অসম গৌৰৱ চাহ খেতিত এপলক
নৱজ্যোতি তামুলী
বৰডুমচা ,তিনিচুকীয়া
ৰাতিপুৱা শুই উঠিয়েই আমি প্ৰায় সকলোৱেই একাপ চাহৰ কথা মনত পেলাওঁ ,লাগিলে ব্যক্তিবিশেষে সেই কাপ চাহ গাখীৰ চেনি মিশ্ৰিতও হ'ব পাৰে নাইবা এবাতি ৰঙা চাহো হ'ব পাৰে ,কিন্তু চাহ একাপ লাগিবই | ঠিক তেনেকৈ গধূলিও আমাৰ একোকাপ চাহলৈ মনত পৰে| বহু লোকে আকৌ দিনটোত পাঁচ ছয় বাৰো চাহ খায় |
কিনো থাকে বাৰু এই মায়াবী চাহকাপত ?
এই বস্তুটো আমাৰ মাজলৈ ক'ৰ পৰা কেনেকৈ আহিল অলপ জানিবলৈ চেষ্টা কৰোঁচোন আহক |
ইতিহাসত চাহগছ
---------------
প্ৰকৃতিৰ বিশাল বক্ষৰ পৰা মানুহে চাহ গছক ঠিক কেতিয়া বিচাৰি উলিয়াই ব্যৱহাৰ কৰিবলৈ শিকিলে তাক সঠিককৈ কোৱা টান |
এইক্ষেত্ৰত ভিন্নজনৰ ভিন্ন মত থাকিলেও খ্ৰীষ্টপূৰ্ব ২৭৩৭ ৰ পৰা যে চীন দেশত চাহপাত ব্যৱহাৰ হৈ আহিছে এতিয়া সেই কথা সকলো পণ্ডিতে মানি লয় | চীন দেশৰ বুৰঞ্জীবিদ সকলে অনুমান কৰে যে ২৭৩৭ খ্ৰীষ্টপূৰ্বত শ্ব্যেন নুং নামৰ এজন প্ৰসিদ্ধ ৰজাই ৰাজত্ব কৰিছিল আৰু তেৱেঁই প্ৰথম চাহগছ আৱিস্কাৰ কৰিছিল |সম্ৰাটে নিজ চাহ বিষয়ক এখনি গ্ৰন্থ লিখিছিল | গ্ৰন্থখনৰ নাম আছিল --পে'নটচাও (ᴩᴇɴᴛꜱᴀᴏ) |পুথিখনত চাহ গছক এবিধ বনৌষধি বুলি চিনাকি দিছিল আৰু ইয়াৰ ব্যৱহাৰে বিভিন্ন ধৰণৰ বেমাৰ ভাল হয় বুলি পৰিচয় দিয়া হৈছিল |
কিন্তু কালৰ সোঁতত এই গ্ৰন্থৰ কোনো তথ্য থাকি নগ'ল |
যিহেতু সেই সময়লৈ অৰ্থাৎ আজিৰ পৰা প্ৰায় চাৰে চাৰিহাজাৰ বছৰৰ আগতেই চীনা সমাজত চাহে এক বিশেষ স্থান দখল কৰিছিলেই গতিকে সেই বিষয়ে বিভিন্ন জনে চাহ বিষয়ক গ্ৰন্থ লিখি উলিয়াইছিল |
চীনা সাধুকথাবোৰতো চাহ বিষয়ক কথাই স্থান পাইছিল |
এইখিনিতে উল্লেখ কৰিব পাৰি যে ভাৰতীয় সংস্কৃত সাহিত্যৰ অপাৰ সমুদ্ৰৰ ক'তো চাহৰ বিষয়ে উল্লেখ নাই |বেদ ,উপনিষদ,ৰামায়ণ ,মহাভাৰত আদিৰ ক'তো চাহখোৱাৰ কথা পঢ়িব লৈ পোৱা নাযায় |সোমৰসৰ কথাহে পোৱা যায় | ইয়াৰ পৰা অনুমান কৰিব পাৰি যে সেই সময়লৈ চীন দেশৰ লগত ভাৰতবৰ্ষৰ নিশ্চয় কোনো সম্পৰ্ক ঘটা নাছিল !
