Tuesday, October 25, 2022

দীপাৱলী:মিনতি ডেকা

 দীপাৱলী:

                               মিনতি ডেকা

কালিলৈ পোহৰৰ উৎসৱ দীপাৱলী

মানুহৰ উৎসাহৰ তৰণি নাই

বজাৰতো ভিৰ-

নানা ৰঙীন টিপ্ টপ লাইত

ধনতেৰাছ বুলি ৰাইজে নিজৰ সামৰ্থ্য জোখাই

বাচন-বৰ্তন, মাটিৰ চাকি ঝাড়ু

সামৰ্থ্য অনুযায়ী সোন-ৰূপ আনিছে

হেঁপাহেৰে -

আজিয়েই পদূলিয়ে পদূলিয়ে মাটিৰ চাকিৰ পোহৰ

যেন নীলা আকাশৰ তৰা বোৰে তিৰ্ বিৰাই আছে।

ঘৰ বোৰ টিপ্ টপ্ লাইতেৰে সু সজিত

মানুহৰ পৰ্বত সম উৎসাহ আনন্দতে নধৰাত হৈছে-

কেইবা দিনৰ পৰা বম,ফটকা ফুটাই আছে-

কালিলৈ পদূলি পদূলি য়ে কল গছ পুতি

আলোকেৰে সজাই লক্ষিমীক আদৰিব।

ধূপ-ধূনাৰ গোন্ধৰে সুশোভিত হ'ব

গোঁসাই ঘৰত শৰাই আগ বঢ়াব 

নৈবেদ্য উপচি পৰিব

ৰান্ধনী ঘৰত ,বাৰীত,জলত দোৱাৰ মুখে মুখে

বন্তি জ্বলাব

দীপাৱলীয়েই প্ৰেম ভাতৃত্ব বোধৰ

এনাজৰী ভাল আলোকেৰে বান্ধিব

অসূয়া বহু দূৰলৈকে ঠেলি পঠিয়াব

এক নৱ সূৰুয উদয় হ'ব

ধৰণী উজ্জ্বল হৈ পৰিব

জীৱনৰ বাটত জনগনে আৰু 

এখোজ আগুৱাই যাব।

দীপাৱলী তোমাক স্বাগতম।।

    


দীপাৱলী: আমিৰ হুছেইন আহমেদ

 দীপাৱলী:

                     আমিৰ হুছেইন আহমেদ

আন্ধাৰ কু সংস্কাৰৰ সংহাৰক

অজ্ঞানতা নাশক জ্ঞানৰ বাহক

দৃষ্টিনন্দন পোহৰৰ সৰোবৰ  

অপায় অমঙ্গল দূৰতে কৰে বিদূৰ

মনত মূৰ্তমান জোনাকী প্ৰশান্তি

আলোক সজ্জাৰ বিচ্ছুৰিত লহৰ ।


দানৱৰ ৰূঢ়তাৰ প্ৰহেলিকা ফালি

ৰঙীন আলোক সৈনিকৰ বিচৰণ

তমসা ধুমুহাৰ তাণ্ডব অতপালি 

জ্যোতিৰ পাখিৰে কৰে বিতাৰণ-! 


কুলুষ-কালিমাৰ ৰাক্ষসী নিশ্বাস 

সমাজত অঙ্কুৰিত যত বিষ পুলি

দীপৰ জ্যোতিয়ে পেলায় উভালি

যাৰ প্ৰহাৰত হয় অপশক্তি নাশ! 


পোহৰৰ উৎসব হেঁপাহৰ দেৱালী

বিশ্ব খ্যাত পৰ্ব- উদুলি-মুদুলি

দৃষ্টি নন্দন সাজত ঘৰৰ পদুলি

উলাহৰ উদযাপন-মনপ্ৰাণ খুলি !


কলগছৰ কামিত প্ৰজ্বলিত বন্তি

গাৰ্হস্থ্যৰ শ্ৰীবৃদ্ধি প্ৰগতি কামনা

অপ্ৰীতি বঞ্চনা মুক্তিৰ পূৰ্ণ তুষ্টি 

জীৱন জীৱিকাৰ পাৰৰ সাধনা-! 


কঙালীৰ পিছত দেৱালী আহে

পথাৰত ধাননিয়ে বৰণ সলায়

সোণগুটিত দেৱীৰ আশীষ ভাহে 

পোহৰৰ পৰ্বই তাকেই দেখুৱায় !


বন্তিৰ শৈলীৰ শুভ দীপাৱলী 

আতচবাজিৰ বিকট উৰুলি

শব্দ প্ৰদুষণ আনে আকোঁৱালি

ৰোধ কৰোঁহক সবে' মিলিজুলি !!

________________________________


আধৰুৱা কবিতা:দিবিদ বৰুৱা

আধৰুৱা কবিতা:

মোৰ কলমটোৱে চোন

চুচুক- চামাক কৰিব ধৰিছে,

কল্পনা সাগৰত  শব্দ বোৰৰ!

আলৈ - আঠানি!! ,,,,,

     কাগজেও আজি মোক

     অভিমান কৰিছে।

     লিখোঁ বুলি কিমান যে  চেষ্টা ,,

     মোৰ আধৰুৱা কবিতা । 

শব্দবোৰ আজি মোৰ নিৰাথক

 গাঁথিব নুৱাৰিচো শব্দ - মালা

  দিব পৰা নাই পূৰ্ণতা

  মোৰ আধৰুৱা কবিতা।

   """'''''''''''''''''***"""''''''''''''''''''''

✍️দিবিদ বৰুৱা(বাম - কামচি,শ্ৰী পাণী)

কবিতা:দেবর্ষি গৌতম

              কবিতা

মনত বহুত কথা নিহিত হৈ আছিল
আৰু মনত বহুত কথা চিন্তা কৰি
 হাতত কলম তুলি লৈছিলোঁ 
 কবিতা এটা লিখিম বুলি
মোৰ কবিতা পঢ়ি মানুহে
 মোক বহুত সমালোচনা কৰিছিল 
কবি বুলি ভাবি লৈ
আজি মই সাহিত্য জগতত একেবাৰে ক্লান্ত
মোৰ কলম  একেবাৰে ক্ষান্ত
মোৰ সম্যক জ্ঞানৰ পৰিধিৰ পৰা
মৰ্গত পৰি ৰোৱা মৃতদেহ নিচিনাকৈ
মোৰ লিখাবোৰো আজি পৰি ৰৈছে
একেবাৰে পৰিত্যক্ত হৈ
ধূলি আৰু বালিৰে টেবুলৰ ওপৰত
পেশা নহয় নিচাৰ বাবে লিখিবলৈ আৰম্ভ কৰা
মোৰ লিখনিৰ ভাণ্ডাৰ আজি
একেবাৰে শূণ্য হৈ গৈছে
শব্দৰ অভাৱে আজি মোক
সাহিত্যৰ পৃথিবীৰ পৰা
বহু দূৰলৈ ঠেলি পঠিয়াইছে। 


                        দেবর্ষি গৌতম
                      Ⓜ️৬৯১৩৯ ৩০৮২৯

সময়: অভিজ্ঞান গোস্বামী

সময়:

অন্তহীন দৰে গৈ আছে সময় ;

অতীত বোৰ সামৰি অস্তিত্ব বোৰ লৈ ।

আৰু আছে কিছুমান স্বপ্ন ;

আৰু আছে কিছুমান দুখ ।

কেৱল এই জীৱনৰ দৌৰত দৌৰিছো ;

সপোন বোৰৰ ডেউকা মেলিছো ।

নাজানো ক'ত অন্ত হব এই দৌৰ ;

নাজানো নাজানো ধুলিকণা মই কৰ !

মনত পেলাইছো সেই মাৰ কোলা ;

আৰু সৰু কালৰ দুষ্টামি বোৰ ।

মানুহ বোৰৰ ব্যস্ততা বোৰত হেৰাই গৈছে

 মোৰ সময়;

হেৰাই গৈছে অস্তিত্বৰ সমল বোৰ ।

আৰু মই নিজৰ লগতে অচিনাকী হৈ পৰিছো ........

নাজানো মই কোন আৰু তুমি কোন ? 

✍️ অভিজ্ঞান গোস্বামী

 উত্তৰ লক্ষীমপুৰ, খগা

আগজাননী:প্ৰসন্ন কুমাৰ বৰা

 "আগজাননী"

 ভদ্ৰলোকৰ আঁৰতো

 এটা বিষাক্ত মন

কোন তুমি ছদ্মবেশী?

ভদ্ৰত্বাৰ মুখা পিন্ধি

নিসংগতা সুযোগ লভি

কামাতুৰহৈ মাজ ৰাত্ৰি

ধুনীয়া নাৰীৰ দেহ বিছাৰি

সভ্যতাৰ সমাজখনত বাস কৰি

নিজকেই মহত্তম উপাধি লভি

মহান ব্যক্তিজন খাজিলি

আপোন বান্ধৱী পাতি

সুকোমল দেহৰ তৃপ্তিৰে ভোগ কৰি

কিমানৰ জীৱন নাশ কৰিবি

 বন্ধ ক'ৰ ৰঙ্গমঞ্চৰ নাটক

ইয়াৰ পৰিণাম বহু ভয়ঙ্কৰ

সকিয়াই দিলোঁ তোক

এইক্ষণে কবিতাৰ শব্দৰে৷


প্ৰসন্ন কুমাৰ বৰা ,মৰিগাঁও

হে মানৱ:দীপাংকৰ দাস

হে মানৱ:           

একবিংশ শতিকাৰ হে মানৱ,

তুমি ধন্য, তোমাৰ আত্মা ধন্য

এই জীৱন লাভ কৰি ।

পিছে, তোমাৰ এই কৰ্মৰ বিষয়ে

আছে নে জ্ঞান ?

