Friday, September 30, 2022

যাক মই ভাল পাওঁ:ৰাহুল চেতিয়া

 যাক মই ভাল পাওঁ

যাক মই ভাল পাওঁ

তেওঁৰ বাবেই

সাঁচি ৰাখিছোঁ মোৰ হৃদয়ৰ কোঠালিত

এপাহ গোলাপ ফুল....

যাৰ মুখৰ মিচিকিয়া হাঁহিৰ বাবেই

ব্যাকুল হৃদয় মোৰ

উন্মেষ হয় মনত

হাজাৰ অলেখ ভাৱনা বোৰ।

তোমাৰ উকা কপাল সেউতাত

আঁকিব বিচাৰোঁ

মোৰ সঁচা মৰমৰ সেন্দুৰ।


✍️ৰাহুল চেতীয়া

আকুলতা:ৰাহুল চেতিয়া

আকুলতা:ৰাহুল চেতিয়া

ভিজা চুলিটাৰি ৰ'দত মেলি
খিলখিলাই হাঁহিছা কিয়
নাজানা নেকি
ৰ'দৰ তাপ বৰ প্ৰখৰ
ম্লান হব পাৰে
তোমাৰ সৌন্দৰ্য্যতা
আঁকিব বিচাৰো মই
তোমাৰ ওঁঠত
লাস্যময়তাৰ এক অনামী চুমা।।

✍️ৰাহুল চেতীয়া
নিলখপুৰ, ধেমাজি
Photos:পিংকু মণি চেতিয়া

জাতীয় স্বাভিমান:ৰাহুল চেতিয়া

জাতীয় স্বাভিমান:

হে'ৰ বিদেশৰ অচিন মানৱ
কি চিনি পাবি তই 
স্বদেশ প্রেমৰ গৌৰৱ।
যত মহান ব্যক্তি 
ইয়াতেই ওপজি গল
এৰি গল জনমৰ ফল,
তই আহি ভুগিবি
যেনে কৰ্ম তেনে ফল।
তই জ্বলোৱা যি জুয়ে
পুৰিছে হৃদয় সদায়
সেই জুই জ্বলি 
খাণ্ডৱ-দাহ হৈ
নিঃশেষ কৰিব তোৰ
দানৱৰ ৰাজ্য।
হে'ৰ ৰাক্ষসৰ দল
গিলিলি বহুত স্বদেশৰ গৌৰৱ।
কোন উদ্ভামি পুৰুষে
কাল অমানিশা আনিছিল
মাতৃৰ গৰ্ভলে!
সেয়েহে তই জন্মিলি
 ৰাক্ষস হৈ এই ধৰালে।
সোণৰ দেশ
কৰিলি তই
শ্মশান ঘাটৰলৈ পৰিণত?
ভাঙি শেষ কৰিলি
শত জনৰ উৰুখা পঁজা!
উদং কৰিলি
হাজাৰ মাতৃৰ বুকু!
গিলিলি হত জনৰ সপোন
নিঃশেষ কৰিলি অযুত আশা!
আৰু কি বাকী থাকিল
শেষ হবলৈ
স্বদেশৰ গুণ-গান?

ৰাহুল চেতিয়া
নিলখপুৰ, ধেমাজি

প্ৰাপ্তি:ৰাহুল চেতিয়া

প্ৰাপ্তি:ৰাহুল চেতিয়া
 প্ৰাপ্তি অপ্ৰাপ্তিৰ মধ্যস্থতাত
যিদিনা তোমাক
স্বপ্নৰ স্বর্ণ মণি-মুকুতা
পিন্ধাব পাৰিম আৰু
সেই দিনাৰ
পৰাই তুমি
উপলব্ধি কৰিবা
আৰু
শিকিবলৈও
আৰম্ভ কৰিবা
প্ৰাপ্তি-অপ্ৰাপ্তিৰ মাজেৰে
জীৱনটো পাৰ হৈ
স্বপ্ন বোৰ স্বপ্ন হৈয়ে 
ৰব যেতিয়া
তেতিয়া..…...…...
ক'ত দেখিবা 
প্ৰাপ্তি কি
বা কেনেকৈ পোৱা যায়।।

ৰাহুল চেতিয়া
নিলখপুৰ, চিলাপথাৰ,ধেমাজি

Thursday, September 29, 2022

স্তৱক:সমূজ্বল ডেকা

স্তৱক:সমূজ্বল ডেকা
"স্মৃতি হৈ ৰোৱা 
প্ৰতিটো ক্ষণত
ভালপোৱাৰ মালা
গাঠি সজালা প্ৰেমৰ দলিচা..."

     🖋️সমুজ্জ্বল ডেকা, ৰঙিয়া

Wednesday, September 28, 2022

মোৰ গাঁও-মিন্টু গোৱলা

মোৰ গাওঁ-মিন্টু গোৱালা

সোণত সুৱগা মোৰ             এই গাওঁ খনি
                    কত লʼৰালি কতালো
এই মোৰ কদমজোপি        কত ধেমালিৰে পাৰ

                   কৰিলোঁ মোৰ শৈশৱ
কত বন্ধুৰ সৈতে               কত ধেমালি কৰিলোঁ।
                      কত বন্ধুক কৰিলে
মানুহ মোৰ এই গাওঁখনিয়ে      কত জীৱন-যৌৱনক
                      দেখুৱালে সোণোৱালী বাট ।
মোকো দেখুৱালে সোণোৱালী       বাট জীৱন পথত ।
                     ময়ো এদিন এই গাওঁতে পাৰ
   কৰিলোঁ লʼৰালি                    ভৰি দিলোঁ যৌৱনত
                  প্ৰেমাহীত যৌৱনত মগ্ন হয়
পাৰ কৰিলোঁ কত প্ৰেমৰ    লীলা এই মোৰ গাওঁখনিত
                       কত প্ৰেয়সী  হ'ল ভুল ।
কত বন্ধু বিলিন হল            সুন্দৰী নৈৰ পাৰত
               মিলি গল সুন্দৰীৰ বালিত ।
শুৱনি মোৰ গাওঁ খনি             কত সুখ-দুখেৰে ভৰা
                    পাৰ কৰিলোঁ কত জীৱন-যৌৱন ।
অনন্ত কালৰ সজাত       পৰি সোঁৱৰিছো কদমজোপিক
                     স্মৃতিৰ পৰশ ঢালি মনৰ মাজত।
কত জীৱন দিলা         কত যৌৱন গঢ়ালা সোণৰ চৰাৰে
                 সেই মোৰ শুৱনি কদম জোপি ।
আহিব এদিন কোনোবাই      তোমাৰ কোলাত আদৰি
                  লবা তুমি তোমাৰ কোলাত ।
তুমিও দিবা তেওঁক মোৰ     দৰে জীৱন জীয়াৰ বাট
                   সোণেৰে জিলিকাই তুলিবা
তেওঁৰ জীৱন-যৌৱন        তেওঁৰ প্ৰতিটো পুৱাত
                  মইতো নাথাকোঁ এই গাওঁত ।
বিলিন হ'ম এদিন সুন্দৰী    নৈৰ পাৰত মিলি যাম বালিত
                  উৰে জীৱন লৈ মুক্তি হ'ম ।
তুমি থাকিবা সদায়       নতুনক আদৰি উৰে
         ‌‌         জীৱন লৈ কদম জোপিত ।

            ‌ ‌                   শ্ৰী মিন্টু গোৱলা লখিমপুৰ কদম

সূৰ্যৰ মানৱ- মিন্টু গোৱলা

সূৰ্যৰ মানৱ- মিন্টু গোৱলা
 হে সূৰ্যৰ সৃজনীশীল
শক্তিৰ সঞ্চয় 
কিৰণময়ী সৃষ্টিৰ 
অধিকাৰ তুমি !