বছৰ বাগৰিছিল ,চাহেও মানুহৰ হৃদয় জয় কৰিছিল | চীনদেশৰ পৰা চাহ গৈ অন্য ঠায়ো পাইছিলগৈ |
তেতিয়ালৈ চাহ বিষয়ক বহুকেইখন পুথিও লিখা হৈছিল যদিও সভ্য সমাজত ৭৮০ খ্ৰীষ্টাব্দত লিখা " ᴄʜᴀ ᴄʜɪɴɢ "নামৰ গ্ৰন্থখনে বিশেষ সমাদৰ পাইছিল |গ্ৰন্থখনৰ লেখক আছিল সেই সময়ৰ চাহখেতিৰ বিশেষজ্ঞ লু য়ু ( ʟᴜ ᴇᴜ ) |
ᴄʜᴀ ᴄʜɪɴɢ গ্ৰন্থত চাহৰ বিষয়ে বৰ্ণনা আছিল এনেদৰে.... " দুই ফুটৰ পৰা পঁচিশ ফুট পৰ্যন্ত এই গছ ওখ হ'ব পাৰে |পাথৰ ভাগি গুৰি হৈ হোৱা মাটিয়েই এই খেতিৰ বাবে উপযোগী |এই গছৰ কুমলীয়া পাত সিজাই খালে মগজু ঠাণ্ডা থাকে আৰু শৰীৰৰ গাঁঠি আদিত বিষ হ'লে এই পানী খালে বিষ দূৰ হয় | এই পানীয়ে তৃষ্ণা দূৰ কৰে আৰু টোপনীৰ ভাৱ নাইকিয়া কৰে |" ইত্যাদি |
প্ৰায় খ্ৰীষ্টীয় ষষ্ঠ শতিকালৈকে চীনা সকলে চাহপাতক ঔষধি হিচাপে ব্যৱহাৰ কৰিছিল |
ষষ্ঠ শতিকাৰ শেষৰ ফালৰ পৰাহে চীনাসকলে চাহক পানীয় হিচাপে ব্যৱহাৰ কৰিবলৈ লৈছিল |
সময় বাগৰিল | চাহে জাপান,তীৰ্ব্বত,ভুটান আনকি সাত সাগৰ তেৰ নদী পাৰ হৈ ইউৰোপৰ দেশ সমূহতো বিয়পি পৰিল |
৫৯৩ খ্ৰীষ্টাব্দত জাপানত , সপ্তম শতিকাত তিৰ্ব্বতত ,আৰু প্ৰায় সমসাময়িক ভাৱেই চাহ ভূটানতো বিয়পি পৰিছিল |
জাপানী ভাষাত ১১৯১ খ্ৰীষ্টাব্দত চাহ বিষয়ক পুথি প্ৰকাশ পাইছিল |১২০৩ খ্ৰীষ্টাব্দত ডাচ্চ ইষ্ট ইণ্ডিয়া কম্পেনীয়ে চীন দেশৰ লগত বাণিজ্যিক. আৰম্ভ কৰে আৰু চীনৰ চাহপাত নি ইউৰোপৰ দুখনমান দেশত দিবলৈ ধৰে |
১৬১০ চনৰ আগলৈকে ইউৰোপীয় বহু দেশে চাহৰ বিষয়ে কোনো কথা গম পোৱা নাছিল |১৫৮৩ চনত লিংকষ্টেইন নামৰ এজন পতুৰ্গীজে জাপান ভ্ৰমণ কৰি এখনি পুস্তিকা প্ৰকাশ কৰিছিল আৰু সেই ভ্ৰমণ কাহিনীত চাহ যে এক সুস্বাদু পানীয় সেই কথাৰ বৰ্ণনা আছিল | লিংকষ্টেইনৰ ভ্ৰমণ কাহিনী ১৫৯৬ চনত প্ৰকাশ পায় আৰু সেই কাহিনী পঢ়িয়েই পশ্চিমীয়া দেশ বিলাকে চাহৰ কথা জানিব পাৰিলে | লিংকষ্টেইনৰ ভ্ৰমণ কাহিনী ইউৰোপৰ সকলো ভাষালৈ অনুবাদ হয় আৰু চাহৰ বিষয়ে জানিবলৈ ইউৰোপীয় মানুহ ব্যগ্ৰ হৈ পৰে |
কিতাপখনত চাহৰ বিষয়ে লিখিছে এইদৰে...
