Tuesday, November 29, 2022

ড্ৰাগছ-এক বৰবিহ:আমিৰ হুছেইন আহমেদ

ড্ৰাগছ-এক বৰবিহ



অদম্য চালিকা শক্তি- এই যুৱ সমাজ

দেশৰ ধৰণী-বান্ধে প্ৰগতিৰ পাগ্ 

বাহুত অসীম বল মনত প্ৰেমৰ ঢল

ঘূণে ধৰিলে দেশৰ হবই নগ্ন সাজ,

ভোগত উটি গৈ নিচাত হ'লে আসক্ত

জীৱনৰ ইতিবৃত্ত ড্ৰাগছে কৰে সমাপ্ত !


বিশ্ব বজাৰত এই বৰবিহ সহজ লভ্য

সেৱনৰ ফল ক্ষতিকাৰক মাৰাত্মক,

তিলেই তাল হৈ ৰূপ লয় গুপ্ত ঘাতক

দূৰাৰোগ্য ব্যাধিৰ বীজাণুৰ ঘাই বাহক

মৃত্যু অচিনাক্ত ড্ৰাগছৰ হ'লে অন্ধভক্ত

সমাজৰ বাবে তিক্ত-নিচা জাতীয় দ্ৰব্য !


সমাজনীতি অৰ্থনীতিত পৰে কুপ্ৰভাৱ

অসুস্থ চিন্তাৰ বিষময় পৰিণাম,

মানসিক পতনত বাঢ়ে আত্মহত্যাৰ ভাব

হতাশাত হেৰুৱায় জীৱন সংগ্ৰাম ;

উদাসীন অসংযত চলন-ব্যক্তি স্বভাৱ

আভোক অনিদ্ৰা উপসৰ্গত শূন্য বিবেক!

কৰ্মহীনতাই কঢ়িয়ায় মনলৈ বদঅভ্যাস

সৃষ্টিশীলতা স্তব্ধ-আত্মপক্ষত ক্ষুব্ধ,

হাড়ত বন গজে,ড্ৰাগছৰ হয় ক্ৰীতদাস

যৌৱন বন্ধকত বৈৰাগ্যত হয় আৱদ্ধ,

সুপথ সততাৰে সমাজ আৰু চৰকাৰে

ড্ৰাগছ-সমূলঞ্চে ধ্বংস কৰা উচিত,

তেহে বিহৰ পৰা মুক্ত হ'ব দেশৰ ভৱিষ্যৎ !

_______________________________

আমিৰ হুছেইন আহমেদ 

বীৰ লাচিত:মিন্টু গোৱলা

 বীৰ লাচিত

শৰাইঘাটৰ সেনানি তুমি

অসম ৰখিয়াৰ সোনা তুমি

 শৰাইঘাটৰ ৰণুৱা তুমি ।


অসমক বঁচোৱাৰ হেতুকে কৰিলা 

শৰাইঘাটৰ যুদ্ধ ।


গঢ়িলা বিৰাট গড় 

ৰোধিলা মোগলক 

দেশৰহকে নৰীয়া দেহাত 

 যুঁজিলা ।


'দেশত কৈ  মোমাই ডাঙৰ নহয় ।'

বুলি কৈ দেখুৱালা আহোমৰ বীৰত্ব

বঁচালা  অসম ভূমিক । 

 

বৰ লুইতৰ পাৰত জিলিকালা 

বীৰত্বৰ সেনানি ৰূপ ।


লাচিতৰ নামৰে জিনিলা দেশৰ‌ মান

গঢ়িলা বৃহৎ অসমীয়া জাতি ।


              ✍️মিন্টু গোৱলা, লখিমপুৰ 


জীৱন তৃষ্ণা:মিন্টু গোৱলা

জীৱন তৃষ্ণা

অস্ত আকাশৰ হাহাকাৰ

গুজৰি নামিছে অন্ধকাৰ

জীৱন তৃষ্ণাই আগুচি 

ধৰিছে প্ৰতিটো পলত !

ৰিক্ত হৃদয়ৰ মাজত 

বিনাই জীৱন গাথাঁ 

অস্ত ৰাগে  শুকুৱাই দিয়া

জীৱন গাথাঁই আজি বিচাৰি ফুৰে

জীৱনৰ সুষম নীৰ ।

ইমানেই তৃষ্ণা

নীৰৰেও নোৱাৰি গুচাব ,

  জীৱনৰ তৃষ্ণাক ।


     শ্ৰী মিন্টু গোৱলা লখিমপুৰ কদম

অনুভব:দীপাংকৰ দাস

 অনুভব:দীপাংকৰ দাস

এতিয়া প্ৰশ্ন উঠে হৃদয়ত 

তুমি কোন ?

মৌণ উঠ আজি কপি নুঠে

তোমাৰ সমুখত

আবেগ আৰু হেপাহৰ সেই

ৰঙীন ডেউকা চিঙিল

তুমি সুখী ন ?

এৰা, নহ'বানো কিয় !

আমনি দিবলৈ বেয়া লাগে,

নিজৰ স্বভিমানত জীয়াও ।

অপৰিপক্ক জীৱন পিঞ্জৰাত

তোমাক বন্দী কৰাৰ 

কাহানিও হাবিয়াস নাছিল ।

আজিও নাই ।

সেয়েহে ...

সুখী হোৱা তুমি 

মোৰ বুলিবলৈ একো নাই

তথাপিও আছে

অৱশ্যে মোৰ বাবে নহয় অ

মোৰ হেজাৰ সতীৰ্থৰ বাবে

কিজানি তুমিও আছা 

সেই হেজাৰ সতীৰ্থৰ মাজত

তথাপিও খুচৰি নুফুৰো 

তুমি এটি উজ্বল তৰা হোৱা

মোৰ এই মন আকাশত 

জিলিকি ৰোৱা 

এটি জ্যোতিষ্ক হৈ

আজীৱন আজীৱন আজীৱন  ।


দীপাংকৰ দাস

মহাবীৰ লাচিত:পৰাগ জ্যোতি দাস

 মহাবীৰ লাচিত 

সোণোৱালী অসমৰে 

তুমি বীৰ লাচিত ;

অদম্য সাহস আৰু বীৰত্বৰে ভৰা 

তুমিয়েই  মহাবীৰ লাচিত ।

ফিমা বংশৰ তুমি

 মহাপৰাক্ৰমী অপৰাজেয়  বীৰ  

অসমৰ বুৰঞ্জীৰ 

তুমিয়েই কালজয়ী 

মোমাইকটা লাচিত ।

জাতিৰ বুকুত 

তোমাৰ বীৰত্ব

 সোঁৱৰাই আজি 

সেই মোমাইকটা গড়ে।

তীক্ষ্ণ হেংদাং হাততলৈ 

নৰিয়া গাৰে যুঁজি

পৰাস্ত কৰিলা মোগলবাহিনীক 

  ইতিহাস প্ৰসিদ্ধ শৰাইঘাটৰ ৰণত ।

মোগলবাহিনীক ভেটা দিবলৈ 

মোমায়েৰাক বান্ধিবলৈ কৈছিলা গড় ;

