঞান অৰ্জনক প্ৰাধান্য দিয়ক । এগৰাকী শিক্ষাৰ্থী হৈ মই সকলোকে অনুৰোধ কৰিছো সকলোকে প্ৰতিভা বিকাশৰ সুবিধা দিয়ক , নম্বৰক নক্ষয় জ্ঞান অৰ্থাৎ শিক্ষা অৰ্জনক প্ৰাধান্য দিয়ক । আমি সকলো সমান সেয়েহে পঢ়াত দুৰ্বল বুলি কাকো নিৰুৎসাহ নকৰি ভবিষ্যতে আগুৱাই যাবলৈ অনুপ্ৰেৰণা যোগাওঁক । 




            ✍️কাকলি(কাকু) দত্ত ।

                দশম শ্ৰেণী

                ধেমাজি(মাছখোৱা)

দ্বিতীয় বৰ্ষৰ ফেব্ৰুৱাৰী মাহ তৃতীয় সংখ্যা

                 দ্বিতীয় বৰ্ষৰ ফেব্ৰুৱাৰী মাহ তৃতীয় সংখ্যা




     

                             বিতা শিতান

    🔴আকৌ বৰষুণজাক আহিছে 




    বৰষুণ ভাল পাওঁ যদিও
    আজি নিতিতো দিয়া ।
    তুমি কাষত নাই যে,সেইবাবে হয়তো
    বৰষুণজাকো নিৰস আজি।

     তোমাৰ কাষত থকা শেষ দিনটো
    আজিও পাহৰা নাই মই।
    সেইদিনাও বৰষুণ দিছিল
    ঠিক আজিৰ দৰেই।
    আৰু তুমি মই 
    বৰষুণৰ পানীৰ লগতে উটুৱাই দিছিলোঁ
    আমাৰ চকুপানীবোৰ।
    সেইদিনা তুমি আঁতৰি যোৱাৰ পিছত
    বৰষুণজাকো গুচি গৈছিল জানা
    মোক অকলে এৰি।
    আৰু আজি ইমান দিনৰ মূৰত 
    আকৌ আহিছে বৰষুণ মোৰ কাষলৈ।
    মোলৈ চাই আজি বৰষুণে অতহাস্য কৰিছে।
    মোক যেন কৈছে চিঞৰি চিঞৰি
    চোৱা আজি মই আহিলোঁ আকৌ
    তোমাৰ শুকাই যোৱা চকুলোক বোৱাবলৈ,
    তুমি তোমাৰ প্রিয়জনে মোৰ সৈতে পাৰ কৰা
    মধুৰ সময়বোৰ
    আকৌ মনত পেলাই দিবলৈ।।

      
            কুকী মহন্ত
         মৰাণ,ৰাঙলী।

     


    ******************************************************************


    🔵পেক্ষা


    আজি বহু দিনৰ মূৰত
             তেওঁক লগ পালোঁ,
       আৰু ক'লে ---
           " তুমি মোক পাহৰি
           যোৱা নাই নহয় ?
          বহু দিন ৰৈ আছো
                  তোমাৰ অপেক্ষাত,
          মোৰ পৰা কিবা 
              বিচাৰিবা বুলি,
         কিন্তু তুমি যে, মোৰ পৰা
                একো বিচৰাই নাই।"
           এয়া, আজি তোমাৰ পৰা
                এটা মাথোঁ উত্তৰ বিচাৰিছো
               কোৱা......,
           হ'বানে তুমি মোৰ জীৱন বাটৰ লগৰী?


    ✍️  নয়ন জ্যোতি পাটৰ
            মৰিগাঁও ( মিকিৰভেটা) ওৱাবড়ি 
            একাদশ শ্ৰেণী