"....... চীনা সকলে চাউলৰ পৰা তৈয়াৰী মদ খায় ,তাৰ লগতে মাংসও খায় |ইয়াৰ পিছতে মাটিৰ পাত্ৰত এবিধ গৰম পানীয় খায় |উতলা পানীত এবিধ গছৰ কুমলীয়া শুকান পাত দি সেই পানীয় তৈয়াৰ কৰে | সেই পানীয়খিনিক তেওঁলোকে হীৰা মুকুতা সদৃশ জ্ঞান কৰে "।
ইংলণ্ডত১৬৬৪ চনৰ পিছতহে চাহৰ প্ৰবেশ ঘটে | সেই সময়লৈ ᴅᴜᴛᴄʜ ᴇᴀꜱᴛ ɪɴᴅɪᴀ ᴄᴏᴍᴩᴀɴy গঠন হৈছিল আৰু তেওঁলোকেই ইংলেণ্ডলৈ প্ৰথম চাহ কঢ়িয়াই নিছিল |
ইংলেণ্ডলৈ প্ৰথম চাহপাত কেনেদৰে আমদানি হৈছিল তাৰ বিৱৰণ উইলিয়াম ৰবিন্সনৰ ᴀ ᴅᴇꜱᴄʀɪᴩᴛɪᴠᴇ ᴀᴄᴄᴏᴜɴᴛꜱ ᴏꜰ ᴀꜱꜱᴀᴍ নামৰ গ্ৰন্থত এনেদৰে পোৱা যায়."...ᴛʜᴇ ʟᴇᴀꜰ ᴡᴀꜱ ꜰɪʀꜱᴛ ɪᴍᴩᴏʀᴛᴇᴅ ɪɴ ᴛᴏ ᴇᴜʀᴩᴏᴇ ʙy ᴛʜᴇ ᴅᴜᴛᴄʜ ᴇᴀꜱᴛ ɪɴᴅɪᴀ ᴄᴏᴍᴩᴀɴy ɪɴ ᴛʜᴇ ᴇᴀʀʟy ᴩᴀʀᴛ ᴏꜰ ꜱᴇᴠᴇɴᴛᴇᴇɴ ᴄᴇɴᴛᴜʀy,ʙᴜᴛ ɪᴛ ᴡᴀꜱ ɴᴏᴛ ᴜɴᴛɪʟ ᴛʜᴇ yᴇᴀʀ 1664 ,ᴛʜᴀᴛ ᴀ ꜱᴍᴀʟʟ qᴜᴀɴᴛɪᴛy ᴡᴀꜱ ᴄᴀʀʀɪᴇᴅ ᴛᴏ ᴇɴɢʟᴀɴᴅ........"|
সেই চাহ খাই ইংলেণ্ডৰ মানুহে ইমানেই ভাল পাইছিল যে ৰূপৰ দেশ বিলাকত বাণিজ্যৰ বাবে মহাৰাণী এলিজাবেথে বাণিজ্যৰ পাতনি মেলে |
চাহখেতিৰ বিষয়ে জানিবৰ বাবে ছাৰ যোফেচ বেংকে ১৭৯৩ চনত চীন দেশ ভ্ৰমণ কৰে |
১৮২৩ চনত ৰবাৰ্ট ব্ৰুচে অসম ভ্ৰমণ কৰি চিংফৌ ৰজা বিচা গামৰ পৰা চাহ( ফালাপ ) খাইছিল আৰু চাহ গছৰ গুটিৰ বাবে চুক্তি কৰিছিল |
১৮২৪ চনত মেজৰ ৰবাৰ্ট ব্ৰুচৰ মৃত্যু হোৱাত ভায়েক আলেকজেণ্ডাৰ ব্ৰুচে আগৰ চুক্তি অনুসৰি বিচাগামৰ পৰা গুটি আৰু পুলি সংগ্ৰহ কৰে |
ইতিমধ্যে ইংলণ্ডত চাহ এক প্ৰিয় পানীয়লৈ পৰ্যবেশীত হৈছিল আৰু ঘৰে ঘৰে চাহৰ মেলা পৰিছিল | এনেকুৱা এটা সময়ো হৈছিলগৈ যে ঘৰত কাম কৰিবলৈ অহা শ্ৰমিকে দিনটোত কামৰ মাজত চাহ দিব নে নিদিয়ে চুক্তি কৰিহে হেনো কামত ধৰিছিল | তেনেদৰে চাহৰ আমদানি চলাৰ বাবে ১৮৩৩ চনলৈ ᴅᴜᴛᴄʜ ᴇᴀꜱᴛ ɪɴᴅɪᴀ ᴄᴏᴍᴩᴀɴy য়েই কেৱল ইংলণ্ডলৈকে ৩ কোটি ১৮ লাখৰো অধিক পাউণ্ড চাহপাত যোগান দিবলৈ অৰ্ডাৰ পাইছিল
ভাৰতবৰ্ষত চাহখেতি
------------------
চাহৰ বাবে বিখ্যাত চীন দেশ আমাৰ দেশ ভাৰতবৰ্ষৰ সীমাতে লাগি আছে যদিও চীন দেশৰ পৰা আহি আমাৰ দেশ পাওঁতে চাহক বহু হাজাৰ বছৰ লাগিল |
এইখিনিতে এটা কথা উল্লেখ কৰিবই লাগিব যে বৰ্তমান সমগ্ৰ পৃথিৱীজুৰি একচ্ছত্ৰী বজাৰ দখল কৰি থকা চাহ অসমৰ চাহ যদিও অসমে চাহৰ খবৰ আৰু বজাৰ বহু দেৰিকৈহে পাইছিল |কিন্তু অসমৰ হাবিত পোৱা চাহ গছেই এতিয়া খাই থকা চাহৰ কাৰণে সৰ্ব্বোত্তম বুলি বহু পণ্ডিতে ক'ব বিচাৰে |