বৰুণ ,পৱণৰ সামঞ্জস্যত
সৃষ্টিকৰ্তাৰ এই সেউজ 
ধৰাত অসংখ্য
জীৱই কৰিছে 
মুক্ত বিচৰণ


বৰুণ,পৱণ নিস্তব্ধ হ'লে 
জীৱ ও হ'ব নিস্তব্ধ
 চিৰদিনলৈ ।

মিন্টু গোৱলা
লখিমপুৰ কদম

Tuesday, September 27, 2022

স্তৱক - ৰাহুল চেতিয়া

 স্তৱক - ৰাহুল চেতিয়া


(১)


কবিতাৰ প্রেমিক মই


কবিতাৰ আলসুৱা মৰম বিচাৰি


শব্দৰ কাব্য কাননত 


অনবৰতে ঘূৰি ফুৰোঁ


হিয়াখনিত


নিজৰ প্ৰেয়সী কবিতাক বিচাৰি।


(2)


কবিতা এটি লিখিবলৈ লৈছোঁ


শব্দ বোৰ দেখোন


বাগৰি গৈ


অনুভৱী হিয়াখনত


ভুমুকি মাৰি


অংকিত কৰিছে


মোৰ প্রিয় কবিতা প্ৰেয়সীক ।


✍️ৰাহুল চেতিয়া


নিলখপুৰ চিলাপথাৰ ধেমাজি


নীলা ডাৱৰবোৰৰ তলত আজি অকলে মই

নীলা ডাৱৰবোৰৰ তলত আজি অকলে মই 
দূৰ আকাশৰ শুকুলা ডাৱৰ বোৰে 
বৰকৈ মনত আমনি কৰে। 
বাৰে বাৰে আৱৰি ধৰে শুকুলা ডাৱৰ বোৰে, 
ডাৱৰবোৰে মোৰ কাণত কিবা কথা কয়  যায়, 
যেতিয়া অকলশৰীয়া হৈ নীলা ডাৱৰৰ 
তলত বহো । 
ডাৱৰবোৰে মোক বৰকৈ আপোন জনৰ কথা কৈ
মই নিস্তব্ধ হৈ মনে মনে চাই থাকো শুকুলা ডাৱৰক।
 আজি অকলশৰীয়া হৈ নিজান কোণত 
নিঃশব্দে চকুলো টুকু আপোন জনৰ স্মৃতিৰ ভাৱনাত ।
নীলা ডাৱৰবোৰৰ তলত আজি মই সচাঁকৈ অকলশৰীয়া হৈ আছোঁ ।
আজিও বাট চাই আছোঁহি আপোন জনক নীলা শুকুলা ডাৱৰৰ তলত বহি  ।।

         মিন্টু গোৱলা লখিমপুৰ (কদম)

Monday, September 26, 2022

টোপনি নহাই হ'লচোন-মিন্টু গোৱলা

টোপনি নহাই হ'লচোন-মিন্টু গোৱালা
আজিকালি মোৰ চকুত
টোপনি নহাই হ'ল,
কি জানো হ'ল?
মই গমেই নাপাওঁ
টোপনি যাওঁ বুলি চকুযোৰি 
মুদিলেচোন অকল তোমাক দেখা পাওঁ,
তোমাৰ ছবিখনে বৰকৈ আমনি কৰে অʼ।
মোৰ একেবাৰে টোপনি নহাই হ'লচোন 
তোমাৰ বাবে , কাৰণ তুমি দূৰত থকাৰ
 বাবেই টোপনি নাইকিয়া হৈ গৈছে অʼ।
টোপনি নহাই মানে মনটো তোমাৰ 
কাষত উৰি যায় অʼ।
তোমাৰ ধুনীয়া মুখনি বৰকৈ
 চাবলৈ মন যায় অʼ,দেখু সপোনত
কিন্তু দিঠকত নেদেখু অʼ।
তোমাক এবাৰ ওচৰ পৰা চাবলৈ মন যায় অ ʼ।
তুমি ভুল নুবুজিবা মোৰ টোপনি নহাটো।
মোৰ চকুত ছায়াময়া হৈ তুমি ভাঁহি থাকা কাৰণে মোৰ টোপনি নাহে অʼ।
টোপনি নহাটোয়ে মোৰ বৰ কষ্ট অʼ।

             মিন্টু গোৱলা লখিমপুৰ, কদম

মিলন-মিন্টু গোৱলা

মিলন-মিন্টু গোৱালা




চিকি মিকি সন্ধ্যাৰ  পৰত প্ৰভুৰ লগত 

মিলন হয় কল্পকান্নত ।

পুষ্প সজিত ৰথে আহে মোৰ আৰধ্য প্ৰভু ,

চোতালৰ তুলসীৰ কান্নত প্ৰভুৰ লগত

 মিলন হয় সন্ধ্যাৰ লগনত ।

সাৰহীন নিচুক জগত নিস্তব্ধ ৰাতি 

দেখু মোৰ আৰধ্য প্ৰভুক।

বন্তিৰ পোহৰত মোৰ লগত কথা 

পাতে আৰধ্য প্ৰভুয়ে।

অন্তয্যামী প্ৰভু মোৰ আহে সপোনৰ তিৰত কয় কথা সৰ্বজ্ঞানী আৰধ্য প্ৰভু ।

নিচুক নিৰল জগত  আৰধ্য প্ৰভু লগত

 মোৰ মিলন তুলসীৰ কান্নত ।

সপোনৰ তিৰত নিতৌ আহে মোৰ আৰধ্য ,

নিতৌ কথা হয় তুলসীৰ কান্নত।।

     

