⬛️দ্বিতীয় বছৰ,মাৰ্চ মাহ, চতুৰ্থ সংখ্যা,
_______________________________________________
◼️ ব'হাগৰ জাননী বিলাই
কবিঃ সমুজ্জ্বল ডেকা, ৰঙিয়া
প্ৰেমৰ বৰষুণত ভিজি
মৰমৰ জ্বৰত আক্ৰান্ত,
আহিছে হৃদয় জুৰাই
হেঁপাহৰ বসন্ত।
কপৌ ফুলিছে,
ব'হাগ আহিছে,
প্ৰাণ পাই উঠিছে,
মৰহা ফুলৰ পাহি।
পুষ্পৰ পাহিতে যেন
তোমাৰ হাঁহি...
কুলি-কেতেকীৰ বিননিত
নাচনীৰ মন উৰে নাচিবলৈ,
ঢুলীয়াৰ ঢোলৰ শব্দত
মগ্ন হৈ...
মায়ে বনোৱা পিঠা-লাড়ুৰ ব্যঞ্জন,
বিহু আহিলে অন্তৰত উদ্ভৱ মনোৰঞ্জন।
অলেখ গামোচা বনাই আনে সন্মান,
বিহুৰ দিনাখনত দিয়ে বিহুৱান।
_______________________________________________
◻️কৰিলোঁ কি?
মই জীৱনত কৰিলোঁ কি?
একোয়েই তো নোৱাৰিলোঁ।
নিজক উন্নতি কৰিলোঁ নে,
আনক কৰিব পাৰিলোঁ।
তিক্ত জীৱনে মোৰ
ব্যৰ্থতা পালে প্ৰতিপল।
ভাবিছিলোঁ জয়ী হ'ম
যোগ্য মানুহ হৈ দেশৰ সুৰক্ষা কৰিম।
কিন্তু মোৰ ভাগ্যত
লিখিলে যেন ব্যৰ্থতা।
সকলোতে কিয় বাৰু
কৰোঁ মই স্বাৰ্থপৰতা।
পাৰিলোঁ নে ৰাখিব
মাকক আপোন কৰি।
এয়া কি কৰিলোঁ?
একোয়েই তো নোৱাৰিলোঁ।
কৰিলোঁ কি,
তোমালোকে কোৱা না?
✍️ শিল্পী দাস
ভালুকমাৰী, নগাঁও ( অসম)
বাণিজ্য শাখাৰ চতুৰ্থ ষান্মাসিক
_______________________________________________
◼️মই বোলে পাগলী
সেইদিনা মোৰ হৃদয়খন কিবা অজান আশংকাত বুৰ গৈছিল,
বুকুখন দুৰু-দুৰুকৈ কঁপিছিল।
হঠাতে নীলিম আকাশখন কলীয়া ডাৱৰে আৱৰি ধৰিছিল,
মেঘৰ গৰ্জনত বজ্ৰৰ উদাত্ত কণ্ঠত
প্ৰচণ্ড বৰষুণজাকে মোলৈ কঢ়িয়াই আনিছিল
এটি নিৰ্মম বতৰা ।
হঠাৎ মোৰ মোবাইলৰ ৰিংটনটো বাজি উঠিছিল ,
আৰু আনফালৰ পৰা ভাহি আহিছিল কোনোবা অচিনাকি ব্যক্তিৰ কণ্ঠ ।
দিছিল তুমি তৰাৰ দেশলৈ যোৱাৰ বাতৰি ।
তুমি নোহোৱাৰ বতৰা পাই মৰমেৰে পৰিপূৰ্ণ মোৰ কোমল কলিজাখনত বিষাদৰ ফাঁট মেলিছিল ।
সপোনবোৰ ভাগি ছিগি ছাৰখাৰ হৈছিল ।
আৰু লাহে লাহে মোৰ জীৱনটোৱে গতি কৰিছিল অন্য এক দিশে ।
আৰম্ভ হৈছিল জীৱনৰ এটি নতুন অধ্যায়ৰ।
চাৰিওফালে বিয়পি পৰিছিল কেৱল অন্ধকাৰ।
ভাললগাবোৰ ক'ৰবাত হেৰাই গ'ল
সুখবোৰো থমকি ৰ'ল ,
তোমাৰ অবিহনে বাৰু জীৱন বাটত কেনেকৈ আগুৱাওঁ!
যিমানে যাওঁ , সিমানেই উজুটি খাওঁ ।
মানুহবোৰে কয় মই বোলে পাগলী ,
কিন্তু কোনে বুজিব মোৰ আধৰুৱা প্ৰেম কাহিনী ,
কোনে অনুভৱ কৰিব পাৰিব ৰিক্ত হৃদয়ৰ যন্ত্ৰণা কি !