চাহ গছৰ আদি জন্মস্থানক লৈ বহু পণ্ডিতৰ বহু মত থাকিলেও এই কথা সকলোৱে মানি লৈছে যে চীন দেশতেই প্ৰথমে চাহ আৱিস্কাৰ কৰা হৈছিল |আৰু তাতেই প্ৰথম ইয়াক খোৱাৰ উপযোগী কৰি তোলাৰ উপৰিও ব্যৱসায় হিচাপেও গঢ়ি তুলিছিল |
সেই যে ইংলণ্ডত চাহৰ প্ৰয়োজন বাঢ়ি হৈছিল সেই অনুপাতে ডাচ্চ ইষ্ট ইণ্ডিয়া কম্পেনীয়ে যোগান ধৰিব পৰা নাছিল | গতিকে পৰিক্ৰমী জাতি ইংৰাজে চিন্তা কৰিছিল যে ক'ত কেনেকৈ এই খেতি কৰিব পৰা যায় | ভাৰতবৰ্ষত চাহ খেতি আৰম্ভ কৰাৰ অন্য বহু কাৰণ আছিল যদিও এইটোৱেই প্ৰথম কাৰণ আছিল | কাৰণ ইংৰাজে বিচৰা কিবা বস্তু হাতত নাপাব ? এইটো কথা কেনেকৈ হ'ব ? হ'বই নোৱাৰ | সমগ্ৰ মেদিনী চলাথ কৰি হ'লেও ইংৰাজে বিচৰা বস্তু পাবই লাগিব ' সেয়াই আছিল তেওঁলোকৰ নীতি |
গতিকে আমাক প্ৰয়োজন হোৱা চাহ আনে দিব নোৱাৰে নাই আমি নিজে উৎপাদন কৰিম |সেয়াই আছিল ভাৰতত চাহ খেতিৰ প্ৰথম আঁচনি | সেই সময়ত ভাৰত ইংৰাজৰ অধীনতেই আছিল যদিও অসমৰ শাসন ভাৰ ইংংৰাজৰ হাতলৈ যোৱা নাছিল |গতিকে তেওঁলোকে ভাৰতৰ হাবি বননিত সেই চাহ গছ পায় নেকি তাৰ সন্ধানত লাগিল | সেই উদ্দেশ্যে বিহাৰ ,ৰংপুৰ আৰি কোচবিহাৰেই চাহখেতিৰ বাবে উপযোগী হ'ব বুলি এক আঁচনি লৈছিল |সেই আঁচনি বহু বছৰলৈ কিন্তু আঁচনি হৈয়ে থাকি গ'ল |
অৱশ্যে সামাজ্য বিস্তাৰ ,অধিক অৰ্থ সংগ্ৰহৰ নতুন উপায় আদি চিন্তা সমূহেতো কাৰক হিচাপে কাম কৰিছিলেই তাৰোপৰি প্ৰায় ১৮০০চন মানৰ পৰাই চীন দেশৰ লগত তেওঁলোকৰ বিনিময় প্ৰক্ৰিয়াত অলপ খেলি-মেলিয়ে দেখা দিছিল |
ইংলেণ্ডে আগতে চীনক চাহৰ সলনি কানিৰ যোগান ধৰিছিল পিছলৈ চীনে কানিৰ সলনি সোণ বা ৰূপৰ মুদ্ৰাৰে চাহৰ মূল্য দিয়াৰ দাবী জনাইছিল |সেই বাবেই ব্ৰিটিছ চৰকাৰৰ লগত চীনৰ সংঘাত বাঢ়ি আহিছিল |
এই সকলোবোৰ কথা চিন্তা কৰি ব্ৰিটিছ চৰকাৰে ভাৰতত চাহ খেতিৰ পৰিকল্পনা কৰিছিল |
এই আঁচনি বহু আগৰে পৰা লৈছিল যদিও কাৰ্যকৰী নহৈছিল |১৭৮৮ চনতেই সেই সময়ৰ বিখ্যাত প্ৰকৃতিবিদ আৰু লণ্ডনৰ ৰয়েল বটানিকেল গাৰ্ডেনৰ ডাইৰেক্ট ছাৰ যোচেফ বেঙ্কচে ইষ্ট ইণ্ডিয়া কম্পেনীক ভাৰতত চাহ ৰোপনৰ বাবে পৰামৰ্শ দিছিল আৰু তেওঁ বিহাৰ ,কোচবিহাৰ আদি ঠায়ে চাহখেতিৰ বাবে উপযুক্ত ঠাই বুলি মত প্ৰকাশ কৰিছিল |