এলেহুৱা মোমায়েকে দেশৰ ব্যথা নুবুজাত 

 দেশদ্ৰোহী বুলি কৰিলে শিৰচ্ছেদ ।

তোমাৰ সেই বীৰত্ব আজি 

সোণোৱালী আখৰৰে 

জিলিকি আছে হৃদয়ৰ বেৰত ।

নৰিয়া গাৰে যুঁজি 

কচুকটাদি কাটি

ৰাখিলা যুগমীয়া নাম ।

তুমিয়েই অসমৰ 

অপৰাজেয়, বীৰৰ অধিকাৰী 

অসমীয়াৰ স্বাভিমান 

মহাবীৰ লাচিত ।

-×-×-×-×-×-


     ✍️ শ্ৰী পৰাগ জ্যোতি দাস 

              একাদশ মান 

         ঢকুৱাখনা,লখিমপুৰ

শৰাইঘাটৰ বীৰ পুৰুষ:ৰঞ্জন বৰা

শৰাইঘাটৰ বীৰ পুৰুষ 

                           ৰঞ্জন বৰা 



সাত ৰাজ সামৰি এক ৰাজ গঢ়িব খোজা 

স্বৰ্গদেউ চুকাফাৰ লগতে অহা

আহোম সকলৰ বিখ্যাত ফৈদ লান ফিমা বংশৰ মৰ্যাদা

অসমৰ চিৰ চেনেহী জ্যোতি মণ্ডিত কৰা

লাচিত বৰফুকন

ইতিহাস বিজড়িত এক প্ৰাচুৰ্যৰ সত্তা  __


জীৱন সংগ্ৰামৰ প্ৰণিধানযোগ্য চানেকি

অপৰাজেয় শক্তি 

ব্যক্তিত্ব সাহস আৰু  চেতনাৰে উজ্জীৱিত

বুৰঞ্জীৰ বাহক

মহান বীৰপুৰুষ জনা

আহোম ৰাজ দৰবাৰৰ প্ৰথমজন বৰবৰুৱা 

পাইক প্ৰথাৰ প্ৰৱৰ্তক 

মোমাই তামুলী বৰবৰুৱাৰ সপ্তম সন্তান

জাতীয় গৌৰৱ

১৬২২ চনৰ ২৪ নৱেম্বৰত

গড়গাঁৱৰ ওচৰেপাঁজৰে জন্ম

জনজীৱনৰ হৃদয়ত খোদিত

এক চিৰসেউজ নিৱন্ধ __


সামৰিক অসামৰিক শিক্ষাৰে উদ্দীপ্ত

ৰাজকীয় পৰিয়ালৰ সন্তান 

সততাৰ প্ৰতীক

কৰ্তব্যনিষ্ঠাৰে দিক্ষীত

বীৰজনা নিয়মানুৱৰ্তিতা স্পষ্টবাদিতাৰে সমৃদ্ধ  

তেজোদ্দীপ্ত ব্যক্তিত্ব __


হাঁচতি ধৰা তামুলী পদৰ পৰা 

জীৱনৰ কাৰ্যক্ষম গতিময়তাৰ চাকনৈয়াত

ঘোঁৰা বৰুৱা 

দুলীয়া বৰুৱা

শিমলুগুৰীয়া ফুকন 

দোলাকাষৰীয়া বৰুৱা

পদবীৰে মহীয়ান

 কৰ্মপতু বিচক্ষণ বীৰজন 

স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ 

সোণোৱালী হেংদাঙৰ গৰাকী

জীৱনৰ অভিযাত্ৰীময় সন্ধিক্ষণত

মৃত্যু পৰ্যন্ত দেশ মাতৃৰ হকে সেৱা কৰি যোৱা 

অদম্য যাত্ৰাৰ নায়ক

বাচকবনীয়া সেনাপতি __


দুঃসময়ৰ আৱৰ্ত্তত

যুদ্ধৰ দাৱানলত 

মহান বীৰজনাৰ 

হাতৰ ক্ষুধাতুৰ হেংদাং

তীব্ৰতৰ __


জননী জন্মভূমিৰ বুকুলৈ আহিছিল

ৰক্তক্ষয়ী ১৬৬৯ চন __

নামনি অসমৰ আলাবৈ ৰণৰ কোলাহলত

দহ হেজাৰ সেনা হেৰুৱাই

স্বাভিমানী বীৰজন 

পৰাজয় দুখ ক্লেশ সন্তাপ 

বিষাদেৰে হৈছিল  হতাশ __


যুদ্ধৰ সহযাত্ৰী 

মহামন্ত্ৰী আতন বুঢ়াগোহাঁই 

লাচিতৰ দুখৰ সমভাগী __


মহামন্ত্ৰীৰ  অভয়বাণীত 

দৃঢ় সংকল্পৰে অগ্ৰগামী বীৰ লাচিত বৰফুকন

১৬৭১ চনৰ ইতিহাস বিশ্ৰুত শৰাইঘাটৰ প’টত 

গৌৰৱ উজ্জ্বল পৃষ্ঠা 

মোগল সেনাপতি ৰামসিংহ বাহিনীক কৰিছিল 

সন্তৰ্পণে দিশহাৰা __


জীৱন পৰিক্ৰমাত 

মূল্যবোধ প্ৰমূল্যবোধৰ চানেকিৰে

জনজীৱনলৈ এক সুদূৰপ্ৰসাৰী দৃষ্টান্ত আৰু

আদৰ্শৰ বাৰ্তা খোদিত কৰা 

লাচিত বৰফুকন দেশ প্ৰেমিক 

দায়বদ্ধ হৃদয়ৰ যোদ্ধা 

গড় নিৰ্মাণত মোমায়েকক শিৰচ্ছেদ কৰি 

বিয়পাই দিছিল কৰ্তব্যত অৱহেলা কৰাৰ বতৰা __


যেন সময়ৰ বুকুত সৃষ্টি হয় 

সৱলতা __


মোগলক ভেটিবলৈ সুদৃঢ় 

অসমীয়া সৈন্যৰ প্ৰাণৰ দায়বদ্ধতা __


নৰিয়া গাৰে নৌকাত উঠি

অসমীয়া ৰণুৱাক 

উৎসাহ উদগনি দি

যুঁজি যুঁজি শৰাইঘাট বিজয়ী বীৰ লাচিত 

জিলিকি ৰ’ল বীৰত্বৰ গৰিমা সানি 

১৬৭২ চনৰ ২৫ এপ্ৰিলত

স্বদেশৰ বুকুত মৃত্যুৰ সৰগীধাম ৰচি __


শ্ৰদ্ধা ভক্তিৰ গৰাকী অসমীয়া জনজীৱনৰ

মনোবলৰ বাণী 

বীৰ পুৰুষজন

যোৰহাটৰ হোলোঙাপাৰত 

লাচিত মৈদাম নামৰ স্মৃতিৰ সৌধত 

সাৰে আছে সৰ্ব অসম জিনি __


প্ৰতিজন অসমীয়াৰ হৃদয়ত

তুমি ঐতিহ্য

তুমি পথ প্ৰেৰণাৰ নিৰভিমানী উৎস

তুমি মহান 

তুমি দেশ স্বদেশৰ প্ৰাণ 

তোমাক  প্ৰণাম 

তোমাক শত সহস্ৰ  প্ৰণাম ___ !!