মোৰ বেদনাবোৰ কোনেও বুলিবলৈ চেষ্টা নকৰে
অশ্ৰুবোৰো কোনেও নেদেখে ,
আজিকালি দেখোন সকলোৱে মোক পাগলী পাগলী বুলি মাতে ।
আজিও মোৰ হৃদয়ৰ প্ৰতিটো উকা পৃষ্ঠাত কেৱল তোমাৰেই নাম
যদি ভগৱানে নিয়ে তেন্তে অতি সোনকালেই তোমাৰ কাষ পাম,
তৰাৰ দেশতে আমাৰ আধৰুৱা সপোনবোৰ বুটলি লৈ পুনৰ সাজিম আমাৰ সপোনৰ ৰাজকাৰেং।
মই বোলে পাগলী!
🖋️ৰিমাশ্ৰী কোচ-ৰাজবংশী
দশম শ্ৰেণী
ঢকুৱাখনা(লক্ষীমপুৰ)
_______________________________________________
◻️ইয়াত এখন ঘৰ আছিল
ইয়াত এখন ঘৰ আছিল
ঘৰখন এতিয়া ঘন জংঘলেৰে ভৰা
ককা আইতা আছিল তাত
এতিয়া ককা আইতা নাই
ঘৰৰ কাষতে ৰোৱা আমলখি গছ এডাল
আৰু আম গছ কেইডালমান আছিল তাত
এতিয়া সকলো জংঘলেৰে ভৰি আছে তাত
কাষেৰে এখন নৈ বৈ গৈছে
তাত আমি সাঁতুৰি নাদুৰি নাও মেলি দিছিলোঁ
এতিয়া নদীৰ গতিও সলনি হল
চৰাই চিৰিকতিয়ে বাঁহ সাজিছে বহুতো তাত
ঘৰখনৰ চাৰিওফালৰ দেৱালবোৰ এতিয়া ফাটি গৈছে
সৰু সৰু গছবোৰ ডাঙৰ হৈ সকলোতে ছাঁ দিছে
কিন্তু ঘৰখন জংঘলেৰে আৱৰিল।
তালৈকে গৈ চালোঁ
ঘৰখন এতিয়া ঘৰ হৈ থকা নাই
অম্লান জ্যোতি খুৰাৰ পুতেকক সুধিলো
ইয়াত তুমি কি দেখিছাঁ
সি কলে ইয়াত মই সকলো দেখিছিলোঁ
এতিয়া দেখিছোঁ কেৱল মাত্ৰ ইয়াত ঘন জংঘল
তেতিয়াহলে বলা আমি জংঘলবোৰ চাই নাথাকো
আঁহা আমি পূৰ্বৰ ঘৰ এখনলৈ যাওঁ
বন্ধুৰ সৈতে ঘৰখনৰ ফালে গৈ থাকিলোঁ
কিছুদূৰ গৈ দেখিলোঁ
তাতো ঘৰখন জংঘলেৰে আৱৰি আছে
এইবাৰ আমি এখন পথাৰ বিচাৰি গলো
সেই বেহাৰ ফুলীয়া পথাৰখন গৈ দেখিলো
তাত এতিয়া কিছুমান সৰু সৰু ঘৰ সাজিছে
আকৌ নগৈ উভতি আহিলোঁ
আহি থাকোঁতে এখন সৰু নৈ পালোঁ
নৈখনৰ ওপৰেৰে এখন সাঁকোৰে পাৰ হলো
সেই কল্পনা অতীত গুঞ্জ ককাইটিৰ
সেই সপোনৰ পজা ঘৰটো দেখা পালোঁ
এটা সময়ত সেই ঘৰটোতে
ককাই কোৱা সাধুবোৰ আমি শুনিছিলোঁ
নিশা হলে কেতিয়াবা তাত থাকিও দিছিলোঁ
আৰু দুষ্টামিৰ সময়ত ককাৰ
ৰঙা চকুযোৰো আমি দেখিছিলোঁ
পিছে বলা ঘৰখনলৈ যাওঁ বলা
আমি পুৰণি কলীয়া সেই ঘৰখনৰ ফালে
আকৌ যাবলৈ ললোঁ