ঠাই নিৰ্বাচন হ'লেও বিভিন্ন কাৰণত ভাৰতত সেই সময়ত চাহ খেতি আৰম্ভ হোৱা নাছিল |
১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিমতে অসমৰ শাসনৰ ক্ষমতা ইংৰাজৰ হাতলৈ যায় | তেওঁলোকে আগতেই অনুমান কৰিছিল যে অসম ,অৰুণাচলৰ হাবি বননিসমূহ বনজ তথা খনিজ সম্পদেৰে ভৰপূৰ |এতিয়া শাসনৰ ভাৰ নিজৰ হাতত পৰাত যুদ্ধংদেহী গতিৰে সেই কামত উঠি পৰি লাগিল |
আগতেই কৈ অহা হৈছে যে চীন দেশৰ লগত ব্ৰিটিছ চৰকাৰৰ চাহ সম্পৰ্কীয় ব্যৱসায়িক লেন দেন বৰ এটা ভাল গতিৰে চলি থকা নাছিল সেয়েহে তেওঁলোকে চাহখেতিৰ বাবে উপযুক্ত মাটি বিচাৰি আছিল | সেই উদ্দেশ্যে ১৮২৫ চনত চাৰ্লচ আলেকজেণ্ডাৰ ব্ৰুছ আৰু পি এন্দ্ৰু চাৰ্লটন নামৰ দুজন সামৰিক বিষয়াৰ ব্যক্তিগত প্ৰচেষ্টাৰে অসমৰ হাবিত চাহগছৰ অনুসন্ধান চলিল |প্ৰথমে তেওঁলোক এবাৰ আহি ঠাইবোৰ পৰীক্ষা কৰি গুচি গ'ল | পিছত ১৮৩৪ চনত ব্ৰিটিছ চৰকাৰে গঠন কৰি দিয়া টি কমিটি আৰু খনিজ তথা বনজ সম্পদ অনুসন্ধান কৰিবলৈ গঠন কৰি দিয়া দুজনীয়া বৈজ্ঞানিক দলৰ গাইড হৈ আহিল ছাৰ আলেকজেণ্ডাৰ ব্ৰুচ |
অদম্য সাহসী পুৰুষ আলেকজেণ্ডাৰ ব্ৰুচে লগত পি ,এন্দ্ৰু, চাৰ্লটন লগত লৈ সেই দায়িত্ব পালন কৰিবলৈ নামি পৰিল | ৰ'দ ,বৰষুণ ,জাৰ , জহ নেওচি ,জোক জেলুকৰ কামোৰক আকোঁৱালি লৈ অসমৰ অচিন অটব্য অৰণ্যৰ মাজত চাহ গছৰ সন্ধানত নামি পৰিল |অৱশেষত উজনি অসমৰ হাবিত চাহ গছ বিচাৰি পালে | কিন্তু সেই সময়ৰ বহু আগৰে পৰাই উজনি অসমৰ খামতি ,টাইফাকে আদি জনজাতীয় লোকে চাহ গছৰ পাত ব্যৱহাৰ কৰিছিল ,কিন্তু তেওঁলোকে সেই পাতৰ চাহ বুলি নকৈ তেওঁলোকৰ ভাষাত 'ফালাপ ' বুলি কোৱা হৈছিল | মন কৰিবলগীয়ায়া যে চিংফৌ ,খামতি ,টাই,তাংচা,খামজান আদি ফৈদৰ লোকসকলে এতিয়াও চাহগছৰ ফালাপ বুলিয়ে কয় | টাইসকলে চাহপাতক 'নিংগ ' আৰু চাহ পানীক 'নাম নিংগ 'বুলি কয় | তাংচা সকলে চাহপাতক ' নাগ্য ফালাপ ' বুলি কয় |
বাৰু যি কি নহওক উনৈশ শতিকাৰ প্ৰথমাৰ্দ্ধতে অৰ্থাৎ ১৮২০ ৰ পৰা ১৮২৫ ভিতৰত আৱিস্কাৰ কৰা অসমৰ চাহক চাৰ্লচ আলেকজেণ্ডাৰ ব্ৰুচেই ভাৰতবৰ্ষৰ মানুহক চিনাকি কৰাই দিলে | ইতিমধ্যে ব্ৰিটিছ চৰকাৰে চাহখেতিৰ বাবে অসমৰ বিভিন্ন ঠাই পৰীক্ষা কৰি প্ৰথমে বৰ্তমান ডিব্ৰুগড় জিলাৰ চাবুৱা নামৰ ঠাইত চাহখেতি আৰম্ভ কৰিলে |