------------------×--------------------

অবিশ্বাস আৰু শংকা:ৰাজ ৰাহুল

 অবিশ্বাস আৰু শংকা

                                ✍️ ৰাজ ৰাহুল 


কিয়  বাৰু এনে লাগে

তোমাৰ  মোৰ মাজত যেন বিয়পি আছে 

বাংময়  বিচিত্ৰ  সংলাপ ।

যত ঘেৰি আছে

কিছু অবিশ্বাস আৰু শংকা।

তোমাৰ  পৰা মোলৈ

গঢ়ি উঠা সেতু বন্ধনত

ওলমি  নাথাকে নয়নতৰাৰ কোমল সুবাস ।

তুমি  অহাৰ বাটটোত

শৃংখলিত  হয় আৱেগ,

কিন্তু প্ৰেম জানো এনেকুৱা ?

হৃদয়ৰ চুকে কোণে থাকে জানো

অবিশ্বাসী অবিৰাম জ্বালামুখী ?

মনৰ মাজত তুমি  তুমি হৈয়ে থাকিলা।

গঢ় লোৱা  নেদেখিলোঁ

স্বপ্নাতুৰ ভাবনাৰ চৰম পাণ্ডুলিপি ।

সচাকৈ তুমি বাংময়  বিচিত্ৰ  সংলাপ 

মোৰ জীৱন নাটৰ,

মই বুজিকে নাপাওঁ  এই নাটৰ

ধোৱা ময় যৱনিকাত তুমি মোৰ বাবে

কি সমাধান আনিবা।

নে জীৱন হৈ পৰিব

জৰায়ু পক্ষীৰ দৰে ডেউকাহীন

মৰণৰ নেওতা পঢ়া 

বাংময়  বিচিত্ৰ  সংলাপ ।


  ------------------------

তুমি আহিবা বুলি:মিন্টু গোৱলা

 তুমি আহিবা বুলি



নিশা বহুত হ'ল দুচকুত

 টোপনিও নহা হʼল ,


তুমি আহিবা বুলি আশাৰে 

অপেক্ষা কৰি ।


তুমি আহিবা মোৰ  শেৱালী 

জোপাৰ তলেৰে স্নিগ্ধ জোনাক নিশা।


 তুমি আহিবা  বুলি বাট চাই 

মই খিৰিকী খন খুলি লʼলো।


কিন্তু তুমি নাহিলা (!)

 মই বাট চাই চাই ভাগৰি পৰিলোঁ,

শেষত খিৰিকী খন জপাই দিলোঁ।


খিৰিকী জপোৱাৰ পাছত

মোৰ দুচকুত টোপনিয়ে 

হেতা -উপৰা লগালে,

মোৰ দুচকু আপোনা আপুনি 

জাপ খাই পৰিল।


মই টোপনিৰ কোলাত পৰি ৰʼলো,

তুমি অহাৰ খৰব মই  গমেই নাপোলোঁ।


তথাপিও সপোনত আহিবা বুলি 

আশাৰে বাট চাই আছিলোঁ ।

   ~~••~~                               মিন্টু গোৱলা

                           লখিমপুৰ  কদম

অপমান:প্ৰসন্ন কুমাৰ বৰা

 অপমান



হুঁচিয়াৰ 

নহয় সহ্য 

যেতিয়া ভাষাক অপমান

যেতিয়া জাতিক অপমান

যেতিয়া বীৰ শ্বহীদক অপমান

শিৰাই শিৰাই স্বতঃস্ফূৰ্তহৈ উতলি উঠে, বীৰ লাচিত তেজ

মোমাইক কাটিবলৈ

হেৰৌ বদন

আকৌ আনিবি তই মান

আহোমৰ তেজত বিৰাজমান

শৰাইঘাটৰ ৰাঙলী নদীত বান

ইতিহাসৰ বৰ অসমৰ পাট লুটিয়াই

বীৰ লাচিতকে এবাৰ চা

আছে হেংদাং লোৱা নাই

ল'লে হেংদাং  ৰক্ষ্যা নাই

বাৰেবাৰে কৰিছ কিয় অপমান

হুঁচিয়াৰ

দয়া নাই, ক্ষমা নাই

মানৱৰূপী দানৱ,ক্ষমতালোভী ষড়যন্ত্ৰ

আহিছোঁ ওলাই লাচিত

 মই

অন্যায় বিৰুদ্ধে অবিৰাম যুঁজিম

কাপুৰুষ নহয় মই 


প্ৰসন্ন কুমাৰ বৰা

বিজ্ঞাপন:ৰাজ ৰাহুল

   বিজ্ঞাপন



নিবনুৱাৰ  বুকুত আশাৰ সঞ্চাৰ কৰি

আহি গ'ল আকাংক্ষিত বিজ্ঞাপন---

"ত্ৰিশ হাজাৰ পদ খালী--

আৱেদনৰ শেষ তাৰিখ দুই জুলাই--"

লাখ লাখ শিক্ষিত যুৱক-যুৱতীয়ে

ভিৰ লগালে কম্পিউটাৰ দোকানত,

এটা চাকৰি কাকনো নালাগে !

সংস্থাপনহীন জীৱনৰ যেন

কোনো  অৰ্থই  নাথাকে--!

পুতৌমূলক কথাৰে জানো পেট ভৰে?

শিক্ষিত নিবনুৱাৰ  হুমুনিয়াহত

পিতৃ-মাতৃৰ চকুৰ টোপনি সৰে।

দুখজনক ভাৱে

বহু অপেক্ষাৰ অন্তত

অনামিকাই অন্য পথ গ্ৰহণ কৰে।

দুচকুৰ সপোন শেষ হোৱাৰ তাড়নাত

কোনোজনে হেৰুৱায় জীৱনৰ মোহ,

কাৰোবাৰ ওপৰত বোজা হৈ থকাটোত

আত্ম-সন্মান হানি হয় প্ৰতি পদে পদে।

সেইবাবে,

সকলোকে লাগে এটা চাকৰি

প্ৰচাৰ মাধ্যমত বিচাৰে বিজ্ঞাপনৰ বাতৰি--!

আজি আহি গ'ল নতুন বিজ্ঞাপন--

নিবনুৱাই আশাৰ চাকি জ্বলাবলৈ

নতুন নতুন সপোন দেখিবলৈ...।

    ************


✍️ ৰাজ ৰাহুল

কণমানি মইনা:হাফিজুল খান

 কণমানি মইনা 

                        ✍️হাফিজুল খান

                                   (বৰপেটা)



মা অ মা...