           মিন্টু গোৱলা, লখিমপুৰ

সপোনৰ বালিঘৰ -মিন্টু গোৱলা

সপোনৰ বালিঘৰ -মিন্টু গোৱলা

তুমি আহিবা বুলি সাজিলো
 বুকুত সপোনৰ বালিঘৰ , 
দুয়ো থাকিম সুখত ।
ক'ত সপোন ৰচিলো 
বালি ঘৰ সাজোতে 
ক'ত মৰম সাঁচিলো 
তোমালৈ বুলি।
আজিচোন ক'ত সেই 
বালি ঘৰ বালি হৈ ৰৈ গʼল।
সাঁচি ৰখা মৰমবোৰ মৰম
 হৈ বুকুত কৰাল হৈ ৰʼল।
বালি বোৰ উৰুৱাই লৈ যায় বতাহে ,
সপোনবোৰো সপোন হৈ বুকুত মৰঁহি যায় ।
তুমি নাহিল বুলিয়ে বালি ঘৰ ভাগিল ,
সপোন ও ভাগিল মৰম ও মৰহিল
 নিঃসংগকতাই মোৰ লগৰী
 সেই ভাগি যোৱা বালি ঘৰটোত।
 
            মিন্টু গোৱলা, লখিমপুৰ, কদম

স্তৱক-সমূজ্জ্বল ডেকা

স্তৱক
"নিশাৰ জোনটিয়ে মৌনতাৰে বিলাই
 পোহৰৰ অনুভূতি;
সেই অনুভূতিৰে তৰায়ে লিখে সপোনৰ কবিতা। সপোনৰ কবিতা পঢ়ি আকাশে দিলে পুৱাৰ বাতৰি।"

          ✍️ সমূজ্জ্বল ডেকা, ৰঙিয়া

শৰতৰ আগমন - আৰবিনা বেগম

শৰতৰ আগমন- - আৰবিনা বেগম

                          আকৌ আগমন                             ঘটিছে শৰতৰ
                           আকৌ ফুলিবলৈ আৰম্ভ কৰিছে
                শেৱালী ফুল।
                          নৈৰ কাষে কাষে নাচিবলৈ
                          সাজো হৈ আছে শাৰী শাৰী
                            কৈ কহুৱা ।
                           এটি মধুৰ পৰিবেশৰ আগমন
                           শৰতৰ আগমনতেই ।
                           শৰতৰ আগমনে যেন লৈ
                         আহিছে এটি নতুন অনুভৱ ।।
                            আকৌ চুই যাব শৰতৰ
                             কোমল বতাহজাকে ।।
                       আকৌ আগমন ঘটিছে শৰতৰ৷
                                                 - আৰবিনা বেগম

আহিন অহাৰ বাটত-এছ ইছলাম

আহিন অহাৰ বাটত-এছ, ইছলাম

বৰ্ষাৰ অন্তত
আহিন অহাৰ বাটত
আলি পদুলিবোৰ
ঘাঁহনিৰে আৱৰা হ'ব
বোকাপানী আঁতৰি যাব
কৃষকে খেতিৰ বাবে
মাটি ডৰা ভালকৈ চহাব।

পথাৰখন ঠন ধৰি উঠিব
গছে গছে নতুন নতুন
কুঁহিপাত মেলিব
আহিন অহাৰ বাটত
সুগন্ধি ফুল বোৰ ফুলিব
পখিলাই উৰি উৰি ফুলে ফুলে পৰিব
ফুলৰ মৌ পান কৰিব।

আহিন অহাৰ বাটত
গাঁৱলীয়া জন সমাজত
ডেকা-গাভৰুৰ মন উতলা হ'ব
কঁহুৱা ফুল নদীৰ পাৰত
হালি-জালি নাচিব বলিয়া বতাহত
পদুম ফুল ফুলিব বিলত
উতলা যৌৱনে আমনি দিব।

এছ, ইছলাম, বৰপেটা

Sunday, September 25, 2022

স্তৱক-ৰাহুল চেতিয়া

 স্তৱক:

জীৱন বৰ বিচিত্রময়
নিঃস্বাৰ্থ হৃদয়...
নিৰাশ কৰ্ম...
আশাহত সপোনবোৰ..
প্ৰাপ্তি অপ্ৰাপ্তিৰ প্ৰতিযোগিতা..
স্বপ্নয় বিশৃংখল!
কল্পনাত্মক ধাৰণা!
অপ্ৰতিৰুদ্ধ মৃত্যুৰ যন্ত্ৰণা।


ৰাহুল চেতিয়া,

মুখ্য সম্পাদক

জোনাকী সাপ্তাহিক আলোচনী

জীৱন: ই এক অনুভৱ-ৰাহুল চেতিয়া

জীৱন: ই এক অনুভৱ-ৰাহুল চেতিয়া

জীৱন জীৱন বৰ অনুপম,
প্ৰাপ্তি আৰু অপ্ৰাপ্তিৰ মাজেৰে 
পাৰ হৈ গৈ আছে এই জীৱনটো...
জীৱন এক শব্দ!
হৃদয় ভৰা আবেগ!
ইয়াৰ ঢৌঁত আছে অলেখ লহৰ
জীৱনত স্বপ্ন স্বপ্ন হৈয়ে ৰয়
জীৱন এক প্ৰেম ভৰা ক্ষন্তেক
যাৰ স্পন্দনত আছে অলেখ আবেগ,
আবেগৰ চকুলোত 
নি:শেষঃ হৈ যায় 
শত জনৰ অলেখ সপোন....
জীৱনটো যেন এক অবুজ সাঁথৰ
জীৱন জীৱন যেন বৰ অনুপম...
জীৱনটো যেন এক মতলীয়া বতাহ
যান্ত্ৰিকতাৰ বাবে সলনি হৈ গতিশীলতা!
জীৱনটো যেন এক জিৰণি ঠাই
শেষ হয় আইৰ কোলাত।।।।

অনিৰুদ্ধ সময়-আসাদ মদনী

অনিৰুদ্ধ সময়-আসাদ মদনী

মৃত্যুৰ ওচৰত প্ৰতিটো জীৱ অসহায়,
মৃত্যু যেতিয়া ওচৰত আহি কয়....
আমাৰ বক্ষস্থলত আহ
ধৰোঁ তোক সাৱটি।
নতুন স্বপ্নক বপন কৰিছে
পৰাস্ত জানিও জীৱনত কৰিছে
অগণিত যুঁজ,
গঢ়ি আছে সপোনৰ বসুন্ধৰা।
মাহৰ পিছত মাহ,
বছৰৰ পিছত বছৰ
তথাপি জীৱজগত সময়ক বিচাৰি হাইৰান।
কোনোবাই জানা নেকি?
উত্তৰ দিয়া মোক...
কোনোবাই যদি চলাই অট’ৰিক্সা
কোনোবাই আকৌ জাহাজ।
কোনোবাই যদি দিয়ে ভোকাতুৰক আহাৰ
কোনোবাই নিয়ে আকৌ নিয়ে প্ৰাণ।
কোনোবাই ৰজা হৈ ৰাজ্য শাসন কৰে
তথাপি অন্নহীন প্ৰজাই  ভোকত মৰে।
বসুধা অনৱদ্য প্ৰেমৰসৰ বান্ধোন ছেদিত কৰি
আমাৰ বক্ষস্থলত আহ
ধৰোঁ তোক সাৱটি।
কত স্বপ্ন আধৰুৱা হৈ থাকি যায়,
সময়ৰ অভাৱত হাহাকাৰ কৰি।

বসুধা অনৱদ্য প্ৰেমৰসৰ বান্ধন ছেদিত কৰি

তথাপি জীৱই ক্ষণিক জীৱনত

সপ্তাহৰ পিছত সপ্তাহ আহে

জীৱনটো ইমান ক্ষন্তেকীয়া কিয়

নতুন সপোনেৰে

মৃত্যু যেতিয়া ওচৰত আহি কয়....