    __________________________________________________________________________________________


    ⚫️তুমি


    তুমি মোৰ কোন নাজানো,
    কিন্তু এদিন কথা নহ'লে যেন
    অস্তিৰ অস্তিৰ লাগে হৃদয়খন।
    তুমি কোন?
    জানিবৰ ইচ্ছা নাই,
    কিন্তু তুমি অবিহনে যেন
    আজিকালি একোই ভাল নালাগে।
    মোৰ তিক্ত হৃদয়খন আজি চঞ্চল
    সপোন দেখিবলৈ আৰম্ভ কৰিছে,
    কেৱল মাথোঁ তোমাকলৈ।
    নাজানো তুমি মোক কি ভাবা,
    মইও নাজানো তোমাক কি ভাবোঁ।
    আজিকালি বিৰক্তি পাই
    মোৰ প্ৰতি শিৰে শিৰে
    মাথোঁ তোমাৰ কণ্ঠৰ মধুৰ শব্দ শুনিবলৈ।
    কেনেকৈ জানো আপোন হৈ গ'লা
    সোমাই গ'লা মোৰ অতি 
    মৰমৰ হৃদয় দাপোনৰ গভীৰত।
    কেতিয়াবা ভাবোঁ তোমাৰ লগত আৰু কথা নাপাতোঁ,
    কিন্তু কি কৰিম নোৱাৰোঁ
    তোমাৰ অবিহনে থাকিব।
    মোৰ হৃদয়ে,অনুভৱে, কল্পনাতে,সপোনতে,
    তোমাকেই দেখা পাওঁ
    আৰু তোমাকেই যেন বিচাৰে।
    বুকুখনৰ স্পন্দনে তোমাৰ ঢেউ
    প্ৰতিখনে অতিবাহিত কৰে,
    তুমি বাৰু কোন
    ইমান যে কিয় হ'লা আপোন।
        
                                ✍️ শিল্পী দাস
    ভালুকমাৰী ৰাণীপুখুৰী, হোজাই
                                           (অসম)
                       ছাত্ৰী, বাণিজ্য শাখা
                              চতুৰ্থ ষান্মাসিক
                        লংকা মহাবিদ্যালয়

     

                  
    ******************************************************************


     

    🔵কোনেনো নাজানে

      

    দুখীয়াৰ দুখ বুলি
    কোনেনো নাজানে,
    তথাপিও দুখীয়াক
    কোনেও সুখ নিদিয়ে।

    ভিক্ষাৰী ক্ষুধাৰ্ত বুলি
    কোনেনো নাজানে,
    তথাপিও ভিক্ষাৰীক
    কোনেও খোৱাৰ নিদিয়ে।

    পাগলৰ ঘৰ নাই বুলি
    কোনেনো নাজানে,
    তথাপিও ঘৰত আনি
    কোনেও থাকিব নিদিয়ে।

    ধনীৰ সকলো আছে বুলি
    কোনেনো নাজানে,
    তথাপিও কিবা বিচাৰিলে
    কিয় জানো দিয়ে।

    ধনেৰে নহয় মনেৰে হয়
    কোনেনো নাজানে,
    তথাপিও সকলোৱে ধনেৰে কৰে
    কিয় জানো মনেৰে নকৰে।

    নম্বৰত নহয় ব্যৱহাৰত জ্ঞান
    কোনেনো নাজানে,
    তথাপিও নম্বৰতেই বিবেচনা কৰে
    কিয় জানো সকলোৱে আজি অজ্ঞান।

                                ✍️ শিল্পী দাস
    ভালুকমাৰী ৰাণীপুখুৰী, হোজাই
                                          (অসম)
                      ছাত্ৰী, বাণিজ্য শাখা
                             চতুৰ্থ ষান্মাসিক
                       লংকা মহাবিদ্যালয়
        

    ******************************************************************

    🔴মোৰ বহী



                                                             ✍🏻ৰুম্পী দাস 
                   ভালুকমাৰী ৰাণীপুখুৰী , হোজাই (অসম) 

                      বহী মোৰ                                                         
               মন কৰিম চুৰ ;
       প্ৰেমত পগলা তোৰ ।
                    লিখিম ফাগুনে
                       ৰাখিম যতনে ;
                    তোমাৰ কাৰণে ।
                   আপোন হৈ থাকিম
              সদায় হৃদয়ত ৰাখিম ;
     মোৰ চকুত তোমাক আঁকিম ।
       তোমাৰ প্ৰেম পাহৰি নাযাও সঙতে কেতিয়াবা ভাত নাখাওঁ ;
     মনতে ৰাখিবা এৰি নাযাওঁ ।।