নাখাও মই ভাত

লাগিব মোৰ পুতুলা

মা আহিব কোৱা দেউতাক,

মৰমত দিয়া চুমা দুগালত

বহু দিন দেখা নাই দেউতাক।



ও মইনা মইনা...

নাকান্দিবা আহিব দেউতা,

দুচকুৰ অশ্ৰু মচি দিয়া।

তোমাৰ অশ্ৰুয়ে হৃদয় ভাঙে

কণ কণ ৰচিত সপোন টুকুৰা

টুকুৰ হৈ পৰে.....

নাকান্দিবা মইনা..



মা ও মা....

শিকিলোঁ তোমাৰ মধুৰ ভাষা 

শব্দহীন তোমাৰ প্ৰসংশা মা,

তেজিমলাৰ কাহিনীয়ে 

নিদ্ৰা আহে মা..

মায়াময় ধৰনী দেখিছিলো

তোমাৰ প্ৰেৰণাত মা

জন্ম জন্ম প্ৰণাম কৰো

তোমাক মা...


যোৱা বাটেৰেই এদিন আহিব উভতি:কিশোৰ কুমাৰ কলিতা

 যোৱা বাটেৰেই এদিন আহিব উভতি
                   কিশোৰ কুমাৰ কলিতা




ৰৈ থকাৰো হেপাঁহ থাকে

যদিওবা সেই সময় বিষাদৰ


এদিন হঠাৎ তেওঁ

যোৱা বাটেৰেই আহিব উভতি

যদিওবা তেতিয়ালৈকে

কাৰো বাবেই সময় নাথাকে ৰৈ


কেতিয়াবা কাহিনীও নভবাকৈয়ে

নজনাকৈয়ে ঘটি যায় অজুহাতৰ ঘটনাবোৰ

সাৰে থাকে সপোন

উজাগৰী হয় প্ৰত্যাশাৰ নিশা


সপোনৰ সেউজীয়া বৰষুণজাক

গৰ্ভৱতী নাৰীৰ দৰেই শিপাই ধৰাৰ বুকুত

নতুন দিনৰ আশাত বন্দী আপুনি মই


যোৱা বাটেৰেই এদিন আহিব উভতি

সময়ৰ বোকোচাত উঠি গৈ থাকিব সকলো

তেওঁহে তেতিয়ালৈকে তেওঁৰ হৈ নাথাকিব।

আকাশ চুই উৰিবৰ মন:মাৰ্জিনা বেগম

 আকাশ চুই উৰিবৰ মন 



এই যে আকাশ চুবৰ দুৰ্বাৰ বাসনা জাগে 

  সচাঁকৈ আকাশ জানো চুব পৰা যায়?

এই যে চৰাই হৈ উৰিব মন  দূৰ দূৰণিত 

  উৰিব পৰাকৈ আছে জানো সহজ উপায়  ?

এয়া যে সকলো মিছা মৰীচিকা  

তুমি জনা মইও জানো,

 নেদেখি নুবুজি মোহৰ জালত পৰি 

হৃদয়ত জ্বলাই  জুই 

চগা হৈ মৰো পুৰি ।

আকাশ চুবৰ বাসনা,

উৰি যোৱাৰ আশা 

সপোনতে জাগি উঠে

সপোনতে সমাধি পাতে ,

আকাশ যে চুব পৰা নাযায় 

উৰিব পৰা  নাযায় দূৰ দূৰণিত 

সকলো জানি আজি  

মই নিশ্চুপ পথৰ পথিক  ।


           ✍️ মাৰ্জিনা বেগম 

লাচিতৰ দেশৰ লৰা মই:ৰাহুল চেতিয়া

 "লাচিতৰ দেশৰ লৰা মই"



মোৰ হৃদয়ৰ আৱেষ্টনীত 

গঢ় লৈ উঠিছে কিছু মহানুভৱতা,

ইকাণ-সিকাণ কৰি

দশোদিশ উভৈনদী,

বিয়পি পৰিব ধৰিত্ৰীৰ

চুকে কোণে ।

উদং হৃদয়ৰ

প্ৰতিটো কোঠালিত

 অবিচ্ছিন্ন ভাৱে 

 পৰিত্যক্ত হৈ

পৰি আছে

 দেশ ভক্তিৰ টুকুৰাবোৰ

অজ্ঞানিতে....

প্ৰতিটো প্ৰভাতকেই

নতুনত্ব ৰূপ দি

সম্ভাষণ জনাম

নিৰ্জীৱতাৰ ঐশ্বৰিক শকতিক,

শান্তি দানৰ প্ৰতিশ্ৰুতিৰে

মোৰ দেশ ভক্তিক

কালধুমুহাই

 নি:ছিন্ন কৰিব নোৱাৰে।

প্ৰাপ্তি অপ্ৰাপ্তিৰ চেষ্টাত

বিয়োগাত্মক চিন্তাৰে

স্তব্ধ কৰিব খোজে মোৰ হৃদয়,

বিষাক্ত বা-মাৰলীয়ে ভাঙিব নোৱাৰি

আঘাত কৰে মোৰ চিন্তাধাৰাক

 প্ৰতেক দিনে,

শত্ৰুয়ে পথ কণ্টকময় কৰি

আঁচোৰি ফালিব বিচাৰে

মোৰ কোমল কলিজাটো।

 নিঃস্বাৰ্থ! নিৰ্বলী অবলা নহয় মই

শত্ৰুৰ জয় জয়কাৰে

স্তব্ধ কৰিব নোৱাৰে

মোৰ এই অবিৰত যাত্ৰা।

মৃত্যু এতিয়া সহজ

হুতাশন আন্ধাৰতো

খেদি ফুৰিছোঁ

এজাক পথভ্ৰষ্ট,লক্ষবিহীন

উতনুৱা চেঙেলীয়া যুৱকক,

লাচিতৰ দেশৰ ডেকা লৰা মই

মোৰ স্বপ্ন স্বাধীনতাৰ ভোগজৰা

অপৰাজেয় দূৰন্ত যোদ্ধা মই। 



ৰাহুল চেতিয়া

নিলখপুৰ, চিলাপথাৰ

লাচিত বৰফুকনক সশ্ৰদ্ধ সোঁৱৰণ:খাইৰুল ইছলাম

 লাচিত বৰফুকনক সশ্ৰদ্ধ সোঁৱৰণ 
                      ✍খাইৰুল ইছলাম



হে বীৰ সেনাপতি 

লাচিত বৰফুকন, 

আপোনাক আজি

কৰিছোঁ সশ্ৰদ্ধ সোঁৱৰণ। 


হে বীৰ সেনাপতি

লাচিত বৰফুকন,

গাই শেষ কৰিব নোৱাৰি

আপোনাৰ গুণানুকীৰ্তন। 


দেশ মাতৃৰ সুৰক্ষাৰ অৰ্থে

নৰীয়া দেহাৰেও যুঁজিছিলে;

কৰ্মত গাফিলতি কৰাৰ বাবে

আপোনজনকো শিৰচ্ছেদ কৰিছিলে। 


স্বদেশ ৰক্ষাৰ ক্ষেত্ৰত

কদাপিও আপোচ কৰা নাছিলে;

বাঘ হাজৰিকাৰ সহযোগত

বিপক্ষক পৰাভূত কৰিছিলে। 


আপুনি দেখুৱাই গ'ল 

এক অনন্য আদৰ্শ;

যি আদৰ্শত অনুপ্ৰাণিত হ'ল

আজি গোটেই ভাৰতবৰ্ষ। 


যুগে যুগে আপুনি

ভাৰতীয়ৰ মন

থাকিব জিনি...