পিছে ঘৰখন এতিয়া যে কৰবাত হেৰাই থাকিল
অতীতৰ ককা আইতাৰ মৰম সেই ঘৰখনতেই আছিল
ইয়াত এখন ঘৰ আছিল।।
শ্ৰী সনাতন তালুকদাৰ
নলবাৰী
_______________________________________________
⭕️এইবাৰ আমি আহঁতৰ তলত বিহু মাৰিম , চেনাই
এইবাৰ আমি আহঁতৰ তলত বিহু মাৰিম , চেনাই
বিহগী পক্ষী হৈ তুমি দেও দি ঢোলত চাপৰ মাৰিবা
উলাহত দলিয়াই থৈ আহিবা তোমাৰ প্ৰিয় চহৰৰ
বিষাদগৰস্ততা, মায়াহনা নিশাবোৰ ।
মামৰে ধৰা পুৰাতন পেৰাটোত সোমাই থকা হিৰন্ময়ী
সাপোন বোৰ আমি ভগাই লম।
কহুৱাৰ অৰণ্যত এবাৰ তুমি হেৰাবা --- এবাৰ মই
এইবাৰ আমি আহতৰ তলত বিহু মাৰিম , চেনাই
হৃদয়ৰ দুখবোৰ একাষৰীয়াকৈ ৰাখি
তুমি পাহাৰ বগাই আনি দিবা মোলৈ
হেঁপাহৰ বৰ্হমথুৰি ।
পাহাৰ বগাই আনি দিবা চেনেহৰ কপৌ ফুল পাহি
দিবাহি মোৰ খোপাত গুজি।
পথাৰ বকিয়াদি খোজকাঢ়ি বিচাৰি চাম
মহৰ পিঠিত উঠি তাহানিতে মৰা উদঙীয়া
সুহুৰি।
দুয়ো লগ হৈ
নদী চাম , জোনাক চাম আৰু চাম আকাশ।
আইতাক কবা এটা সাধু কবলৈ
সাধুকথাৰ হাচতি খুলি তিৰবিৰ চকুৰে কব আইতাই
" এজন ৰজাৰ দুজনী ৰাণী, এজনী লাগী আনজনী এলাগী"
কিমান দিন যে বুতালা নাই আমি সাধুকথাৰ সুৱাগুৰি
গাওঁৰ ৰাস্তাৰ শিমলুজোপা ৰঙা হৈ ফুলিছে
নবৌৰ তাতঁখনত মাকো খৰকৈ ঘূৰিছে
তুমি আহিবা বুলি , গাওঁখনে কপৌ ফুলীয়া
কামিজ পিন্ধিছে।
কত দিনৰ ঘুমুতি ভাঙি প্ৰাণ পাই উঠিছে পথৰুৱা
সপোনবোৰে
বৰ পুখুৰীৰ পাৰৰ সেউজ বুলিয়া দলিচাত বহি
কেতেকী কেতেকী গুন্ধোৱা দুপৰীয়া এটা
উশাহত উজাই লম ।
আৰু এদিন কটাই আহিম সুমথিৰা ৰঙৰ আবেলি
এটা যৌৱনমতী নদীখনৰ পাৰত
বাখৰোৱা পখিলা এজাকে চেনাই তোমাৰ তোলাত
বুটা বাছিবহি আখৈ ফুলৰ ।
✍️ দৃলীনা দাস
তিনিচুকীয়া
_______________________________________________
⚪️কল্পনা
মোৰ যদি পাখি
থাকিলেহেতেঁন,
ময়ো চৰাইৰ দৰে
উৰিব পাৰিলোঁহেতেঁন।
মই যদি কুলি চৰাই
হ'লোহেতেঁন,
ময়ো কুলুকুলু ধ্বনিৰ সৃষ্টি কৰিব
পাৰিলোঁহেতেঁন।
কিন্তু....
মই এনেকুৱা এটা প্ৰজাতি
যিয়ে, কেৱল...