আসাদ মদনী
নাগাবন্ধা (নগাঁও)
৬০০৩২১৪১৩১

সম্পাদকীয়

 সম্পাদকীয়:

প্ৰথম বছৰৰ প্ৰথম মাহৰ দ্বিতীয় সংখ্যা:

হৰিনাম ৰসে বৈকুণ্ঠ প্ৰকাশে

প্ৰেম অমৃত ৰ নদী৷

শ্ৰীমন্ত শঙ্কৰে পাৰ ভাঙি দিলা

বহে ব্ৰহ্মাণ্ডক ভেদি৷৷

শ্ৰীমন্ত শংকৰদেৱ (জন্ম:১৪৪৯ - মৃত্যু:১৫৬৮) একেধাৰে এগৰাকী ধৰ্ম প্ৰচাৰক, সমাজ সংগঠক, সুগায়ক, নৰ্তক, অভিনেতা, কবি, চিত্ৰকৰ আছিল। শংকৰদেৱ অসমীয়া জাতি-সাহিত্য-সংস্কৃতি নিৰ্মাতা। তেওঁ সাংস্কৃতিক প্ৰমূল্যৰে নৱবৈষ্ণৱ ধৰ্ম অথবা একশৰণ ধৰ্ম প্ৰচাৰ কৰি অসমীয়া সমাজ-জীৱনক একত্ৰিত আৰু সংহতিত কৰিছিল। অসমীয়া তথা ভাৰতীয় সাংস্কৃতিক জীৱনলৈ তেওঁ যি বিস্ময়কৰ অৱদান আগবঢ়াই গ'ল তাৰ বাবে তেওঁক মহাপুৰুষ আৰু অৱতাৰী পুৰুষ ৰূপে আখ্যা দিয়া হয়।

গুৰুজনাই যিদৰে ভক্তি ৰসৰ মাজেৰে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি শান্তি আৰু সম্প্ৰীতি অটুট ৰখা বাণী প্ৰচাৰ কৰিছিল আমিও গুৰুজনাৰ আদৰ্শ শিৰত লৈ কলমৰ মাধ্যমেৰে জাতি বৰ্ণ নিৰ্বিশেষে সমাজত শান্তি ৰ লক্ষেৰে লিখনি আগবঢ়াই লৈ যাব লাগিব। গুৰু জনাই নৱবৈষ্ণৱ ধৰ্মৰ জৰিয়তে অসমৰ চুকে কোনে সকলো লোককে একতাৰ ডুলেৰে বান্ধি ৰাখিছিল।বহু দেৱতাক উপাসনা কৰাৰ পৰিবৰ্তে এক ঈশ্বৰক প্ৰতিষ্ঠা কৰি এক ধৰ্ম আচৰণৰ পথ দেখুৱাই দিয়াত সফল হৈছিল, যিটো আমাৰ বৰ্তমান সমাজত শেষ হৈ যাব ধৰিছে।জাতি অজাতি লৈ কাজিয়া উচ্চ নিচ্ এইবোৰ ভেদ ভাৱ বৰ্তমান বহু গুণে বৃদ্ধি পাব লৈছে। যি শঙ্কৰে এক সমান অসমীয়া জাতি গঢ়িব খুজিছিল সেয়া এতিয়া ধ্বংস গৰাহত। এই সময়ত আমি যদি নিজকে সকলো ক্ষেত্ৰত সলনি কৰি তুলিব নোৱাৰো তেন্তে সেই ক্ষণ বেছি দুৰ নহয় যত আমি জীৱ শ্ৰেষ্ঠ মানু্হ হিচাপে নিজক চিনি পাব টান হব।

মায়াময়, জোনাকময়, স্নিগ্ধময় শৰত৷ বতাহত শেৱালিৰ আমোলমোল সুবাস আৰু সুবিশাল আকাশৰ শুভ্রতাই শৰত ঋতুৰ অপৰূপ প্রাকৃতিক পৰিৱেশক আৰু অধিক আকর্ষণীয় কৰি তোলে৷ প্রকৃতিৰ চাৰিওদিশৰ সেউজীয়াবোৰ ক্রমশঃ স্বচছ হৈ পৰে৷ পুৱাৰ সূৰুযে কুঁৱলীৰ আৱৰণ ফালি পৃথিৱীত পোহৰ বিলায়, গছ-দূবৰি বনত অশ্রু যেন নিয়ৰৰ কণিকা, আকাশত চন্দ্র আৰু তৰাৰ উজ্জ্বলতা– এই অপৰূপ শোভাত মনোমুগ্ধকৰ পৰিৱেশ সৃষ্টি হয়৷ নিশাৰ পশ্চিম দিশলৈ গতি কৰি থকা জোনটোলৈ একেৰাহে চাই ৰওঁ অযুত ভাবনাত৷ শৰৎ ঋতুত চন্দ্রৰ সমৃদ্ধি হয় আৰু চন্দ্রৰ জ্যোতিৰে পৃথিৱীত থকা তৃণ-গুল্মাদিও সমৃদ্ধি হয়৷

শৰতে কঢ়িয়াই অনা দুগোর্ৎসৱত সকলোৰে শান্তিৰ হওক, মধুৰ হওক এয়ে কামনা কৰিছোঁ৷ সকলোৰে অন্তৰৰ ঘৃণা, হিংসা আঁতৰাই যেন স্থাপন কৰে মৰম আৰু ভাতৃত্ববোধ৷ সেউজীয়াৰ  হৈ পৰক সকলোৰে মন৷

''জোনাকী" ৰ সকলো পাঠক সমাজ, লেখকসকল, শুভাকাংক্ষীলৈ শাৰদীয় শুভ কামনা জ্ঞাপন কৰা লগতে পুনৰ আপোনালোকৰ পৰা মৰম আৰু আশীৰ্বাদ বিচাৰিছোঁ আৰু সদায় আপোনালোকে আলোচনী খনৰ বাবে দিহা পৰামৰ্শ আৰু সহায় সহযোগ আগবঢ়াব বুলি আশা ৰাখিলো।