সেয়ে কৰি থাকিব আপোনাক স্মৰণ। 


লাচিত বৰফুকন:আহচানাল মাৰীফ

লাচিত বৰফুকন

     


 

ছয়শ বছৰীয়া ইতিসাহৰ,

বিজাৰিত পৰাক্ৰমী জাতি আহোমৰ।

লুখুৰা-খান ফৈদৰ লান ফিমা বংশৰ,

অপৰাজেয়, সাহসীয়, পৰক্ৰমী, অসমীয়া জাতিৰ স্বাভিমান, আৱেগ, সূপুত্ৰ লাচিত বৰফুকন।


১৬২২ চনৰ ২৪ নৱেম্বৰ তাৰিখে গড়গাৱৰ নিচেই কাষত,

মোমাই তামুলীৰ ঔৰসত জন্ম হয় লাচিতৰ।


ৰাজনৈতিক জীৱন আৰম্ভ কৰে,

"হাচতিধৰা তামুলীৰ" পদত অধিষ্ঠিত হৈ। 

পৰৱৰ্তী কালত চক্ৰধ্বজ সিংহই তেওঁৰ বীৰত্বক উমান পায়,

সেনাপতিৰ পদত অধিষ্ঠিত কৰাই।


সেনাপতি পদত অধিষ্ঠিত হৈ,

গুৱাহাটীক উদ্ধাৰৰ কামত ব্যস্ত হৈ, 

মীৰজুমলাক বন্দী কৰে, গুৱাহাটী নিজৰ অধিকাৰত আনে,


অৱশেষত অসংখ্য শক্তিৰ অধিকাৰী, মোগল সেনাই, 

ক্ষোপ্ত হৈ আহোমৰ প্ৰতি, 


লিপ্ত হৈ আলাবৈ যুদ্ধত,

একে ৰাতিত প্ৰাণ হেৰাই বহু হাজাৰ সৈন্যৰ।

মোগলে গায় বিজয়ৰ গান।


শৰাইঘাট ৰণৰ ঘোহণা হয়,

নৰিয়াত আক্ৰান্ত লাচিতে,

গড় বান্ধিবলৈ মোমায়েকক দায়িত্ব দিলে।


গড় বন্ধা কামত অৱহেলা কৰে, 

"দেশত কৈ মোমাই ডাঙৰ নহয় "

শ্লগানেৰে দুইখণ্ড কৰে।


একে ৰাতি গড় বান্ধি মোগলৰ বিৰুদ্ধে যুঁজদি অৱশেষত,

বিজয়ৰ ছাতি মূৰত বান্ধে।


শৰাইঘাটৰ ৰণৰ অন্তত পানী লগা জ্বৰত আক্ৰান্ত হৈ ইহলীলা সম্ভুৱিত কৰে।

"জয় আই অসম"


✍️আহচানাল মাৰীফ

মহাবীৰ লাচিত:আমিৰ হুছেইন আহমেদ

      মহাবীৰ লাচিত



অসমৰ ধ্ৰুৱতৰা লাচিত বৰফুকন

দুৰ্দমনীয় সাহসী অজেয় জাতীয় বীৰ,

দেশ প্ৰেমত উদ্বুদ্ধ স্বাধীনমনা উচ্চ শিৰ

যুগমীয়া শৰাইঘাট-অস্তিত্ব সঙ্কটৰ ৰণ

শিহৰণকাৰী আছিল সমৰ কলাৰ প্ৰদৰ্শন

ত্যাগ বীৰত্বৰ প্ৰশিক্ষণ আদৰ্শৰ ভূষণ !


আকাশত বতাহত তৰু-তৃণত যাৰ নাম

অসম বুৰঞ্জীৰ জীয়া ছবি বীৰ লাচিত,

মোমাই কটা গড় বিশ্বব্যাপী সুপৰিচিত

বাঘ হাজৰিকা,সেনাপতি-অমৰ জ্যোতি

যাৰ উদাৰ নীতি-সমন্বয়ৰ অক্ষয়ী কীৰ্তি

মোমাইক কাটিলে-শত্ৰু সেনাক ভেটিলে

মোগল পৰাজয় তেওঁৰ মৰণ পণ সংগ্ৰাম !


শৌৰ্য বীৰ্য বীৰত্ব মহত্বই বঢ়ালে জাতিৰ গুৰুত্ব

ৰক্ষণশীলতাৰ পৰিধি ভঙা এক মহাসত্তা 

তেওঁৰ আদৰ্শই বিশ্ব পৰিচয়ৰ স্বকীয়তা

অখণ্ডতাৰ বাটকটীয়া-মহাজাতিৰ ঐক্যতা

সূৰ্যসম অসমীয়া শক্তিৰ অদ্যপি নিৰাপত্তা

হাতৰ হেংদান-বুৰঞ্জীৰ নিচান,তেওঁৰ অমৰত্ব !


সময় জ্ঞানৰ লাচিত হোৱা নাছিল বিচলিত

মোগলে উজাই আহি গুৱাহাটী পালে

দেহ ঘমালে জ্বৰ এৰিলে উত্তাপ বঢ়ালে

হেংদান ঘূৰালে চিকমিকনিত শত্ৰু পলালে  

গড় বন্ধালে কত মোগলৰ মূৰ খহালে মাটিত

চাৰিশ বছৰীয়া জন্ম জয়ন্তী গৰ্বৰ অতীত !!

________________________________

আমিৰ হুছেইন আহমেদ |

হৃদয়ৰ নীলিম উপত্যকাত এভুমুকি:ৰাজ ৰাহুল

 হৃদয়ৰ নীলিম উপত্যকাত এভুমুকি

                                ✍️ ৰাজ ৰাহুল 

                                                  



জানানে--

প্ৰেৰণাৰ  বৰষুণেৰে

তোমাৰ হৃদয়খন জীপাল কৰিবলৈ

মই তোমাক কাষত বিচাৰোঁ।

তোমাৰ শুকান ওঁঠত

হাঁহি বিৰিঙাবলৈ

কৰা আপ্ৰাণ চেষ্টাত

কেতিয়া যে মই কবি হৈ পৰোঁ

নিজেই  নাজানো।


তোমাৰ বেদনাক্লিষ্ট মৌনতাৰ ভাষাবোৰ

সহিব পৰা হ'লে

জোনাকৰ সপোন নেদেখুৱালোঁহেঁতেন তোমাক--!