দুৰ্নীতিৰ ফালে কৰোঁ গতি।
মায়াৰ জালত আৱদ্ধ হৈ থাকো
দিন ৰাতি।
ধনৰ লোভত ত্যাগ কৰোঁ
আপোন ককাইটি।
ভালপাওঁ কেৱল,
নিজে নিজৰ মুখৰ হাঁহিটি।
✍️চুমিয়া আকতাৰা
ফোন নং:৯৩৯৫৩৪১৯২৯
_______________________________________________
🔴ৰোজাৰ অসীম গুণাগুণ
ৰোজাৰ উদ্দেশ্যে গুণাগুণ অলেখ
মানৱ মন শুদ্ধ কৰি ৰোজা হয় আত্ম ৰক্ষক
শাৰীৰিক,আত্মিক উন্নত কৰি স্বৰ্ণ শিখৰত
আৰোহন কৰে বান্দা আল্লাহৰ মৰমত।
চৰিত্র সংশোধন কৰি দিয়ে ৰোজাই
আল্লাহৰ গুণত গুনান্বিত কৰায়,
হালাল হাৰাম বোধ শক্তি স্হিৰ কৰি
স্ৰষ্টাৰ লগত গভীৰ সম্পৰ্ক গঢ়ায়।
কু সংস্কাৰ সংযমশীল নিয়ন্ত্ৰণ কৰি
সামাজিক সুখ শান্তি বিস্তাৰ কৰায়,
মানৱ কল্যাণৰ শিক্ষা প্রদান কৰি
কষ্ট সহিষ্ণুতাৰ পৰিচয় দিয়ে ৰোজাই।
মানৱক ধৈৰ্যশীল নিঃস্বাৰ্থৰ শিক্ষা দিয়ে
বিশ্বত নিয়মানুৱৰ্তিতা ন্যস্ত কৰে,
পৰোপকাৰ ধৈৰ্য সহ্যৰ শিক্ষা দিয়ে
হিংসা খেদি সুস্থ সমাজ সৃষ্টি কৰে,
জান্নাতুল ফেৰদৌছ প্রাপ্ত কৰাই ৰোজাদাৰৰ জীৱন
সাফল্য মণ্ডিত কৰে।
সৰ্বপৰি তাকৱা জীৱন যাপন কৰাত অভ্যস্ত হয়
সহানুভূতি গুণ অৰ্জন কৰি কৰি আল্লহৰ প্রিয় হৈ
এমাহত নিস্পাপ হৈ আল্লাৰ পুৰস্কাৰ প্রাপ্ত হয়।।
: আতিক আহমেদ
জেঙ্গনী-নগাও
_______________________________________________
⚪বহাগ আহি পালেহি
✍🏻 ৰুম্পী দাস
ভালুকমাৰী ৰাণীপুখুৰী,হোজাই
মোৰ নিবিড় মুখখনৰ
সোনাৰু হাঁহিৰে
তোমাক জনাইছোঁ ,
বহাগ আহি পালেহি
তুমি বাৰু জানানে ...?
বহাগৰ প্ৰাকৃতিক দৃশ্যমান ,
তুমি দেখিছা নে ...?
অতুলনীয় , অভাৱনীয়
কিমান ধুনীয়াময় পৰশ ।
আৰু শুনিছানে ...
কুলিৰ সুমধুৰ মাত ?
ইমান দিন বহাগৰ অপেক্ষাত
উকা হৈ আছিলোঁ ,
তুমি বহাগত আহিবা বুলি ।
নিতৌ মনত কৰোঁ ,
তোমাৰ মোৰ যোৱা
সেই ভালপোৱাৰ কথা ।
তোমাৰ বাৰু মনত পৰে নে ...
সুন্দৰ স্মৃতিৰ কথা ।
মোৰ কপহুৱা হৃদয়ক
হাঁহিৰ ভাবুকিৰে ,
মূল্যাংকন কৰিব বিচাৰোঁ ।
বহাগৰ দিনা অ' চেনাই
তুমি আহিবা বুলি ...
থাকিম অপেক্ষাকৃত হৈ ,
মোৰ উদাস চোতালত বহি ।
সঁচাকৈ তুমি আহিলে
এই মৌনতা ভৰা বহাগত ,
নাচনীৰ পৰিচয়েৰে
আমি দুয়ো একেলগে নাচিম ।
ৰিঙিয়াই মাতিম ,
অ মোৰ জান বুলি ।
গামোছা এখন কিনি
তোমাৰ নামৰ সাঁজ পিন্ধি
ৰাখিলোঁ যতনে তুলি ...