পাঠ্যপুথিৰ জ্ঞানেৰে জ্ঞানী

হে মানৱ,

তোমাৰ যে আছে কৰ্ম 

মানৱতাৰ উপৰত । 

তুমি যে পালন কৰিব লাগিব 

মনাৱ ধৰ্ম ।

তেন্তে ত্যাগ কৰা এই দানৱ ধৰ্ম ।

ত্যাগ কৰা ভ্ৰষ্টাচাৰ বেবিচাৰ

কিয় মানৱতাৰ মুখ পিন্ধি 

কৰা অভিনয়

এতিয়া আহিছে সময় 

নিজক পৰিবৰ্তন কৰাৰ

এতিয়া আহিছে সময়

নিজক সংশোধন কৰাৰ

তেন্তে নকৰা বিলম্বন

প্ৰমাণপত্ৰৰে নহয়

মানৱতাৰ জ্ঞান কৰা নিজক 

আঁকোৱালি লোৱা

চিনাকি অচিনাকি সকলোকে 

তেহে হব মানৱ জীৱন সফল ।


 ✍️দীপাংকৰ দাস,হোজাই

মোবাইল ফোন আৰু যুৱ প্ৰজন্ম:মিন্টু গোৱলা

 মোবাইল ফোন আৰু যুৱ প্ৰজন্ম:

মোবাইল বা মʼবাইল ফোন হ'ল দূৰ সংযোগৰ বাবে ব্যৱহৃত এক সঁজুলি । পৰম্পৰাগত তাঁৰ যুক্ত টেলিফোনৰ বিপৰীতে মʼবাইল ফোন তাঁৰবিহীন আৰু ইয়াৰ আকাৰ সৰু বা ডাঙৰ হোৱাৰ এই মʼবাইল ফোনটো বহুতো সহজ এঠাইৰ পৰা সিঠাই লৈ কঢ়িয়াই লৈ ফুৰিবলৈ অতি সহজ । মোবাইল ফোনৰ  অসমীয়া প্ৰতিশব্দ হ'ল ভ্ৰাম্যভাষ যন্ত্ৰ। বৰ্তমান সময়ছোৱাত ইয়াৰ ব্যৱহাৰ বেছি কাৰণ বৰ্তমান যুগ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই ইমানেই অগ্ৰগতি লাভ কৰিছে। একোটা নতুন নতুন বস্তুৰ আৱিষ্কাৰ হৈয়ে আছে।আগৰছোৱাত এটি মাত্ৰ তাঁৰ যুক্ত টেলিফোন,চিঠিৰ বাহিৰে মোবাইল ফোন কি?তাকে চিনি পোৱা নাছিল। বৰ্তমান যুগত মোবাইল ফোনৰ ব্যৱহাৰ হয়।লʼৰা বুঢ়া পুৰুষ মহিলা সকলোৰে ব্যৱহাৰ কৰিব পৰা অতি চিনাকি সামগ্ৰী বিধেই হ'ল মোবাইল ফোন। বৰ্তমান সময়ছোৱাত শিশুৰ হাততো মোবাইল ফোন দেখা যায়।

          মোবাইল ফোন কেতিয়া নো আৱিষ্কাৰ তাৰ ওপৰত অলপ জানিলোটো ভাল।১৯৭৩চনতে মটৰʼলা কোম্পানীয়ে প্ৰথমে মোবাইল ফোন উদ্ভাৱন কৰিছিল যদিও সেই ফোনৰ প্ৰচাৰ প্ৰসাৰ তথা সহজলভ্য নাছিল। প্ৰথম মোবাইল ফোন টোৰ ওজন আছিল দুই কিলোগ্ৰাম তাৰ পিছত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নতিয়ে মোবাইল ফোন ক কম ওজন,কম দাম তথা সহজলভ্য কৰিগোটেই পৃথিৱীকে বাৰে জিনি পেলালে । ফলস্বৰূপে বৰ্তমান সময়ত কম বয়সীয়া লʼৰা-ছোৱালীৰ পৰা বৃদ্ধ-বৃদ্ধালৈকে সকলোৱে ব্যৱহাৰ কৰাত অভ্যস্ত হʼল।এক প্ৰকাৰে কʼব পাৰি ইয়াৰ উদ্ভাৱন তথা সহজলভ্য তাই ইয়াৰ ডাঙৰ পৃথিৱীখনক একেবাৰে সৰু আকাৰ কৰি পেলাইছে।যাক আমি গোলকীয় সমস্যা বুলি কʼয়। কাৰণ এক ছেকেণ্ডত মানৰ ভিতৰতে পৃথিৱীৰ ইটো মুৰ পৰা সিটো মুৰ লৈ বাৰ্তা লাভ কৰিবলৈ সক্ষম হৈছোঁ।আগৰ দৰে আৰু চিঠিৰ অপেক্ষাত থাকিব নালাগে।আত্মীয় বন্ধু বান্ধৱী ৰ দুখ সুখৰ খবৰ পলকতে লʼব পাৰি। বৰ্তমান যুগত চিঠিৰ বাদে ফোনৰ হে ব্যৱহাৰ হৈছে। বৰ্তমান যুৱ প্ৰজন্মৰ  হাতে হাতে মোবাইল ফোন পোৱা যায়।সময়ৰ লগতেই পৃথিৱীখনো সলনি হৈছে। মোবাইল অবিহনে বৰ্তমানৰ যুৱ প্ৰজন্ম আধৰুৱা । বৰ্তমান মোবাইল ৰ গেমে বহুতো যুৱক হত্যাৰ পথটো বাছি দিছে আৰু বহুতো দেখাই দিছে ।কাৰণ মোবাইল ফোন ব্যৱহাৰ কৰি নানা সমস্যাই  সমাজত আৱৰি ধৰিছে।সদায় আমি বাতৰি কাকত পাই থাকোঁ তাৰ  বিষয় কʼব নালাগে । এইবোৰ হোৱাৰ মূল কাৰণ আমাৰ হাতত থকা মোবাইল ফোনৰ ব্যৱহাৰ নজনাৰ বাবে বিভিন্ন সমস্যাই সমাজত গা কৰি উঠিছে। মোবাইল ফোনৰ ব্যৱহাৰ দুই দিশ আছে ১/উপকাৰ ২/অপকাৰ আমি তাৰে বেছিকৈ অপকাৰ দিশটো বাছি লোৱাৰ বাবে আমাৰ সমাজত এনে সমস্যাই দেখা দিয়ে। বৰ্তমান যুৱ প্ৰজন্মৰ ক্ষেত্ৰতটো বেছি দেখিবলৈ পোৱা যায়।আমি মোবাইল ফোনটো ব্যৱহাৰ কৰা আগত ফোনটোৰ ব্যৱহাৰ সমূহ জনাটো ত

অতিশয় জৰুৰী হয় ।তাৰে তলত ব্যাখ্যা কৰিলোঁ ।

                আমি কি কৰো ৰাতিপুৱা উঠাৰে পৰা ৰাতি শুৱালৈকে প্ৰতিটো মুহূৰ্ত্ততে ব্যৱহাৰ কৰো।যেন আমাৰ সংগ দিয়া বস্তটো হ'ল স্মাৰ্ট ফোন। আমাৰ খেলৰ লগৰী পঢ়াৰ লগৰী , চিনেমাৰ লগৰী আদ্দাৰ লগৰী কামৰ লগৰী যেন প্ৰতি মুহূৰ্ত্তই আমাক সহায় কৰিবৰ বাবে তৎপৰ হৈ থাকে। কিন্তু মোবাইল ফোনৰ সুপ্ৰভাৱ বোৰৰ লগতে কু-প্ৰভাৱ আছে যিবিলাক আমাৰ স্বাভাৱিক জীৱন যাত্ৰাত যথেষ্ট ক্ষতিসাধন কৰিছে । মোবাইল ফোন আধুনিক জনজীৱনৰ অপৰিহাৰ্য অংশ যাৰ অবিহনে আমাৰ জীৱন অচল বুলিয়ে কʼব পাৰি । প্ৰত্যেক বস্তৰে ভাল বেয়া দুটা দিশ থাকে । গতিকে মোবাইল ফোনৰ ব্যৱহাৰ কৰিব পাৰিলে ইয়াৰ পৰা আমাৰ স্বাভাৱিক জীৱন যাত্ৰাত কোনো ক্ষতি নহʼব । এইটো সকলোৱে এক মুখে ক'ব যে মোবাইল ফোনৰ বাবে আমাৰ জীৱনত বহু সুবিধা হৈছে, মোবাইলৰ উপকাৰিতা আৰু অপকাৰিতা দুয়ো আছে। তথাপিও আজিৰ যুগত ইয়াৰ উপকাৰিতা বেচি সৎ ব্যৱহাৰ কৰোঁতে আছে যদি ও খুব কম আছে ।বৰং অপকাৰি দিশটো বাছি লৈছে আজিৰ যুৱ সমাজে ।সিহঁতে ভাল বেয়া বিচাৰ নকৰে যাৰ বাবে বে‌য়াৰ দিশটো ভাল‌ দিশ বুলি লৈছে ।যাৰ বাবে সমাজত নোহোৱা কাণ্ড হোৱা দেখা যায়। মোবাইল ফোনৰ কিমান ঘটনা দেখি তেওঁ লোকে সেই বাবে সমাজৰ আগত কৰিবলৈ লয় যেন যৌৱন নিৰ্যাতন ,আত্ম হত্যা আদি কাণ্ড ঘটি থাকে। যুৱ প্ৰজন্মই মোবাইল ফোনৰ বেয়া দিশত ব্যৱহাৰ কৰা বাবে সমাজৰ নানা সমস্যাই দেখা দিয়ে।আমি আমাৰ শিশু সকলক বা যুৱক যুৱতী ক মোবাইল ফোনৰ ভাল ব্যৱহাৰ টো দেখাব লাগে।আমি নিজৰ সন্তানক চাব লাগে যে মোবাইল ফোন ব্যৱহাৰ ভাল দিশ কৰে নে বেয়া দিশত কৰিছে তাক অভিভাৱকে চকু দিব লাগে।সমাজখন শৃংখল হৈ উঠিব ,আমি সকলোৱে তাৰ ভাল দিশটো ব্যৱহাৰ কৰা উচিত।।


লেখক: মিন্টু গোৱলা ,লখিমপুৰ কদম

এমুঠি অন্নৰ এটি সপোন:গৌতম মালাকাৰ

 :: এমুঠি অন্নৰ এটি সপোন ::

প্ৰতি নিশা সিঁহতে ৰচে সেই একেটা সপোন...

এমুঠি অন্নৰ সপোন!

পৰিচয় পত্ৰহীন, ধৰ্মবিহীন শিশুজাকে

নিতৌ পুৱা এঙামুৰি দি 

বস্তাখন পিঠিত পিন্ধি লয়,

সূৰুযৰ খোজৰ স'তে আগুৱাই 

সিহঁতৰ একমাত্ৰ সপোনটোৰ অন্বেষণ।

দুৰ্গন্ধময় জাবৰৰ দম, কদৰ্য নলা-নৰ্দমা, 

পৰিত্যক্ত সভাগৃহ, জয়াল শ্মশান ঘাট...