                               
    ******************************************************************

    🔴অপেক্ষা


                     ✍🏻ৰুম্পী দাস                          
                           ভালুকমাৰী ৰাণীপুখুৰী , হোজাই(অসম)

    জীৱনটো অপেক্ষাকৃত ,
    আৰম্ভণি অপেক্ষাৰে 
    আজিও কৰিলো অপেক্ষা
    কালিও কৰিম অপেক্ষা
    আজীৱন অপেক্ষা ।
    শব্দবিহীন অপেক্ষা
    শেষবিহীন অপেক্ষা
    কৰিম অপেক্ষা ,
    থাকিম অপেক্ষাত ।
    দেখোঁ অপেক্ষাৰে
    কৰোঁ অপেক্ষাৰে
    বুজোঁ অপেক্ষাৰে
    ভাবোঁ অপেক্ষাৰে
    খুজোঁ অপেক্ষাৰে
    থাকোঁ অপেক্ষাৰে
    মৰোঁ অপেক্ষাৰে 
    অপেক্ষা অপেক্ষা
    মাথোঁ তুমি অবিহনে ,
      মই অপেক্ষাকৃত ।।

                       


     ******************************************************************

     

    🔵নিয়ন্তা 


     

    এবাৰ বাট  এৰি দিয়া 
    তেওঁ গুছি যাওঁক ,
    গুছি যাওঁক কোনো
     মন্ত্ৰ পুথিৰ ভঁৰালত ।

    অস্তামিত আবেলিৰ বুকু ফালি 
    উটি অহা নৈখন 
    গাভৰু হওঁক শাওণৰ
     ভৰ বাৰিষাৰ প্লাৱনত  ।

    প্ৰাচীন কালৰ  ঋতুমতী  পৃথিবী
     পাৰত আঁচোৰা   ঢৌত 
     যদি গুছি আহে  
    শেষ প্ৰান্তৰ তীৰত ,
    মাতিবা নে তুমি তাক 
    নিয়ন্তা বুলি!!!
                   --মাৰ্জিনা বেগম ।


    ******************************************************************


     

    🔴_মানুহ কটা মানুহৰ কথা_


    শুনিবলৈ হয়তোঁ বেয়া
    কিন্তু, মানুহেই মানুহক কাটিছে
    মানুহেই মানুহৰ মাজত
    নিকৃষ্টতাৰ পৰিচয় দিছে 
    নিকা মজিয়া খনক
    বাৰে বাৰে লেতেৰা কৰিছে 

    জীৱশ্রেষ্ঠ মানৱে আকৌ
    মানৱতাবাদৰ জয়গান গায়
    কিন্তু, মানৱীয়তা কি?
    তাকেই নাজানে। 
    এচামে আকৌ নিজ স্বাৰ্থত 
    আত্মীয়ক হত্যা কৰিছে
    নিজকে বচাবলৈ 
    কি যে কৰা নাই সিহঁতে 

    ইমান নিকৃষ্ট হ'ব পাৰে নে মানুহ
    হত্যাও কৰে
    অভিনয়ো কৰে আকৌ 
    নিজকে নিৰ্দোষী প্রমাণ কৰিবলৈ
    নকৰিবনোঁ কিয়
    তাতে আকৌ, 
    মানুহ কটা মানুহৰ কথা।


    জয় বড়া 
    শিৱসাগৰ


    ******************************************************************


     

    ⚫️সহাঁৰি বিহীন ভালপোৱা


    প্ৰভাতী সুৰুযৰ ৰাঙলী কিৰণে
    নিশাবোৰ নমাই আনিছে,
    এনেদৰেই প্ৰতিদিনে পুৱাৰ শেষত
    নিশাবোৰ নামি আহিছে ।
    পিছে মোৰ হে তোমাক লৈ দেখা সপোনবোৰে
    আজিও দিঠকৰ বাট বিচাৰি পোৱা নাই ।

    তোমাৰ অপেক্ষাত থকা দিনবোৰ
    আজিও যেন
    নিশাৰ জোনটোৰ দৰে নামি অহা নাই ।
    তোমাৰ প্ৰতি থকা মোৰ ভাল লগাবোৰ 
    আজিও বেয়া লগা কৰিব পৰা নাই,
    নাজানো কি যাদু আছিল
    তোমাৰ সেই মোহনীয় সৌন্দৰ্যতাত ।