জনশ্ৰুতি মতে চাহ বৈ চোৱা (হাল বোৱা )
কাৰণেই ঠাই টুকুৰাৰ নাম চাবুৱা হ'ল | পিছলৈ অসমৰ উপৰিও নীলগিৰি , তামিলনাডু আদিতো এই খেতিৰ সম্প্ৰসাৰণ কৰিছিল |
অসমৰ বৰাক , ব্ৰহ্মপুত্ৰৰ উৰ্বৰা সাৰুৱা ভূমিৰ বহু হাজাৰ হেক্টৰ মাটিত ব্ৰিটিছ চৰকাৰে ৰোৱা চাহ বাগিছা এতিয়াও আছে | মাত্ৰ মালিকীস্বত্ব বদলি হৈছে |
অসমৰ মনিৰাম দেৱানে ব্ৰিটিছৰ অধীমৰ বাগিচাত দেৱানৰ কাম কৰিছিল আৰু পিছলৈ নিজাকৈ চাহ বাগান হৈছিল | অৰ্থাৎ চিনামৰা আৰু চেংলুং নামৰ চাহ বাগিছা দুখন কিনি লৈছিল |
মনিৰাম দেৱানেই হ'ল অসমৰ প্ৰথম চাহ খেতিয়ক | ইয়াৰ পিছত আৰু অসমৰ থলুৱা লোক সকল কৈ থকা নাছিল যদিও ব্ৰিটিছে থলুৱা মানুহক চাহ বাগান খুলিবলৈ দিয়া নাছিল |
কিন্তু অসমীয়া সকল হাত সাঁচি বহি থকা নাছিল ,তেওঁলোকেও ন উদ্যমেৰে কামত ধৰিছিল | ইয়াৰ পিছত অসমৰ দ্বিতীয়জন চাহখেতিয়ক হ'ল ৰোষেশ্বৰ বৰুৱা আৰু তৃতীয় জন হ'ল ৰায়বাহাদুৰ বিষ্টুৰাম বৰুৱা | জগন্নাথাৰ পিছতেই আৰুৱবহু চাহ খেতিয়ক ওলাল | সেই সমূহৰ ভিতৰত শিৱৰাম বৰা ,সৰ্ব্বানন্দ বৰা ,যোগেশ্বৰ শৰ্মা ,হৰিবিলাস আগৰৱালা ,হেমেন্দ্ৰ প্ৰসাদ বৰুৱা ,ৰাধাকান্ত সন্দিকৈ ,কৃষ্ণকান্ত বৰুৱা ,দেৱীচৰণ বৰুৱা আদিয়ে প্ৰধান |ভাৰতৰ আন প্ৰদেশৰ আহিও বহুতো ব্যক্তিয়ে চাহ বাগিছা খুলিছিলহি আৰু এতিয়াও সেইবোৰৰ কোনো কোনো খন আছেই |সেইসকলৰ ভিতৰত জালান ,কানৈ ,আদিয়েই প্ৰধান | এইসকলৰ বহু হাজাৰ হেক্টৰ জোৰা মাটিৰ চাহ বাগান আছিল কিন্তু আজি আমাৰ অঞ্চলৰ সকলোৰে গাঁৱে গাঁৱে থকা পাঁচ দহ বিঘা বাগানৰ কথাটো সৌ সিদিনা হে আহিছে |
দেশ স্বাধীন হোৱাৰ পিছতো আমাৰ দেশৰ চৰকাৰে অসমৰ বামমাটি থকা খেতিয়ক সকলক সৰু সৰু চাহ বাগিছা পাতিবলৈ দিয়া নাছিল | অৱশেষত ১৯৬৭ চনত গোলাঘাটৰ সমাজবাদী পাৰ্টীৰ নেতা হিচাপে অসম বিধান সভা লৈ নিৰ্বাচিত হোৱা নেতা (প্ৰয়াত বৰ্তমান )মাননীয় সোনেশ্বৰ বৰাদেৱে প্ৰথম কম কম মাটিৰ মালিকক চাহখেতি কৰিব পৰাকৈ অনুমতি বিচাৰিছিল আৰু সেই সময়ৰ কংগ্ৰেছ চৰকাৰৰ মুখ্যমন্ত্ৰী গোলাপ বৰবৰাই তেখেতৰ প্ৰস্তাৱ মানি লৈ ক্ষুদ্ৰ খেতিয়ক সকলকো চাহ খেতি কৰিব পাৰিব বুলি অনুমতি প্ৰদান কৰিছিল |