এইবোৰেই,  .....এইবোৰেই

ঠিকনাবিহীন শিশুজাকৰ সপোনৰ ঠিকনা!

আধাৰ কাৰ্ডবিহীন আধাৰৰ জাকটোৰ

কোনো নিয়ম নমনা উৰণীয়া মন...

'জন্মদিন' সিহঁতৰ বাবে জটিল সাথৰ,

ঈশ্বৰৰ প্ৰিয় কোনো শিশুই

সিহঁতৰ স'তে জন্মদিন উদযাপন কৰিলে

সিহঁতে নিশা দেখা সপোনটো সঁচা হয়,

সৰল হৃদয়বোৰত বাজি উঠে 

সেই আপুৰুগীয়া সমবেত কণ্ঠস্বৰ

হেপ্পী বাৰ্থ ডে টু ইউ...

হেপ্পী বাৰ্থ ডে টু ইউ...!


✍️ গৌতম মালাকাৰ

           কৰিমগঞ্জ

আকাশৰ অপূৰ্ব ৰূপ:সমূজ্বল ডেকা

আকাশৰ অপূৰ্ব ৰূপ:

আকাশখন ইমান ধুনীয়া!

যেন চালে চকুৰুৱা...

ক'লা ডাৱৰে আঁৱৰিলে

মোৰ হৃদয়ৰ আকাশত

মন হৈ পৰে নিঠৰুৱা...

টোপ-টোপ কৈ ধৰণীত পৰিল

অযুত বৰষুণৰ ধল,

হেঁপাহৰ বৰষুণ আহিলে

শৰীৰত আহি যায় বল।

আকাশ, তুমি হোৱা মোৰ

সেউজীয়া ধৰাখনিত আনন্দৰ সূৰ্য্য,

আৰু দিয়া তুমি মোক

ক'লা ডাৱৰ আতৰাই ঐশ্বৰ্য্য।


                      ✍️ সমূজ্জ্বল ডেকা, ৰঙিয়া

                                 নিজ বড়িগোগ 

দীপান্বিতা:মিন্টু গোৱলা

 দীপান্বিতা:

অমাৱস্যাৰ আন্ধাৰ ৰাতি পোহৰে উজ্বল চৌদিশ ফুটিছে ফটকা,ফুলঝাৰি কণ কণ মইনাৰ হাতত

আন্ধাৰ ৰাতি পোহৰত উজ্বলি উঠিছে ।

কুঁৱলীয়ে চেঁচা কৰা মৃদু বতাহ জাক বলিছে আন্ধাৰ ৰাতিত শেৱালী ফুলৰ সুবাসৰ সুগন্ধিবোৰো বৰকৈ আমোল-মোল চৌদিশ ।

অন্ধকাৰ ৰাতিক উজ্বলিত কৰি তুলে আৰু গচিকৈ চাকিয়ে ,সমাজৰ অপাৰ অমংগল বোৰ দূৰ কৰাৰ বাবে উজ্বল শিখাৰ চাকি গচি জ্বলাই প্ৰতিজনে মনৰ মাজত ..........!!

শান্তিৰ বাতাবৰণ বিচাৰি অন্ধকাৰ পৰা পোহৰৰ উজ্জ্বল কিৰণ বিলোৱা  উৎসৱৰ আয়োজনত ব্যস্ত এই মৰত লোকত পোহৰৰে উজ্বলিত হৈ উঠক সমাজৰ সকলো দিশ অসূয়া- অপ্ৰিতি দূৰ হয় যাবৰ বাবে মা কালিৰ চৰণত ভক্তিভাৱেৰে সকলো ভক্তই শৰণাপণ হয় ।

অমাৱস্যাৰ অন্ধকাৰ ৰাতিত পোহৰৰ উজ্জ্বল কিৰণ বিলোৱা উৎসৱ পোহৰ উৎসৱ দীপান্বিতা।।


      ✍️মিন্টু গোৱলা,লখিমপুৰ, কদম

স্বাধীনতা খৰ্গহস্ত:দীপাংকৰ দাস

 স্বাধীনতা খৰ্গহস্ত:

স্বাধীন ভাৰতৰ পৰাধীন কবি,

এইয়া নতুন খোজ স্বাধীনতা বিচাৰি।

মৌলিক অধিকাৰৰ আমি অধিকাৰী,

পিছে বাকস্বাধীনতাক গল পাহৰি।

কৰি দিয়ক ভোটাধিকাৰ জন্মাধীকাৰ, 

এইয়াহে আপোনালোকক দৰকাৰ ।

কৰি থাকে জনাহিত চৌদিশে কালপ্ৰিট,

ছাত্ৰক বিনাহকত কৰিছিল মাৰপিট ।

কবিৰ কলম যে কাৰাগাৰতো চলে,

পাহৰিলে চাগে আমাৰ ছাৰজনে ।

সলনি কৰি কলমৰ ৰিফিল,

লিখি যাম এখনি নতুন দলিল ।

ভাগৰা নাই নপৰো ভাগৰি,

সমাজৰ কামত নাই যে জিৰণি ।

শিক্ষাৰ্থীক পৰীক্ষাৰ পৰা নকৰিব বঞ্চিত,

নহলে হব লাগিব হাজাৰ কবিৰ লঞ্চিত ।

 

                    দীপাংকৰ দাস,হোজাই

দিপাৱলী:ৰাজ ৰাহুল

অণুগল্প:দীপাৱলী

                                  ✍️ ৰাজ ৰাহুল

       দীপাৱলীৰ বাবে সাঁচি ৰখা টকাকেইটাৰে ৰন্তুৱে মিঠাই অলপ আনি মাকৰ হাতত তুলি দিয়াত মাকে আচৰিত হৈ সুধিলে:--"ৰন্তু, তুমি ফটকা আৰু ফুলজাৰীৰ বাবে ইমান দিনে সাঁচি ৰখা টকাকেইটাৰে মিঠাই কিয় আনিলা ?"

        "মা, তুমি দেখোন মাটিৰ চাকিৰ পোহৰেৰে আমাৰ ঘৰখন আলোকিত কৰিবাই। মইনো ফটকা আৰু ফুলজাৰীৰে কিয় প্ৰদূষণ কৰোঁ ? কালি বিদ্যালয়ত ৰমণী মহাশয়ে দিয়া উপদেশ ৰক্ষা কৰিলোঁ মা ।" --পুতেকৰ কথাত মাক কমলাৰ মনটো দীপাৱলীৰ পোহৰতকৈ উজ্জ্বল হৈ উঠিল...।

        

মই বিহীন:ৰাহুল চেতিয়া

মই বিহীন:

                                   ✍️ৰাহুল চেতিয়া

মই যেতিয়া এই সংসাৰ

এৰি গুচি যাম

হয়তো কোনেও 

মোৰ অনুপস্থিত অনুভৱ নকৰিব,

আহিছে মানুহ গৈছে মানুহ 

কোনে  হিচাব ৰাখিব ।

মই নাথাকিলেই 

কোনো ক্ষতি নহব

জীৱন যাত্ৰাৰ গতিপথ

শিথিল হৈ নপৰিব।


মই নাথাকিলেও দিন ৰাতি হ’ব 

জোন বেলি তৰা ওলাই থাকিব, 

বৃষ্টি হব, গছে পাত সলাব,

ঋতু, বছৰ সলনি হব

ঠঙাল গছবোৰত

কুমলীয়া পাত ধৰিব,

গছত বহি চৰাইয়ে গীত জুৰিব

আৰু ক'ত কি যে হব!

আহিছিলোঁ নিবস্ত হৈ

যামগৈ নিবস্ত হৈ

থাকি যাব মাথোঁ কিছু কৰ্ম-কীৰ্তি...

হয়তো কোনোৱে ভাল বুলিব

কোনোৱে বদনাম কৰিব

শত্ৰু বোৰে মৃত্যুত জয়গান গাব

এই বোৰ শুনিবলৈ মোৰ সময় নাথাকিব।।।

ভালপোৱা:ৰাহুল চেতিয়া

ভালপোৱা:

দুখৰ সৈতে মোৰ

আজন্ম চিনাকি!

কোনোদিন বিচ্ছেদ হোৱা নাই

একেই গতিশীলতা, 

একেই আন্তৰিকতা

আজন্ম থাকিব আমাৰ ভালপোৱা!

হিয়াত খোদিত বিষাদবোৰ

বুকুত কাইটৰ আঁচোৰ

বিষাদৰ সৈতে কৰি মিতিৰালী

সেয়েহে চাগে আজিলৈকে

ভাৱিব সময় পোৱা নাই

বিষাদৰ সৈতে বিচ্ছেদৰ কথা

এয়াই চাগে আমাৰ প্ৰকৃত ভালপোৱা।।।। 


✍️ৰাহুল চেতিয়া

তেজাল চকু:মালিনী শইকীয়া

 অণুগল্প  

                 তেজাল চকু:

   


             বিশাল অট্টালিকাটোৰ, সুসজ্বিত কোঠাৰ পৰা এটা বিকট চিঞৰ চুবুৰীয়াৰ কানৰ ৰন্ধ্ৰৰে পাৰ হে গ'ল। হেলচী আইতা বয়সৰ তাগিদাত টোপনি পাতল।ৰাতি কাষতে থকা ডাঠ হাবিয়নিত বাঘৰ গোজৰণী শুনিছিল, হয়তু খাদ্যৰ অভাৱত। কিন্তু অলকেশ হঁতৰ •••••••••। এইবোৰ পাগুলী থাকোতেই চাতকৈ গাড়ী খন পাৰ হৈ গ'ল। প্ৰিয়ংকাই দিনটোৰ বাবে সকাহ পালে, যদিও নিজকে তেজাল চকুৱে কৰা আত্যাচাৰ বোৰ পাহৰিব পৰা নাই।

        বাঘিনী জনীয়ে খাদ্যৰ সন্ধানত জোপ লৈ থকাৰ দৰে অলকেশেও নিৰ্জনতাৰ সুযোগ লৈ নাৰী দেহৰ স্বাদ লবলৈ জোপ লৈ আছে, জ্ঞান শূণ্য পশুৰ দৰেই। জানো কেতিয়া এই মখাৰ ••••••। এনেলোকে যিমানেই ভদ্ৰতাৰ মোখা নিপিন্ধক কিয় শ্ৰেষ্ঠ জীৱ বুলিব পাৰিনে?