তোমাৰ ৰুদ্ধ হৃদয়-দ্বাৰ খুলি

এছাটি বতাহৰ স্পন্দন দিবলৈ

তোমাক উপহাৰ দিওঁ

মোৰ মূল্যৱান সময়বোৰ---!


যদি এই অনুকম্পাৰ নামেই হয় ভালপোৱা

তেনে তোমাৰ মনৰ পথাৰখন সেউজীয়া কৰিবলৈ

প্ৰেৰণা হৈ থাকিম প্ৰতিদিনে--

যাতে তুমি হাঁহিব পাৰা মুক্ত মনেৰে--

কথা কোৱা ভালপোৱাৰ ভাষাৰে...।

      

যন্ত্ৰণা:হীৰক কলিতা

 যন্ত্ৰণা


মৰিশালিত জীয়াই উঠা

সেউজীয়া বোৰ হঠাতে

মৰহি‌ যায় ।

অব্যক্ত যন্ত্ৰণা বোৰে

খুলি খুলি খায় হদয়ৰ

কেঁচা তেজবোৰক ।

বুজি পাবলৈ যে মোৰ

পাৰ ভঙা চকুহালে

একমাত্ৰ সংগী ।

অস্পষ্ট হৈ পৰে জীৱনৰ

গতিপথ পৰিস্থিতিৰ মেৰপাকত

পৰি সলনি হয় সপোনৰ ৰং ।

জীয়াই থাকিবলৈ যন্ত্ৰণা বোৰে

একমাত্ৰ সংগী , অন্যথা 

এটি অন্ধকাৰ কোঠা ।


✍️ হীৰক কলিতা

সাৱধান:প্ৰসন্ন কুমাৰ বৰা

সাৱধান


আস্! কি যান্ৰণা 

সহ্য কৰিব নোৱাৰি অ'

বিৰহ বোৰে বৰকৈ বিন্ধিলে

ধৈৰ্য ওঁ সীমা আছে অ'

সৌৱা! 

ৰণ শিঙা প্ৰতিধ্বনি শুনিছোঁ

মানৱ ৰূপী দানৱে তেজৰ ফাকু খেলিছে

মই যাবই লাগিব আই

মই আৰু চাই থাকিব নোৱাৰোঁ

ভাই অ' উঠ!বেলি লহিয়ালে

নৰপিশাচে ভনী দেহত যৌৱনৰ তৃপ্তি লভিলে

আই অ' তই দুখ নকৰিবি

আমি আছোঁ নহয়

তোৰ আৰু বুকু খোদা হ'ব নিদিওঁ

সিহঁতবোৰ তেনেকুৱাই 

সিহঁত তেজপিয়া

শাসন কৰা চলেৰে শোষণ কৰিছে

মানৱৰ সমাজত দানৱ হুংকাৰ

আৰু সহ্য কৰিব নোৱাৰি

এইখন সভ্য মানৱৰ সমাজ

ৰাম ৰাজ্যত ৰাৱণ লংকা কেতিয়াও হ'ব নোৱাৰে

সাৱধান! দুষ্কৃতি চক্ৰান্ত মুখা-পিন্ধা ভদ্ৰলোক

কুৰুক্ষেত্ৰ ৰণুৱা আহিছে ওলাই।


প্ৰসন্ন কুমাৰ বৰা

নিঃসংগতা:মিন্টু গোৱলা

 নিঃসংগতা

    