আহিবাচোন এই বহাগত
অ সৰু মইনা ,
অ মোৰ মৰমৰ নয়ন মইনা ।।
_______________________________________________
🔵তোমাক কাষত পালে
তোমাক কাষত পালে
ম্লান হৈ পৰি ৰোৱা সপোনবোৰ
এআকাশ ৰহণ সানি আকৌ প্ৰেমিক হ'ৱ খোজে ।
তোমাক কাষত পালে
মাটিৰ পৃথিৱীখনৰ পৰা কল্পনাৰ শূণ্যলৈ উঠি যাও
জীৱনৰ হেৰুৱা ঠিকনা তাত বিচাৰি পাও
অন্তৰৰ অন্তৰতম প্ৰদেশত
প্ৰতিষ্ঠা কৰা প্ৰেমৰ দেৱী তুমি
কল্পনাতে কৰিছো পূজন , জনাইছো প্ৰণিপাত ।
তোমাক কাষত পালে
এনে লাগে যেন পুৱাৰ আকাশখনৰ দৰে
তুমি সদায় নতুন সদায় পুৰণা
গধূলি আকাশত বিচাৰি পোৱা নতুন তৰাটি তুমি
যেন নিতেই নতুন অথচ চিৰকাল পুৰণা ।
জোনাকৰ পৰশ পাই যিদৰে শেৱালিৰ সুপ্ত পাপৰি
উন্মুক্ত হয় , তোমাৰ পৰশ পাই মই তেনেকৈ জী উঠো
জীৱন পূৰ্ণাংগ হয় ।
✍🏻 দীপক ৰায়
(আগমনী, ধুবুৰী)
_______________________________________________
⭕️বসন্তৰ আগমন
আহিছে বৰদলৈচিলা
আনিছে বতৰা
ধৰণীক দিওঁ বুলি ।
মেঘে গৰজিছে ,শিলা বৰষিছে
বিজুলীয়ে মাৰিছে হাঁহি।
তল ভৰি ভৰি
শুকান পাত সৰিছে
গছ বিৰিখ লঠঙা কৰি।
আমে মলিয়াইছে,
কঁঠালে পেলাইছে কলি।
গছে গছে কুঁহিপাত মেলিছে
প্রকৃতি শুৱনি কৰি।
তগৰ ফুলিছে কপৌ ফুলিছে
নাচনীয়ে খোপাত ল'ব গুজি
গছৰ ডালত পৰি
কুলি কেতেকীয়ে বিনাইছে
বসন্তক আদৰো বুলি।
ঢোল পেপা গগনাৰে
দহ হাজাৰ বিহুৱা বিহুৱতীয়ে
আকাশ বতাহ গুঞ্জৰিত কৰিছে
পহিলা ব'হাগত বিশ্ব ৰেকৰ্ড গঢ়িম বুলি ।
মেঘালী বৰা
গুৱাহাটী,হেঙেৰাবাৰী ।
_______________________________________________
🔵তুমি আৰু মই
বৃষ্টিশিখা দত্ত
মৰিগাঁও।
বাটে উপবাটে
সৰাপাতৰ ফাগুনৰে ৰং!
শুকান কলিজা তিয়াই
চহৰত চ'তৰ
প্ৰথম জাক বৰষুণ
অথচ অভিমানী হিয়া
তোমাৰ পৰা মোলৈ--
অশ্ৰুবিন্দুৰ নিশা
উজাগৰী শেতেলী
নিৰৱে-নিতালে
তুমি আৰু মই!
মায়াবী তুমি
সিঁচি দিয়া ৰঙীন সপোন!
তুমি আঘোণ
তুমি ফাগুন
অভিমানী চ'তৰ
ভিজা আবেলি
মই----
জেতুকাবুলীয়া ব'হাগী!!
_______________________________________________
🔵প্ৰকৃতি
প্ৰগতি গগৈ চাংমাই
প্ৰকৃতি সুখৰ আকৰ
কত যে সুন্দৰ বাখৰ,
অলেখ বিৰিখত ফুলৰ কৰণি
দেখি ভাল লাগে ধুনীয়া ধৰণী।
ফলে-ফুলে জাতিষ্কাৰ
ৰূপে-গুণে তমস্কাৰ,
সোণত সুৱগা চৰা
অযুত সম্ভাৱনাৰে ভৰা।
কতনা সুৱদী সুৰীয়া পখী
গীত গায় পঞ্চম ৰাগ তুলি,
কূলুকুলু নিজৰাৰ বুকুত
কত গাঁথা লিখা আছে শিলৰ হিয়াত।
নিজৰেই ছাঁ দেখি লুকাই লাজত
আকাশৰ জোনবাই ডাৱৰৰ মাজত,
শৰতৰ পূৰ্ণিমা অতি বিতোপন
যেন এক বিৰাট আয়োজন।
লাজুকী হৰিণী নয়নী