মালিনী শইকীয়া    উঃ লখিমপুৰ।

দিপাৱলী দিনা অঘটন:ছেলিমা বেগম

 অণুগল্প 

                                  ছেলিমা বেগম ৷

দীপাৱলী দিনা অঘটন ::

মিৰা তাইৰ লগৰীয়া লগত সন্ধিয়া সময়ত আনন্দত আত্মাহাৰা হৈ পোহৰৰ উৎসৱ মানাবলৈ ফটকা ,তৰা বাতি আতকবাজী লৈ জ্বলাই আছে ৷মায়ে ভিতৰত মিঠাই বনাই আছে  আলহীক লগত লৈ কিছু সময়ৰ পিছত আহি খাব ৷এনে সময়তে বাহিৰৰ পৰা এটা বিকট শব্দ আহিল মিৰাৰ মায়ে দৌৰাদৌৰি কৈ মিৰাৰ ওচৰ পালেহি ৷ হায় ! এয়া কি আজিৰ পৰা মিৰা আৰু দুই চকুৰে এইখন সেউজীয়া পৃথিৱী দেখিব নোৱাৰিব ৷

মোৰেই ভুল যদি সাৱধানে ফটকা ফুটাবলৈ দিলোহেঁতেন আজি এই দিন দেখিবলৈ নাপালোঁহেঁতেন !

ছন্দ বিহীন:হীৰামনি লাহন

 ছন্দ বিহীন:

মোৰ কবিতাত ছন্দ হেৰাই

 ছন্দালেখা,

ভীৰৰ নগৰীত, 

খবৰ জানো  ৰাখা, 

মোৰ হৃদয়ৰ  সুষম  কোনত 

তোমাৰ অৱস্হিতি, 

সেই খবৰ জানো  পোৱা ?

কিমান যুগৰ প্ৰনতিত 

তোমাৰ মুখামুখি হম নাজানো    ;

ভয় লাগে,

জানোছা খহি পৰে বিষাদৰ পৰ্ব  ।

জানোচা স্তব্ধ হয় 

মোৰ জীৱনৰ  বাট,

কেতিয়াবা ভাগৰত সৰি পৰো,

আকৌ পুনৰ আগুৱাই যাওঁ 

সাহসেৰে বগুৱাবাই  ,

হেৰুৱাই জীয়াই থকাৰ আসক্তি ।

তোমাৰ মৰমে মোক 

স্পৰ্শ নকৰা হলে, 

নিলিখিলো হেতেন ,

এই ছন্দ বিহীন কবিতা,

ছন্দালেখা,      


হীৰামনি লাহন, গোলাঘাট। 

সম্পাদকীয়:অক্টোবৰ মাহৰ চতুৰ্থ সংখ্যা

সম্পাদকীয়:

শাৰদীয় সুবাস ভৰা আনন্দৰ উৎসৱ হ'ল দীপাৱলী। দীপাৱলী হ'ল পোহৰৰ উৎসৱ। এই উৎসৱত সমাহাৰ ঘটে আনন্দ, আশা আৰু উন্মাদনাৰ। কিন্তু এইবাৰৰ দীপাৱলীত দেশৰ হাজাৰ হাজাৰ লোকে এই আনন্দৰ পৰা বঞ্চিত হ'ব। এফালে, দেশৰ বিভিন্ন ৰাজ্যত চাকি, ৰং-বিৰঙৰ বিজুলী লাইট, ফটকা-আতচবাজীৰ বজাৰ বহিছে, আনফালে আকৌ শ শ লোকে বুকুত লৈ ফুৰিছে দুখ আৰু বেদনাৰ বোজা।
লক্ষ্মী আৰু কালী পূজা কৰাৰ পৰা আৰম্ভ কৰি নৰকাসুৰৰ প্ৰতিমূৰ্তি জ্বলোৱালৈকে, বন্দি চোৰ হিচাপে দিনটো পালন কৰাৰ পৰা আৰম্ভ কৰি মহাবীৰৰ নিৰ্বাণলৈকে ভাৰতত দীপাৱলীৰ বহু তাৎপৰ্য্য আছে।
‘দীপাৱলী’ শব্দৰ পৰা উদ্ভৱ হোৱা দীপাৱলীক সমগ্ৰ বিশ্বতে ভাৰতীয়সকলে পালন কৰা পোহৰৰ উৎসৱ হিচাপে জনপ্ৰিয়ভাৱে জনাজাত।
যদিও এই উৎসৱৰ তাৎপৰ্য্য এটা অঞ্চলভেদে বেলেগ বেলেগ হ’ব পাৰে, তথাপিও মন্দিৰ আৰু ঘৰত মাটিৰ লেম্প জ্বলোৱা (বা আধুনিক যুগত ৰঙীন বৈদ্যুতিক আলোকসজ্জা ব্যৱহাৰ কৰা) সাধাৰণ উপাদান।
উত্তৰ ভাৰতত ৰামৰ অযোধ্যালৈ বিজয়ী প্ৰত্যাৱৰ্তনৰ বাবে (নিৰ্বাসনৰ সমাপ্তি আৰু ৰাৱণৰ ওপৰত বিজয়ৰ পিছত) দীপাৱলী পালন কৰা হয় বুলি কোৱা হয় যদিও দক্ষিণ ভাৰতৰ ৰাজ্যসমূহে ইয়াক কৃষ্ণৰ হাতত অসুৰ নৰক বধ বুলি পালন কৰে  আৰু তেওঁৰ পত্নী সত্যভামা।
দেশৰ সৰহভাগ লোকেই দীপাৱলী উদযাপনত ব্যস্ত থাকিব। কিন্তু তাৰমাজতে এই আনন্দ-উল্লাসৰ সময়চোৱাত নিজৰ পৰিয়ালৰ পৰা দূৰত থাকিব একাংশ। সীমান্তত থিয় হৈ দেশৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ স্বাৰ্থত জোৱানসকলে দীপাৱলীত নিজৰ ঘৰৰ পদূলিত জ্বলাবলৈ নাপাব চাকি-বন্তি। সীমান্তত সুৰক্ষা সুনিশ্চিত কৰা জোৱানসকলৰ বাবেই আমি শান্তিৰে নিজৰ ঘৰত উদযাপন কৰিব পাৰিম এই পোহৰৰ উৎসৱ। কিন্তু তেওঁলোকৰ হৃদয়ত থাকিব সেনা বাহিনীত যোগদান কৰাৰ পূৰ্বে ঘৰত কৰা দীপাৱলীৰ আনন্দৰ স্মৃতিবোৰহে।
এনেদৰেই যেন এইবাৰ সুখ-দুখৰ মাজত দেশবাসীয়ে পালন কৰিব দীপাৱলী। দীপাৱলীৰ পোহৰ আৰু আনন্দই আমাৰ জীৱন উজ্বলাই তুলিব। আন্তৰিকতাৰে ইজনে সিজনক জনাব দীপাৱলীৰ শুভেচ্ছা। আৰু আশা কৰো এই পোহৰৰ উৎসৱে সকলোৰে মনৰ দুখ-বেদনা আঁতৰাই সুখেৰে জীপাল কৰি তুলিব সকলোৰে জীৱন।

অসমীয়া ভাষা তথা সাহিত্য চৰ্চাৰ ক্ষেত্ৰখনত এধানি অৰিহণা যোগাবলৈ জন্ম গ্ৰহণ কৰা জোনাকী নামৰ অসমীয়া সাপ্তাহিক ই-আলোচনীখনৰ এই অক্টোবৰ মাহৰ শেষ সংখ্যাটো আপোনালোকৰ হাতত তুলি দিবলৈ পাই আমি নথৈ আনন্দিত হৈছোঁ। আলোচনী খনৰ বিগত সংখ্যা কেইটা সময়মতেই পঢ়ুৱৈৰ হাতত তুলি দিয়াৰ দৰেই আমি এই সংখ্যাটো আপোনালোকৰ সম্মুখলৈ আগবঢ়াই দিলোঁ। ফলাফল আপোনালোক পঢ়ুৱৈৰ হাতত। পঢ়ি ভাল পালে আমাৰ শ্ৰম সাৰ্থক হোৱা বুলি ভাবিম। জোনাকী এখন সৰ্বাংগসুন্দৰ ই-আলোচনী ৰূপে প্ৰতিষ্ঠা কৰিবলৈ আপোনালোক সকলো পঢ়ুৱৈৰ আন্তৰিক সহযোগিতা আমাৰ কাম্য।

জয়তু জোনাকী আলোচনী।


ৰাহুল চেতিয়া
মুখ্য সম্পাদক
২৫/১০/২০২২

ভালপোৱাৰ ভাষাৰে:বিৰাজ বল্লভ নাথ

ভালপোৱাৰ ভাষাৰে:

                               বিৰাজ বল্লভ নাথ

                                খগা, লখিমপুৰ

মোৰ স্কুলীয়া প্ৰেম,

মৰম ভাললগাবোৰ

জীৱন জখলাত

আজিও আগুৱাই গৈ আছে

কিন্তু ই আজিও তোমাৰেই

অন্য কাৰোবাৰ নহয় ।


পিছে তোমাৰহে

ভাললগা, ভালপোৱা বোৰ

আজিও মোৰ নহʼল ;

তুমি স্কুলত যি আনৰ আছিলা

আজিও সেই আনৰেই হৈ ৰʼলা ,

কিন্তু মই..........

মই যে আজিও সেই বিষাদতাৰে পৰিপূৰ্ণ

ভগ্ন হৃদয়খনক লৈ

ৰৈ আছোঁ আশাৰে তোমাৰ বাবে ।


মোৰ ভালপোৱাৰ প্ৰতি সঁহাৰি

তোমাৰ পৰা কোনোদিনে নাপাওঁ

তথাপি আজিও মই তোমাৰেই অপেক্ষাত ।


অৱশ্যে তুমিটো সুখত আছা,

মোকনো আৰু কি লাগে !

সুখতেই থাকিবা তুমি ।


তোমাৰ সেই মিচিকিয়া

মৰমলগা হাঁহিটিৰ

তোমাৰ মুখত যেন

কোনোদিনেই অভাৱ নঘটে ।


মোৰ ভগ্ন হৃদয়খনি

ভগ্ন হৈয়ে ৰওক

মোৰ বিষাদতাবোৰ

বিষাদতা হৈয়ে ৰওক ।

কিন্তু তুমি..........