আকৌ লগ পাম এটি নতুন উদ্দমেৰে এক নৱ সৃষ্টিৰ পাতনি সৈতে।


ৰাহুল চেতিয়া

মুখ্য সম্পাদক

জোনাকী সাপ্তাহিক ই আলোচনী


শৰতৰ আগমন-শ্ৰী পৰাগ জ্যোতি দাস

 শৰতৰ আগমন-শ্ৰী পৰাগ জ্যোতি দাস

আকৌ আহিল অভিনৱ ৰূপত 
আশা- আকাংক্ষাৰ শৰত। 
শৰতৰ আগমন এতিয়া 
অভিনৱ ৰূপত ।
শৰতৰ আগমনত আকৌ এই সুন্দৰ পৃথিৱী 
নতুনকৈ সেউজ হৈ উঠিছে উপচি ।
শৰতৰ শেৱালিৰ স্নিগ্ধ সুবাসে 
শৰতৰ আগমন কৰি তুলিছে জীপাল ।
শৰতৰ আগমনত আজি অভিনৱ সাজেৰে 
কুঁহি মেলিছে শৰত ।
শৰতৰ আগমনত মোৰ মনে 
পোহৰৰ পথত পুনৰ পাতনি মেলিছে ।
অভিনৱ সাজেৰে,অভিনৱ ৰূপেৰে 
বহু আশা-আকাংক্ষাৰে ৰেঙনিৰে 
শৰতে কৰিছে আগমন।

         -×-×-×-×-×

         শ্ৰী পৰাগ জ্যোতি দাস 
              একাদশ শ্ৰেণী 
     কাইজেন একাডেমী,ঢকুৱাখনা 
                লখিমপুৰ

লুইত পাৰৰ বীৰাংগনা শ্বহীদ কনকলতা-দীপিকা দাস

লুইত পাৰৰ বীৰাংগনা শ্বহীদ কনকলতা-দীপিকা দাস


চেনেহৰ জীয়ৰী আই অসমীৰ
কত সাধনাৰে গঢ়িলা জীৱন 
ধৰণী কঁপালা কুমাৰী কালতে
স্বদেশ -স্বজাতিৰ ৰাখি গ'লা মান।
ফুল-কুমলীয়া জীৱন উছৰ্গিলা স্বদেশৰ মংগল, স্বাধীনতাৰ বাবে
মহান কৰ্ত্তব্য ত্যাগৰ মহিমা
ল'ৰালিতে বাৰু কোনে শিকালে?
  মহীয়ান  তুমি আই সৰগীয় আত্মা
মৰিও অনন্ত ধামত  বিৰাজিতা।
হে পূণ্যৱতী আই কনকলতা
আদৰ্শৰ চানেকি জগতলৈ এৰি
সুগন্ধি বিলালা স্বদেশ জুৰি ।
ব্ৰিটিছ  শাসনৰ শৃঙ্খল চিঙিবলৈ
বুকুত জ্বলাই  দপ্ দপ্  অগনি
মৃত্যুবাহিনীত ল'লা প্ৰথম শাৰী । হাতত  ত্ৰিৰংগ পতাকা লৈ হ'লা উন্মত ৰণাংগিণী
বুকুপাতি ল'লা সাম্ৰাজ্যবাদী শাসকৰ পুলিচৰ গুলী।
লুইতৰ পাৰতে  পাতি তেজৰ  দীপাৱলী
'কৰিম নহলে মৰিম' ধ্বনিৰে
চিৰনিদ্ৰিত কৰিলা কুমলীয়া তনুটি।
ত্যাগৰ স্বাক্ষৰ ৰাখি যেন শেষ  হোৱা  ধূপকাঠি
সুৱাস বৈছে আজিও ত্যাগৰ কণিকা সিঁচি ।
উচৰ্গিলা অমূল্য জীৱন মাতৃৰ পূজাৰ বেদীত
উজ্বলিছো আজিও আমি তোমাৰ জ্যোতিৰ জেউতিত।
আজিৰ এই শুভ ক্ষণত জনাওঁ তোমাক  শত প্ৰণাম
সততাৰে উদ্ভাসিত হওঁক
  ক্ষণস্থায়ী আমাৰ  মানবী জনম।

দীপিকা দাস
গোলোকগঞ্জ,ধুবুৰী

চিকিমৰ মোহনীয়া

চিকিমৰ মোহনীয়া
                     পদুম লইং
                  ডিব্ৰুগড় বিশ্ববিদ্যালয়       
প্ৰকৃতিৰ বিনন্দীয়া
ছিকিমৰ মোহনীয়া
তিস্তা নদীয়ে
কৰে আমনি
   পাৰে পাৰে সাজে ভাঙে
তিস্তাৰ ক'ত ইতিহাস
     একা- বেকা পথেৰে
পাহাৰৰ মাজে মাজে
     ‌‌‌‌  গঢ়ি তুলিছে
শিল্পী সত্তাই 
এখন মানৱৰ অমৰাপুৰী
তিস্তা তোৰ 
    খৰস্ৰোতা বক্ষৰ গতিক 
অনুসৰণ কৰি।


মই বিহীন-ৰাহুল চেতিয়া

 মই বিহীন-ৰাহুল চেতিয়া
মই যেতিয়া এই সংসাৰ
এৰি গুচি যাম
হয়তো কোনেও 
মোৰ অনুপস্থিত অনুভৱ নকৰিব,
আহিছে মানুহ গৈছে মানুহ 
কোনে  হিচাব ৰাখিব ।
মই নাথাকিলেই 
কোনো ক্ষতি নহব
জীৱন যাত্ৰাৰ গতিপথ
শিথিল হৈ নপৰিব।

মই নাথাকিলেও দিন ৰাতি হ’ব 
জোন বেলি তৰা ওলাই থাকিব, 
বৃষ্টি হব, গছে পাত সলাব,
ঋতু, বছৰ সলনি হব
ঠঙাল গছবোৰত
কুমলীয়া পাত ধৰিব,
গছত বহি চৰাইয়ে গীত জুৰিব
আৰু ক'ত কি যে হব!
আহিছিলোঁ নিবস্ত হৈ
যামগৈ নিবস্ত হৈ
থাকি যাব মাথোঁ কিছু কৰ্ম-কীৰ্তি...
হয়তো কোনোৱে ভাল বুলিব
কোনোৱে বদনাম কৰিব
শত্ৰু বোৰে মৃত্যুত জয়গান গাব
এই বোৰ শুনিবলৈ মোৰ সময় নাথাকিব।