ধুনীয়া বনফুলৰ সুগন্ধি,
অফুৰন্ত সম্ভাৰৰ ভঁৰাল যেন প্ৰকৃতি
ঢালি দিছে দুহাত উপচাই হিয়া উজাৰি।
সুৰধুনী গংগা বয় নিৰৱধি
স্বচ্ছ, নিৰ্মল জলৰাশি,
নীলিম গগণ অতি মোহনীয়া
দেখি হ'ল যেন মন উৰণীয়া।
শৰালিৰ কলৰৱত চৌপাশ মুখৰিত
দেখি উলাহত মন আনন্দিত,
গভীৰ হেঁপাহত উথলে হিয়া
সমীৰণে পেলাই জুৰ দেহ -মন।
_______________________________________________
🔵মা
আয়নাল চৌধুৰী
আগমণি , ধুবুৰী
২৬ মাৰ্চ , ২৩
ক'ৰবাৰ পৰা আহিলে
মুখলৈ চাই থকা নাৰীগৰাকীয়ে হ'ল
মৰমৰ মা,
ভাগৰত অহা দেখিলে
আথে-বেথে পানী এগিলাচ
হাতত তুলি ধৰাগৰাকীয়ে হ'ল মা,
নিজে নাখাইও খোৱাব পৰা
নাখাইও খোৱাৰ অভিনয় কৰিব পৰা
সেই মমতাময়ীগৰাকীয়েই মা,
আঘাত পোৱা জানিলে
সহিব নোৱাৰা সেই মৰমীয়ালগৰাকীয়েই হ'ল
চিৰচেনেহী মা,
সন্তানৰ দোষ নিজৰ গাত জাপি লৈ
ককৰ্থনা শুনিব পৰা
সেই ধৈৰ্যশীলা মহিলাগৰাকীয়ে হ'ল মা,
দেউতাই দিব খোজা
শাস্তিৰ পৰা বচাবলৈ
মিছাৰো আশ্ৰয় ল'ব পৰা
মহিলাগৰাকীয়েই জানো
মা নহয় ?
নীতি শিক্ষাৰে প্ৰতি মুহূৰ্ততে
সন্তানক সঠিক পথ দেখুৱাবলৈ
যত্ন কৰাগৰাকীয়েই আদৰ্শময়ী মা,
বিপদত ঢাল হৈ ঠিয় দি
সন্তানক ৰক্ষা কৰিব পৰা
সেই বিপদনাশিনী গৰাকীয়েই হ'ল
মোৰ আৰধ্যা মা ...।
********
_______________________________________________
🔵স্পন্দন হীন মানুহ ।
এতিয়া মানুহ বোৰ একো একোজন
স্পন্দনহীন হৃদপিণ্ডৰ গৰাকী।
জীয়াই থকাৰ সকলো লক্ষন থাকিও
যি মৃত ।
নিয়ন্ত্ৰণ হীন বিকাৰগ্ৰস্ত শৰীৰ
অজৈৱিক উশাহেৰে ভাৰাক্ৰান্ত হাওঁফাওঁ ।
এতিয়া দেখিছোঁ
সকলো মানুহ স্পন্দন হীন হৃদয়ৰ গৰাকী।
সকলোৰে বুকুৱে বুকুৱে
অজৈৱিক উশাহেৰে ভৰপূৰ হাওঁফাওঁ ।
বিষাক্ত ভোজনেৰে আহত উদৰ ।
তথাপি জীয়াই থাকে
মৃত্যুৰ নামান্তৰ হৈ।
নিজৰেই সমাধি ফলকত
স্বাক্ষৰ কৰি নিজে প্ৰমাণ কৰে
যাত্ৰা পথৰ ঠিকনা।
ৰাতুল চেতিয়া ফুকন
চৰাইদেউ।
_______________________________________________
🔴ভালপোৱাৰ নিলাম বিক্ৰেতা নহ'লো
মোৰ সপোন মোৰ চকুলো
শেষ আশ্ৰয় তোমাৰ মাজত
কঢ়িয়াই লৈ ফুৰিছোঁ এমুঠি আশা!
মাজনিশাৰ উচুপনিবোৰ জিলিজনীয়েহে শুনে
আঁউসীৰ আন্ধাৰৰ দৰে হুমুনিয়াহবোৰ দীঘল
সেয়ে উশাহত শিপা মেলে প্ৰশ্নবোৰে!
নাজানো জোন গলা জোনাক কিমান আপোন
তথাপিও পৰাণে পৰাণে জাগে নৱসৃষ্টিৰ উন্মেষণ
ঠিক উদং পথাৰত লঠঙা বিৰিখৰ জুইফুলৰ দৰে!
ধুলিয়ৰি বাটত ধুসৰতাৰ বুকুত ফাগুন
নামে সৰাপাতৰ পাতে পাতে
বাখৰুৱা হৃদয়ৰ আকলুৱা মনত পলাশে সানে
ৰঙৰ জোৱাৰ!
পছোৱা বতাহত তৰাং নদীৰ কাষত উতনুৱা কহুঁৱা!