তুমি সুখত থাকিবা,

তুমি হাঁহি থাকিবা সদায় ।।

প্ৰাপ্তি:ৰাহুল চেতিয়া

 প্ৰাপ্তি:

 প্ৰাপ্তি অপ্ৰাপ্তিৰ মধ্যস্থতাত

যিদিনা তোমাক

স্বপ্নৰ স্বর্ণ মণি-মুকুতা

পিন্ধাব পাৰিম আৰু

সেই দিনাৰ

পৰাই তুমি

উপলব্ধি কৰিবা

আৰু

শিকিবলৈও

আৰম্ভ কৰিবা

প্ৰাপ্তি-অপ্ৰাপ্তিৰ মাজেৰে

জীৱনটো পাৰ হৈ

স্বপ্ন বোৰ স্বপ্ন হৈয়ে 

ৰব যেতিয়া

তেতিয়া..…...…...

ক'ত দেখিবা 

প্ৰাপ্তি কি

বা কেনেকৈ পোৱা যায়।।


ৰাহুল চেতিয়া

নিলখপুৰ, চিলাপথাৰ,ধেমাজি

চেকেণ্ড টপ:অভিজিত শেনচোৱা

চেকেণ্ড টপ:

জিতুলৰ মাকে আজি স্কুলৰ ছাৰ বাইদেউ সকলক মিঠাইৰে চাহ খুৱাইছে । তাৰ মাকৰ মনত আজি বহুত আনন্দ ! নহবই বা কিয় ? সদায় দৃতীয় বিভাগত উত্তীৰ্ণ হোৱা জিতুল আজি প্ৰথম বিভাগত যিহেতু উত্তীৰ্ণ হৈছে । তাক লৈ মাক দেউতাক আজি গৌৰম্বিত । ইপিনে স্কুল শেষত অনিৰুদ্ধ যেন নিৰূপাই হৈ পৰিছে । আজি ক্লাছ শেষৰ বেলটো ন'বজা হলেই ভাল আছিল তাৰ বাবে । ক্লাছৰুমৰ  পৰা যাওঁ-নাযাওঁকৈ সি ওলাই আহিছে । ঘৰলৈ যাবলৈ তাৰ আজি সাহস হোৱা নাই । গেটৰ ওচৰত ৰৈ আকৌ এবাৰ মাৰ্কছীটখন উলিয়াই সি চালে । হয় ঠিকে লিখা আছে "চেকেণ্ড টপ" ।


© শ্ৰী অভিজিত শেনচোৱা

বি এড প্ৰথম ষাণ্মাসিক, ডিব্ৰুগড় বিশ্ববিদ্যালয় ।

Tuesday, October 18, 2022

জীৱন: ই এক অনুভৱ:ৰাহুল চেতিয়া

 জীৱন: ই এক অনুভৱ:

জীৱন জীৱন বৰ অনুপম,

প্ৰাপ্তি আৰু অপ্ৰাপ্তিৰ মাজেৰে 

পাৰ হৈ গৈ আছে এই জীৱনটো...

জীৱন এক শব্দ!

হৃদয় ভৰা আবেগ!

ইয়াৰ ঢৌঁত আছে অলেখ লহৰ

জীৱনত স্বপ্ন স্বপ্ন হৈয়ে ৰয়

জীৱন এক প্ৰেম ভৰা ক্ষন্তেক

যাৰ স্পন্দনত আছে অলেখ আবেগ,

আবেগৰ চকুলোত 

নি:শেষঃ হৈ যায় 

শত জনৰ অলেখ সপোন....

জীৱনটো যেন এক অবুজ সাঁথৰ

জীৱন জীৱন যেন বৰ অনুপম...

জীৱনটো যেন এক মতলীয়া বতাহ

যান্ত্ৰিকতাৰ বাবে সলনি হৈ গতিশীলতা!

জীৱনটো যেন এক জিৰণি ঠাই

শেষ হয় আইৰ কোলাত।।।।


ৰাহুল চেতিয়া

নিলখপুৰ চিলাপথাৰ

ভয় লাগে আন্ধাৰবোৰলৈ:ৰাজ ৰাহুল

ভয় লাগে আন্ধাৰবোৰলৈ:

                                         ৰাজ ৰাহুল

বৰ ভয় লাগে আন্ধাৰবোৰলৈ --!

সূৰ্যাস্তৰ লগে লগে

নামি অহা আন্ধাৰবোৰত

চিনাকি পৃথিৱীখন অচিনাকি হৈ পৰে-!


দিনৰ ৰাস্তাটো আন্ধাৰত অজগৰ হৈ

পথাচাৰীক যেন গিলিব খোজে।


ব্যস্ত পৃথিৱীখন উশৃঙ্খল হৈ

উত্তেজনাই হৃদয় দহে।

ৰঙীন হৈ পৰা তিনিআলিৰ চুকবোৰত

সৌজন্যতাৰ  অপমৃত্যু ঘটে--!


নামী-দামী হোটেলৰ গোপন কক্ষত

নিয়ন লাইটৰ বেপেৰুৱা পোহৰত

বিক্ৰী হয়  অশ্লীলতা।


সমাজত চিনাকি দিব নোখোজা

জাৰজ  কেঁচুৱাবোৰ

আন্ধাৰত পৰিত্যক্ত হৈ পৰে

কোনো হৃদয়হীন মাতৃৰ বুকুৰ পৰা--!


সেইবাবে

বৰ ভয় লাগে আন্ধাৰবোৰলৈ

বিশ্বাসবোৰো যেন প্ৰক্ষেপিত হয় প্ৰৱঞ্চনালে...।

ৰুগীয়া কলমটো:গৌতম মালাকাৰ

ৰুগীয়া কলমটো:

                        গৌতম মালাকাৰ কৰিমগঞ্জ

সেই শব্দৰ মালা গাঁঠিব পৰা নাই

যি মালাৰে সুন্দৰক উষ্ম আদৰণি জনোৱা হয়,

কলমটোৱে নিগৰাব পৰা নাই

সেই বৰ্ণমালাৰ অগ্নি জল 

যাৰ স্ফুলিংগ‌ই উতলাই দেশপ্ৰেমীৰ কণ্ঠস্বৰ।

কলমটোৱে ভয়ৰ বশ্যতা স্বীকাৰ কৰিছে,

ভিন্নতাৰ অদৃশ্য বেৰবোৰ

শব্দৰ বাৰুদেৰে ওফৰাই দিয়া 

সৈনিকৰ সাহস হেৰুৱাই পেলাইছে!

গুপ্ত ৰোগৰ সংক্ৰমণত 

কলমটো দুৰ্বল হৈ আহিছে...

সমস্যাৰ শিবিৰ ত্যাগ কৰি

নৃপতিৰ গুণানুকীৰ্তনেৰে

কলমটো উৎসৱমুখী হ'ল,

মোৰ কলমটো দোলাভাৰী হ'ল!

স্তৱক:ৰাহুল চেতিয়া

 #স্তৱক


__সময় গতিশীল__

ধৰিত্ৰী যেন উদ্বিগ্ন __

যেন উদ্বেগৰহিত নহয় __

গ্ৰাসত বন্দীত্ব জীৱন _

সেউজী পশ্চাদভূমি __ !!

কল্পনাসিত আশা____

ৰূহহীন শৰীৰতত্ত্ব___

সংগ্রামী জীৱন__

সংগ্রাম জীৱনৰ মূল মন্ত্ৰ__!!


ৰাহুল চেতিয়া

কাগজৰ নাওঁ:সমূজ্বল ডেকা

কাগজৰ নাওঁ:

                       সমুজ্জ্বল ডেকা, ৰঙিয়া

সীমাহীন সপোনত,

কাগজৰ নাৱত,

উটি-ভাহি গ'লো।

ল'ৰালি কালত,

কাগজৰ নাৱত,

হৰ্ষৰ নাৱৰীয়া হ'লো।

কাগজৰ নাওঁ ডুবি গ'ল,

ল'ৰালিৰ স্বপ্ন ভংগ হ'ল।

বেলি ওলাল,

ৰাতি পুৱাল।

নয়নযুৰি মেল খালে,

ধাৱমান ভৰি দিঠকৰ ফালে।

সপোন হৈ ৰ'ল,

কাগজৰ নাওঁ।

আপোন হৈ গ'ল,

বাস্তৱৰ গাঁও।

কাতি বিহু:ছেলিমা বেগম

◆কাতি বিহু

                 ছেলিমা বেগম জিলা নগাঁও

তুলসীৰ তলতে মৃগ পহু চৰে 
কাতি বিহু বুলি বন্তি জ্বলে ৷
ভোগালীৰ ভোক আতৰাবলৈ 
পথাৰত চাকি জ্বলাই লক্ষ্মী আনে ৷
পথাৰত চাকি জ্বলাই  পতঙ্গ নাই কৰে 
ঘৰে ঘৰে বন্তি জ্বলাই লক্ষ্মীক আদৰি আনে ৷
  
তুলসীৰ তলত চাকি জ্বলাই পূজা কৰে
গাৱৰে জীয়ৰী বোৱাৰীয়ে ৷
কাতি বিহু যে কঙালী নাই তাত ভোজ ভাত 
আকালত পালন কৰা হয় যে কাতি বিহুটি ৷

নাৰী:সমূজ্জ্বল ডেকা

নাৰী:

   কবি: সমূজ্জ্বল ডেকা, ৰঙিয়া 

নাৰী নহয় মাথোন দুটি বৰ্ণ,
নাৰী হয় সৃষ্টি আৰু ধ্বংসৰ আদি-অন্ত।
সোঁত বৈছে গংগা-যমুনা,
নাৰীয়ে আনিছে মানৱ জন্মৰ সুষমা।
সীতাৰ বাবে দেহাৱসান ঘটিল ৰাৱণ,
সকলো মানৱে সন্মান
কৰিব লাগে নাৰীক যাৱজ্জীৱন।
চহৰত চলিছে দামী গাড়ী,
নাৰীয়ে পিন্ধিছে দামী শাৰী।
ওলাই আহিছে এতিয়াৰ নাৰী,
কৰ্মসংস্থাপনত ভৰিছে এতিয়াৰ নাৰী...
আনক নিৰ্ভৰ নকৰি ধন ঘটি...
নিজ অধিকাৰ সাব্যস্ত কৰি।
কিন্তু, তাৰ মাজতো বিৰাজ কৰে 
সংস্কাৰ বিৰোধি নাৰী,
চলা উচিত জীৱনত 
সংস্কাৰী হৈ সকলো নাৰী।
নিজ স্বামীৰ বাবে সতী জয়মতীয়ে 
সাজু আছিল জীৱন দানৰ,
আজিৰ সময়তো সকলো নাৰীৰে আদৰ্শ 
হ'ব লাগে কনকলতাৰ।
প্ৰয়োজনত দুৰ্গা ৰূপ ধৰি।
মানৱ ৰূপী দানৱক বধ কৰি॥