নিজানৰ নীৰৱ কথা বোৰৰে 

আজি কথাৰ নৈ হৈ বৈ গৈছে ,

হৃদয়ৰ গোপ কোণত ।

নিঃসংগতা চহৰত মোৰ হৃদয় 

খন কোঙা হৈ পৰিছে।

অচিনাকী চহৰ, অচিনাকী মানুহ 

আপোন বুলি ক'বলৈ গ'লে  

মাথোঁ চহৰ খন ।

নিজান নিস্তব্ধ মন মোৰ উৰে কেনিবা 

নিঃসংগৰ দলিচাত পৰি  ।


🔴 মিন্টু গোৱলা, লখিমপুৰ 

আঘোণ:মিন্টু গোৱলা

 আঘোণ:মিন্টু গোৱলা



সোণোৱালী বৰণ সানি কৃষৰ 

মূখত হাঁহি বিৰিঙি উঠে আঘোণৰ পথাৰখন চাই।

বাৰিষাৰ ঘাম মাটিত পৰি উৎপন্ন 

হোৱা সোণ গুটি বোৰে কৃষৰ মন 

 ভৰাই আনন্দ উল্লাহ 

দিয়ে আঘোণৰ মাহত।

লক্ষ্মীৰ ৰূপে আদৰো সোণ গুটি বোৰ 

বাৰিষাৰ ৰʼদ বৰষুণত তিতি বুৰি 

মাটি চহাই সোণ গুটি ৰোৱে কৃষকে সেই 

সোণ গুটি বোৰে কৃষৰ

 মনত আনন্দ দিয়ে সোণ গুটি ৰূপে

 আঘোণৰ পথাৰত।

 দাৱনীৰ মন ও আনন্দে নধৰা হয়  

সোণোৱালী ধাননি ডৰা চাই ।

হেঁপাহৰে এসাঁজ বছৰ যোৰাই খাম বুলি 

আদৰে সোণ গুটি বোৰ 

থুকা - থুকে তলতলৈ মূৰ কৰা সোণ বৰণীয়া

ধানৰ থুকবোৰ দেখিলেই কৃষৰ মন ভাল লাগে।

লক্ষ্মীৰ ৰূপে আদৰো সোণ গুটি বোৰ 

সাঁচি থওঁ ভঁৰালত বছৰ দিনলৈ খাম বুলি ।।


শ্ৰী মিন্টু গোৱলা লখিমপুৰ কদম

ফোন নম্বৰ ৬০০১৬০১২৮০

Tuesday, November 22, 2022

বৰ ভাগৰুৱা আজি মই:হিৰামনি লাহন

 বৰ ভাগৰুৱা আজি মই



মায়াময়  আঘোণৰ 

উদাসীন  গধূলিত

ছাঁয়ামায়া কাণিমুনি 

পদুলিত ৰৈ

জ্বলি জ্বলি ছাই হৈ যোৱা 

এবুকু যাতনা লৈ 

জীয়াই আছো প্ৰিয়তমা ,

দুৰনিৰ পথাৰত

 তুমি দাই অহা 

শুকান ন'ৰানি ডৰা চাই   ,

বৰ ভাগৰুৱা ,আজি মই   ।

তেজৰ ধাৰত 

শাণ দিয়া কাঁচিখনত 

অহঙ্কাৰেৰে  

চিকমিকাই থকা বিস্ফুৰিত 

শোকৰ  যন্ত্ৰণা  বোৰৰ 

উপশমৰ বিছাৰি  উপায়   ,

বৰ  ভাগৰুৱা আজি মই   ।

ধূসৰ  পৃথিৱীখনত 

 এতিয়া নাই 

শীতল  জোনাক, 

আকাশখনেও  ফাঁকি  দিলে 

চকুপানীবোৰ  

বৰষুণে  তিয়াই  নিলে 

ভৰ বাৰিষাৰ 

নৈ'য়ে  উটুৱাই লৈ গল 

ভৰসাৰ  নাঁও খনি ,

বিশ্বাসৰ বঠাপাত 

খেপিয়াই খেপিয়াই 

শুকান  নদীত  বিছাৰি

পৰিছো  ভাগৰি ।

প্ৰিয়তমা  ,

তুমি  দাই  অহা

 শুকান নৰানিৰ ডৰা চাই 

বৰ ভাগৰুৱা  আজি মই  ।


হিৰামনি লাহন, গোলাঘাট  

শৰাইঘাট:ৰাজ ৰাহুল

 শৰাইঘাট

                                 ✍️ ৰাজ ৰাহুল

অসমৰ ইতিহাসৰ সোণালী স্বাক্ষৰ---

"শৰাইঘাট"

স্বদেশ প্ৰেমৰ বলিষ্ঠ নমুনা

"শৰাইঘাটৰ যুদ্ধ"

সময়ে সদায় ৰিঙিয়াই--

"দেশতকৈ মোমাই ডাঙৰ নহয়!"


শৰাইঘাটেই ক'ব--

বীৰ প্ৰসৱিনী অসমী আইৰ

স্বাভিমানক জীয়াই ৰাখিবলৈ

লাচিতৰ তেজ আজিও আছে বৈ--

লুইতৰ দুয়ো পাৰ শুৱায়--!

দেশৰ আহ্বানত জিৰণিৰ ধূলিস্যাত

"মোমাই কটা গড়" তাৰেই নিচান।

প্ৰয়োজনত হেংদাং লৈ

যুদ্ধ দিয়াৰ সামৰ্থ

আজিও আছে অসমীয়াৰ।


শৰাইঘাটেই ক'ব--

অসমীয়াৰ পৰাক্ৰম

আৰু ৰণ-কৌশলৰ কথা,


শৰাইঘাটেই ক'ব--

জননীৰ সুযোগ্য সন্তানে

সদায় উৰুৱাব বিজয় ধ্বজা--

নৰিয়া গাৰেই হওক...।


লাচিত বৰফুকন:বাহাৰুল ইছলাম

 লাচিত বৰফুকন

আজিকোপতি ভাঁহি উঠে সেই ঝংকাৰ

কৰ্ণ স্পৰ্শ হয় ঘোঁৰাৰ চি়ঞৰ

নৌকাৰ চলাচল

বৈৰীও বিস্মিত হয়

একতাৰ বন্ধন দেখি

এশ এবাৰ ভাবে

অসমীয়া নৰ-নাৰীৰ কি যে পণ! 

নৰিয়া দেহাত যে কত বল! 


লাচিত- নামেই যাৰ পৰিচয়

স্পষ্টবাদী, সত্যবাদী, কৰ্তব্যপৰায়ণতা

নাই শংকা, নাই পৰাজয়

কপি উঠে বৈৰী

প্ৰতিটো খোজত, প্ৰতিটো বচনত 

সহ্য নকৰে দেশৰ গ্লানি

বৈৰীৰ দৰ্প

চূৰ্ণ-বিচূৰ্ণ কৰে ক্ষণিকতে। 


নীলাভ আকাশত বিজয়ধ্বজা উৰুৱাই

যায় আগুৱাই মৰণকো নেওচি 

বাধাৰ প্ৰাচীৰ ভাঙি

বলীয়ান হস্তত অস্ত্ৰ দাঙি

হস্কিলে-মস্কিলে মাথোঁ দেশ-দহৰ স্থান

সচকিত হয় দেশৰ বৈৰী

কৰে প্ৰশংসা ঘনে ঘনে। 


লাচিত বৰফুকন-

জাতীয় জীৱনৰ হিয়াৰ আমঠু

অসমীয়াৰ প্ৰেৰণা, হৃদয়ৰ স্পন্দন

স্বাভিমান চিৰদিনৰ। 



বাহাৰুল ইছলাম (শিক্ষক) 

বালিজান, মৰিগাঁও

ম'বাইল-9101130649

চিতা:মিন্টু গোৱলা

 চিতা


কʼলা ধোৱাই আৱৰিব চৌদিশে 

মৌনতাই বিৰাজমান হ'ব পৰিবেশ

মাথোঁ ধোৱাৰে আৱৰিব মোৰ চৌদিশ।


আপোন ঘৰখনে মৌনতাৰ জ্বলাব চাকি 

হৃদয়ত সৰ্ব শোক লয় কুটুম জন দিব বুজনি

জীৱনৰ শেষ সময়ত চিতাই আমাৰ আপোন।


নিজান দেশৰ অজান ঠাইত লʼম বাস কোনেও

নেদেখা কৈ অচিন ধূলিৰ লগত মিলি যাম 

চিতাৰ কʼলা ধোৱাই উৰোৱাই লয় যাব আকাশলৈ

বহু দূৰ বহু নিলগত আকাশৰ শুকুলা ডাৱৰত ।


চিতাৰ জুইত ভস্মীভূত হ'ম এটি মাথোঁ জুইমুঠিত

পুত্ৰ ভাজ্যই সাক্ষী হ'ব চিতাৰ জুইত

কʼলা ধোৱাই আৱৰি ল'ব মৌনতাৰ পৰিৱেশ 

কন্দোৱাব পুত্ৰ ভাজ্যৰ মনত,শেষ হ'ব জীৱন, চিতা হ'ব শেষ থিতাপি  খন্তেকৰ বাবে ..........!


চিতাৰ কʼলা ভস্মীৰে হৃদয় খন কৰিব চাপ 

জীৱ শ্ৰেষ্ঠ মানৱৰ কি যে বিলয় এই মৰত 

দুচলি খৰিৰে দেহ থয় যাব  লাগিব অজান দেশত।



   জুয়ে পুৰিব এই দেহক কʼলা ছাইৰে

 ভস্মীত হৈ মিলি যাব মাটিৰ মানুহ মাটিতেই ।



দম্ভ অহংকাৰ যাব চিতাৰ জুইত 

ধন ৰব পৰি দেহ যাব অজান দেশত 

পৰি ৰব শশ্মান, আত্মাই উৰিব অজান ঠাইত 

মায়াৰো নাথাকে কোনো চিন ।



শ্ৰী মিন্টু গোৱলা লখিমপুৰ কদম

তেজীমলা:মিন্টু গোৱলা

 তেজীমলা

মই তেজীমলা কৈছোঁ মাহী আই মোৰ 

কোনো দুঃখ নাছিল অ,

 তই দি পঠিওৱা কাপোৰ 

যোৰত নিগনি আৰু 

এঙাৰ আছিল অ,!