ৰাহুল চেতিয়া,ধেমাজি

Saturday, September 24, 2022

লেখা আহ্বান

*¶লেখা আহ্বান¶*

অসমীয়া সাপ্তাহিক ৱেব আলোচনী

 *জোনাকী* ত প্ৰকাশৰ বাবে লেখা বিচৰা

 হৈছে । 

প্ৰবন্ধ,কবিতা,অনু গল্প,চুটি গল্প, এক মিনিটৰ

 গল্প,অনুভৱৰ

 টোপোলা,উপন্যাস,ইত্যাদি সকলো শিতানৰ

 লেখাই গ্ৰহণ কৰা হ'ব ।

 এবাৰত এটাহে লেখা গ্ৰহণ কৰা হ'ব । 

যেতিয়ালৈকে আগৰ লেখাতো প্ৰকাশ নাপাই

 তেতিয়ালৈকে অন্য লেখা

 দিব নোৱাৰিব ।


বিনীত


ৰাহুল চেতিয়া


মুখ্য সম্পাদক


জোনাকী সাপ্তাহিক ই-আলোচনী

Friday, September 23, 2022

প্ৰভাতীৰ সুৰ-মিন্টু গোৱালা

প্ৰভাতীৰ সুৰ

সূৰ্য্যৰ উজ্জ্বল কিৰণত

ৰঞ্জিত বৰণে প্ৰসাৰিত কৰে 

প্ৰভাতীৰ কিৰণে

অহোৰাত্ৰি নেওচি ফুলে 

প্ৰভাতীৰ ফুল 

প্ৰভাতীৰ সুৰে সুৰে পক্ষীয়ে

গাই বিনন্দিয়া গীত

পক্ষীৰ বিনন্দিয়া গীতৰ সুৰত 

প্ৰভাতীৰ আগমন হয় 

সৃষ্টিৰ শিকলি ভাগিব নোৱাৰে 

কোনেও.......

নিয়তিৰ নিয়ম চলিব অমৰ দিনলৈ ।


  শ্ৰী মিন্টু গোৱলা ,লখিমপুৰ কদম

Thursday, September 22, 2022

ৰসৰাজৰ কবিতা-বিৰাজ বল্লভ নাথ

ৰসৰাজৰ কবিতা-বিৰাজ বল্লভ নাথ

 আচৰিত ভাষা,

         আচৰিত শব্দ,
                       আচৰিত অৰ্থ ।
তেওঁৰ কবিতাত
আচৰিত কিবা এটিৰ যেন প্ৰয়োভৰ ।
পদুম সূৰ্যৰ দুই চক্ষুৰ মিলনত
জাগ্ৰিত হোৱা প্ৰেমৰ কবিতা ।
বসন্তৰ বতৰত, কুলিৰ মাতত
বহাগীক জনোৱা আদৰণি কবিতা ।
ৰিপ্ ৰিপ্ মলয়াৰ বতাহত
বাজি উঠা পিয়লাৰ সুৰত এটি যেন নতুন কবিতাৰ সৃষ্টি ।
কানীয়া, সোৰোপা দুই অসমীয়াক
জগাই তোলা তেওঁৰেই সেই
দেশপ্ৰেমৰ কবিতা ।
বিজুলী তৰাৰ মাজে বাজি উঠা
               উষাৰ সংগীত ,
আৰু জোনাকী পৰুৱাৰ মাজে
               মণি মুকুতাৰ জিলিকণিত
তেওঁৰ এটি নতুন কবিতাৰ আৰম্ভণি 
সাহিত্য খুন্দি ৰস উলিওৱা
অষ্টাদশ ৰসৰ উন্মাদন ঘটোৱা
সেইয়াই যেন ৰসৰাজৰ কবিতা ৷


বিৰাজ বল্লভ নাথ

খগা, লখিমপুৰ


শৰৎ-মিন্টু গোৱালা

শৰৎ- মিন্টু গোৱলা

শৰৎৰ স্নিগ্ধ জোনাক 

ৰাতি দেখোঁ শাৰদীৰ

প্ৰতিচ্ছবি ।

শেৱালীৰ দলিচাত

নিয়ৰৰ ফটিক পানীত

দেখোঁ শাৰদীৰ প্ৰতিচ্ছবি।

শৰৎৰ ক্ষণ জ্যোতিৰ

বেলিটিয়ে দেহ , মন কৰে

আমোল- মোল

সুবাসী সুগন্ধি তুমি

শৰৎৰ শাৰদী ৰাণী তুমি ।

মিন্টু গোৱলা

লখিমপুৰ, কদম

সুখৰ চকুলো-পৰাগ জ্যোতি দাস

অণুগল্প:  " সুখৰ চকুলো 

ৰাজুৱে দিন-হাজিৰা কৰে । এইবাৰ ৰাজুৰ পুতেকে মেট্ৰিক পৰীক্ষা দিব । পৰীক্ষালৈ বেছিদিন নাই আৰু সেয়েহে পুতেকে ৰাজুক কৈছে-
দেউতা, পৰীক্ষা ওচৰ চাপিল । মোক ইংৰাজী সহায়িকা এখন প্ৰয়োজন হৈছে কেতিয়া আনি দিবা ?
ৰাজুৱে ক'লে;( চিন্তিত মনেৰে) 
   সোণ জানাইচোন  দিন-হাজিৰা কৰি পোৱা টকা কেইটাৰে চাউল-দালি আদিকে কিনিম নে সেই বৰুৱা দাদাৰ ধাৰ কেইটাকে মাৰিম । ধাৰ কেইটা নথকা হ'লে দিব পাৰিলোঁ হয় কিন্তু তেওঁ টকা কেইটা য'তে দেখে তাতে মানুহৰ আগত দিবলৈ কয় ।তেনেস্থলত ...
 ৰাজুৰ পুতেকে ক'লে, 
     হ'ব দেউতা তুমি চিন্তা কৰিব নালাগে ।মোৰ লগাখিনি কাৰোবাৰ পৰা খুজি লিখি লম । 
এনেকৈয়ে দিন বাগৰি গ'ল। ৰাজুৱে পৰীক্ষাও দিলে । আজি সেই পৰীক্ষাৰ ৰিজাল্ট দিছে । ৰাজুৱে দেউতাকক ক'লে,
  দেউতা মই ৫ টা বিষয়ত লেটাৰ নম্বৰ পাইছোঁ । 
পুত্ৰৰ কথাখিনি শুনাৰ পিছত ৰাজুৰ দুচুকুৰে বাগৰি পৰিল সুখৰ চকুলো ।

          -×-×-×-×-×-×-

পৰাগ জ্যোতি দাস 
একাদশ মান,ঢকুৱাখনা

আমি অসমীয়া-ৰাহুল চেতিয়া

 আমি অসমীয়া-ৰাহুল চেতিয়া

আমি অসমীয়া ! 

গৌৰবে কওঁ 

আমি অসমীয়া!

কাৰণ আমি নহয়

 কোঁচ-কলিতা,টাই-আহোম 

কিম্বা বড়ো-ডফলা?

আমি কৰি নাথাকো

বিভেদৰ গুনগাঁথা!

কিম্বা জাতিৰ সংজ্ঞা !