তুমি নামৰ কবিতাটো:হীৰা মণি লাহন

তুমি নামৰ কবিতাটো:

                               হীৰামনি লাহন 

বুকুৰ দুখৰ ছাঁই ৰঙী 

পোচাকযোৰ খুলি 

এদিন ওলাই আহিছিলো 

তোমাৰ অনুপম কবিতাৰ 

ছন্দ বিছাৰি ,

সঁজাবলৈ প্ৰতিপল জীৱন 

 নামৰ উপন্যাসখনৰ  ।

বহুত হেৰুৱাই আজিও 

ভাগৰা নাই, 

মাথো  আছো তুমি নামৰ কবিতাটোৰ 

ছন্দ মিলাই ,

 এবুকু আশাৰ মাজত  সাতুৰি 

ৰিক্ত  কলিজাখন  ধূৱাই  ।

যেন পাখি ভঙা বিহংগম পখীৰ দৰে

বাৰে বাৰে সেমেকা আকাশত 

বাট হেৰুৱাই, 

এতিয়া মাথো আছো অপেক্ষাত 

এচেৰেঙা তেজাল ৰ'দলৈ 

বাট চায়  ।

কবিৰ বতৰা:বিৰাজ বল্লভ নাথ

 কবিৰ বতৰা:

                   ✍️ বিৰাজ বল্লভ নাথ

                         খগা, লখিমপুৰ

যাতন নিদিবা তুমি কবিৰ অন্তৰক,

জানাইটো আলসুৱা তোমাৰ কবিৰ অন্তৰ ।


তুমি জানো সুধিবা কবিৰ মনৰ কথা ?

তুমি জানো বুজিবা কবিৰ হৃদয়ৰ বতৰা ?


এতিয়া বিলীন কবি কবিতাৰ সৃষ্টিত,

নহয় ই কাল্পনিক, ই সহস্ৰাংশই বাস্তৱিক ।


কবিৰ হৃদয় আজি পূণ্য তপোবন,

ফুলিছে সুগন্ধি ফুল মন যে চঞ্চল ।


বিলীন কবি আজি ভক্তি পথত,

সাতো তীৰ্থৰ ৰস নামে হৃদয় মন্দিৰত ।


প্ৰেম গীত বয় আজি কবিৰ হৃদয়ত,

দিয়া প্ৰিয়ে এষাৰি মাত অতি মৰমৰ ।


কবি যে সাঁতোৰবিদ আজি হৃদয় সাগৰৰ,

দিয়া প্ৰিয়ে সহায়ৰ হাত সাগৰৰ মধ্যত ।


এতিয়া কবিৰ প্ৰাণ স্বৰ্গৰেই হয়,

স্বৰ্গত ফুলা ফুলক পাৰিজাত কয়

আৰু সেই পাৰিজাত তুমিয়েইটো হয় ।


অন্তিম ক্ষণত দিয়া এষাৰি মাত প্ৰিয়ে

সময়ৰ বলুকাৰাশিত কবিৰ অন্তৰ পৰিব শাত ।


তুমিয়েই প্ৰাণৰ প্ৰাণ মোৰ,

তুমি বিনে নাই আন কোনো মোৰ ।


তোমাৰ প্ৰেমত মগ্ন ক্ষুদ্ৰ পুখুৰীত

ফুলিছে পদুম ফুল ক্ষুদ্ৰ এপাহি ।


সিৰে সিৰে, তেজে তেজে বয় তোমাৰ নাম,

প্ৰতিটো অণু-পৰমাণুত শুনো তোমাৰ জয়গান ।।

শৰত আকৌ আহিব:মিনতি ডেকা

শৰত আকৌ আহিব:

        ✍️মিনতি ডেকা,উত্তৰ লখিমপুৰ


আকৌ আহিব শৰৎ

মন পদূলি হ'ব পুলকিত

পদূলি শীৰ্ণ শেৱালী জোপা

সাৰ পাই উঠিব-

আকাশৰ জোন-তৰাই

মিচিকি হাঁহিব

শুকুলা ডাৱৰে লাজ-লাজকৈ

শেৱালী জুমি জুমি চাব

নানা ৰঙৰ ফুল বোৰে সৌৰভ বিলাব

লিহিৰি লিহিৰি বনত যৌৱন নামিব

জিৰ্ জিৰ্ জুৰিটি নাচিব মনৰ আনন্দতে

বসুন্ধৰা সেউজীয়াৰে সজীৱ হৈ উঠিব

নিয়ৰে দুবৰি বনত মুকুতাৰ মালা গাঠিব-

আকশেদি উৰিব বগা বগলী জাক

অস্তমিত সূৰুযে পানীত মুখখনি চাব

হালি- জালি নাচিব নৈৰ পাৰৰ কঁহুৱা বন

শৰতৰ পৰশতে নাচি উঠিব ত্ৰিভূৱন

কাঁহিলি পৰতে সুগন্ধি সুৰভি বিলাব শেৱালী

আমোল-মোল হ'ব মোৰ হেঁপাহৰ পদূলি।।

কাতি বিহু:আমিৰ হুছেইন আহমেদ |

●কাতি বিহু:

                    আমিৰ হুছেইন আহমেদ 


আহিন কাতিৰ মকৰ ক্ৰান্তিত

কাতি বিহুৰ দুখৰ আগমন,

ৰং ৰহৈচ নাচ-গান অশোভিত

আধ্যাত্মিক বিহু শৰৎ কালীন !


গেঁৰ ধৰা ধাননিত আকাশ বন্তি 

ফচল স্তুতি-হওক নদন বদন,

উদং ভঁৰাল ভৰ্তিৰ কৰে মিনতি

শাওনৰ সপোন কৰক পূৰণ !


আঘোণত আহক সোণালী লখিমী

তুলসীৰ তলত নাম-কীৰ্তন গায়,

প্ৰকৃতিৰে নিৰ্ভৰশীল আই অসমী

অন্নপূৰ্ণা দেৱী হৈ খাদ্য যোগায়!


ভোগৰ প্ৰাচুৰ্য নাই-বিনোদন বিহীন

'কঙালী বিহু'-কাতিৰ আশীৰ্বাদ,

চহা জীৱনৰ মনে-প্ৰাণে হয় বিলীন 

যাৰ কৃপা বিনে তহিলং আবাদ !


বিহু গণজীৱনৰ সাহস মহাপ্ৰাণ

এয়া যে কৃষ্টি-সংস্কৃতিৰ বৰঘৰ,

চেনেহৰ বিহু অসমৰ স্বাভিমান

বুকুৰ আপোন অতি পৰাৎপৰ !!

_____________________________



সম্পাদকীয়

সম্পাদকীয়,

তুলসীৰ তলে তলে মৃগ পহু  চৰে ,

 তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে "


 তুলসী  ঔষধি  গুণযুক্ত  এবিধ গছ। বিভিন্ন  পুৰাণত সুগন্ধি তুলসীক  সীতাস্বৰূপা,লক্ষ্মীস্বৰূপা  ,  বিষ্ণুপ্ৰিয়া, কল্যাণী নামেৰে  আখ্যা দিছে। জ্বৰ,কাহ, পানীলগা, বসন্ত  আদি    ৰোগত  তুলসীৰ পাত , ৰস,বীজ ঔষধৰূপে     ব্যৱহাৰ কৰা হয়। ইয়াৰ   পাতৰ ৰস বিশেষকৈ কৃমি,  পেলু আৰু বায়ুনাশক হিচাপে   প্ৰয়োগ কৰা হয়। 
                  অসমীয়া মানুহৰ  তিনিটা বিহুৰ অন্যতম কাতি   বিহু। কাতি বিহুক  কঙালী,  আন দুটা বিহুৰ মাঘ বিহুক ভোগালী আৰু ব'হাগ বিহুক ৰঙালী বিহু বোলা হয়। ব'হাগ বিহু কৃষি কাৰ্য কৰাৰ আগতে, মাঘ  বিহু কৃষি কাৰ্য সমাপ্তি হোৱাৰ পাছত আৰু  কাতি  বিহু দুয়োটা বিহুৰ মাজত অনুষ্ঠিত হয়। অৰ্থাৎ পথাৰ সেউজীয়া হৈ সঁজাল ধৰি গেঁৰ মেলা সময়ত। কৃষকৰ সেউজীয়া পথাৰ পোকে খাই যাতে নষ্ট কৰিব নোৱাৰে  তাৰ বাবে কৃষকৰ চিন্তা। বিহুৰ দিনা পথাৰলৈ গৈ নিৰীক্ষণ কৰে। সেইদিনা লক্ষ্মী দেৱীক  আগমনৰ বাবে যেন   আৰাধনা কৰা হয় যাতে  কৃষকৰ শস্যৰ পথাৰ নদন-বদন হৈ সময়ত ভঁৰাল  উপচি পৰে । 
                    আহিন মাহৰ   শেষৰ দিনা অৰ্থাৎ আহিন  আৰু কাতি মাহৰ সংক্ৰান্তিৰ    দিনা কাতি বিহু পালন কৰা হয়। কাতি বিহুৰ দিনা সন্ধিয়া তুলসীৰ তলত চাকি  জ্বলোৱাৰ লগতে  ভঁৰাল ,  পদূলি,বাৰী, পথাৰ আদিত    চাকি জ্বলোৱা হয় ।ওখ বাঁহ   পুতি আকাশ বন্তি  জ্বলায়। পোহৰ দেখি পোক -পৰুৱাই  শস্য নষ্ট কৰিব যাতে নোৱাৰে    তাৰ বাবে এই প্ৰচেষ্টা  । কাতিৰ কুঁৱলী, কঁহুৱা,  তুলসী,শেৱালিৰ সুগন্ধ,  চাকি,আকাশ বন্তি, শৰতৰ   নিৰ্মল আকাশ, ফৰিংফুটা  জোনাক ,শুকুলা ডাৱৰ আদি     কাতি বিহুৰ সময়ৰ চিনাকি  পৰিৱেশ। ভাৰতৰ এজন   অন্যতম শ্ৰেষ্ঠ সাংসদ , সাহিত্যিক, শিক্ষাবিদ হেম   বৰুৱাৰ .....মমতাৰ  চিঠি  ....কবিতাটোৰ   একাংশলৈ এইখিনিতে মনত পৰিছে ... " সিদিনা আছিল কাতিৰ কুঁৱলী সনা এটা কোমল পুৱা /পদূলিত তল সৰা শেৱালিবোৰ  উপচি   আছিল। "
                  কাতি বিহুৰ  সময়ত কৃষকৰ ভঁৰাল মাঘ   বিহুৰ দৰে উভৈনদী হৈ   নাথাকে। মাঘ বিহু সঁচাকৈয়ে  ভোগালী। কৃষকৰ শস্য  চপোৱাৰ অন্তত মাঘ বিহুৰ  উৰুকাৰ নিশা ৰং-আনন্দেৰে   লগে -ভাগে এসাঁজ খোৱা  হয়। ৰাতিপুৱা মেজি জ্বলায় । ভোগৰ উৎসৱ ভোগালীৰ   যেন অন্ত নহয়। বাৰী-ঘৰ     শস্য - মৎস্যৰে উভৈনদী হৈ  পৰে বাবে সকলো ফালৰ   পৰাই  সুবিধা হয়। ভোগৰ  উৎসৱ ভোগালী হোৱাৰ  দৰে   ৰঙৰ উৎসৱ ৰঙালী বিহু  ।    চাৰিওফালে  বসন্তৰ পৰশত   গছে -বনে কুঁহিপাত ,কপৌ , কেতেকী,নাহৰ ,তগৰৰ  আমোলমোল সুবাস  । ঢুলীয়াৰ ঢোলৰ চেওত,  পেঁপাৰ মাতত বিহুৱা-নাচনীৰ  বিহু মৰা আনন্দৰ মাজত  সকলো ৰঙিয়াল হৈ পৰে;    কিন্তু কাতিবিহুৰ সময়ত    সেই আনন্দ-উল্লাহ দেখা   পোৱা নাযায়।এফালে    প্ৰদূষিত পৰিৱেশ, বজাৰত  বয়বস্তুৰ অত্যাধিক দাম, ভঁৰালত শস্যৰ নাটনি।    অন্যহাতে বানে ধুই নিয়া   পথাৰত কাঁচি লগাবলৈ   উপায় নোহোৱা বাবে বহুত  কৃষকৰ ভোগালীৰ বতৰতেই    কঙালী হৈ পৰে।কাতি বিহুৰ  সময়ত পূৰ্বৰ মাদকতা   নাথাকে। কেৱল কোনো   কোনো সংবাদ মাধ্যমেহে   কাতি বিহুৰ কঙালী   নোহোৱা কৰি ৰঙালী,  ভোগালীৰ দৰে উৎসৱমুখৰ   কৰি তুলিব খোজে।যি কি   নহওঁক কাতি বিহুৰ এক   সুকীয়া বৈশিষ্ট্য  আছে  ।  কৃষিজীৱী সমাজৰ নিজস্ব   পৰম্পৰাৰে এই বিহু পালন কৰি অহা হৈছে ।

অসমীয়াৰ অস্তিত্ব আৰু স্বকীয়তা শূন্যত খেপিয়াই ফুৰা পণ্ডিতে পথাৰত ৰোৱা গেঁৰেলী নহ’লেও অথবা ধানৰ থোক নোলালেও কাতি বিহু পাতে৷ পিছে, সর্বভাৰতীয় উৎসৱবোৰৰ কলেৱৰ বৃদ্ধি হৈ অসমীয়া কৃষ্টিক হেঁচা মাৰি ধৰাত খেদৰ কাৰণ দেখা নাপায়৷ কাতি বিহু কঙালী বুলি অথবা কঙালী কৃষ্টিৰ আত্মীয়তা সাৰোগত কৰি অসমীয়া জাতি চিৰতৰে জীয়াই থকাৰ সংকল্প ল’বলৈ নেতৃত্বৰ অভাৱ৷ দিছপুৰে জাতীয় চৰিত্রৰ ওপৰত জাপি দিবলৈ শংকৰদেৱে বর্জন কৰা ধর্ম-সংস্কৃতিৰ আমদানি ঘটাবলৈ উদ্যোগ লোৱা পৰিলক্ষিত হওঁতে কাতি বিহুৰ আগমনলৈ সুকীয়া দৃষ্টি দিওঁ৷ কঙালী কৃষ্টিৰ সংজ্ঞা বদলি কৰোঁ৷ নতুন প্রজন্মৰ দিবাস্বপ্নলৈ শুধৰণি আগবঢ়াওঁ৷ কাতি বিহুত পৰিপূর্ণ ভঁৰালৰ সপোন ৰচনা কৰোঁ৷ এই কাতিৰ বিহুৰ পৰম্পৰাগত বিশ্বাসৰ মাজতেই ঘৰে ঘৰে লখিমী আহি উপচি পৰক তাৰেই কামনা কৰিলো৷


সম্পাদক

ৰাহুল চেতিয়া

১৮/১০/২০২২

কেৱল তোমাৰেই প্ৰতিচ্ছবি:পৰাগ জ্যোতি দাস

কেৱল তোমাৰেই প্ৰতিচ্ছবি:

                        শ্ৰী পৰাগ জ্যোতি দাস


মেঘালী চুলিটাৰি মেলি 

তুমি নাচাবা মোলৈ?

তোমাৰ হৰিণী নয়নে 

মোৰ দুচকুত কেৱল দুৰ্বাৰ 

প্ৰেমৰ কথাকে কয় ।

কোন তুমি?

আজি যে মোৰ হৃদয়ত 

কেৱল তোমাৰেই প্ৰতিচ্ছবি ।

তোমাৰ হাঁহিটি যেন হাঁহি নহয় 

যেন পূৰ্ণিমা নিশাৰহে জোন।

তোমাৰ কোমল ওঁঠটিয়ে মোক 

তোমাৰ অন্তৰৰ নিভাঁজ 

মৰমবোৰৰ কথাকে কয় ।

কোন তুমি ?

আজি যে মোৰ মন আকাশত 

কেৱল তোমাৰেই প্ৰতিচ্ছবি ।

তোমাৰ গালৰ কলা তিলটি যেন 

জোনাক নিশাৰ আকাশত 

উৰি ফুৰা এটা অকলশৰীয়া 

জোনাকী পৰুৱাহে ।

তোমাৰ কঁকালৰ খামুচীয়া ভাঁজ

গহীন-গম্ভীৰ খোজ 

চালেই মোৰ প্ৰাণ হয় পুলকিত।

কোন তুমি? 

আজি যে কেৱল সপোনে-দিঠকে 

কেৱল তোমাৰেই প্ৰতিচ্ছবি ।

কিয় বাৰে বাৰে পাগল কৰিছা 

এই অভাজনক ।

কোন তুমি?

মোৰ দুচকুত যেন আজি

কেৱল তোমাৰেই প্ৰতিচ্ছবি ।

         -×-×-×-×-×

        

              একাদশ শ্ৰেণী 

     কাইজেন একাডেমী,ঢকুৱাখনা 

                লখিমপুৰ

সুখৰ বাৰ্তাবাহক কুঁৱলী

 সুখৰ বাৰ্তাবাহক কুঁৱলী...

               অনামিকা দেৱী উ:লখিমপুৰ

কুঁৱলী নামি অহাৰ সময় এয়া...

   হয়তু ঢাকি ৰাখিব কুঁৱলীৰ আৱৰণে 

সোণোৱালী পথাৰৰ মোহনীয়া ৰূপ...

   সেউজীয়াবোৰ লুপ্ত হৈ জিলিকি উঠিছে

        পথাৰৰ সোণালী ধানৰ কমনীয়তা...

কৃষকৰ কষ্টবোৰে যেন এতিয়া 

    পাব সফলতাৰ উচ্চ শিখৰ...

অক্লান্ত পৰিশ্ৰমী তেওঁলোকে 

    পাহৰি যাব ভোক পিয়াহ কিম্বা জিৰণি...

ইমানদিনে শুকাই থকা হাঁহিবোৰ

     যেন আকৌ জিলিকি উঠিব...

          শেঁতা দুটি ওঁঠৰ মাজেৰে...

এৰা...কুঁৱলী যেন কিবা এক সুখৰ

      আগমনৰ বাৰ্তাবাহক...

কুঁৱলীৰ আঁৰে আঁৰে কত কৃষকৰ 

      সফলতাৰ হাঁহি বিয়পি পৰে...

            বহু দূৰ অসীমলৈ...

দাৱনীৰ বহু দূৰ পথাৰলৈ বৈ যোৱা

     এটি শান্তিৰ হাঁহি...

আকৌ এবাৰ গুঞ্জৰিত হৈ পৰিব

     নীল গগণৰ সকলোতে...

          স্বপ্ননীল আশাৰ ৰেঙণি স্বৰূপে..

কবি আৰু কবিতা:প্ৰসন্ন কুমাৰ বৰা

 কবি আৰু কবিতা:

                     প্ৰসন্ন কুমাৰবৰা,মৰিগাঁও

বিপ্লৱী জীৱনৰ অলপমান সময় পাই ধাপলি মেলোঁ 

তোমাৰ কাষলৈ


তুমি মোৰ বহু দিনৰে আপোন

তোমাৰ আঁচলৰ ছাঁতে শান্তি বিছাৰি

দুখ ভাগৰ নেওচি

মই পাওঁ তোমাৰ কাষত বিছাৰি

সুখ- সমৃদ্ধি

যাচি দিওঁ তোমাৰ দুগালত

শব্দৰ মিঠা চুম্বন

পিন্ধাই  সজাব বিচাৰোঁ বাক্য মালাৰে  তোমাৰ খোপাট

শব্দ-সম্ভাৰ আলিংগনত আপোন- পাহৰা হৈ

নিসংগতাৰ  কামনাত  মগ্ন  হৈ

হিয়া উজাৰি দিওঁ

ভাষাৰ টোপোলা খুলি

অনুভৱ - কাব্যিকতাৰ  সঙ্গমত জন্ম লভাৰ সত্ত্বা....