তোক মই ক'ব বিচাৰাছিলো 

কিন্তু মই ক'ব নোৱাৰিলো 

তোৰ যি খঙাল মাতে মোক 

কথাবোৰ ক'ব নোৱাৰিলো ভয়ত অ ,আই!

তই মোৰ মৰম বোৰ বুজি নাপালি অ,

আই মই যে তোৰ পেটৰ সন্তান নাছিলোঁ

 যে সেইবাবে তই মোক মৰম কৰা 

 নাছিল অ,আই !

মোক তই নিজৰ বুলি ভাৱা নাছিল 

অ আই কিন্তু মই তোক নিজৰ 

আইৰ দৰে ভাৱিছিলো অ,আই !

ঈশ্বৰ লীলা কি কৰিবা মোৰ যে 

ফুটা কপাল তোৰ হাতে 

মোৰ মৃত্যুৰ আছিল অ,আই!

পিতাই থকা হ'ল মোৰ 

এই দৰ্শা নহ'ল হেতেন অ,আই,!

সামান্য পাট কাপোৰ যোৰ বাবে

 তই মোক খুন্দি মাৰিলি অ,।।


          শ্ৰী মিন্টু গোৱলা লখিমপুৰ কদম

বীৰ তুমি মহান:অভিজ্ঞান গোস্বামী

 বীৰ তুমি মহান




বীৰ তুমি মহান


দেশৰ বাবে দিলা সৰ্বোচ্চ দান 


আজিও মনত পৰে শৰাইঘাটৰ ৰণ 


সোণালী আখৰে লিখা ইতিহাস খন 


প্ৰত্যেক স্মৃতিত আছা তুমি 


সাহসৰ পথ তুমি দেখুৱালা যি 


ধন্য হয় টোমাতেই অসমীয়া

দেশৰ পৰা বিদেশীক খেদিলা


আচল দেশপ্ৰেমিক তুমি , তোমাৰ আগত সকলো শূণ্য 


প্ৰত্যেক মানুহৰ মনত আজিও তুমি পূজ্য 


প্ৰত্যেক অসমীয়াই তোমাৰ উদাহৰণ লয়


সেই উক্তি সাৰ - "দেশত কৈ মোমাই ডাঙৰ নহয় !"


দিলা মোমাইৰ শীৰ


তুমি মহান বীৰ 


নৰিয়া দেহাৰে তুমি ৰণ কৰিলা


মোগলক নিজ বহুবলে হৰোৱালা


আজি কয় অসমীয়াই প্ৰতিজন 


জয় অসমীয়া, জয় লাচিত বৰফুকন


           

       -  ✍️ অভিজ্ঞান গোস্বামী


       ___________×_____________

কৃষকৰ জীৱন:চন্দ্ৰ শেখৰ পৰাজুলী

কৃষকৰ জীৱন

নঙাল  চলে পথাৰত

চুম্বন কৰে মাটিক

সেই মাটিতে প্ৰেমৰ পৰশ

শৰীৰেদি পৰা টুপ টুপ ঘামৰ ।

এনেকৈয়ে আৰম্ভণি

এজন সাধাৰণ কৃষকৰ

ঘৈনীয়েকেও নকয় তেওঁক

আজি ৰ'দ নে বৰষুণ

কাৰণ নাঙলৰ নাচত চলে

সাধাৰণ কৃষকৰ জীৱন ।

বোকাৰে লুতুৰ‌ পুতুৰ

তথাপিও আপত্তি নাই

কাৰণ কৃষক এজনে জানে

এইয়াই তেওঁৰ প্ৰকৃত জীৱন ।

পূজা,মেলা, বিহু আদি

সকলোখিনি নিৰ্ভৰ কৰে

খাদ্য,শস্যৰ উৎপাদনত ।

 বহুসময়ে লঘোনে পাৰ হয়

 ভৰালত সোণালী শস্যৰ অভাৱত ।

 এয়াই কৃষকৰ জীৱন

 এনেকৈয়ে গঢ় লৈ উঠিছিল

 ভাৰতৰ ভবিষ্যত ।

 আৰু বৰ্তমানেও কৃষকৰ লৈয়ে 

 নিৰ্ভৰশীল ভাৰত আমাৰ।

 সৃষ্টিত মানুহৰ অস্তিত্ব থকালৈ

 কৃষকৰ কথা উল্লেখ থাকিব ।

 হ'ব পাৰে কৃষিৰ পদ্ধতিত

 বহুখিনিয়ে খালখলনি ঘটিব ।

 

✍️চন্দ্ৰ শেখৰ পৰাজুলী

বীৰ লাচিত বৰফুকন:ৰাজ ৰাহুল

 বীৰ লাচিত বৰফুকন

                             ৰাজ ৰাহুল 

বীৰ লাচিত বৰফুকন,

দেশপ্ৰেমিক তুমি--!

অদম্য সাহস--স্পষ্টবাদিতা 

আৰু অতুলনীয় কৰ্ম-প্ৰেৰণাৰে

মহীয়ান হৈ

স্বদেশ ৰক্ষাৰ অঙ্গীকাৰেৰে

জপিয়াই পৰিছিলা ৰণাংগনত।

তোমাৰ উদাত্ত চিত্তই

সৈনিক প্ৰাণত সঞ্চাৰ কৰিছিল

যুদ্ধ জয়ৰ প্ৰৱনতা ।

স্বদেশ প্ৰেমৰ প্ৰৱল জিজ্ঞাসাই

তোমাক সজাইছিল ৰণুৱা ঘোঁৰা--

যাৰ নাছিল জিৰণি,

আনকি ৰুগীয়া দেহতো !

তোমাৰ বাবে দেশতকৈ

কোনো নাছিল আপোন,

'মোমাই কটা গড়' তাৰেই নিদৰ্শন।

হে অমৰ পুত্ৰ জননীৰ,

তোমাৰ দক্ষতা আৰু পৰাক্ৰমেই উৰুৱাইছিল

শৰাইঘাটৰ যুদ্ধত

দেশৰ বিজয় পতাকা।

শতৰু ঘূৰি গৈছিল স্বদেশলৈ--

তোমাৰ ৰণ-কৌশলক অকপটে স্বীকাৰ কৰি।

শ্ৰদ্ধাৰে সুঁৱৰিলোঁ আজি তোমাক

বীৰ পুত্ৰৰ জন্মদিন বুলি--!

লোৱাচোন পুনৰ আমাৰ শ্ৰদ্ধাঞ্জলি।

   

          --------------

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

সহযাত্ৰী তৃতীয় খণ্ড ঋতুপর্ণা ইংতিপি

 সহযাত্ৰী  (তৃতীয় খণ্ড)  ✍️ ঋতুপর্ণা ইংতিপি/মৰিগাঁও      গা-পা ধুই আজৰি হোৱা মানে তিনি বাজিলে।তাইৰ ভাগৰো  বহুত লাগিছে। গোটেই দেহটো অৱশ হৈ প...