হে'ৰ অসমীয়া!

জাতি-মাটি-ভেটি যাবৰ হ’ল,

পিঠিত অবৈধ নাগৰিকৰ বোজা লৈ

মূৰত ঋণৰ বোজা থৈ

পেটত গামোছা বান্ধি, 

কিমান সহিবি আৰু 

ভোক, অপমান  প্ৰাপ্তি আৰু অপ্ৰাপ্তিৰ বেদনা  ? 

উৰুখা পজাৰ চালৰ ফুটাৰে সৰকি অহা, 

এহালিচা জোনাকেও

 পোহৰাই তোলে অন্ধকাৰ কোঠা!


আন্দোলন!

অতীজৰে পৰা চলি আহিছে

আৰু এতিয়াও চলি আছে,

পৰিৱৰ্তন জানো হল?

কত গল সেই জাতীয়তাবাদী নেতা?

সিও দেখোন আজি ৰজা হলগৈ!

শত সহস্ৰ জনৰ কেঁচা তেজৰ বলিদানেৰে...

আজিও একেই আছে, 

বিদেশীৰ আগমণ,

আন্দোলন আৰু বিধ্বংসৰ যাত্ৰা!

মুখে মুখে প্ৰচলিত হৈ আছে

তাহানিৰ সেই

অসম আন্দোলনৰ

 সেই নিদাৰুণ কথা ৷

কত হেৰাল সেই 

জাতীয় স্বাভিমানৰ গুণ গাঁথা!

ৰাহুল চেতিয়া, ধেমাজি

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ অসমীয়া সাহিত্য সংস্কৃতিৰ অৱদান

 মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰবিত্ৰ জন্মোৎসৱত সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ।




মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ অসমীয়া সাহিত্য সংস্কৃতিৰ  অৱদান --


" জয় গুৰু শংকৰ        সৰ্ব্বগুণাকৰ

           যাকেৰি নাহিকে উপাম,

তোহাৰি চৰণকু          বেণু শত কোটি

          বাৰেক কৰোঁহো প্ৰমাণ ।"


মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ বহুমুখী প্ৰতিভাৰ আকৰ স্বৰূপ ।মাধৱদেৱৰ ভাষাত মহাপুৰুষ শংকৰদেৱ আছিল - " সৰ্ব গুণাকৰ যাকেৰি নাহি উপমা ।' মহাপুৰুষ শংকৰদেৱে ধৰ্ম প্ৰচাৰ,শিক্ষা,চিত্ৰবিদ্যা, সমাজ সংস্কাৰ, সাহিত্য সৃষ্টি, সংগীত অভিনয় সকলো বিষয়তে অসমীয়া জাতি আৰু অসমীয়া ভাষা সাহিত্যক জীৱনী শক্তি প্ৰদান কৰি থৈ গৈছে ।

অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক মহাপুৰুষ শঙ্কৰদেৱৰ ১৩৭১ শক, ইংৰাজী ১৪৪৯ খ্ৰীষ্টাব্দত আহিন মাহৰ শুক্লা দশমী তিথিত নগাঁৱৰ বৰদোৱাৰ আলিপুখুৰীত জন্ম হৈছিল ৷ শৈশৱতে তেওঁ পিতৃ কুসুম্বৰ ভূঞা আৰু মাতৃ সত্যসন্ধা দেৱীক হেৰুওৱাত বুঢী মাক খেৰসূতী আইৰ আদৰ যত্নেৰে লালিত পালিত হৈ ধূলি ধেমালিৰ আনন্দ মধুৰ দিনবোৰ লগৰীয়া লগত অতিবাহিত কৰিছিল আনন্দ বিভোৰ হৈয়ে ।মহেন্দ্র কন্দলীৰ টোলত তেওঁ শিক্ষা গ্ৰহণ কৰিছিল ।তেওঁৰ ছাত্ৰ জীৱনৰ প্ৰতিভাৰ অৱিস্মৰণীয় স্বাক্ষৰ বহন কৰিছে এইফাকি মনোৰম অথচ ভাব গম্ভীৰ ভগৱৎস্তোত্ৰই -


কৰতল কমল কমলদল নয়ন।

ভৱদৱ দহন গহন বন শয়ন ।।

খৰতৰ বৰশত হতদশ বদন।

খৰচৰ নগধৰ ফনধৰ শয়ন ।।

নপৰ নপৰ পৰ সতৰত গময়।

সভয় মভয় মম হৰশত তয়।।

জগ দঘ মপ হৰ ভৱ ভয় তৰণ ।

পৰ পদ লয় কৰ কমলজ নয়ন ।।


শিক্ষা সাং কৰাৰ পিছত কিছুদিন ভূঞা ৰাজ্যৰ    দায়িত্বও বহন কৰিবলগা হৈছিল। কিন্তু ধৰ্ম সংস্থাপনৰ বাবেই যাৰ অৱতাৰ, তেওঁৰ ৰাজকাৰ্য, ভোগ বিলাসে বন্দী কৰি ৰাখিব নোৱাৰে।সকলো জলাঞ্জলি দি তেওঁ একনিষ্ঠ ভাৱে শাস্ত্ৰ চৰ্চ্চা আৰু আধ্যাত্মিক সাধনাত নিমগ্ন হৈ পৰে।

১৪৭০ চনত তেওঁ সূৰ্যৱতীক বিয়া কৰাই সাংসাৰিক জীৱন আৰম্ভ কৰে।এটি কন্যা এৰি সূৰ্যৱতী ঢুকোৱাত শ্ৰীমন্ত শংকৰদেৱৰ মনত বৈৰাগ্য জন্মে।

তেওঁ দুবাৰকৈ তীৰ্থ ভ্ৰমণ কৰি নানা সাধু, সম্ত, মহম্তৰ  লগত ধৰ্মালোচনা কৰি তেওঁ প্ৰৱৰ্তিত শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰিছিল ।তেওঁ গৃহী আছিল ।দুবাৰকৈ বিবাহ বন্ধনত আবদ্ধ হৈছিল ।কিন্তু তেওঁ অনাসক্ত গৃহী আছিল ।তেওঁৰ ধৰ্মত গৃহী আৰু গৃহত্যাগীৰ সমান স্থান আছিল ।