সেই তেতিয়াৰ পৰা খেতি কৰা চাহখেতি আহি আজি আমাৰ পিৰালি পালেহি |
চাহ বাগিছাৰ ভিতৰত এভুমুকি
-------------------------
সাধাৰণতে ২৩ ৰ পৰা ৩৬ ডিগ্ৰীৰ উষ্ণতা থকা অঞ্চলৰ পানী জমা নোহোৱা মাটিত চাহখেতি ভাল হয় | অসমৰ বহু জিলাতেই চাহখেতি হয় যদিও ৰাজ্যৰ ভিতৰত উজনি অসমৰ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাতেই ইয়াৰ উৎপাদন বেছি হোৱা দেখা যায় |
প্ৰথমে গছৰ গুটিৰ পৰাই পুলি প্ৰস্তুত কৰি চাহ পুলি নিৰ্দিষ্ট দূৰত্বত শাৰী পাতি পুলি ৰুই বাগান সাজিছিল |আজিকালি ডালৰ পৰা পাত কাটিং কৰিও পুলি প্ৰস্তুত কৰা হয় |আজিকালি বিভিন্ন নামৰ , বিভিন্ন গুণৰ , তথা বিভিন্ন মানৰ চাহ পুলি প্ৰস্তুত কৰি উলিয়াইছে ,যিবোৰৰ বছেৰেকীয়া উৎপাদন
সাধাৰণ চাহতকৈ বেছি |
এবিধা মাটিত উন্নত মানৰ পুলি লগাই সু পৰিচালনা কৰিলে ২৫০০ কেজিৰ পৰা ৩০০০ কেজি কেঁচা পাত উৎপাদন হয় বুলি খেতিয়ক সকলে জানিবলৈ দিছে |
বৰ্তমানে অসমত প্ৰায় ক্ষুদ্ৰ চাহ খেতিয়কৰ সংখ্যা (১বিঘাৰ পৰা ১০০ বিঘাৰ বাগিছা থকা ) এক লাখ মান আছে আৰু অসমৰ মুঠ আশী লাখ মান মানুহ এই উদ্যোগটোৰ লগত জড়িত হৈ আছে |
ফেক্টৰীত এপাক মাৰোঁ...
-------------------
বৰ্তমান চাহ এক বৃহৎ উদ্যোগ যদিও ইয়াৰ মূল কেঁচামাল আহে পথাৰৰ পৰা অৰ্থাৎ বাগিছাৰ পৰা |
উদ্যোগটোৰ লগত আওপকীয়াকৈ আৰু বহুকেইটা উপ উদ্যোগ সোমাই থাকে |
বাগিচাত কাম কৰা শ্ৰমিকৰ পাত তোলা টোপা ,ছাতিকে আদি কৰি কেঁচা পাত থবলৈ প্লাষ্টিকৰ বেগ ,এপ্ৰন ,আদিৰ বহু উপ উদ্যোগ গঢ় লৈ উঠিছে |
জৈৱ সাৰ ,কেঁচু সাৰ,ৰাসায়নিক সাৰ আদিৰ ফেক্টৰীবোৰো চাহ উদ্যোগৰ লগত বহু পৰিমানে নিৰ্ভৰশীল |
নিশ্চয় দেশৰ অৰ্থনীতিৰ কাৰণে এয়া শুভলক্ষণ | চাহপাত বাগিছাৰ পৰা আৰম্ভ কৰি ফেক্টৰী পাবলৈ এক দীৰ্ঘ প্ৰক্ৰিয়াৰ প্ৰয়োজন হয় |তাৰে প্ৰতিটো ঢাপতে গাড়ী ,মটৰ ,বনুৱা আদি জড়িত হৈ থাকি এক বৃহৎ সংখ্যক মানুহ এই উদ্যোগটোৰ লগত সংপৃক্ত হৈ থাকে |
সাধাৰণতে ৰ'দালি বতৰত ছিঙা শুকান কুমলীয়া ৫ কেজি কেঁচা পাতৰ পৰা ১ কেজি শুকান চাহ পাত (আমি খোৱাৰ চাহপাত) প্ৰস্তুত হয় |ফেক্টৰীত পাতবোৰ শুকুৱা আৰু কটাৰ বিভিন্ন ধৰণৰ ওপৰত নিৰ্ভৰ কৰি চাহৰ নামো বেলেগ বেলেগ দিয়া হয় |
আকাৰ অনুযায়ী চাহৰ ভাগ এনেধৰণৰ