বৃষ্টিশিখা দত্ত
মৰিগাঁও।
_______________________________________________
⚪️বসন্তৰ বিজ্ঞাপন ।
গছত সেউজীয়া কুঁহিপাত
অস্থিৰ পখীৰ কলৰোল
বতাহৰ হাত ধৰি
পাৰ হৈ যায় বৰষুণ জাক ।
এইয়াতু বসন্তৰ বিজ্ঞাপন ।
পানীৰ পৰা মাছবোৰে
মুৰ তুলি চাই
আকাশৰ কোনদিশে কলিয়া ডাৱৰ
গাভৰু হ'ল নে পৃথিৱী
এতিয়া যেনিয়ে চাওঁ
কেৱল মাথো
বসন্তৰ বিজ্ঞাপন ।
,******
ৰাতুল চেতিয়া ফুকন
চৰাইদেউ।
_______________________________________________
🔴ৰোজা বা উপবাস
এছ ইছলাম শিক্ষক
পঃ মইনবৰী,বৰপেটা
মুছলমানৰ ৰোজা পালন
ষড়ৰিপু দমন
কঠোৰ আত্ম সংযম
পঞ্চ ইন্দ্ৰিয়ৰ কু-কাৰ্য্য নিয়ন্ত্রণ
এয়া কৃচ্ছ্ব সাধন।
আত্ম উপলব্ধি আত্ম বিকাশ
স্বৰ্গীয় অনুভূতিৰ অনুশীলন
পৰমাত্মাৰ সৈতে আত্মাৰ
মিলনৰ প্ৰয়াস।
দুৰ্বিসহ যন্ত্ৰণা লঘোণে থকাৰ
উপলব্ধিকৰণ
শাৰীৰিক হিত সাধন
খাদ্য অভ্যাসৰ সময় সূচী
নিয়মীয়া কৰণ।
শাৰীৰিক পবিত্রতা সংৰক্ষণ
প্ৰভুৰ প্ৰতি প্ৰেম ভাৱ প্ৰদৰ্শন
দান-দক্ষিণা কিম্বা জাকাত
কাপোৰ কানি বিতৰণ ।
দুখীয়াৰ দুখ ও অভাৱ দূৰীকৰণ
সূলভ পুণ্য অৰ্জন
উপবাস পালন কৰি
স্ৰষ্টাৰ প্ৰতি কৃতজ্ঞতা জ্ঞ্যপন।
ফোন নং ৮৮৩৮৭৫০৭৫২
_______________________________________________
🔵মোৰ তপস্যা
দিপ্তী মনি গোস্বামী
লখিমপুৰ (লালুক)
আন্ধাৰত ডুব যোৱা দুপৰ ৰাতিটো
যেতিয়া
গভীৰ নিদ্ৰাত মগ্ন হয়,
তেতিয়া
মোৰ অনুভৱে সাৰ পায়,
দুৱাৰ খিৰিকি খুলি
এখোজ দুখোজকৈ আগুৱাই যায়
গভীৰৰ পৰা গভীৰ ভাৱনাৰ সমুদ্ৰৰ বুকুলৈ
এটি দুটি শব্দৰ বাৰেৰহনীয়া মুকুতা বুটলি
ফুটুকীয়া দলিছা সজাবলৈ
অনুভৱৰ উকা পৃষ্ঠা ভৰাবলৈ ।।
সৃষ্টিৰ সেউজীয়া বেবিলনৰ মই মালিনী
সজাব বিচাৰোঁ বিনন্দীয়া ধৰনী,
অক্ষত পুষ্পবোৰে পূজিব বিচাৰো
হৃদয়ৰে চৰণ চুমি
মোৰ চিৰ চেনেহী ভাষা জননী ।
এইয়ে মোৰ অক্লান্ত সাধনা
নিৰিবিলি সময়ৰ মধুৰ ক্ষণৰ তপস্যা
মৰুভূমিৰ বালিচৰত
গভীৰ অন্বেষণ
বিন্দু মাত্ৰ প্ৰজ্ঞাৰ সন্ধান ।।
_______________________________________________
⭕️ফটিকাৰ ৰাগত
তোমাৰ শানিত কটাৰীৰ আগত প্ৰতিদিনে
চূৰ্ণ বিচূৰ্ণ হয় কলিজাটো
তথাপিও মলম লগাই
ৰঙ বিৰঙৰ প্ৰলেপ সানি উজ্বলাই ৰাখিছো পৃথিৱীৰ চকুত।
তোমাৰ শব্দত ধৰাশায়ী হৈয়ো
আগুৱাই যাওঁ মল্লযুদ্ধাৰ দৰে
জীৱনৰ জয়গান গাই ।
অনন্ত কালৰ বাবে কোনো কাৰো হৈ নেথাকে
তথাপি খামুচি ধৰি থকাৰ কি যে তাড়না-------।
চেনেহৰ বান্ধোন খুলিব খুজিলেও নোখোলে দেখোন
গাঠিত লাগি ধৰে পাক------।
কি দৰে আজুৰি পেলাওঁ
মায়াৰ বান্ধোন-----?