১২ বছৰ কাল ভাৰতবর্ষৰ বিভিন্ন তীৰ্থস্থান ভ্ৰমণ কৰি অতিবাহিত কৰে।

✍️ৰাহুল চেতিয়া

আধা লেখা দস্তাবেজ-ৰাহুল চেতিয়া


আধা লেখা দস্তাবেজ-ৰাহুল চেতিয়া

Life is very unique. Life is passing through Achievements and unachievers. Don't know where this end?
জীৱন জীৱন বৰ অনুপম. পোৱা আৰু নোপোৱাৰ মাজেৰে পাৰ হৈ গৈ আছে জীৱনটো।জীৱনত সপোন বহুত দেখা যায়। সপোন সপোন হৈয়ে ৰয়। জীৱনত নোপোৱাৰ দুখতকৈ পাই হেৰুৱাৰ দোষ বৰ বিষাদময়। সেয়েহে চাগে আমি নোপোৱাৰ দুখ বোৰ আনৰ ওপৰত জাপি দি সুখ অনুভৱ কৰোঁ।জীৱনটো এখন বোৱতী নৈ দৰে। কুলু কুলু কৈ নিজৰা পানী পাহাৰৰ পৰা বৈ আহোঁতে যেনেকৈ শিলৰ সৈতে ঠেকা খাই আহি বিশাল সাগৰত পৰেহি তেনেকৈ আমাৰ জীৱনটো প্ৰাপ্তি-অপ্ৰাপ্তিৰ প্ৰতিযোগিতাৰ মাজেৰে পাৰহৈ আহি থাকে এক নতুনত্বৰ দিশে প্ৰতিদিনে। গতানুগতিক ভাবে গৈ থাকে জীৱনটো অন্য এক সপোনৰ সৃষ্টিৰ দিশে।জীৱনটো এখন বঠা হীন নাওৰ দৰে। যেতিয়া বিশাল সাগৰৰ ঢৌত বঠাহীন নাও খনি টুলুং ভুটুং কৈ উটি ভাঁহি থাকে, বঠাৰ অবিহনে নাও খনৰ কোনো গুৰুত্ব নাইকিয়া হয় সেই দৰে আমাৰ জীৱনটো সুখ-দুখ, হাঁহি-ধেমালি অবিহনে যেন জীৱনটো আধৰুৱা হৈ পৰে।
কোনোবাই কৈছিল- "keep smiling, because life is beautiful things and there's so much  to smile about."
আজি কালি আমি নিজকে জীৱ শ্ৰেষ্ঠ মানুহ বুলি পৰিচয় দি ভাল পাওঁ।সেয়েহে চাগে নিজৰ দুখ সমূহ আনৰ ওপৰত জাপি দি পৰম সুখ অনুভৱ কৰোঁ। অবৈধ সম্পৰ্ক কৰি যেতিয়া তাৰ ফলাফল হিচাপে নিষ্পাপ দেৱশিশুৰ জন্ম হয় টোপোলা পাতি ডাছবিন নতুবা নলাত পেলাই নিজৰ পাপ লুকুৱাব বিচাৰি দানৱৰ ৰূপ লওঁ।এয়াই জীৱ শ্রেষ্ট মানৱ আমি।
ধৰ্ম,ভাষা,সাম্প্ৰদায় নামত ৰাজনীতি কৰা এয়াই আমাৰ জীৱ শ্রেষ্ট মানৱৰ উদাৰতা। আজি কালি নিজকে অসমীয়া বুলি পৰিচয় দিবলৈ ভয় লাগে। চাৰিও ফালে দেখোন মাথোঁ কোচ-কলিতা, টাই-আহোম, মটক,মৰাণ চুতীয়া আদি সাম্প্ৰদায় মানোভাব থকা মানুহেৰে পৰিপূৰ্ণ। ইয়াৰ উপৰি ধৰ্ম আৰু ভাষা বাদ নপৰিল। এক শৰণ নামধৰ্ম আৰু বৈদিক সনাতনৰ বিভেদগামী মনোভাব পোষণ কৰা এচাম মানুহে নিজৰ সন্তানক ধৰ্মৰ নামত শিক্ষা দিবলৈ ধৰিলে। অসমীয়াৰ সংজ্ঞা দিবলৈ হলে বিদ্ধান পণ্ডিতৰ আৱশ্যক হব লগা হল।

◾ৰাহুল চেতিয়া
নিলখপুৰ চিলাপথাৰ ধেমাজি

জীৱন-ৰাহুল চেতিয়া

কবিতা
জীৱন-ৰাহুল চেতিয়া

জীৱন:
জীয়াই থকাৰ অদম্য হেঁপাহ
থকাৰ পাছতো
মৰি থকাৰোঁ ক’ত
আপাহৰ তৃপ্ততা৷

মাজে মাজে উমি উমি জ্বলোঁ
আকৌ মাজে-সময়ে
অন্তৰাত্মাতে কঁপো
এয়াই চাগে জীৱনৰ অন্তিম চ'ৰা খেলা৷

 মৃত্যু এতিয়া সহজ
মৃত্যু যদি অমৰ হয়
জীৱনটোৰ লগত
খেলিবলৈ দু:সাহ নকৰো----
মহান কবিয়ে লিখিছিল-
কাৰণ ইয়াৰ
দামেই নাম
কামেই দুৰ্নাম... |

ৰাহুল চেতিয়া
নিলখপুৰ ধেমাজি

Tuesday, September 20, 2022

স্বাগতম,

বন্ধু বান্ধৱী, জ্যেষ্ঠ জন তথা শুভাকাংক্ষী সকল,
বহু দিনৰ অপেক্ষা মূৰত ধেমাজিৰ  পৰা
অসমীয়া ভাষা সাহিত্য ৰক্ষা কৰাৰ লগতে ইণ্টাৰনেট জগতৰ সকলো সাহিত্যিকক স্বীকৃতি দিয়াৰ প্ৰয়াসেৰে "জোনাকী " (Jonaki) নামেৰে এখন সাপ্তাহিক ই আলোচনী প্ৰকাশ কৰিব লৈছোঁ(ডিজিটেল মিডিয়া) ৷গতিকে সকলো অসমীয়া ভাষাৰ সাহিত্য ৰক্ষা আৰু চৰ্চা কৰা উদ্দেশ্যে  আগবাঢ়ি আহক আৰু আপোনাৰ সৃষ্টিশীলতাক এই পৃথিৱীত উপযুক্ত স্থান দিয়াৰ ক্ষেত্ৰত আমালৈ লেখা প্ৰেৰণ লগতে আমাক তলত উল্লেখিত নম্বৰত(6003098233) আৰ্থিক সহযোগ দি আমাক শক্তিশালী কৰাত সহায় কৰক।


জোনাকী পৰিয়ালৰ হৈ

ৰাহুল চেতিয়া(ধেমাজি)

মুখ্য সম্পাদক

প্ৰচাৰ সম্পাদক:বিৰাজ বল্লভ নাথ(লক্ষীমপুৰ)



পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

সহযাত্ৰী তৃতীয় খণ্ড ঋতুপর্ণা ইংতিপি

 সহযাত্ৰী  (তৃতীয় খণ্ড)  ✍️ ঋতুপর্ণা ইংতিপি/মৰিগাঁও      গা-পা ধুই আজৰি হোৱা মানে তিনি বাজিলে।তাইৰ ভাগৰো  বহুত লাগিছে। গোটেই দেহটো অৱশ হৈ প...