এটি  মিঠা   কবিতা

কবি আৰু কবিতা.....॥

এটি প্ৰেমৰ কবিতা:মিন্টু গোৱলা

এটি প্ৰেমৰ কবিতা:

                      মিন্টু গোৱলা ,লখিমপুৰ,

আবেলিৰ বেলিটি কিয় জানো
কৈ গ'ল (?)
তুমি অহাৰ কথা 
মোৰ হৃদয়ৰ স্পন্দনত তুমি সদায়
সাতুৰি - নাডুৰি থাকা ।
আবেলিৰ সময়বোৰ বৰ ভালে 
য'ত নীৰৱ প্ৰকৃতিৰ মাজত আমি দুয়ো 
বহি প্ৰেমৰ কথা পতা ।
ভাল লাগে তুমি আহিলে মোৰ কাষত 
তুমি আহিলে মোৰ হৃদয়ৰ স্পন্দন
 বৰকৈ উৎফুল্লিত হৈ উঠে।
আবেলিৰ মৃদু বতাহ জাকে
 দুয়োৰ মন মুহি পেলাই ,
দুয়োক লৈ যায় মুগ্ধ প্ৰেমৰ পৃথিৱীত 
য'ত দুয়ো আপোন পাহৰা হওঁ  ।

তুমি অহা আবেলিৰ পৰ বোৰ 
মোৰ বাবে এটি সুবাসী পখিলা
অহাৰ ক্ষণ যেন অনুভৱ হয়।
তোমাৰ সৈতে আবেলি পৰত বহি 
নৈৰ পাৰৰ সুগন্ধি বুটলা 
সময়বোৰ বৰ ভাল লাগে।
আজি বহু দিন হ'ল 
তোমাৰ লগত আবেলি 
পৰত লগ নধৰা ।
 
আহিবাচোন আবেলি সময়ত 
মোৰ সৈতে কথা পাতিব ,
তোমাৰ সৈতে বৰকৈ
 কথা পাতিব মন গৈছে ।
আহিবা নে? 
সেই নৈৰ পাৰত বহিব 
আবেলিৰ মৃদু বতাহ জাক ল'বলে ।
মই জানো তুমি আহিবা 
আবেলিৰ এজাক প্ৰেমৰ বৰষুণ হৈ 
মোৰ হৃদয়ৰ স্পন্দনত ।
বাট চাই ৰʼম নৈৰ পাৰত 
 তুমি অহা প্ৰতি পলক 
হৃদয়ৰ দুৱাৰ খুলি ৰাখিম 
তুমি অহাৰ বাবে (!)
এতিয়া যে তুমি অহাৰ সময়
শৰতৰ শেহতীয়া বৰষুণ জাকত
 তুমি আহিবা বুলি বাট চাই আছোঁ।
আহিবা শৰতৰ সন্ধিয়াৰ 
শেৱালী ফুলা ক্ষণত
নিয়ৰ সিক্ত দূৱৰিৰ দলিচাত ,
তাতেই লগ হ'ম দুয়ো পাতিম প্ৰেমৰ কথা ।

কাতি বিহু:ছেলিমা বেগম

 কাতি বিহু:

               ছেলিমা বেগম জিলা নগাঁও

বিহু আমাৰ অসমৰ জাতীয় উৎসৱ। আমি অসমবাসীয়ে বিহু তিনিটা পালন কৰো যেনে ব'হাগ বিহু, কাতি বিহু বা কঙালী বিহু, মাঘ বিহু। 

কাতি বিহু পালন কৰা হয় আহিনৰ সংক্ৰান্তিত ।পৃথিৱীয়ে সেউজীয়া শস্যৰে বুকু উপচাই অসমীয়া জাতিৰ অন্তৰত আশাৰ হেঙুলীয়া ৰেঙনি বিৰিঙাই তোলে এই সময়ছোৱাত। লখিমীয়ে সেউজীয়া পথাৰত থিয় লৈ লিহিৰি আঙুলিৰে শস্যৰ শিৰত মধুৰ পৰশ বুলাই পৃথিৱী বিনন্দীয়া কৰি তোলে। অসমীয়াজাতীয়ে তুলসীৰ তলত চাকি জ্বলাই জেউতিৰে পথাৰৰ লখিমীক ভঁৰাললৈ অহাৰ বাট দেখুৱাই দিয়ে। আকাশ বাতি জ্বলাই লখিমীৰ আগমনৰ পূৰ্বভাস জগতক জনাই দিয়ে। 


কাতি বিহুত মানুহৰ মাজত অভাৱ অনাটন দেখা দিয়ে বাবে এই বিহুক কঙালী বিহু বুলি কোৱা হয়। এই কাতি বিহুৰ সময়ত মানুহৰ বছৰৰ যোগান ধৰা খাদ্য কমি আহে। সেয়ে অসমৰ অসমীয়াই সন্ধিয়া সময়ত চাকি জ্বলাই লখিমী আধৰি আনে। পথাৰত জুই জ্বলাই কীট পতংগ ধ্বংস কৰি দিয়ে।

Saturday, October 15, 2022

মিছাইল মেন’ এ পি জে আব্দুল কালাম:ৰাহুল চেতিয়া

 মিছাইল মেন’ এ পি জে আব্দুল কালাম:

আজি ভাৰতৰ একাদশ ৰাষ্ট্ৰপতি ড° এ পি জে আব্দুল কালামৰ ওপজা দিন। আব্দুল কালামৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি ১৫ অক্টোবৰৰ তেওঁৰ এই বিশেষ দিনটোতেই বিশ্ব ছাত্ৰ দিৱস হিচাপে পালন কৰা হয়।


 বিজ্ঞান-প্ৰযুক্তিৰ ক্ষেত্ৰত তথা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই মহান ব্যক্তি গৰাকীয়ে যথেষ্ট অৱদান আগবঢ়াইছে। ২০১০ চনতেই ৰাষ্ট্ৰসংঘই ১৫ অক্টোবৰ এ পি জে আব্দুল কালামৰ জন্মদিনটো বিশ্ব ছাত্ৰ দিৱস হিচাপে ঘোষণা কৰিছিল।


 ১৯৩১ চনৰ ১৫ অক্টোবৰত ৰামেশ্বৰমত (তেতিয়াৰ তামিলনাডুৰ এটা মুছলমান পৰিয়াল) জন্মগ্ৰহণ কৰিছিল ড° এ পি জে আব্দুল কালামে। আব্দুল কালামৰ পিতৃ এগৰাকী মাছমৰীয়া আৰু মাতৃ এগৰাকী গৃহিণী আছিল।


 কালামে বিদ্যালয়ত পঢ়ি থকা অৱস্থাতেই দেউতাকক আৰ্থিকভাৱে সহায় কৰিবলৈ ষ্টেচনলৈ গৈ বাতৰি কাকতো বিতৰণ কৰিছিল। অধিক কষ্ট আৰু উদ্দ্যমৰ ফলত তেখেতে ভাৰতৰ ৰাজনীতিত সৰ্ব্বোচ্চ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল।


 বিভিন্ন সময়ত তেখেতক বিভিন্ন সন্মানেৰে সন্মানিত কৰা হৈছিল-


 ১৯৯৭ চনত ভাৰত চৰকাৰৰ পৰা ভাৰত ৰত্ন আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা ৰাষ্ট্ৰীয় সংহতিৰ বাবে ইন্দিৰা গান্ধী বঁটা

 ১৯৯৮ চনত বীৰ সাৱৰকাৰ বঁটা ২০১০ চনত ৱাটাৰলু বিশ্ববিদ্যালয়ৰ পৰা অভিযান্ত্ৰিক শাখাত ডক্টৰেট বঁটা

 ২০১১ চনত আই ই ই ইৰ সন্মানীয় সদস্যপদ লাভ

 ২০১২ চনত চাইমন ফ্ৰেজাৰ বিশ্ববিদ্যালয়ৰ পৰা আইন বিভাগৰ ডক্টৰেট সন্মান লাভ

 ২০১৩ চনত নেশ্যনেল স্পেচ ছ’চাইটিযৰ ফালৰ পৰা ভন ব্ৰাউন বঁটা

 ২০১৪ চনত ব্ৰিটেইনৰ এডিনবাৰ্গ বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত ডক্টৰেট ডিগ্ৰী লাভ।


 আব্দুল কালামৰ কৰ্মৰাজীয়ে শিক্ষাৰ্থীসকলক দিয়া অনুপ্ৰেৰণা বৰ্তমানেও স্মৰণীয় হৈ আছে, আৰু প্ৰতি বছৰে তেখেতৰ জন্মদিন বিশ্ব ছাত্ৰ দিৱস হিচাপে পালন কৰে। ইয়াৰ কাৰণ হল–


 কালামে নিজকে শিক্ষকৰ পদত সৰ্বধিক সমৰ্পিত কৰিছিল। তেখেতে বিশ্বাস কৰিছিল যে, যিসকল লোক দায়িত্বশীল, সহজ-সৰল,  সৎ আৰু পৰিশ্ৰমী সেইসকল লোকে ভগৱানৰ পৰা বিশেষ সন্মান লাভ কৰে।


 পাৰিলে অন্ততঃ দুজন হলেও দৰিদ্ৰ শিশুক তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰত সহায় কৰি আত্মনিৰ্ভৰশীল কৰি তুলিব লাগে। তেওঁৰ গোটেই জীৱন শিক্ষা আৰু শিক্ষাৰ্থীসকলৰ কল্যাণৰ বাবে উৎসৰ্গিত কৰিছিল।


 অৱশেষত এই মহান ব্যক্তিজনৰ চমু জীৱন ২০১৫ চনৰ ২৭ জুলাইত সামৰণি পৰে।

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

সহযাত্ৰী তৃতীয় খণ্ড ঋতুপর্ণা ইংতিপি

 সহযাত্ৰী  (তৃতীয় খণ্ড)  ✍️ ঋতুপর্ণা ইংতিপি/মৰিগাঁও      গা-পা ধুই আজৰি হোৱা মানে তিনি বাজিলে।তাইৰ ভাগৰো  বহুত লাগিছে। গোটেই দেহটো অৱশ হৈ প...