আজি সন্ধিয়া পৰত এটুপি ফটিকা খাম বুলি ললোঁ
দুখবোৰ নিগৰাব বুলি ---
ফটিকাৰ ৰাগে দেখোন বিদ্ৰুপৰ হাঁহি এটা মাৰি ক'লে----
বন্ধা হৃদয়ত গোলাপৰ কলি
নুফুলে কাহানিও----।
কবিৰ কাম হেনো কোনেও নভৱা কথাবোৰ ভৱাৰ
কবিৰ কথা শুনাহেঁতেন
মৰুভূমি হ'লহেতেন
আপেলৰ বাগিছা।
ৰিজু মণি দেৱী।নগাঁও।
_______________________________________________
⚪️বৰদৈচিলা
ফাগুন অহাৰ পৰত
ৰঙা মদাৰৰ ফুলৰ সৌন্দৰ্য্যত
প্ৰকৃতিৰ ধুনীয়া ধৰণীখনৰ
দৃশ্য দেখি মন হয়
অতিকৈ আকুল বিয়াকুল ।।
কি যে অপৰূপ সৌন্দৰ্য্য
এই ধুনীয়া পৃথিৱীখনৰ
সৌন্দৰ্য্যৰে মন কৰে প্ৰফুল্লিত ।।
চ'তৰ শেষত বৰদৈচিলা
মাকৰ ঘৰলৈ যায় ,
গছ - গছনি , ঘৰ - দুৱাৰ
নিয়ে উৰুৱাই ।।
কিয়নো যোৱা বাৰু
ইমান খৰ - খেদাকৈ ,
লাহে লাহে গ'লেওছোন
মাৰাৰ ঘৰ পাবা ।
চ'তৰ শেষত
ব'হাগ অহাৰ পৰত
ব'হাগ অহাৰ আগজাননী
দি যায় সকলোৰে
মৰমৰ কুলি চৰাইজনীয়ে
গছৰ আঁৰত
লুকাই লুকাই
কুলি চৰাইজনীয়েও
দি যায় ব'হাগ
অহাৰ বতৰা ।
নাম :----- লখিমী শৰ্মা
ঠিকনা :----- যোৰহাট
_______________________________________________
🔵অসজ্জিত সময়ৰ কথাৰে
উজুটি খাই পৰোঁ বুলি
হাতত ধৰি আগবঢ়াই নিওঁতে
এবাৰো নাভাবিলোঁ
সেই অনুকম্পা কিহৰ বাবে।
বৰষুণত তিতা দেখি
নিজৰ ছাতিটো মোক দি
তুমি তিতি যোৱা দেখিও
নাভাবিলোঁ একোকে,
ক'বতো পাৰিলোঁহেঁতেন--
"আহা যাওঁ একেটা ছাতিৰ তলতে"!
সময় আগবাঢ়িল
তাৰিখ সলনি হ'ল
তুমি আঁতৰি গ'লা
উচ্চ শিক্ষাৰ বাবে--!
কিয় জানো--
তোমাৰ অশৰীৰি উপস্থিতিয়ে
মোক যেন উপলুঙা কৰি
বাৰে বাৰে ক'ব খোজে--
"সিদিনা কিয় নাভাবিলা
যিদিনা আছিলোঁ কাষতে ?"
হয়,--নাভাবিলোঁ--নুবুজিলোঁ,
কিন্তু তুমিতো ক'ব পাৰিলাহেঁতেন --
"মোক বুজি পাইছানে অৰ্পিতা ?"
তুমিও নক'লা--মইও নুবুজিলোঁ
তেন্তে আজি কিয় ফোন কৰিলা ?
মই যে এতিয়া আনৰ বাগদত্তা !!
উজুটি খাই পৰিলেও
তোমাৰ হাতত ধৰিব নোৱাৰা দূৰত্বত
অৱস্থান কৰি
আজীৱন তিতি থাকিম
এজাক হালধীয়া বৰষুণত--!
প্লিজ---
আৰু ফোন নকৰিবা...।
ইন্দিৰা কোঁৱৰ
_______________________________________________