=================
ʙʟɪꜱᴛᴇʀ. ---,বেছিকৈ লেৰেলালে সোতোৰা পৰা চাহ
ʙᴀɪᴅ ====আকাৰ ডাঙৰ হ'লে
ʙʀɪɢʜᴛ===গাখীৰ মিহলালে জিলিকা চাহ
ʙʀᴏᴋᴇɴ ===বেছিকৈ টকা চাহ
ᴅᴜꜱᴛy===গুৰি চাহ
ɪʀʀᴇɢᴜʟᴀʀ===বহু আকাৰৰ মিশ্ৰিত চাহ
ꜰɪʙᴇʀ ===বুঢ়া পাতৰ বেছিকৈ আঁহ ওলোৱা চাহ
ʟᴇɢɢy ===দীঘল ঠাৰিৰে সৈত্যে থকা চাহ
ɴᴇᴀʟ ===সমান আকাৰৰ দানা
ꜱᴀɴᴅy ===বালিমি হলি হৈ থকা চাহ
সোৱাদ অনুসৰি চাহৰ ভাগ
==================
ʙᴀɢɢy ==বেয়া চ'তি কাপোৰত মেলি দিয়া চাহ
ʙᴀᴋᴇy ===বেছিকৈ তাপ দি শুকুৱাই
ʙᴏᴅy। === সঠিক স্বাদ থকা
ʙʀᴀꜱꜱy===সেৰেকা সোৱৰ চাহে
ʙʀᴜɴᴛ ==পুৰি খোৱা চাহ
ᴄʜᴇᴇꜱy===আঠা জাতীয় পদাৰ্থ থকা চাহ
ᴄʜᴇꜱᴛy === সস্তীয়া কাঠেৰ নিৰ্মিত চাহ বাকচৰ চাহ |
ᴄᴏᴩᴩᴇʀy =সুগন্ধি চাহ
ᴅᴜʟʟ ===ভুল পদ্ধতিত উৎপাদিত ক'লে চাহ
ᴄᴏʟᴏᴜʀy ===ৰংটো ধুনীয়া কিন্তু সোৱাদ নথকা চাহ
বজাৰত উপলব্ধ বিভিন্ন নাম ==
----------------------
সেউজীয়া চাহ ,সুগন্ধি চাহ ,উলং টি ,ইনষ্টেণ্ট টি ,টেবলেট টি ইত্যাদি |
চাহৰ ৰাসায়নিক যৌগ
++++++++++++++
চাহৰ বিভিন্ন ধৰণ অনুযায়ী ৰাসায়নিক যৌগ বেলেগ বেলেগ হোৱা দেখা যায় |
বিশেষকৈ প্ৰতি ১০০ গ্ৰাম চাহত ১১মি.গ্ৰাম ,পলিফেনল ,থিয়ানিন ,ক্লৰ'ফিল ,মিনাৰেচল আদি থাকে থাকে বুলি গৱেষক সকলে কয় |
উপহংসাৰ
=======
অসমৰ মুখ্য তিনিটা সমস্যাৰ চাহ উদ্যোগে সমাধান কৰিছে |
১) নিবনুৱা সমস্যা কমোৱা|
২) প্ৰদূষণৰ সমস্যা হ্ৰাস কৰা |
৩)বাণিজ্যৰ প্ৰতি অসমীয়ায়া লোকৰ জঠৰতা আঁতৰোৱা |
মহাসাগৰ সদৃশ চাহখেতি বা চাহ উদ্যোগৰ বিষয়ে লিখিবলৈ হ'লে ৰামায়ণ ,মহাভাৰতৰ দৰে এখন বৃহৎ কলেৱৰৰ গ্ৰন্থ হ'বগৈ |আমি ইয়াত মাথোঁ চাহগছৰ আৱিস্কাৰ পৰা কাৰক দেখি থকা চাহ কাপ লৈ যোৱা দীঘল পথটোৰ কেঁকুৰি কেইটামান মাত্ৰ চিনাকি কৰি দিছোঁ ,আগ্ৰহী সকলে নিজাকৈ বেলেগ বেলেগ গ্ৰন্থ পঢ়ি ,বিভিন্ন বাগিছা বা ফেক্টৰী সমূহলৈ গৈ অধ্যয়ন কৰিব পাৰিব |
(তলত লেখাটো লিখিবলৈ সহায় লোৱা গ্ৰন্থপঞ্জীৰ নাম দিয়া হৈছে |)
---------------------
১) দৈনিক জন্মভূমি বাতৰি কাকত
২) প্ৰান্তিক আলোচনী
৩)মনিৰাম দেৱান ----বেণুধৰ শৰ্মা
৪)ᴀ ʜɪꜱᴛᴏʀy ᴏꜰ ɪɴᴅɪᴀɴ ᴛᴇᴀ ɪɴᴅᴜꜱᴛʀy
ʙy --ᴩᴇʀᴄɪᴠᴀʟ ɢʀɪꜰꜰɪᴛʜꜱ
৫) ʜɪꜱᴛᴏʀy ᴏꜰ ᴀꜱꜱᴀᴍ ᴄᴏᴍᴩᴀɴy---ʜ.ᴀᴜᴛʀᴏ