    তোমাৰ সেই স্বৰ্ণিল চকুযোৰি
    আৰু তোমাৰ সেই
    ভাজলগা মুখৰ মিচিকিয়া হাঁহিটি
    আজিও মোৰ চকুৰ আগত ভাঁহি উঠে ।

    তোমাৰ সুখত সুখী হোৱা
    তোমাৰ এই প্ৰেমিকে
    আজিও তোমাক পাহৰিব পৰা নাই ।

    কিয় নাজানো ?
    তোমাৰ চকুলো দেখিলে
    ৰাতিৰ নিৰ্জনতাত মোৰ চকুৰেও
    বৈ আহে দুধাৰি চকুলো ।

    পিছে তোমাৰ জানো এনে হয় ?
    নহয়....।
    জানো তোমাৰ এনে নহয় ।
    কিয়নো, তুমিহে মোৰ ভালপোৱা
    মই টো নহয় তোমাৰ ।

    আজিও জানা.....
    তোমাৰ সমস্ত ঘাট-প্ৰতিঘাট বোৰ
    আজুৰি আনি মোৰ কৰিব মন যায়
    আৰু বিলাই দিব মন যায়
    মোৰ সুখ, ভাল লগাবোৰ
    তোমাৰ মাজত ।

    তোমাৰটো এনে নহয়,
    কিন্তু মোৰ এনে কিয় হয় ?
    হয়তো তোমাৰ সহাঁৰি অবিহনেও
    তোমাক ভাল পাওঁ বাবেই ।

                   ✍🏻বিৰাজ বল্লভ নাথ
                         খগা, লখিমপুৰ


    ******************************************************************

     

    🔴সঁচাবোৰ


                       ✍🏻 ৰুম্পী দাস                          
                            ভালুকমাৰী ৰাণীপুখুৰী , হোজাই(অসম)

                   সত্য সচাঁবোৰ                                            
         তেজাল কাহিনীবোৰ 
            সুন্দৰ অনুভৱবোৰ 
             গভীৰ কামনাবোৰ 
             অসীম বেদনাবোৰ 
                  হতাশা মনবোৰ 
            হাহাকাৰ হৃদয়বোৰ 
                 মায়াৱী চকুবোৰ 
                নিমেষিত ছাঁবোৰ 
        অশান্তিময় আত্মাবোৰ 
             অকল্পিত ভাগ্যবোৰ 
             ক্লান্তময় সাধনাবোৰ 
                 বিষাক্ত মায়াবোৰ 
                    স্মৃতি কথাবোৰ 
                চিৰস্থায়ী কৰ্মবোৰ 
                ক্ষণস্থায়ী ৰূপবোৰ
                  বৃহত্তম আশাবোৰ 
                অসত্য সপোনবোৰ
               দ্রুতগামী কাণবোৰ
                 স্পষ্টবাদী মুখবোৰ
                   চলিত সময়বোৰ ,
               ধৈর্য্যময় জীৱনবোৰ ।।

     


    ******************************************************************


     

    🔵আহ্বান


    কবিতা কেৱল
    অনুভৱৰ প্ৰকাশ নহয়
    কবিতা মোৰ শানিত অস্ত্ৰ
    গঢ়ি পিতি ধাৰাল কৰোঁ যুদ্ধৰ বাবে
    কবি বন্ধু
    তুমিও আহাঁ কবিতাৰ অস্ত্ৰ লৈ
    একেলগে 
    সূচনা কৰোঁ এখন মহাযুদ্ধ
    সংস্কাৰৰ যুদ্ধ ।
    চেতনাৰ কবচ পিন্ধি
    শব্দ ব্ৰহ্মৰ পৰা দধিচিৰ
    কামিহাড়েৰে বৰ্জ বনাওঁ।
    কিমাননো আৰু প্ৰেমৰ কথা নাপাতা
    আহাঁ আমি যুদ্ধৰ কথা পাতোঁ
    সুৰৰ দেউলত
    অসুৰ বধৰ আখৰা কৰোঁ ।
    কবি বন্ধু
    আহাঁ আমি জন্মদিওঁ
    স্ফুলিংগৰ দৰে শব্দ
    দেশৰ বাবে শব্দ
    মানুহৰ বাবে শব্দ
    তেজাল শব্দৰে সৃষ্টি কৰোঁ
    কবিতাৰ শৰীৰ।

     

    ৰাতুল চেতিয়া ফুকন
    চৰাইদেউ।


    ******************************************************************

    ⚫️কিমানৰ মানুহ তুমি



                                                ✍️  আয়নাল চৌধুৰী 
                                                  

    কিয় ভাবাহে
    নিজে বৰ মানুহ বুলি ?
    চুৰিয়াৰ বৰফেৰত উজুটি খাই
    পৰিলেহে গম পাবা
    কিমানৰ মানুহ তুমি ।
    যদি প্ৰশংসাই বিচাৰা
    তেনে নিজকে নিজে নকৰিবা প্ৰশংসা
    যদি আদৰেই বিচাৰা
    তেনে তাৰ যোগ্যতাও অৰ্জন কৰা ।

    তুমি থকা পৃথিৱীখনত
    আৰুতো বহুলোকেই আছে
    কোনে জানে--
    কিজানি তোমাৰেই গতি-বিধি
    তেওঁলোকে নখ-দৰ্পনত ৰাখিছে।
    আচলতে কি জানা,
    তুমি কেতিয়াও নাভাবিবা
    নেপথ্যৰ নায়ক হৈ
    নিজৰ স্থিতি বজাই ৰাখিবলৈ
    তুমি সক্ষম বুলি।

    জটিল পৃথিৱী
    প্ৰতিযোগিতাৰ ধাম-খুমীয়াত
    সকলোৱে বিচাৰে আনৰ খুটি-নাটি
    নিজক সফল বুলি দেখুৱাবলৈ যাওতে
    আনৰ দুৰ্বলতাক
    বলেৰে আনে টানি-আঁজুৰি !

    নিজে নজনাকৈ আনৰ দৃষ্টিত
    কোন, কেতিয়া দোষী হৈ পৰে
    তাৰ খবৰ কোনে ৰাখে ?
    সেয়ে নিজে বৰ মানুহ বুলি
    ভুলতো নাভাবিবা
    চুৰিয়াৰ বৰফেৰত উজুটি খাই পৰিলেই
    কিমানৰ মানুহ তুমি
    ভালদৰে গম পাবা...।


     ******************************************************************

           

    🔵পৰিৱৰ্তন


    এজাক উন্মুক্ত বতাহ আহিল
    হিলদল ভাঙি
    কথা পাতিল ইটো-সিটো বহুতো
    নিমিষতে সলনি হ'ল বহু কিবা
    ভিকহু হ'ল আঢ্যৱন্ত
    ডাল-দৰিদ্ৰ আজি মাতব্বৰ 
    অৱহেলিত প্ৰজ্ঞাৱান। 

    দাওদাওকৈ জ্বলি উঠিল সেই জুইশিখা
    যি তাহানিৰে পৰাই লৈছিল বিশ্ৰাম
    হয়তো লুকায়িত আছিল সূৰুযৰ কিৰণত 
    হৃদয়ে হৃদয়ে বাস লৈ জ্বলাইছে
    ঘৰ-বাৰী,আলিবাট,সমাজ কিম্বা দেশ, 
    চৌপাশৰ প্ৰদূষণে দিনকদিনে বৃদ্ধি কৰিছে
    অমাৱস্যাৰ গৰ্ভত জন্মা জুইশিখা
    হৈছে পৰিৱৰ্তন সৱতে। 

    শান্ত-শিষ্ট, হৃষ্টপুষ্ট ধৰণি খন
    কেতিয়া আৰু কেনেকৈ অশান্ত হ'ল
    গমকে নাপালোঁ, 
    হিংসাৰ ধোৱাই ছানি ধৰিছে
    আচৰণ কৰিছে নিস্তব্ধতা ভাঙি নিশাবোৰে
    দিৱস সদৃশ, 
    জোনাকৰ কিৰণত আন্ধাৰৰ ৰাজত্ব
    দুঃস্বপ্নত পৰিণত হৈছে ৰঙীন সপোনবোৰ
    এক নিৰৱধি পৰিৱৰ্তন। 

    মিলাপ্ৰীতিৰ এনাজৰী ডাল বৰকৈ আহত হৈছে
    চতুৰ হৈছে হোজা মানুহবোৰ  
    পঁজাবোৰ অট্টালিকা
    সু-স্বাদুৰ  গাঁৱলীয়া হোটেলবোৰ ৰেষ্টুৰেন্ট হ'ল
    আধুনিক হৈছে সকলো 
    আনকি, 
    পিতাই, মাকক ডেট-মম কোৱা হৈছে
    হাই, হেল্লুই দখল কৰিছে সমাজৰ চুক-কোণ, 
    নাৰী সৰবৰাহৰ যোগেদি
    বানিজ্যৰ অভিলেখ ৰচে প্ৰায়ে
    কি সুন্দৰ পৰিৱৰ্তন! 

    বিকশিত হৈছে বৃদ্ধ ধৰিত্ৰী
    সঘনে ক্ৰন্দন কৰে
    গছ-লতা কিম্বা নিষ্পাপ পশু-পখীবোৰে
    আজিকালি ৰাস্তাৰ কাষৰ সেই পাগলীজনী 
    বৰকৈ হাঁহে
    শিক্ষাই গগণ চুইছে
    সু-সজ্জিত হৈছে বৃদ্ধ আশ্ৰমবোৰ 
    পাৰবোৰ ঘৰৰ মূধচত নবহা হ'ল
    উদ্যানবোৰ ভৰি পৰিছে গোন্ধহীন ফুলেৰে 
    ৰসাল হাঁহিবোৰ শুকান হৈছে
    অনেক পৰিৱৰ্তন চৌদিশে! 

    প্ৰেমৰ খেলপথাৰত অনুষ্ঠিত হয় 
    হিয়া ভঙা খেল 
    কত অভিনয়, কত ফাঁকিবাজ
    হত্যা, লুন্ঠন কিম্বা ধৰ্ষণ
    মানৱতাই চকুলো টুকে প্ৰতিনিত
    আন্ধাৰৰ কবলত জ্যোতিয়ে ককবকাইছে 
    কি যে পৰিৱৰ্তন! 
    সঁচাকৈয়ে এক অনন্য পৰিৱৰ্তন। 

     

    বাহাৰুল ইছলাম (শিক্ষক) 
    বালিজান, মৰিগাঁও
    ম'বাইল- 9577517490

    *********************************************************

    🔴সৰা পাতৰ বিননি 

                                 ✍️ছেলিমা বেগম। 

     শৰত ঋতুক বিদায় দি গছৰ পাতে বিলাপ জুৰিছে, 
    হায়ৰে! আমাৰ বিননি শুনিব কোনে? 
    আমি পাতবোৰ যে বুঢ়া হৈ আহিছোঁ 
    আমাৰ যে মৃত্যু অনিচ্ছাকৃত বাবে হয়  ।
    কোনোৱে আমাক গচকি থৈ যায় 
    জাবৰৰ লগত মিহলাই দিব। 

    সৰা পাতে কাণে কাণে ফুচ্ ফুচ্ কৰি কৈ দিম 
    ফাগুন আহিছে বলিয়া বতাহ জাকে
     উৰুৱাই নিব ,নাচি নাচি উৰি উৰি 
    ফাগুনৰ গীত গাই গাই ধৰণীক 
    স্বাগতম জনাই থাকিম ,ফাগুন আহিছে 
    বৃক্ষ বিৰিণা ইনাই বিনাই কান্দিবলৈ ধৰিলে ।

    সৰা পাতৰ শব্দ কাণত বাজে
     নূপুৰ পিন্ধি ধৰণীৰ বুকুত
     বিচৰণ কৰিম ,সৰা পাতৰ 
    ৰুন -জুন শব্দ ধৰণীক 
     মতলীয়া কৰি ফাগুনক বলিয়া কৰিম ।

    উত্তৰৰ পৰা দক্ষিণলৈ বলা
     পচোৱা বতাহ জাকে উৰুৱাই
     নিব ধৰণীৰ বুকুৰ পৰা
     লাজৰ চাদৰ আমি সৰা পাতে 
    ভূ -মণ্ডলত দলিছা পাৰি দিম 
    চাই চাই হাঁহি থাকিব ফাল্গুনি বায়ে।


    ●●●●●●●●●●●●●●●●●●●●●●●●●●●●●●●●●●●●●●●●●


     

    🔵বিচিত্ৰ মায়াৰ পুৰী

     


    বিচিত্ৰ মায়াৰ পুৰীত
    কোন পৰ কোন আপোন,
    মানৱী জনম লৈ
    ইয়াতেই দেখে সবে
    জীয়াই থকাৰ ৰঙীন সপোন।

    কেও হয় মুখা পিন্ধা ভদ্ৰ সাধুজন
    অন্তৰত বিশ্বাসঘাতকতাৰ মনোভাৱ লৈ
    ওপৰে ওপৰে হয়  প্ৰিয়ভাজন।
    মিষ্ট ভাষাৰে আকৃষ্ট কৰে
    বহুজনৰেই মন,
    ওপৰে পানী ঢালি
    তলে তলে গুৰি কটাৰ লেখিয়াকৈ
    নষ্ট কৰে বহুতৰে জীৱন।

    ৰঙীন সপোনবোৰ পোখা মেলি ধৰোঁতেই
    চকুৰ আগত হয় থানবান,
    সেয়ে হোৱা মানৱ নিজেই সজাগ
    নিজৰ সপোন নিজেই দিঠক কৰিবলৈ
    নিজেই হোৱা যত্নবান।

    কাৰোবাৰ সহায় লৈ নহয় কেতিয়াও
    নিজৰ সপোন পূৰ,
    আনক ঠগি নিজৰ জীৱন গঢ়োঁতা
    স্বাৰ্থপৰে হৈ আছে পৃথিৱীখন ভৰপূৰ।

     

    ✍️মাৰজিয়া আহমেদ
          নগাওঁ (অসম)
           


     ●●●●●●●●●●●●●●●●●●●●●●●●●●●●●●●●●●●●●●●●●



               অণুগল্প শিতান




    ভেকছন
                             --বীনা দেবী-মৰিগাওঁ
                             
    ল'ৰাটোৰ ছদ্মবেশ বোৰত মাকৰ হাঁহি হাঁহি পেট বিষাই গৈছে।
    স্কুলত  ভেকছন প্ৰতিযোগিতা পাতিছে।মাকক সি বেলেগ ৰূপত সাজি দেখাইছে।এবাৰ মাইকী  হৈ আহিছে,এবাৰ বামুন হৈ আহিছে,এবাৰ বিহাৰী  হৈ,এবাৰ  মুছলমান হৈ ইত্যাদি ইত্যাদি ।
    মুঠতে ভেকছনত সি পুৰস্কাৰ  লবই।
    ----হয়তো এয়া জীৱনৰ নাটৰ আখৰা।কি প্ৰয়োজনত কেতিয়া কি ৰূপেৰে জীৱনত ভেকছন কৰিব লগা হয় একো ঠিক নাই।কিন্তু মাকজনী মাকেই।মৰমৰ মাকজনীৰ অনুভৱত হিয়াৰ দাপোনত সন্তানৰ শব্দ, অংগী- ভংগী ,আচাৰ- আচৰণ সকলো অংকিত কৰা থাকে।সকলো ভেকছনেই হাৰ মনাই জনঅৰন্য খনত মাকে তাক বিচাৰি  পাবই।সেই দিনটোত আচৰিত হৈ সি অনুভৱ  কৰিব মাকৰ মৰমৰ গভীৰতা।

    পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

    সহযাত্ৰী তৃতীয় খণ্ড ঋতুপর্ণা ইংতিপি

     সহযাত্ৰী  (তৃতীয় খণ্ড)  ✍️ ঋতুপর্ণা ইংতিপি/মৰিগাঁও      গা-পা ধুই আজৰি হোৱা মানে তিনি বাজিলে।তাইৰ ভাগৰো  বহুত লাগিছে। গোটেই দেহটো অৱশ হৈ প...